Breaking

ধিঙত তিনি মিনিটত দহ হাজাৰ গছপুলি ৰোপন । ডবা শংখ ধ্বনিৰে মুখৰিত কৰিলে ধিঙৰ আকাশ ।

0 537

ধিঙৰ উদ্যমী যুৱক বিকাশ নাথে ধিং পৌৰ সভা অন্তৰ্গত ১০ টা ৱাৰ্ডত ৰবিবাৰে পুৱা ১১ বজাত তিনি মিনিটৰ ভিতৰত ১০০০০গছপুলি ৰোপন কৰি এক অভিলেখ সৃষ্টি কৰে । উদ্যমী যুৱকজনে ধিঙৰ কেইবাখনো স্কুল কলেজৰ শিক্ষাৰ্থীক লগত লৈ GREEN DHING নামাকৰনেৰে এই সুন্দৰ কাৰ্যসূচী ৰূপায়ন কৰে । ধিং পৌৰ সভাৰ মুঠ দহটা ৱাৰ্ডৰ প্ৰত্যেক ঘৰতে এজোপাকৈ গছপুলি আগদিনাই প্ৰেৰণ কৰে উদ্যোগী যুৱকজনে । আজি পুৱা ১১ বজাৰ লগে প্ৰত্যেক ৱাৰ্ডৰ নামঘৰ , মন্দিৰত ডবা শংখ বজাই সমগ্ৰ ধিঙৰ আকাশ মুখৰিত কৰি ৰূপায়ন কৰে এই সুন্দৰ অনুস্থানটিৰ। যুৱকজনৰ এনে প্ৰচেষ্টাক শলাগ লয় ধিংবাসীয়ে।

Leave A Reply