কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু জিলা আয়ুস গোটৰ সহযোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্রৰ কামৰূপা মঞ্চত উদযাপন কৰা হয়।
জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে সুজিৎ বাগলাৰী আৰু প্ৰশান্ত প্ৰতীম কাঠকটীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশৰ্মাৰ লগতে কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যোগ দিৱসৰ কাৰ্য সূচীত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত সাধনা যোগ কেন্দ্ৰৰ যোগ গুৰু জ্যোতিষ কলিতাই যোগাসন, প্ৰাণায়াম আৰু কীৰ্তন পৰিচালনা কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এগছি বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আদৰণি ভাষণ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দেৱশৰ্মাই। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কাৰ্তিকে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতা বঢ়াবৰ বাবে যোগাভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। বৰ্তমানৰ কোভিড-১৯ৰ দৰে মহামাৰী প্ৰতিহত কৰিবৰ বাবেও যোগাভ্যাস অপৰিহাৰ্য বুলি তেওঁ উল্লেখ কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…