Breaking

অসমৰ জনপ্ৰিয় ভলীবল খেলক আৰু অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যেষ্ঠ ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাৰ মনৰ কিছু অনুভৱ

0 1,056

অতি কম খৰছী, কম ঠাইত খেলিব পৰা, আঘাটৰ বিশেষ কোনো সমস্যা নথকা ভলীবল খেল অসমৰ এক অতি জনপ্ৰিয় খেল । জনপ্ৰিয় হ’লেও কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত বৰ্তমান সময়ত অসমৰ ফলাফল উন্নত নহয় । মাজে মাজে দুই এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে যদিও ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই । অসমৰ ভলীবলৰ ক্ষেত্ৰখনক আৰু অধিক আগবঢ়াই নি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে কি দৰে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন ডাঙি ধৰি প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাবে ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাই তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিছে । তেখেতৰ মতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে উন্নত ফলাফল লাভ কৰিবলৈ হ’লে বা এই ধাৰাবাহিকতা ৰক্ষা কৰাতো আমাৰ সকলোৰে লক্ষ্য হোৱা উচিত ৷ অসমৰ ভলীবলৰ ক্ষেত্ৰখনৰ ভেটিটো বহল আৰু শক্তিশালী কৰা । ভেটিটো বহল কৰিবলৈ অধিক সংখ্যক চেমনীয়া খেলুৱৈক ভলীবলৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব । ইয়াক শক্তিশালী কৰিবলৈ অৰ্হতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা বিজ্ঞানসন্মতভাবে দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব । এনে ধৰনৰ ভেটি গঢ়ি তুলিবলৈ হ’লে সমান্তৰালকৈ সুচিন্তিত, বিজ্ঞানসন্মত, দীৰ্ঘকালীন আঁচনিও প্ৰস্তুত কৰিব লাগিব । এই আঁচনি প্ৰস্তুত কৰোঁতে গুৰুত্ব দিবলগীয়া বিষয়সমূহ হ’ল-

