Breaking

এটুপি খোৱাপানীৰ বাবেই হাহাকাৰ বঢ়মপুৰ সমষ্টিৰ বামুনীৰ শুকানজুৰি বাসীৰ

0 2,067

ডেৰ কিঃমিঃ দুৰৰ এটা গেলা কুঁৱাৰ দূষিত পানী,জুৰিৰ পানীয়েই শেষ ভৰসা বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ ৷

 নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেই হাঁহাকাৰ কৰি ফুৰিব লগীয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী শুকাণজুৰি অঞ্চলৰ ৰাইজে।   বিশুদ্ধ খোৱা পানীৰ কথাটো বাদেই এই দুৰ্ভগীয়া অঞ্চলবাসীয়ে আনকি গাধোৱা,কাপোৰ ধোৱা,বাচন-বৰ্তন ধোৱা আদি বিভিন্ন কামৰ‌ বাবেও প্ৰয়োজনীয় পানী কণৰ বাবেও বাট কুৰি বাই যাব লগীয়া হৈছে বহু দূৰলৈ।বামুণীৰ শুকানজুৰি অঞ্চলৰ ৰাইজে এটুপি পানী আনিবলৈ বাট কুৰি বাই যাব লগীয়া হৈছে প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰ পৰ্যন্ত।প্ৰতিদিনে পুৱা আৰু বিয়লি অঞ্চলটোৰ পুৰুষ-মহিলা সকলে নিজৰ কান্ধত,মূৰত অথবা ঠেলাগাড়ী  চাইকেলেৰে লোটা,কলহ, প্লাষ্টিকৰ ড্ৰাম,টিং,ডেস্কি আদি  কঢ়িয়াই লৈ যায় ডেৰ-দুই কিলোমিটাৰ নিলগত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা গেলা কুঁৱা আৰু জুৰিলৈ। তাৰোপৰি আন একাংশ লোকে লোটা,কলহ,ড্ৰাম আদি লৈ নিলগৰ জুৰিৰ পৰা নিত্যব্যৱহাৰ্য পানী খিনি সংগ্ৰহ কৰিব লগীয়া হৈছে।আন একাংশ লোকে ঘৰৰ চৌহদতে খান্দি লোৱা কেঁচা কুঁৱাৰ দূষিত পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। অৱশ্যে অঞ্চলটোত আহোমগাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি আছে যদিও প্ৰয়োজনীয় তত্বাৱধান আৰু মেৰামতিৰ অভাৱত এই আঁচনি খনো বহু দিন ধৰি বিকল হৈ আছে।স্থানীয় ৰাইজৰ বহু আবেদন নিবেদনৰ পাছতো নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে  আজিকোপতি পানী যোগান আঁচনিখন মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ  গ্ৰহণ নকৰিলে।ফলত উপায়বিহীন হৈ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক লোকে এটুপি বিশুদ্ধ পানীৰ অভাৱত কদৰ্য পৰিৱেশত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা কুৱাঁৰ লগতে জুৰিৰ দূষিত পানী সেৱন কৰি থাকিব লগা হৈছে। তাৰোপৰি এই দূষিত পানীকে আন কামতো ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।গেলা কুঁৱা,জুৰিৰ দূষিত পানীকে সেৱন কৰি থকা হেতুকে অঞ্চলটোৰ বহু লোক  বিভিন্ন ৰোগত আক্রান্ত  হ’বলগীয়া হৈছে। উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজুৰি আৰু বামুণী দুখনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণী শুকাণজুৰি অঞ্চলবাসীয়ে অঞ্চলটোৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটোৰ বিষয়ে সমষ্টিটোৰ তেতিয়াৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহু বাৰ অৱগত কৰি অনুনয় বিনুনয় কৰিছিল যদিও কোনো সুফল নাপালে বুলি স্থানীয় ৰাইজে জনাইছে।স্মৰ্তব্য যে,এক অকৰ্মন্য বিভাগত পৰিণত হোৱা নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অকৰ্মন্যতাৰ বাবেই জিলা খনৰ কঠিয়াতলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,কন্দলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,নিবুকালি বিশুদ্ধ খোৱাপানী যোগান আঁচনি,পূৱ আমৰাকান্দা বিশুদ্ধ খোৱাপানী যোগান আঁচনি,গড়াজান বিশুদ্ধ খোৱাপানী যোগান আঁচনি,বৰপেটা বিশুদ্ধ খোৱাপানী যোগান আঁচনি,গেৰুৱাটী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,মাহেৰীপাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কছাৰী গাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি,উত্তৰ ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি,উত্তৰ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি, দক্ষিণ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি,তিনিচুকীয়া বিশুদ্ধ খোৱাপানী যোগান আঁচনি,কাৱৈমাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,আউনিআটী সত্ৰ বৰবাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, বামুণী শুকাণজুৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, জামুগুৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, ভেকুলী গৰুবাট বিশুদ্ধ খোৱাপানী যোগান আঁচনি,পূৱ শালমৰা বিশুদ্ধ খোৱাপানী যোগান আঁচনি প্ৰমুখ্যে জিলা খনৰ বিভিন্ন অঞ্চলৰ শতাধিক বিশুদ্ধ পানীযোগান আঁচনি সুদীৰ্ঘ দিন ধৰি বিকল হৈ আছে।