Breaking

ধিঙৰ সোনাৰি গাৱঁৰ পৰা বুজন পৰিমানৰ নিচা জাতীয় টেবলেট সহ এজনক আটক ।

0 721

ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান। নিতৌ উৎখাত কৰা হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছৰ ঘাটি। আটক হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। আজি ধিঙৰ সোনাৰি গাৱঁৰ কাবিল আলী নামৰ লোকজনৰ ঘৰৰ পৰা নগাওঁ , জাজৰি আৰু ধিং আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩০০০ নিচা জাতীয় টেবলেট আৰু নগদ ৮৬ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰে । লগতে এখন বিলাসী গাড়ী জব্দ কৰে । ইতিমধ্যে কাবিল আলীক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে ।

Leave A Reply