Breaking

গুৱাহাটীক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ আৰক্ষী, SOGৰ অভিযানত ড্ৰাগছসহ জালত পৰিল এজন

0 528

মিছন ড্ৰাগছমুক্ত অসমক লৈ তৎপৰ অসম আৰক্ষী। এই মিছনক বাস্তৱ ৰূপ দিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰণচালি অব্যাহত ৰাখিছে। ড্ৰাগছ নামৰ এই মাৰাত্মক বৰবিহবিধক সমূলি নিঃশেষ কৰিবলৈ পশ্চিম গুৱাহাটী আৰক্ষী জিলাত গঠন কৰা স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ(SOG)ৰ দিনে-নিশাই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

শুক্ৰবাৰে মাজনিশা SOGৰ দলটোৱে গাড়ীগাঁৱত আন এক ড্ৰাগছবিৰোধী অভিযান সম্পন্ন কৰে। সম্পূৰ্ণ গোপন তথ্যৰ ভিত্তিত SOGয়ে গাড়ীগাঁৱৰ মেধিপাৰাৰ আইনুল হক ওৰফে হ’প নামৰ এজন ব্যক্তিৰ ঘৰত এই অভিযান চলায়। এই অভিযানত SOGয়ে জব্দ কৰে ৩০ টা সন্দেহজনক ড্ৰাগছ‌ভৰ্তি কন্টেইনাৰ লগতে ১৮ টা খালী কন্টেইনাৰ, মোবাইল ফোনসহ আন বহু আপত্তিজনক সা-সামগ্ৰী। অভিযানটোৰ অন্তত SOGয়ে ড্ৰাগছ সৰবৰাহকাৰী আইনুল হক ওৰফে হ’পক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, বিগত বহুদিন ধৰি আইনুলৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আনহাতে, এই সন্দৰ্ভত SOGয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত আইনুলক সোধা-পোছা চলাই আছে। আৰক্ষীৰ তদন্তত আইনুলৰ পৰা আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave A Reply