Breaking

সাপেখাতীত শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন অনুষ্ঠান…

0 20

সদ্য ঘোষিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে শংকৰদেৱ শিশু নিকেতন সাপেখাতীত আজি এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত নিকেতনৰ পৰিচালনা সমিতিৰ উপ সভাপতি মৃদুল কুমাৰ দাসে সভাখন সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনৰ আঁত ধৰে নিকেতনৰ আচাৰ্য জয়ন্ত বৰুৱাই আৰু সভাখনি উদ্দেশ্য ব্যাখ্যা কৰে নিকেতনৰ প্ৰধান আচাৰ্য্য বিদ্যুৎ হাজৰিকাই।

উক্ত অনুষ্ঠানত উপস্থিত সমাজ কৰ্মী কৃষ্ণ কান্ত গগৈ, প্ৰদীপ বড়া, দিলীপ ৰঞ্জন বৰুৱা, সত্য ৰঞ্জন বৰুৱা, নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক নিলাম্বৰ দাস, বাণী চাংমাই, মনোজ চাংমাই, সত্যব্ৰত বৰুৱাৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, উপস্থিত থাকে। সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। সভাৰ মূল কাৰ্য্যসূচীত বিশেষ অভিনন্দন অনুষ্ঠানত নিকেতনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মুঠ ২১ গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনায়।

Leave A Reply