Breaking

নলবাৰীৰ মুকালমুৱাত বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ উদ্ধাৰ ৷

0 529

নলবাৰীৰ মুকালমুৱাত মাটি ফুটি ওলাইছে বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ ৷ মুকালমুৱাৰ বৰ্ণিবাৰীৰ পৰা আৰক্ষীয়ে কাৰ্টনে,কাৰ্টনে উদ্ধাৰ কৰিছে নিচাজাতীয় ঔষধ ৷ মাটিত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিচাজাতীয় ঔষধ সমূহ ৷ বৰ্ণিবাৰীৰ ৰৈফুদ্দিন আহমেদ নামৰ লোকজনৰ পৰিত্যক্ত গৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমানৰ ঔষধ সমূহ ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত গোপন খবৰৰ ভিত্তীত বৰ্ণিবাৰীত চলিছিল অভিযান ৷ বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধখিনিৰ আনুমানিক মুল্য দুই লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে ৷

Leave A Reply