যাৰ ফলত  সংশ্লিষ্ট অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও চৰম দুৰ্ভোগ ভুগিব লগা হৈছে । সংশ্লিষ্ট অঞ্চলৰ সেই পানী যোগান আঁচনি সমূহ বিকল হৈ থকা এবছৰৰ পৰা ১০বছৰ পৰ্যন্ত হ’ল।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট সংমণ্ডল সমূহে বিকল হৈ থকা পানী যোগান আঁচনি সমূহ মেৰামতি কৰি সক্ৰিয় কৰি নোতোলাত সেই পানী যোগান আঁচনি সমূহৰ এলেকাধীণ শ শ গাঁৱৰ ৰাইজে দমকল,কঁৱা, কেঁচা কুঁৱা, পুখুৰী, সুঁতি,নদী আদিৰ দূষিত পানীকে সেৱন কৰি থাকিব লগীয়া হৈছে।এই দূষিত পানী সেৱন কৰি থকাৰ বাবে সেই অঞ্চলৰ ৰাইজে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাও পৰিলক্ষিত হৈছে।কঠিয়াতলী, কামপুৰ,কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে ফ্ল’ৰাইড যুক্ত দূষিত পানী সেৱন কৰি থকাৰ ফলত মাৰাত্মক ফ্ল’ৰচিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থাকিব লগীয়া হৈছে।  উল্লেখ্য যে,জনস্বাস্থ্য কাৰিকৰী নগাঁও চক্ৰৰ অধীণস্থ আটাই কেইটা সংমণ্ডলেই ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী যোগান আঁচনি, আঁচনিৰ তত্বাবধান আৰু মেৰামতি,খোৱাপানী বিশুদ্ধিকৰণ, বীজাণুমুক্তকৰণ,ইন্ধন,কেমিকেল আদিৰ বাবদ প্ৰতি বছৰেই কোটি কোটি টকাৰ আবন্টন লাভ কৰি আহিছে। তৎসত্বেও জিলা খনৰ বিভিন্ন প্ৰান্তত শতাধিক বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল হৈ থকাটো অতি চিন্তনীয় বিষয়। বিশুদ্ধ খোৱাপানী যোগান আঁচনি সমূহ সক্ৰিয় কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন আঁচনিৰ বিপৰীতে প্ৰতিটো বৰ্ষতে জলস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল সমূহক কোটি কোটি টকাৰ আবন্টন দি আহিছে যদিও সেই ধনৰ ওপৰত অবাধ লুন্ঠন চলাই থকাৰ পৰিপ্ৰেক্ষিততেই জিলা খনৰ গঞা ৰাইজৰ বাবে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানী দুৰ্লভ হৈ আছে। নগাঁৱৰ বিভিন্ন অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ‌ বাবে‌ হাঁহাকাৰ কৰি ফুৰিব লগীয়া হ’লেও জনস্বাস্থ্য কাৰিকৰী নগাঁও সংমণ্ডলে কেতবোৰ আঁচনিৰ লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ (এন আৰ ডি ডব্লিউ পি)অধীণত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকা আৱন্টন লাভ কৰি আহিছে আৰু সংমণ্ডলটোৱেও আবন্টিত সমূদায় ধন গ্ৰাম্যাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বিভিন্ন খোৱাপানী যোগান আঁচনিৰ কামত ব্যয় কৰি অহা বুলি বিভাগীয় নথিত উল্লেখ কৰি আহিছে। তৎসত্বেও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৰ অধীণস্থ নগাঁও জিলাৰ বহু অঞ্চলৰ হেজাৰ হেজাৰ লোকে আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰি ফুৰিব লগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বিষয়। বিশেষকৈ জিলা খনৰ ৰহা, কামপুৰ,কঠিয়াতলী, বঢ়মপুৰ, বামুণী, পুৰণিগুদাম,ৰূপহী,জুৰীয়া প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বহু গাঁৱত এতিয়াও বিশুদ্ধ খোৱাপানী ৰাইজৰ বাবে দুৰ্লভ হৈ আছে।জিলা খনৰ গঞা ৰাইজে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰি ফুৰিব লগীয়া হৈছে যদিও বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ বিপৰীতে আবন্টিত ধনৰে অভিযন্তা,সহকাৰী কাৰ্যবাহী অভিযন্তা,কণিষ্ঠ অভিযন্তা,গুদাম ৰক্ষক,ঠিকাদাৰ সকল ঠিকেই সৱল হোৱা পৰিলক্ষিত হৈছে।

Leave A Reply