Breaking

ভাস্কৰ্য শিল্পৰে নিৰলস সাধনা বাক্সাৰ প্ৰচাৰ বিমুখ শিল্পী কমল দেউৰীৰ

0 2,058

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বৃহদাকাৰৰ আবক্ষ মূৰ্তি নিৰ্মাণ

বাক্সা জিলাৰ বৰমাৰ এগৰাকী প্ৰচাৰ বিমুখ চিত্ৰশিল্পী। তেওঁ ছবি আঁকে, ভাস্কৰ্য নিৰ্মাণ কৰে। চিত্ৰকলাৰ সকলো মাধ্যমতে তেওঁৰ অবাধ দখল। তেওঁৰ নিপুণ হাতৰ পৰশত নিৰ্জীৱ কাঠ এটুকুৰাইও প্ৰাণ পাই উঠে, প্ৰতিখন ছবিয়েই তেওঁৰ তুলিকাত হৈ পৰে একোটা দুৰ্লভ শিল্প। তেওঁৰ প্ৰতিটো শিল্পতে বাংময় হৈ উঠে একোটি জীয়া কবিতা ৷ সম্পূৰ্ণ ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আদিৰে সৃষ্টি কৰি আহিছে একো একোজনকৈ বিশিষ্ট ব্যক্তিৰ আবক্ষ তথা প্ৰতিমূৰ্তি। সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি অশেষ ৰাপ থকা এই শিল্পী গৰাকীৰ নাম হৈছে কমল দেউৰী। বৰপেটা জিলাৰ বৰঘোপাত জন্মগ্ৰহণ কৰা কমল দেউৰীয়ে সম্প্ৰতি বাক্সা জিলাৰ বৰমাত থকা নিজ মোমায়েকৰ ঘৰত থাকিয়ে সৃষ্টি কৰি আহিছে এই নিৰলস সাধনা।

সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা কমলে স্কুলীয়া শিক্ষা শেষ কৰি কোকৰাঝাৰ মিউজিক আৰু ফাইন আৰ্টচ কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিচত আনুষ্ঠানিকভাৱে জড়িত হৈ পৰে শিল্পকলাৰ জগতখনৰ সৈতে। কঠোৰ শ্ৰম আৰু প্ৰচুৰ অধ্যৱসায়ৰ ফলতেই তেওঁ অৰ্জন কৰিছে চিত্ৰকলাৰ আটাইবোৰ মাধ্যমতে নিপুণতা ৷

সকলোবোৰ মাধ্যমেৰে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন ধৰণৰ শিল্প ৷ কাঠ, মাটি, চিমেণ্ট, মাৰ্বলৰ উপৰিও কমলে নিৰ্মাণ কৰি উলিয়াইছে কেবাটাও ব্ৰঞ্জৰ সৰু-বৰ ভাস্কৰ্য ৷ ইতিমধ্যে বহুতো বৰেণ্য ব্যক্তিৰ আবক্ষ তথা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী কমলে শেহতীয়াকৈ বৰমাৰ নৱ প্ৰভাত নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ অনুৰোধত আধুনিক বৰমাৰ খনিকৰ ৰত্নেশ্বৰ শৰ্মা, বি কে ভাণ্ডাৰী আৰু গোপী চৌধুৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা বুলি জানিবলৈ দিয়ে। ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আৰু হীৰা মাটিৰে নিৰ্মাণ কৰা প্ৰতিটো আবক্ষ তথা প্ৰতিমূৰ্তিৰ দাম আকাৰ অনুযায়ী ভিন্ন বুলি মন্তব্য কৰে কমলে।

ফাইবাৰ গ্লাছেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ৬০ হাজাৰ টকা আৰু ব্ৰঞ্জেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ৩ লাখ টকা নিৰ্ধাৰণ কৰা বুলি কয়। বৰ্তমান বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এক বৃহদাকাৰৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ কাম হাতত লোৱা ভাস্কৰ্য শিল্পী কমল দেউৰীয়ে ইয়াৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সুধাকন্ঠ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে এই প্ৰতিবেদকৰ আগত ।

আবক্ষ তথা প্ৰতিমূৰ্তি নিৰ্মাণৰ সমান্তৰালভাৱে তেওঁ চলাই গৈছে ৰেইনব’ আৰ্ট স্কুল নামৰ এখন চিত্ৰকলাৰ শিক্ষানুষ্ঠানো। সম্পূৰ্ণ স্বকীয়তাৰে স্থাপন কৰি কলা তথা ভাস্কৰ্য শিল্পৰ বিষয়ে বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা দি আহিছে এই শিক্ষানুষ্ঠানখনত। সম্প্ৰতি ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা বুলিও কমল দেউৰীয়ে জানিবলৈ দিয়ে।

Leave A Reply