(১) প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি :- প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি হ’লেহে খেলুৱৈৰ সংখ্যা বৃদ্ধি হ’ব । এই ক্ষেত্ৰত চৰকাৰৰ ক্ৰীড়া বিভাগত নিয়োজিত হৈ থকা শাৰীৰিক নিৰ্দেশক, যিসকল একোজন প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ, তেখেতসকলক বছৰেকত এজনকৈ হ’লেওঁ এবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰমৰ বাবে পঠাব পাৰে বা ইচ্ছুক খেলুৱৈ ক্ৰীড়া সংগঠকসকলক এই সুবিধা প্ৰদান কৰিব পাৰে । তাৰোপৰি অসম ভলীবল সন্থাইও ইচ্ছুক প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠকক উক্ত পাঠ্যক্ৰমৰ বাবে পঠোৱাৰ দিহা কৰিব পাৰে । ইয়াৰ উপৰিও অসম ভলীবল সন্থাই বছৰেকত ২০-৩০ জন ইচ্ছুক প্ৰাক্তন খেলুৱৈক চমু প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পাৰে । ইয়াৰ বাবে বাহিৰৰ প্ৰশিক্ষকৰ প্ৰয়োজন নাই । তেওঁলোকক প্ৰশিক্ষণ দিব পৰাকৈ অসমত ভলীবল প্ৰশিক্ষকৰ অভাৱ নহ’ব । ইয়াৰ বাবে বহুত টকা-পইচাৰো আবশ্যক নহয় ।
(২) প্ৰশিক্ষণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা:- সৰু সজাইৰ বাহিৰে অসমত থকা ইণ্ডোৰ ষ্টেডিয়ামসমূহৰ অৱস্থা সুবিধাজনক নহয় । ছাইৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত এটি ভলীবলৰ একাডেমী প্ৰতিষ্ঠা হ’ব লাগিব । লগতে ৰাজ্য চৰকাৰৰ পৰাও অসমত এটি একাডেমী গঢ়ি তোলাটো নিতান্তই প্ৰয়োজনীয় । কিয়নো আমাৰ খেলুৱৈসকলৰ এই সুবিধা নথকা বাবে বছৰজোৰা অনুশীলনৰ পৰা বিৰত থাকিবলগীয়া হৈছে । ইয়াৰ উপৰিও অসম ভলীবল মিছন-১০০ৰ প্ৰশিক্ষণ শিৱিৰৰ লগতে স্থায়ী প্ৰশিক্ষণ শিৱিৰসমূহো সমান্তৰালভাৱে চলি থাকিব লাগিব ।
(৩) প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধি:- বিশেষকৈ মিনি আৰু চাব-জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত অধিক গুৰুত্ব দিব লাগিব । কিয়নো এই খেলুৱৈসকলৰ বাবে আন্তঃজিলা প্ৰতিযোগিতাৰ বাহিৰে অসমত অইন প্ৰতিযোগিতা অনুষ্ঠিত নহয় । অসমত আমন্ত্ৰনমূলক প্ৰাইজমানি চিনিয়ৰ ভলীবল প্ৰতিযোগিতাহে অনুষ্ঠিত হৈ থাকে । উক্ত প্ৰতিযোগিতাত অসমৰ বছা বছা প্ৰায় ৪০ জনমান খেলুৱৈহে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে । ইয়াত মিনি বা ছাব-জুনিয়ৰৰ খেলুৱৈসকলৰ খেলিবলৈ সুযোগ আৰু সুবিধা নাথাকে । অথচ এইসকল খেলুৱৈৰ বাবেহে অধিক ভলীবল প্ৰতিযোগিতাৰ আৱশ্যক । কিয়নো এইসকল খেলুৱৈৰ দ্বাৰাইহে অদূৰ ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত সুফল আশা কৰিব পৰা যায় ।
(৪) প্ৰতিভা অন্নেষণ:- কোনজন খেলুৱৈয়ে ভলীবল খেলিলে লাভৱান হ’ব পাৰিব এই কথাটো বিচাৰ বিশ্লেষণ কৰিহে খেলুৱৈগৰাকীক অনুশীলন কৰাব লাগে । তেতিয়াহে প্ৰতিভাৱান খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত সুফল কঢ়িয়াই আনিবলৈ সক্ষম হ’ব ।
(৫) উপযুক্ত প্ৰশিক্ষণৰ বাবে খেলৰ সা-সামগ্ৰী:- বল ২টা আৰু নেট ১ খনৰ জড়িয়তে খেলুৱৈক প্ৰশিক্ষণ দি ভাল ফলাফল আশা কৰাতো আকাশত চাং পতাৰ দৰে কথা হ’ব । অইন ৰাজ্যসমূহৰ লগত আমাৰ খেলুৱৈয়ে ফেৰ মাৰিবলৈ হ’লে অত্যাধুনিক খেলৰ সামগ্ৰীৰ দ্বাৰাই অনুশীলন কৰিবই লাগিব । অন্যথা প্ৰতিযোগিতাত যোগদান কৰাৰ বাহিৰে ফলাফলৰ নামত থাকিব বৃহৎ শূন্য । সকলো কেন্দ্ৰতে এই সুবিধা থকাটো বাঞ্চনীয় ।
