Breaking

চাৰে তিনি বছৰীয়া শিশুক থেকেচি মাৰিলে পাষাণ পিতৃয়ে ।

0 552

ধিঙৰ গৰুখুটি চৰত জীৱশ্ৰেষ্ঠক লজ্জানত কৰা ঘটনা । পিতৃয়ে থেকেচি থেকেচি হত্যা কৰিলে চাৰে তিনি বছৰীয়া দৃৱ শিশুক । মংগলবাৰে দুপৰীয়া মাৰজিনা খাতুন নামৰ শিশুটোৱে ওচৰৰে খুৰাকৰ ঘৰত লৈ যাবলৈ খাটনি ধৰিছিল পিতৃ ইনামুল হকক। পিতৃয়ে নিনিয়াত শিশুটোয়ে শিশুটোৱে আমনি কৰি আছিল পিতৃক । এই সাধাৰন কথাতেই পিতৃ ইনামুল হকে খঙৰ ভমকত শিশুটোক থেকেচি থেকেচি হত্যা কৰে । ইফালে হত্যা কৰি পাষান পিতৃ ইনামুল হকে পলায়ন কৰে । এটি দেৱ শিশুৰ দানৱৱৰূপী পিতৃৰ হাতত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ইতিমধ্যে ধিং আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply