Breaking

দীপৰ বিলৰ দাঁতিয়েদি যোৱা ৰেলপথত বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ,বন বিভাগ-ৰেলৱে কৰ্তৃপক্ষৰ মাজত সংঘাঁটৰ আশংকা

0 2,037

গোৱালপাৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰে আজাৰা হৈ কামাখ্যা সংযোগী ৰেলপথচোৱাৰ পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে পৰিচিত দীপৰ বিলৰ অংশখিনীত ৰেলৱে কৰ্তৃপক্ষই শেহতীয়াকৈ বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ কৰাক লৈ ৰেলৱে কৰ্তৃপক্ষ আৰু বন বিভাগৰ মাজত সংঘাট হোৱাৰ আশংকাই দেখা দিছে । প্ৰাপ্ত খবৰ মতে আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা ৰামচাৰ ছাইট খ্যাত দীপৰ বিলৰ চহকী জৈৱ বৈচিত্ৰ্যৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে বিলখনক চিৰদিনৰ বাবে ৰক্ষাৰ স্বাৰ্থত ৰেল লাইনটো বিলৰ দক্ষিণ পাৰৰ পৰা স্থানান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ক আহ্বান জনাই আহিছে । আনকি ৰেলপথ স্থানান্তৰৰ বিষয়টো লৈ যোৱা ১৬ জুনত অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ মাজত আসন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া , প্ৰধান মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী ) অমিত সহায় , গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকাকে ধৰি কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে বৈঠকত দীপৰ বিলৰ সংৰক্ষণ , সৌন্দৰ্য্যবৰ্ধন , হস্তীৰ দণ্ডী তথা এলিফেণ্ট কৰিডৰ চিৰদিনৰ বাবে স্বাভাৱিক ভাবে ৰক্ষাৰ স্বাৰ্থত ৰেলপথচোৱা বিলৰ দক্ষিণ পাৰৰ পৰা স্থানান্তৰৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । আনকি বনমন্ত্ৰীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি বৈঠকত সদৰি কৰিছিল । কিন্তু ইয়াৰ মাজতে আজি দীপৰ বিলৰ ৰেলপথৰ দাঁতিত বৈদ্যুতিকীকৰণৰ বাবে ৰেলৱে কৰ্তৃপক্ষই মাটি খন্দা কাম আৰম্ভ কৰাত বন বিভাগৰ বিষয়া – বনকর্মী সকল হতভম্ব হৈ পৰিছে । ইতিমধ্যে দীপৰ বিল বন্যপ্ৰাণী কাৰ্যালয়ৰ  বনাঞ্চলিক বিষয়া যতীন বৰাই ৰেলৱে কৰ্তৃপক্ষই বন বিভাগক অৱগত নকৰাকৈ বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ কৰা বিষয়টো বন সংমণ্ডল প্ৰাধিকাৰীকে ধৰি ঊৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছে । ইফালে দীপৰ বিলৰ সংৰক্ষণৰ হকে কাম কৰি অহা ৰংমন ট্যুৰিজিম ছ’চাইটিৰ কৰ্মকর্তাত্রয় প্ৰমোদ কলিতা , বিৰাজ কলিতা (পৱন) আৰু অখিল ৰংপীয়ে জানিবলৈ দিয়া মতে ১৯৯২ চনৰ পাছত দীপৰ বিলৰ দক্ষিণ পাৰৰে ৰেলপথ নিৰ্মাণ কৰাৰ পাছত বিগত সময়চোৱাত ৰেলৰ খুন্দাত পোৱালীকে ধৰি ১৫ টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে সমসংখ্যক  হাতী আৰু অনান্য বন্যজন্তু আহত হব লগীয়া হৈছে । যি সময়ত দীপৰ বিলৰ দক্ষিণ পাৰৰে থকা ৰেলপথচোৱা স্থানান্তৰৰ বাবে বন বিভাগে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে সেই সময়ত ৰেলৱে কৰ্তৃপক্ষই ওলোটাই বৈদ্যুতিকীৰণৰ কাম আৰম্ভ কৰাক  লৈ ৰেলৱে কৰ্তৃপক্ষ আৰু বন বিভাগৰ মাজত সংঘাট হোৱাটো নিশ্চিত হৈ পৰিছে ।

Leave A Reply