(৬) পূজি বৃদ্ধি:- পূজি নহ’লে আঁচনি ৰূপায়ন কৰাটো সম্ভৱ নহয় । অসম ভলীবল সন্থাৰ পূজি বুলি ক’বলৈ একোৱেই নাই । জোৰা-টাপলি মাৰিহে কিবাকৈ কামবোৰ কৰি থকা হৈছে । পূজিৰ অভাৱতে বহুত কামেই পৰি ৰৈছে । স্থায়ী পূজি এই ক্ষেত্ৰত লাগিবই । অন্যথা ভৱা কথা মনতে মাৰ যাব । ইয়াৰ বাবে এটি মাল্টিদিচিপ্লিনাৰী টাস্কফ’ৰ্চ গঠন কৰাৰ বাবেও প্ৰশিক্ষক গনেশ শৰ্মাই আহ্বান জনায় । পূজি সংগ্ৰহ কৰাৰ উপৰিও এই কমিটিৰ সদস্যসকলে ৪-৫ জনীয়া গ্ৰুপ হৈ প্ৰশিক্ষণ, প্ৰতিযোগিতা অনুষ্ঠিত কৰা, প্ৰতিভা অন্বেষণ, প্ৰচাৰ, ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলৰ অংশগ্ৰহণ ইত্যাদি ইত্যাদি বিভিন্ন কামৰ বাবে বিভাগে বিভাগে কাম কৰিব পাৰিলেহে অসমৰ ভলীবল লাভৱান হ’ব ।
(৭) মিনি ভলীবল ফেষ্টিভেলৰ আয়োজন:-মিনি ভলীবল ফেষ্টিভেল অনুষ্ঠিত কৰাৰ পোষকতা কৰে প্ৰশিক্ষকগৰাকীয়ে । ৮-১৪ বছৰীয়া ল’ৰা-ছোৱালীক জড়িত কৰাই ভলীবলৰ এক জাগৰণ আনিবলৈ চেষ্টা কৰিব পাৰি । জিলাভিত্তিত ২০০-৩০০ খেলুৱৈক লগ লগাই কেইবাখনো খেলপথাৰ তৈয়াৰ কৰি তাত 2 vs 2, 3 vs 3, 4 vs 4 ইত্যাদিৰে ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা, ভলীবল সম্পৰ্কীয় কুইজ, চিত্ৰাঙ্কন প্ৰতিযোগিতা, প্ৰদৰ্শনী শিৱিৰ, অন্তৰঙ্গ আলাপ, কৰ্মশালা, ভলীবল খেলৰ বিভিন্ন ভিডিঅ’ প্ৰদৰ্শন, বঁটা-মানপত্ৰ প্ৰদান ইত্যাদিৰ ব্যৱস্থা থাকিব উক্ত ফেষ্টিভেলত । ইয়াৰ দ্বাৰাই নিশ্চিতভাৱে ভলীবলৰ এক বহল আৰু সুদৃঢ় ভেটি নিৰ্মাণ হ’ব ।
(৮) কৰ্মসংস্থাপন:- খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া সংগঠকসকলৰ কৰ্মসংস্থাপন অতি গুৰুত্বপূৰ্ণ কথা। সন্মুখত উজ্বল ভবিষ্যৎ এটা নাথাকিলে আজিকালি কোনে ক্ৰীড়া কৰিবলৈ ওলাই আহিব । সেয়েহে পৰ্যায়ক্ৰমে এইসকলক চৰকাৰীভাৱে সংস্থাপনৰ দিহা কৰিবই লাগিব । ইয়াৰ উপৰিও ৰেল, পুলিচ, অ এন জি চি, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আদিত নতুনকৈ খেলুৱৈসকলক মকৰলৰ সুবিধা থাকিব লাগিব । তেতিয়াহে খেলুৱৈসকলে খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব । অন্যথা সকলো থাকিও সংস্থাপন অবিহনে খেলুৱৈসকলক খেল পথাৰলৈ অনাটো টান হ’ব ।
(৯) মহিলা ভলীবলৰ ওপৰত গুৰুত্ব:- অসমত মহিলা ভলীবলৰ ওপৰত অধিক জোৰ দিব লাগিব। আঁচনিসমূহত মহিলা ভলীবলক অন্তৰ্ভুক্ত কৰি জিলাই জিলাই ইয়াৰ সঠিক ৰূপায়নৰ বাবে প্ৰচেষ্টা হাতত ল’ব লাগিব । আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ মহিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ সাহস আৰু একাগ্ৰতা বৃদ্ধি কৰিব লাগিব । অসম ভলীবল সন্থাক ইউথ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে প্ৰশিক্ষকগৰাকীয়ে লগতে উক্ত প্ৰতিযোগিতাখন ক্ৰীড়া সংগঠক প্ৰয়াত কাজল দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰাৰ বাবেও বিনম্ৰ অনুৰোধ জনাইছে ।
অসমৰ গ্ৰাম্যাঞ্চলত এতিয়াও সন্মানসহকাৰে ভলীবল খেল জীয়াই আছে, এতিয়াও আদৰ কমা নাই । ভলীবল প্ৰতিযোগিতা বুলি ক’লেই ৰাইজ হিলদ’ল ভাঙি ওলাই আহে । বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় । ওচৰৰ পৰা খেলবিধক প্ৰত্যক্ষ কৰিব পৰা আৰু ফলাফলৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব নলগা এই খেলবিধৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ঐক্যবদ্ধভাৱে উপৰোক্ত কথাবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভলীবলক আৰু অধিক আগবঢ়াই নিবলৈ যত্নপৰ হওঁ আহক। অসমক দেশখনৰ ভিতৰতে অধিক ভলীবল খেলা ৰাজ্য হিচাপে পৰিগণিত কৰো আহক । তেতিয়াহে ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলে পদক পোৱাৰ উপৰিও ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সমৰ্থৱান হ’ব ।

Leave A Reply