Breaking

খেতি পথাৰৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম গৰু-ম’হৰ হালেৰে মাটি চহোৱাৰ মাদকতা

0 2,236

হালৰ গৰু- ম’হ হাল হ’ল কৃষক সকলৰ এক এৰাব নোৱাৰা সম্পদ।যাৰ অৱৰ্তমানত কৃষকৰ ঘৰ-পৰিয়াল চলাই নিয়াৰ যেন কল্পনাই কৰিব নোৱাৰি। ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।যি সকলৰ অৰ্থনীতিৰ মূল বুুুনিয়াদ হিচাপে হালৰ গৰু- ম’হ হালৰ কথাকেই নিশ্চয় ক’ব লাগিব।আহাৰ মাহৰ পৰা ভাদ মাহলৈ খেতিয়ক সকলৰ আৰম্ভ হয় শালি ধানৰ খেতি কৰাৰ বাবে কৃষি পথাৰত ব্যস্ততা।কাউৰী পুৱাতে কৃষক সকলে শালি ধানৰ পথাৰৰ মাটি চহাবলৈ বুলি কান্ধত নাঙল, সিয়নি, এটা জুমুঠি, মূৰত টকৌ পাতৰ জাপি, হাতত এডাল লৰুৰে  হালৰ গৰু হাল লৈ পথাৰলৈ যোৱা দৃশ্য আছিল  নান্দনিক।হালবাই থকাৰ মাজতে গৃহিনীয়ে হালোৱালৈ বুলি পথাৰলৈ চাহ- জলপান লৈ যোৱাৰ পিছত দোবোলৰ আলিত বহি দুই হাতেৰে ধৰি কাঁহৰ বাতিত চাহ বাতিত ঘোপা দিয়া  দৃশ্যই বাৰিষাৰ পথাৰখনক অধিক জীপাল কৰি তুলিছিল। তদুপৰি কাপোৰৰ কোচৰ পৰা উলিয়াই বয়সীয়াজনে বিড়ি ঘোপা, চিলিম ঘোপা দৃশ্যও আছিল মনোমোহা । কিন্তু আশ্বৰ্যজনক ভাবে  আধুনিকতাৰ ধামখুমীয়াত আজি যেন সেইবোৰ মনোৰম দৃশ্য বিলুপ্ত হ’ল । সময়ৰ লগত মিলি যাবলৈ আজিৰ কৃষক সকলে হালৰ গৰু-ম’হ হাল বিক্ৰী কৰি বাৰিষাৰ পথাৰত ট্ৰেক্টৰ- পাৱাৰটিলাৰে মাটি চহাই বোকা কৰি এসপ্তাহতে শেষ কৰে কৃষি কৰ্ম।  গৰু- ম’হৰ পৰিৱৰ্তে এতিয়া মেচিন চালিত মাটি চহোৱা গাড়ীৰহে দপদপনি দেখিবলৈ পোৱা যায় শালি ধানৰ খেতিপথাৰত। তদুপৰি হালোৱাই হাল বাই থাকোতে ভৰিত লিপিত খাই ধৰি কামোৰা পানী জোক এখন হাতেৰে এৰুৱাই পেলাই আঁতৰলৈ দলিয়াই পেলাই দৃশ্য বোৰ আছিল নান্দনিক ।চৰপা নামৰ সৰু পতঙ্গ এবিধে মূৰ- গাত কোমোৰাৰ বাবে কৃষক গৰাকীয়ে কানৰ লতিত চূণ ঘহি লৈ পথাৰলৈ যোৱা দৃশ্যবোৰো আছিল দৃষ্টিনন্দন। ৰ’দ দিলে হালোৱাই মূৰত টকৌ পাতেৰে সজা জাপিটো মূৰত লৈ নাঙলৰ মুঠিত ধৰি গৰু হালৰ পিছত যা-যা, হ’ল যা, যা মেলিম যা, কলা ঘুৰ- ঘুৰি, বগা যা- যা ইত্যাদি হালুৱৈ জনৰ মুখৰ কথাবোৰ যেন বতাহত ভাহি আহি কানত নপৰে । আনপিনে হালুৱৈ সকলে ৰোঁৱনীলৈ বুলি ধেমেলীয়া সুৰত গোৱা শুৱলা গীতৰ শব্দৰ সলনি ট্ৰেক্টৰ-পাৱাৰটিলাৰ আদিৰ হেৰহেৰণি , ধপ-ধপ শব্দহে শুনিবলৈ পোৱা যায়। যান্ত্ৰিকতাৰ যুগত কৃষক সকল মিলি গৈ আজিৰ পথাৰত মেচিন চালিত গাড়ীৰে মাটি চহোৱাৰ কোনো সময়-কাল নাই।পথাৰত আলিৰ কান কটা, আলি দিয়া, পানী সিঁচা আদি কামতো কোনো সময় নাই।পথাৰত মেচিন চালিত গাড়ীৰে মাটি চোহোৱাৰ কাম শেষ কৰি যোৱাৰ পিছত  কৃষক সকলে যেতিয়াই- তেতিয়াই খতি পথাৰলৈ  গৈ যাৱতীয় কামখিনি কৰিব পাৰে। কথা হ’ল সময়ৰ সোঁতত ক্ৰমাৎ নাইকীয়া হ’বলৈ ধৰা এইবোৰ কৃষ্টি চাই থাকোতে নোহোৱা হ’ব ধৰাটো অসমীয়া সমাজৰ জীৱনৰ বাবে অতিকৈ দুৰ্ভাগ্য জনক।সমাজ সংস্কৃতিৰ গুৰি ধৰি ৰাখিব নোৱাৰাটো আমাৰ সকলোৰে বাবে অকমণ্যতা ফল নিশ্চয়।লোক সংস্কৃতিৰ সাধক সকলো এইবোৰৰ পৰা আঁতৰত থাকি নিমাত হৈ থকাটো আশ্বৰ্যজনক কথা।

Leave A Reply