Breaking

জামুগুৰিহাটৰ বিউটী পাৰ্লাৰৰ স্বত্বাধিকাৰী হৈ পৰিল বাঁহৰ খৰাহী,পাঁচি বিক্ৰেতা

0 1,528

মূখ্যমন্ত্ৰীপৰা সহায় লাভ কৰাৰ আশাবাদী৷

মহামাৰীসদৃশ কৰ’নাই যেন সলাই পেলালে বহুজনৰ জীৱণ আৰু জীৱিকা৷বহুজনৰদৰেই জামুগুৰিহাটৰ এগৰাকী মহিলা ব্যৱসায়ীৰো সলাই পেলালে জীৱন আৰু জীৱিকাৰ পথ৷কৰ’ণাৰ বাবেই ২২ বছৰকাল “বিউতি পাৰ্লাৰ”ৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰস্থলৰ মাজমজিয়াত থকা “প্ৰীতি বিউতি পাৰ্লাৰ”ৰ স্বত্বাধিকাৰী বৰভগীয়া গাঁৱৰ ববি হাজৰিকা এতিয়া হৈ পৰিল বাঁহৰ খৰাহী,পাঁচি,বিচনি,কুলা,দলা আদি সামগ্ৰী বিক্ৰেতাৰূপে৷সন্তানসহিতে পৰিয়াল পোহপালন দিবৰ বাবেই নিজকে স্বাৱলম্বী কৰিবলৈ বাছি লোৱা “বিউতি পাৰ্লাৰ”ৰ ব্যৱসায় বৰ্তমান ত্যাগ কৰি প্ৰতিষ্ঠানটিৰ সন্মুখত এতিয়া এই সামগ্ৰীসমুহ ওলমাই সলাই পেলাবলৈ বাধ্য হ’ল জীৱণ আৰু জীৱিকাৰ পথ৷মহিলা ব্যৱসায়ী ববি হাজৰিকাই দুখেৰে কয়-মহামাৰীসদৃশ কৰ’নাই আমাৰ দৰে বহু ক্ষুদ্ৰ ব্যৱসায়ীসকলকো জীৱনৰ মাদকতা শেষ কৰাৰ দৰে কৰি পেলালে৷ক’ভিডৰ আতংকত এতিয়া বিউতি পাৰ্লাৰ বন্ধ হৈ পৰিল৷গতিকে সন্তানৰ পঢ়া শুনা তথা পৰিয়ালটো পোহপাল দিবলৈ এইদৰেই স্বামীৰ সৈতে নিশা বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি চৰকাৰৰ এচঅ’পি মানি কাহিলি পুৱাইতেই আহো দুই এপদ সামগ্ৰী বিক্ৰী কৰিবৰ বাবে৷আমি এসাজ নোখোৱাকৈ থাকিব পাৰিলেও সন্তানদুটিকটো লঘোনে ৰাখিব নোৱাৰো৷বিউতি পাৰ্লাৰ খুলি নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে চেষ্টা কৰা মহিলা ব্যৱসায়ী ববী হাজৰিকাৰ পূৰ্ৱৰ বিউতি পাৰ্লাৰৰ ব্যৱসায় বন্ধ হৈ পৰাত নতুন কৰ্মত হাত দি যথেষ্ট আশাবাদী যে তেঁওৰ দৰে তীব্ৰ সংকটৰ সন্মুখীন হোৱা মহিলা ক্ষুদ্ৰ ব্যৱসায়ীসকলে অন্তত নতুন চৰকাৰৰ মূখ্যমন্ত্ৰীগৰাকীৰ পৰাও কিছু সহায়ৰ হাত লাভ কৰিব৷

Leave A Reply