Breaking

এছবিআইৰ ধন উলিওৱাৰ নতুন নিয়ম বলৱৎ ১ জুলাইৰ পৰা

0 555

ভাৰতীয় ষ্টেট বেংক চমুকৈ এছ বি আয়ে বেছিক ছেভিংছ বেংক ডিপ’জিট (বি এছ বি অ’) একাউণ্টৰ গৰাকীৰ বাবে অহা ১ জুলাইৰ পৰা নতুন নিয়ম বলৱৎ কৰিব৷ এই একাউণ্টৰ গৰাকীয়ে ধন উলিওৱাৰ ক্ষেত্রত সংশোধিত নতুন নিয়ম অনুসৰি গ্রাহকগৰাকীয়ে মাহত চাৰিবাৰ বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব৷ বেংক একাউণ্ট থকা শাখা তথা এ টি এমৰ পৰা গ্রাহকজনে মাহত চাৰিবাৰ বিনামূলীয়াকৈ নগদ ধন উলিয়াব পাৰিব৷ ইয়াৰ পিছত পৰৱর্তী ধন একাউণ্ট থকা শাখা বা এ টি এমৰ পৰা উলিয়ালে প্রতিবাৰতে ১৫ টকাৰ লগতে জি এছ টি ভৰিব লাগিব৷ তেনেদৰে আন বেংকৰ এ টি এমৰ পৰা ধন উলিয়ালে জি এছ টি আৰু ১৫ টকা ভৰিব লাগিব৷ আনপিনে চেকবুকৰ ক্ষেত্রতো নতুন সংশোধিত নিয়ম বলৱৎ হ’ব৷ এজন গ্রাহকে এটা বিত্তীয় বর্ষত বিনামূলীয়াকৈ চেকবুকৰ ১০খন ব্যৱহাৰ কৰিব পাৰিব৷ পৰৱর্তী ১০খন ব্যৱহাৰত গ্রাহকে ৪০ টকা আৰু জি এছ টি ভৰিব লাগিব৷ পাছলৈ ২৫খন ব্যৱহাৰত গ্রাহকে ৭৫ টকা আৰু জি এছ টি ভৰিব লাগিব৷ জৰুৰীকালীন চেকবুকৰ ক্ষেত্রত ১০খন অথবা পাছলৈ ৫০ টকা আৰু জি এছ টি ভৰিব লাগিব৷

Leave A Reply