Breaking

বিটিআৰ চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ : মাজবাট উন্নয়ন খন্ডত আজিও নাই খন্ড উন্নয়ন বিষয়া

0 1,645

পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়ো চৰকাৰ ।আজে বাজে বাদ দিয়ক টেক্টৰ ছবিত ভোট দিয়ক ।ইত্যাদি সু মধুৰ শ্লোগানেৰে ৰাইজৰ পদুলিয়ে পদুলিয়ে ভোট ভিক্ষা কৰি অবশেহত নিৰ্বাচনী বৈতৰণী পাৰ হৈ বিজেপি আৰু জি এছ পিৰ সহযোগত প্ৰমোদ বড়োই বিটিআৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। কিন্তু বিটিআৰ চৰকাৰ গঠন কৰাৰ দিনৰে পৰা হযতো বিটিআৰৰ চীফ প্ৰমোদ বড়োই  তেখেতৰ সতীৰ্থ ই এম, জি এম, সকলক  আবশ্যক অনুসৰি  নেতৃত্ব দিব পৰা নাই।  বিটিআৰত বসবাস কৰি থকা প্ৰতিটো জাতি জন গোষ্ঠীৰ  বিশেষকৈ বড়ো সকলৰ স্বাভিমান আৰু আবেগ  অনুভুতিক প্ৰয়োজন অনুসাৰে  প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰ খনৰ উন্নয়নৰ ফোপোলা স্বৰূপ কম দিনৰ ভিতৰতে পৰিস্কাৰ হৈ পৰাৰ অভিযোগ উঠিছে ৷ এইখিনিতে উল্লেখনীয় আৰু পৰিতাপৰ কথা যে বিটিআৰ  চুক্তিৰ  দফা সমুহ কাৰ্য্যকৰী ব্যবস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আওকণীয়া মনোভাব আৰু অৰুনোদয আচঁনিৰ দুৰ্নীতিৰ কথা বাদেই সমষ্টি এটা  উন্নয়নৰ প্ৰধান কেন্দ্ৰ বিন্দু হৈছে সেইটো  সমষ্টিৰ উন্নয়ন খন্ডৰ  খন্ড উন্নয়ন বিষয়া গৰাকী । কিন্তু যেতিয়া এটা উন্নয়ন খন্ডত,  খন্ড উন্নয়ন  বিষয়া নাথাকে  সেইটো সমষ্টিত উন্নয়নৰ দিশ কেনেকৈ তৰান্বিত হব। নিৰ্বাচনৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সঞ্জয় কিষান,পল্লব লোচন দাস, সাংসদ দিলীপ শ্ইকীযা আদি ৰথী মহাৰথী সকলে মাজবাট উন্নয়ন খন্ডৰ পদুলি মুখতে উন্নয়নৰ জয় গান গাই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে যদিও আজিলৈকে মাজবাট উন্নয়ন খন্ডত এজন খন্ড উন্নয়ন বিষয়া নিযুক্তি দিব নোৱাৰিলে ।যাৰ ফলত মাজবাট ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া গৰাকীয়ে  মাজবাট উন্নয়ন খন্ডত ভাৰপ্ৰাপ্ত  খন্ড উন্নয়ন বিষয়া হিচাপে দীৰ্ঘদিন  ধৰি  কাৰ্য্যনিৰ্বাহ কৰি আহিছে । ৰাজহ চক্ৰটোৰ গুৰুদায়িত্ব বহন কৰি অহা বিষয়া গৰাকীক ভাৰপ্ৰাপ্ত খন্ড উন্নয়ন বিষয়া হিচাপে নিযুক্ত দিয়াত মাজবাটবাসী ৰাইজৰ যথেষ্ট পৰিমাণে সমস্যাৰ সৃষ্টি হৈছে । এজন বিষয়াই গুৰুত্বপূৰ্ণ দুটাকৈ দায়িত্ব চম্ভালিব লগীয়া হোৱাত প্ৰমোদ বড়োৰ পৰিবৰ্তনশীল  বিটিআৰ চৰকাৰ খনৰ উন্নয়নৰ গতি কোনফালে ধাবিত হৈছে সেয়া সহজে অনুমেয় ।গতিকে মাজবাটত বাসী ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে এয়াই আছিল নেকি পৰিবৰ্তনৰ দৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰৰ শ্লোগান ? সি যিয়েই নহওঁক অতি শীঘ্ৰে মাজবাট উন্নয়ন খণ্ডত এজন স্থায়ী খন্ড উন্নয়ন বিষয়া নিযুক্তি দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে মাজবাটৰ ৰাইজে ।

Leave A Reply