Breaking

হ’বা তুমি বিজয়ী কাৰ্যসূচী সফলভাৱে সমাপ্ত…

0 54

পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ১৩৭৩ নং গৰেমাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ত বৰপেটা শিক্ষা বিভাগৰ উদ্ভাৱনীমূলক অনুষ্ঠান “হ’বা তুমি বিজয়ী : এক প্ৰেৰণামূলক যাত্ৰা” সকলো প্ৰতিযোগিতা তথা অনুষ্ঠান সফলভাৱে সমাপ্ত হয়। উল্লেখ্য যে বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ উদ্দেশ্যে তথা তেওঁলোকক সকলো দিশতে প্ৰেৰণা দিয়াৰ বাবে “হ’বা তুমি বিজয়ী : এক প্ৰেৰণামূলক যাত্ৰা” নামৰ এক উদ্ভাৱনীমূলক অনুষ্ঠান অনুষ্ঠিত হৈ আছে। অনুষ্ঠানটোৰ মূল পৰিকল্পনাকাৰী বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস। ইতিমধ্যে যোৱা ১২ এপ্ৰিল তাৰিখৰ পৰাই সকলো বিদ্যালয়তে বিদ্যালয় পৰ্য্যায়ত “হ’বা তুমি বিজয়ী”ৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈ গৈছে আৰু পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়সমূহৰ বিজয়ী প্ৰতিযোগী তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি মণ্ডল পৰ্য্যায়ত কুইজ, বক্তৃতা, আবৃত্তি, নৃত্য, সংগীত, যোগ আৰু দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

আনহাতে সমল কেন্দ্ৰটোৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আজি শ্ৰেণীকোঠাত পাঠ্যপুথিৰ সৈতে সংগতি থকা FLN Meterial বা TLM ব্যৱহাৰ কৰি তৈয়াৰ কৰা Video ৰ প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, চিত্ৰনাট্যৰ প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ শেষত সকলো বিজয়ী প্ৰতিযোগীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তৰু দাসে জনোৱা মতে আজিৰ পৰা বৰপেটা জিলাৰ সকলো মণ্ডল সমল কেন্দ্ৰতে মণ্ডল ভিত্তিক “হ’বা তুমি বিজয়ী”ৰ প্ৰতিযোগিতাসমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক‌ শিক্ষয়িত্ৰীসকলৰ মাজত অনুষ্ঠিত হ’ব আৰু এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে অহা ৩০ এপ্ৰিলৰ পৰা খণ্ড পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব। ঠিক তেনেদৰে খণ্ড পৰ্য্যায়ৰ বিজয়ী প্ৰতিযোগীসকলে জিলা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া “হ’বা তুমি বিজয়ী”ৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব। আজিৰ অনুষ্ঠানৰ শেষত অনুষ্ঠিত সভাত উপস্থিত সকলোৱে “হ’বা তুমি বিজয়ী” অনুষ্ঠানৰ ভূয়সী প্ৰশংসা কৰে আৰু এই অনুষ্ঠান শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাত যথেষ্ট সহায়ক হ’ব বুলি কয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তৰু দাসৰ বিহু নৃত্যৰে অনুষ্ঠানটোৰ সফল সামৰণি সমাপ্তি ঘটে।

Leave A Reply