Breaking

চৰকাৰে দিব বিনামূলীয়া গেছ সংযোগ : অনলাইনযোগে কৰক আবেদন

0 2,077

Free LPG Connection: কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা প্ৰদান কৰা হয়। যদি আপুনিও এই সুবিধাৰ সুবিধা ল’ব বিচাৰে, তেন্তে এতিয়া ঘৰত বহিয়েই আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে “প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা” আঁচনিখনৰ অধীনত ১ কোটি ৰন্ধন গেছ সংযোগৰ কথা ঘোষণা কৰিছে আৰু চলিত জুন মাহতেই আঁচনিখন আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তেনেস্থলত বিনামূলীয়া গেছ সংযোগৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব জানি লওক সকলো –

এনেদৰে কৰক অনলাইন আবেদন –
>> আপুনি প্ৰথমে অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব।

>> pmujjwalayojana.comত ক্লিক কৰক।
>> হোমপেজত ডাউনলোড প্ৰ-পত্ৰলৈ যাওক আৰু ক্লিক কৰক।
>> ডাউনলোড প্ৰ-পত্ৰত ক্লিক কৰাৰ পিছত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ প্ৰ-পত্ৰ খন আহিব।
>> এতিয়া প্ৰ-পত্ৰখনত আপোনাৰ নাম, ই-মেইল আইডি, ফোন নম্বৰ আৰু কেপচা পূৰণ কৰক।

>> এতিয়া অটিপি (OTP) সৃষ্টি কৰিবলৈ বুটামত ক্লিক কৰক।
>> তাৰ পিছত প্ৰ-পত্ৰখন ডাউনলোড কৰক।

প্ৰ-পত্ৰখন নিকটতম এলপিজি গেছ এজেন্সিৰ ওচৰত দাখিল কৰক –
এতিয়া এই প্ৰপত্ৰখন নিকটতম এলপিজি গেছ এজেন্সিৰ ওচৰত দাখিল কৰক। ইয়াৰ সৈতে আপুনি আপোনাৰ নথি-পত্ৰ যেনে আধাৰ কাৰ্ড, স্থানীয় ঠিকনাৰ প্ৰমাণপত্ৰ, বিপিএল ৰেচন কাৰ্ড (BPL Ration Card) আৰু ফটো ইত্যাদি প্ৰদান কৰিব লাগিব। নথিপত্ৰবোৰ প্ৰমাণিত হোৱাৰ পিছত আপুনি এলপিজি গেছ সংযোগ লাভ কৰিব।

কোনে কোনে ইয়াৰ বাবে আবেদন কৰিব পাৰে-

>> আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।
>> বয়স ১৮ বছৰতকৈ অধিক হ’ব লাগিব ।
>> দৰিদ্ৰ সীমাৰেখাৰ তলত হ’ব লাগিব।
>> পৰিয়ালৰ এগৰাকী মহিলাই কৰিব পাৰিব, যাৰ গেছ সংযোগ নাই।
>> এনে কোনো আঁচনিৰ আগতীয়াকৈ সুবিধা লোৱা নাই, তেনে লোকে আবেদন কৰিব পাৰে।

Leave A Reply