Breaking

ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰে “কলা দিৱস“

0 816

১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷ ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যলয়ত পুৱা ১১ বজাত ৰাজ্যিক পৰ্য্যায়ত এখনি ভিডিঅ ’ কনফাৰেঞ্চৰ জৰিয়তে এই প্ৰতিবাদী “কলা দিবস “ পালন কৰা হয় ৷
ৰাজ্যিক সভাপতি ৰণজিৎ দাস ,উপ-সভাপতি সপ্ননীল বৰুৰা, সাধাৰণ সম্পাদক সাংসদ তপন গগৈ, সাংসদ পল্লবলোচন দাস , মন্ত্ৰী অশোক সিংহল আৰু দলৰ ৰাজ্যিক বিষয় ববিয়া নেতা কাৰ্য্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তীৰ্থঙ্কৰ দাস কলিতাই মুখ্য অতিথি ৰূপে বক্তব্য ৰাখে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা .ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা শ্ৰী হৰেকৃষ্ণ ভড়ালী সেই সময়ৰ কাৰাবৰণ কৰা অভিজ্ঞতা অবগত কৰে ৷

Leave A Reply