Breaking

এজন গৃহৰক্ষীয়ে দেখুৱালে কর্তব্যনিষ্ঠাৰ অনন্য নিদর্শন : ৰাজ্যজুৰি প্রশংসা হোমগার্ড বৰছিং বে’ক

0 2,034

ৰছিং বে’ বৃত্তিত এজন হোমগার্ড৷ কার্বি আংলঙত কর্মৰত৷ দৰমহাৰ নামত মাহে পায় নামমাত্র ধন৷ ওপৰৱালাৰ হুকুম, গালি–গালাজ নির্বিবাদে মানি লৈ নীৰৱে কর্তব্য পালন কৰি যায়৷ অভাৱগ্রস্ত জীৱন কোনোমতে জোৰা–টাপলি মাৰি চলি আছে৷ অনাটনবোৰ দূৰ কৰিবলৈ প্রয়োজন ধনৰ৷ তেনে সময়তে কালি নিশা বৰছিং বে’ৰ হাতত অবাঞ্ছিতভাৱে আহি পৰে খমখমীয়া নোটৰ বাণ্ডিল৷ ইমানেই টকা যে নিমিষতে হোমগার্ড বৰছিং বে’ৰ সকলো অভাৱ দূৰ হৈ যাব৷ আকাংক্ষাৰ বস্তুৰে ভৰি পৰিব ঘৰ৷ কিন্তু এই ধন বৰছিং বে’ই হাত পাতি ল’ব নোৱাৰিলে৷ কাৰণ তেওঁৰ জীৱনত অভাৱ–নাটনতকৈ সততাৰ মূল্য বহুত বেছি৷ সততাক বিক্রী কৰি, মেৰুদণ্ড বেঁকা কৰি, কর্তব্যৰ লগত আপোচ কৰি বৰছিং বে’ ধনী মানুহ হ’ব নোখোজে৷

সন্মুখত নোটৰ পোহাৰ দেখিও কর্তব্যত অটল হৈ ৰোৱা এইজন হোমগার্ডে কালি নিশা সমাজক যেন বহু কিবাকিবি বার্তা দি গ’ল৷ বৰছিং বে’ৰ কালি ডিউটী আছিল কার্বি আংলঙৰ ডিলাই আৰক্ষী চকীৰ সন্মুখত৷ নিয়মীয়া তালাচীৰ বাবে বাছ এখন ৰখায়৷ এম এন–০ জি বি–০৫১১ নম্বৰৰ বাছখন আহিছিল মণিপুৰৰ পৰা৷ বৰছিঙে বাছত উঠি যাত্রীৰ বেগবোৰ এটা এটাকৈ পৰীক্ষা কৰে৷ তাৰ পিছত ড্রাইভাৰৰ পাছৰ ছীটবোৰ দাঙি চায়৷ মোনা এটা সন্দেহবশতঃ খুলি চায় যদিও তাত চাউলহে আছিল৷ বৰছিঙৰ অৱচেতন মনে তেতিয়াও কৈ আছিল বাছখনত কিবা এটা আছে৷ এইবাৰ তেওঁ খুলি দিয়ে ইঞ্জিনৰ ওপৰৰ ঢ়াকনি এখন৷ তেতিয়াই গাড়ীচালকজনে হাতত খামোচ মাৰি ধৰে৷ পাঁচশ টকীয়া নোটৰ এটা বাণ্ডিল বৰছিঙক দেখুৱাই কয়– ‘এই পইচাখিনি ৰাখক৷ ইঞ্জিন গৰম হৈ আছে৷ তাত হাত সোমাব নালাগে৷’

বৰছিং বে’ এইবাৰ অধিক কঠোৰ হৈ পৰে৷ তন্ন তন্নকৈ তালাচী চলাই ইঞ্জিনৰ পৰা উদ্ধাৰ কৰে ড্রাগ্ছভর্তি তিনিটা পেকেট৷ ড্রাইভাৰজনে আকৌ প্রলোভন দেখুৱায়– ‘কথাটো কাকো জনাব নালাগে৷ আপোনাৰ মোৰ মাজতে ৰাখক৷ ইয়াৰ পৰা কেৱল যাবলৈ দিয়ক৷’ এইদৰে কৈ বৰছিং বে’ৰ জেপত সুমুৱাই দিয়ে এটা নোটৰ বাণ্ডিল৷ কিন্তু ধন ল’বলৈ অস্বীকাৰ কৰি হোমগার্ডজনে ততালিকে থানাৰ ভাৰপ্রাপ্ত বিষয়াক খবৰ দিয়ে৷ থানাৰ বিষয়াই আহি প্রায় ১২ কোটি টকা মূল্যৰ ৩ কেজি ছিন্থেটিক ড্রাগ্ছসহ তিনিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ এই খবৰ পোৱাৰ পিছতে ডিজিপি ভাস্কৰজ্যোতি মহন্তই কর্তব্যপৰায়ণ গৃহৰক্ষী বৰছিং বে’ক এক লাখ টকাৰে পুৰস্কৃত কৰে৷

ইপিনে, বৰছিং বে’ই সংবাদ মাধ্যমৰ আগত কয়, ‘দেশৰ বাবে ডিউটী কৰিছোঁ৷ ধন লৈ খাকী পোছাকত দাগ লগাব নোৱাৰোঁ৷ আনে লাগিলে মাংস–ভাতেই খাওক, মই মোৰ পত্নী–সন্তানক নিমখ ভাত খুৱাই ৰাখিম৷’ অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ অন্তহীন কলংকই অহৰহ সংবাদ শিৰোনাম দখল কৰাৰ সময়ত এজন গৃহৰক্ষীয়ে এনেদৰেই দেখুৱালে কর্তব্যনিষ্ঠাৰ অনন্য নিদর্শন৷

Leave A Reply