Breaking

দলং নিৰ্মাণৰ দাবীত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ

0 1,023

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত বালিজানত থকা ভগা দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ সীমিত সংখ্যক সদস্যই চৰকাৰৰ নীতি নিৰ্দেশনা মানি সামাজিক দুৰত্ব বৰ্তাই ৰাখি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা সকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক,শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা সংযোগী পথৰ বালিজানত থকা ভগা দলং  নিৰ্মাণৰ ব্যৱস্থা কৰক,বালিজানত থকা পকী দলং নিৰ্মাণত দুৰ্নীতি সংগঠিত কৰা জয়চোৱাল উপাধিৰ ঠিকাদাৰগৰাকীক গ্ৰেপ্তাৰ কৰক,ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো জৰাজীৰ্ণ ভগা দলং নিৰ্মাণৰ ব্যৱস্থা কৰক,বিধায়ক গনেশ কুমাৰ লিম্বু হায় হায়,গনেশ কুমাৰ লিম্বু মুৰ্দাবাদ,সাংসদ পল্লৱ লোচন দাসৰ কাম নাই,অসম চৰকাৰৰ কাম নাই,কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদস্থলীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত সামান্যতমো মিল নোহোৱা হৈছে৷ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰক তোষামোদ কৰি ফাকি ফোকাৰ্ আশ্ৰয় লৈ এখন মেৰুদণ্ডহীন চৰকাৰ চলিছে৷প্ৰশান্ত বৈশ্যই লগতে কয় যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিখন বাটপথৰ লগতে জৰাজীৰ্ণ দলং সমূহ নিৰ্মাণ কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই ফুৰিছে তেনে সময়তে শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ মধ্যভাগত  বালিজানত থকা পকী ভগা দলংখন আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথৰ লগতে দলং নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত জিয়া ছবিখন পোহৰলৈ আহিছে৷লগতে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয় বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা পথটোৰে এলেকাটোৰ কেইবাটাও গাৱঁৰ হেজাৰ হেজাৰ লোকে অহাযোৱা কৰে যদিও দুবছৰ মানৰ পূৰ্বে কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে বালিজানত  নিৰ্মাণ কৰা পকী দলংখন বিগত কিছুদিনৰ পূৰ্বেই মধ্যভাগত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে৷ফলত পথচাৰীয়ে অহাযোৱা কৰাৰ অৱস্থাত উক্ত দলঙৰ মধ্যভাগত সৃষ্টি হোৱা গাতত পৰি আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে৷কিন্তু ইমানৰ পিচতো আজিলৈকে বালিজানস্থিত ভাঙি থকা দলংখন  মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷সমষ্টিটোৰ বিধায়কৰ আশিষধন্য জয়চোৱাল উপাধিৰ ঠিকাদাৰগৰাকীয়ে নিম্নমানৰ সামগ্ৰী আৰু অতি পাতল ৰড ব্যৱহাৰ কৰি দলংখন নিৰ্মাণ কৰাৰ বাবেই দুবছৰৰ ভিতৰতে দলংখন জহি-খহি গৈছে বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই অভিযোগ উত্থাপন কৰে৷চকুমুদি থকা বিভাগটোৱে জহি -খহি যোৱা উক্ত দলংখন  আজিলৈকে নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এই ক্ষেত্ৰত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় অকৰ্মণ্য বিধায়ক গনেশ কুমাৰ লিম্বুক সমষ্টিটোৰ জৰাজীৰ্ণ দলং সমূহ নিৰ্মাণৰ বাবে কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা দাবী জনোৱাৰ পিছতো আজিলৈকে ভগা দলং সমূহ  নিৰ্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি বৈশ্যই উল্লেখ কৰে৷ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈ থকা অৱস্থাত চৰকাৰখনে সংবাদ মাধ্যমত বাট-পথ উন্নয়নৰ শ্ল’গান দি থকা বিষয়টো  অতিকৈ আমোদজনক আৰু চৰকাৰৰ এনে প্ৰচাৰে ৰাইজৰ মাজত এতিয়া হাঁহিৰ খোৰাক যোগাইছে৷চৰকাৰৰ সংবাদ মাধ্যমত কৰা বাট-পথৰ উন্নয়নে প্ৰকৃত দুৰ্ভগীয়া জনতাক স্পৰ্শ কৰিব পৰা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷সেয়েহে চৰকাৰখনে সংবাদ মাধ্যমত উন্নয়নৰ শ্ল’গান দিয়া বন্ধকৰি প্ৰকৃততে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত গুৰুত্ব দি শিঙৰীৰ পৰা ভঙামন্দিৰ সংযোগী পথৰ বালিজানত থকা ভগা দলংখন মেৰামতি কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ দলং সমূহ সমূহ অতি শীঘ্ৰে নিৰ্মাণৰ দাবী জনায় কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৷ অহা ৭ দিনৰ ভিতৰত উক্ত ভগা দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু সংগঠনটোৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই  চৰকাৰক সকীয়াই দিয়ে৷আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সভাপতি প্ৰশান্ত বৈশ্যৰ লগতে সংগঠনটোৰ কাৰ্যকৰী সভাপতি জাহেদ আলী,প্ৰচাৰ সম্পাদক পিতাম্বৰ দেৱকটা,সদস্য শ্ৰৱণ গোৱালা উপস্থিত থাকে৷

Leave A Reply