Breaking

অসম যুৱ পৰিষদৰ দ্বাৰা নাট্যযোদ্ধা পৱিত্ৰ ৰাভাক কলাগুৰু বঁটা প্ৰদান

0 621

অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি দেওবাৰে টংলাৰ বিশিষ্ট নাট্যযোদ্ধা পবিত্ৰ ৰাভাক অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ,ওদালগুৰি জিলা আৰু পানেৰী বিধান পৰিষদৰ সহযোগত অনুষ্ঠিত কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীত কলাগুৰু বঁটা আগবঢ়োৱা হয়।ফুলাম গামোচা,শৰাই সঁফুৰা,ফুলাম জাপি,স্মাৰক ,নগদ ধন আৰু সম্বৰ্ধনা পত্ৰৰে ৰাভাদেৱক উষ্ম আদৰণি জনায় ।বঁটা প্ৰদান কাৰ্যসূচী পৰিচালনা কৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁইয়ে ।অগপৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে ওদালগুৰি জিলা সমিতিৰ সভাপতি যতীন কুমাৰ ডেকা আৰু জিলা যুৱ পৰিষদৰ সভাপতি যোগেশ বড়াই।টংলা জলাহস্থিত আমাৰ গাঁও প্ৰকল্প দাপোন দ্য মিৰৰ’ৰ ভূমিত অনুষ্ঠিত হোৱা কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণিতে টংলা শিল্পী সমাজৰ শিল্পী বৃন্দই এটি বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰে।কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীত অসম গণ পৰিষদৰ উপসভাপতি সুনীল ডেকা,যুৱ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি হেমেন হাজৰিকা, প্ৰাঞ্জল শৰণীয়া, সাধাৰণ সম্পাদক প্ৰবাল বুজৰবৰুৱা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃবৃন্দ ,বিভিন্ন জিলা শাখাৰ বিষয়ববীয়া ,ওদালগুৰি জিলা শাখাৰ বিষয়ববীয়া সকলৰ লগতে অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক পৱিত্ৰ ৰাভাৰ পিতৃ ৰামচন্দ্ৰ ৰাভা,দাপোন দ্য মিৰৰ খৰ্বকায় শিল্পী বৃন্দই উপস্থিত থাকে।ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা লোকগীতৰ প্ৰখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা সোঁৱৰণি বঁটা প্ৰাপ্ত তথা ৰাষ্ট্ৰীয় মঞ্চত উজলি উঠা পৱিত্ৰ ৰাভাই কলাগুৰু বঁটা গ্ৰহণ কৰি কয় যে দাপোন দ্য মিৰৰ হৈছে নিজকে নিজক বিচাৰি চোৱা আৰু মানৱ সম্পদ গঢ়াৰ কেন্দ্ৰ। ইয়াৰ জৰিয়তে আমি খৰ্বকায় শিল্পী সকলেই নহয় শিশু -কিশোৰী,যুৱক- যুৱতীৰ সকলৰ শাৰিৰীক মানসিক বৌদ্ধিক বিকাশত সহায় কৰাৰ লগতে আত্ম নিৰ্ভৰ কৰি তোলা ।কলাগুৰু বঁটা আগবঢ়োৱা বাবে যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply