Breaking

আচঁনি আছে পানী নাই ।ওৰাঙত কোটি টকীয়া তিনিখন জলসিঞ্চন আচঁনি আজিও কাৰ্যক্ষম নহল

0 1,533

ওদালগুৰি জিলাৰ মাজবাটত ৰাজহ চক্ৰৰ ওৰাং মৌজাত বিগত বিশ বছৰ আগতে স্থাপন কৰা হৈছিল তিনিখন জলসিঞ্চন আচঁনি । গৰুবন্ধা, বগৰীবাৰী আৰু পাকৰীবাৰীত তদানীন্তন কংগ্ৰেছ চৰকাৰে  কোটি টকা  ৰাজকোষৰ ধন ব্যয় কৰি এই আঁচনি স্থাপন কৰিছিল ।উদেশ্য আছিল ওৰাং মৌজাৰ শ, শ কৃষকৰ হাজাৰ হাজাৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰা ।পিছে আচঁনি তিনিখন স্থাপন কৰা দিনৰে পৰা কৃষক সকলে এটোপাল পানী পাবলৈ সক্ষম নহল । যদিও কাৰ্যক্ষম নোহোৱা  আচঁনি কেইখনৰ নামত চৰকাৰী কৰ্মচাৰী নিয়োগ কৰি  তেওঁলোকক লোহাৰ পাইপ কেইডাল মান ৰখিবলৈ দায়িত্ব দিয়া হৈছে ।এতিয়া এইসকল চৰকাৰৰ বেতন ভোগী কৰ্মচাৰী সকলে দিনৰ দিনটো লোহাৰ পাইপ কেইডাল ৰখিয়েই হামিয়াই হাকতিযাই থকাৰ বাবে অইন কাম একোৱেই নাই । আচঁনি খনত নিয়োজিত হৈ থকা একাংশ কৰ্মচাৰীয়ে  ঘৰতে বহি দা দৰমহা লৈ আছে বুলিও জানিব পৰা গৈছে । তেওঁলোকৰ ভুল নহয । ভুল হৈছে অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ । কৰ্তব্যৰ আৰু চাকৰিৰ তাগিদাত তেওঁলোকে এনেদৰে আজি বিশ বছৰ ধৰি নিধিৰাম চৰ্দাৰ হৈ থাকিব লগিয়া হোৱাত নিজকে এটা অক্ৰমৰ্ন অপদাৰ্থ বিভাগৰ কৰ্মচাৰী বুলি গণ্য কৰিবলৈ বাধ্য হৈছে । বৃহত্তৰ ওৰাং মৌজাৰ ৭০ শতাংশ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্যত জড়িত হৈ থকা কৃষক সকলে চৰকাৰ তথা বিভাৰ্গীয কৰ্তৃপক্ষক বাৰম্বাৰ অনুনয় বিনোনয় কৰাৰ পিছত এই কোটি টকীয়া জলসিঞ্চন আচঁনি তিনি খন আজি পৰ্য্যন্ত কাৰ্য্যক্ষম হৈ নুঠিল। উক্ত স্থানত থকা আচঁনি কেইখন যদি কাৰ্য্যক্ষম হলে হেতেন তেতিয়া ওৰাং মৌজাৰ      অধীনত থকা বগৰীবাৰী, গৰুবন্ধা,পাকৰীবাৰী,জামুগুৰি, আওঁনাজুলি,কোৰকাবাৰী,শইকীয়া চুবুৰী ইত্যাদি বৃহৎ অঞ্চলৰ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা মাটিত জলসিঞ্চনৰ সুবিধা হলহেতেন ।কিন্তু আহিছে চৰকাৰ গৈছে চৰকাৰ তথাপিও এই জলসিঞ্চন আচঁনি কেইখনৰ প্ৰতি কাৰোৰে ভ্ৰুক্ষেপ নাই । সেয়েহে বিকল জলসিঞ্চন আচঁনি কেইখন কাৰ্যক্ষম কৰি তুলিবলৈ পুনৰ দাবী উত্থাপন কৰিছে ওৰাং মৌজাৰ কৃষক সকলে

Leave A Reply