২৪জুন এটি অনাথ শিশুৰ কৰুণ গাঁথাই ম্ৰিয়মান কৰিতুলিছে পশ্চিম নলবাৰীৰ সৰ্বস্তৰৰ লোকক। প্ৰতি গৰাকী হৃদয়মান লোকৰে অন্তৰ চুই গৈছে শিশুটিৰ কৰুণ ঘটনাই। প্ৰাক শৈশৱ কালতে মাক দেউতাকক হেৰুৱা ঘাট মাউৰা ছয় বছৰীয়া দেৱশিশুটি হ’ল গৌৰব কলিতা । উল্লেখ্য যে আজিৰ পৰা ডেৰ বছৰ পূৰ্বে তাৰ পিতৃ মিন্টু কলিতা হেপাটাইটিচ্ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। পিতৃক হেৰুৱাই পিছত মাক জুমি কলিতাই শিশুটিক বুকুত সাবটি গুৱাহাটীৰ ব্যক্তিগত প্ৰতিষ্ঠান এটিত কাম কৰি চলাই নিছিল তেওঁৰ সংসাৰখন। নিয়তিৰ কি কৰুণ পৰিহাস? যোৱা ২১মে তাৰিখে মাক জুমি কলিতাও ক’ৰণাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্হাত মৃত্যু হয়। পিছত পিতৃ মাতৃক হেৰাৱা গৌৰৱৰ আশ্ৰয় থল হ’ল বেলশৰৰ মোমায়েকৰ ঘৰখন। ইপিনে মোমায়েকো গাড়ীৰ চালক হিচাপে কাম কৰি কেনেবাকৈ চলাইছিল সংসাৰখন। পিছে ল’ক ডাউনৰ বাবে জীৱন জীবিকাৰ পথ বন্ধ হোৱাত আৰ্থিক দৈন্যই কাবু কৰিছে মোমায়েকৰ পৰিয়ালটোক। ইপিনে গৌৰৱৰ শিক্ষা- দীক্ষা আৰু ভবিষ্যতক লৈ মোমায়েক আৰু আইতাকৰ মনত এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। অবশেষত এই দুৰ্ভগীয়া অনাথ শিশুটিৰ দায়িত্ব ললে পশ্চিম নলবাৰী ছাত্ৰ সন্হাই। পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতি দলে যোৱা ১৮ জুন তাৰিখে পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ গাওঁৰ পূব ডেকা চুবুৰীৰ পিতৃ মাতৃ হীন শিশু গৌৰৱ কলিতাৰ মোমায়েকৰ বাসভৱনত উপস্থিত হয় আৰু শিশুটিৰ অধ্যয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই । এই ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰে বেলশৰৰ বাসুদেৱ জাতীয় বিদ্যালয়, স্বত্বাধিকাৰী মানবেন্দ্ৰ ডেকাই। এই সজাতি দলটোত উপস্হিত থাকে। আঞ্চলিকৰ সভাপতি সুভাষ বৰ্মন , সাধাৰণ সম্পাদক প্ৰাণজিত ঠাকুৰীয়া, উপদেষ্টা প্ৰাঞ্জল বৰ্মন , সহ সাধাৰণ সম্পাদক কল্পমণি কাকতি , নয়নজ্যোতি বৰ্মন, শিক্ষা সম্পাদক দীপাংকৰ বৰ্মন , ক্ৰিয়া সম্পাদক ৰাজু বৰ্মন , আঞ্চলিকৰ সদস্য জ্যোতিপ্রকাশ সেন ডেকা , ৰাজেশ শৰ্মা , অংকুৰ বৰ্মন আদি ।