Breaking

বুবু কোঁৱৰৰ এনকাউন্টাৰঃহাঁহি বিৰিঙিছে বুবুৰ ত্ৰাসৰ সাক্ষী হোৱা অসংখ্য পৰিয়ালৰ মুখত

0 2,115

 চিৰিয়েল কিলাৰ হিচাপে পৰিগণিত হোৱা অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড বুবু কোঁৱৰক পৰহি অসম আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানী সমীপৱৰ্তী অঞ্চলত গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। বিগত দুই দলকৰো অধিক কাল ৰাজ্যত ৪২ টাকৈ হত্যাৰ সৈতে জড়িত ” জল্লাদ” ৰূপী বুবু কোঁৱৰ জড়িত আছিল একাধিক অপৰাধজনিত ঘটনাত। ড্ৰাগছৰ সৰবৰাহৰপৰা, নিষিদ্ধ ঘোষিত সংগঠনলৈ মাৰণাস্ত্ৰ যোগান, গাড়ী চুৰি, ডকাইতি আদিৰ দৰে ঘটনাৰে অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি সদৃশ হৈ পৰা বুবু কোঁৱৰে শেহতীয়াকৈ “পংখী” নামৰ এগৰাকী যুৱতীৰ সহযোগত উজনিত চলাই গৈছিল হানী ট্ৰেপিঙৰ জাল।কুখ্যাত অপৰাধী বুবু কোঁৱৰ অসম আৰক্ষীৰ এনকাউন্টাৰত নিহত হোৱাৰ পিছতেই বহু ভুক্তভগী পৰিয়ালে ন্যায় পোৱা বুলি অনুভৱ কৰিছে। সমগ্ৰ অসমৰ লগতে জন্মস্থান শিৱসাগৰ জিলাতো বুবুৰ  অপৰাধৰ তালিকা দীঘলীয়া। আমগুৰি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা  আঞ্চলিক পঞ্চায়তৰ সভাপতি , হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত নামতি নতুন লুণপুৰীয়াৰ নিবাসী হেমন্ত বৰুৱাক ২০০৮ চনৰ ২৯ জুলাইত হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত আছিল বুবু কোঁৱৰ ।পত্নী বিমি বৰুৱাৰ সন্মুখতে নৃশংসভাৱে গুলিয়াই হত্যা কৰিছিল বুবু কোঁৱৰে ।এই হত্যাকাণ্ডত বুবু কোঁৱৰে ২ লাখ টকা চুপাৰি লৈ গুলীয়াই হত্যা কৰা বুলি অভিযোগ উঠিছিল।যোৱা ১৩ বছৰে হেমন্ত বৰুৱা পৰিয়ালে ন্যায় লাভ নকৰিলে যদিও মূল হত্যাকাৰী অৱশেষত আৰক্ষীৰ গুলীত মৃত্যু হয়। এই মৃত্যুত পৰিয়ালটোৱে ন্যায় পোৱা বুলি প্ৰকাশ কৰে। ইফালে ২০০৩ বৰ্ষত শিৱসাগৰ জিলাৰ গেলেকী দোলাকাষৰীয়াৰ ডিম্বেশ্বৰ কোঁৱৰৰ ঘৰত বুবুৱে সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডৰ কথা সোঁৱৰি পৰিয়ালটোৱে এতিয়াও শিহৰিত হৈ উঠে। ডিঙিত ডেগাৰ আৰু বন্দুক লগাই বুবু কোঁৱৰে ডিম্বেশ্বৰ কোঁৱৰৰ ঘৰৰপৰা এখন গাড়ী, টিভি আৰু নগদ ধন লুটি নিছিল। আনকি ডিম্বেশ্বৰ কোঁৱৰৰ পুত্ৰকো অপহৰণৰ চেষ্টা চলাইছিল দূধৰ্ষ বুবুৱে। অৱশেষত আৰক্ষীৰ গুলীত অপৰাধ জগতৰ অঘোষিত সম্ৰাটস্বৰূপ বুবু কোঁৱৰৰ মৃত্যুত স্বস্তি অনুভৱ কৰিছে ভূক্তভোগী সকলে। ইফালে অসম আৰক্ষীয়ে নাগালেণ্ডৰ দিশৰপৰা ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সহ আহি থকা অৱস্থাত বাটত ভেটাভেটি হৈ ৰখাবলৈ চেষ্টা কৰাত বুবুৱে অসম আৰক্ষীক আক্ৰমণ কৰাত উক্ত আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত বুবু নিহত হয় বুলি সদৰী কৰিলেও এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে বুবুৰ পিতৃ লোহিত কোঁৱৰে। পিতৃৰ ভাস্য অনুসৰি জেলৰপৰা ওলাই বিগত এটা মাহ আমগুৰিৰ ৰতনপুৰীয়াৰ নিজা বাসগৃহতে আছিল বুবু। পৰহি বিয়লি ৩ বজাত কোনো অজ্ঞাত লোকে ফোন কৰি বুবুক মাতি পঠিওৱাত ঘৰত কাম কৰা এজন  যুৱকৰ স্কুটীখন লৈয়েই ওলাই গৈছিল। পিতৃৰ অভিযোগ অনুসৰি ঘৰৰপৰা মাতি নি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তেওঁৰ পুত্ৰক। অৱশ্যে বুবুৰ মৃত্যুৰ বাতৰিয়ে হাঁহি বিৰিঙাইছে বুবুৰ ত্ৰাসৰ বলি হোৱা অসংখ্যজনৰ মুখত।কত গল বুবুৰ আনজন সহযোগী? : -ইফালে এম্বুচৰ সময়ত বুবুৰ সৈতে স্কুটীত আৰু এজন যুৱক প্ৰতক্ষ্য কৰা বুলি অসম আৰক্ষীয়ে সদৰী কৰিছে যদিও আনজন সহযোগী কত গল বা কোন আছিল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে গুলীয়াগুলিৰ সময়তে বুবুৰ সহযোগী জন পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমানে সহযোগী জনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Leave A Reply