Breaking

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক আগবঢ়াই নিয়াৰ বাবে বিধায়ক জয়ন্তমল্ল বৰুৱাৰ তৎপৰতা

0 2,039

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক সক্ৰিয় কৰিবলৈ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাই উঠিপৰি লাগিছে। নৱদ্বীপ খ্যাত নলবাৰীক শিক্ষাৰ লগতে  ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ যোৱা কালি আধৰুৱা হৈ থকা নৰ্থ কামৰূপ ষ্টেডিয়ামৰ ইনডোৰ হ’ল আৰু চুইমিং প’লৰ কাম অতি খিপ্ৰতাৰে কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে। ঠিকাদাৰৰ টকা-পইচাই যাতে কামৰ হেঙাৰ হ’ব নোৱাৰে ইয়াৰ বাবে শকিয়নীও প্ৰদান কৰা হৈছে। যোৱা ১৬ জুন তাৰিখে পূব নলবাৰী ক’চিং চেণ্টাৰৰ নিয়মীয়া খেলুৱৈ তথা ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতাৰ ঘৰত বিধায়ক নিজেই উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ পৰা ৫০ হেজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে। জিলা খনত প্ৰতিভাৱান খেলুৱৈ সকলৰ বাবে নলবাৰীত আন্তঃ গাঠনিৰ অভাৱ বহুদিনীয়া। ৬৬ বিঘা মাটিৰে সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত গ্ৰীন গেলাৰী স্থাপন হৈছে যদিও তাত এখন পূৰ্ণঙ্গ ষ্টেডিয়াম বহুদিনৰ পৰা ৰাইজে আশা কৰি আছে। সাগৰকুছি মিনি ষ্টেডিয়ামতো ২৫ বিঘা মাটি আছে তাতো ক্ৰীড়াৰ উন্নতিৰ বাবে উদ্যোগ ল’ব পাৰে। এইখিনি কাম সম্পূৰ্ণ হৈ উঠিলে নিশ্চিত ভাৱে খেলুৱৈ সকল যথেষ্ট উপকৃত হ’ব। নলবাৰীত ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ, কাবাডী, হেণ্ডবল, খো-খো, টাইকোৱানডো, ইত্যাদি খেলৰ প্ৰশিক্ষণ চলি আছে। যদিওঁ খেলুৱৈ সকলে পোৱা নাই অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ। আন্তঃ গাঠনিৰ অভাৱেও খেলুৱৈ সকলৰ সদইচ্ছাক ৰোধ কৰিব পৰা নাই। নিজৰ সাহস, একাগ্ৰতাৰ বলতে যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শীতা দেখুৱাবলৈ সক্ষম হৈছে সেই সকল খেলুৱৈ ধন্যবাদৰ পাত্ৰ। এই সকল খেলুৱৈক যদি পদ্ধতিগত প্ৰশিক্ষণৰ ব্যাৱস্থা কৰিব পৰা যায় তেতিয়াহলে নিশ্চিতভাৱে নলবাৰীৰ ক্ৰীড়াও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিবলৈ সক্ষম হ’ব। কালি উপায়ুক্ত কাৰ্য্যালয়ত নলবাৰীৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ, বিধায়ক জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, ক্ৰীড়া আয়ুক্ত মলয় বৰা, ক্ৰীড়া আৰু যুৱকল্যাণৰ সঞ্চালক পৱিত্ৰৰাম খাউণ্ডে নলবাৰীত ক্ৰীড়াৰ ভবিয্যত পৰিকল্পনাৰ ওপৰত এক পৰ্য্যালোচনা সভাত মিলিত হয়। ইয়াৰ পিছত নলবাৰীৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাৰ লগত ক্ৰীড়া আয়ুক্ত, সঞ্চালক, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়াই নলবাৰী মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি তাত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মান কৰাৰ বাবে প্ৰস্তুতি হাতত লোৱাৰ কথা জানিব পৰা গৈছে। ক্ৰিকেট ষ্টেডিয়ামখন হৈ উঠিলে ক্ৰিকেটাৰ সকলৰ বহুদিনীয়া অভাৱ পূৰণ হ’ব বুলি নলবাৰীৰ ক্ৰীড়া মহলে মন্তব্য প্ৰকাশ কৰিছে। নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ নলবাৰী সমষ্টিৰ জনপ্ৰীয় বিধায়ক জয়ন্তমল্ল বৰুৱাই নলবাৰীৰ ক্ৰীড়াক আগবঢ়াই নিবলৈ যি উদ্যোগ গ্ৰহন কৰিছে তাৰবাবে সৰ্বত্ৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ভবামতে কাম বিলাক হৈ উঠিলে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছৰা চৰকাৰখনৰ পৰিকল্পনাত নলবাৰীয়ে মুখ্যভূমিকা পালন কৰিব বুলি কলেও বঢ়াই কোৱা ন’হব।

Leave A Reply