Breaking

বিজনীত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

0 1,532

চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী আৰু এছ এছ ডি ফাউন্ডেশন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে সজাগতা সমদল উলিয়াই। বিজনী থানাৰ পৰা আৰম্ভ কৰি বিজনী কাৱাটিকা হৈ সম্পূৰ্ণ বিজনী চহৰ পৰিভ্ৰমণ কৰে। সমদলত অংশগ্ৰহণ কৰে বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায় বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাৰ লগতে স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী সকলোৱে অংশগ্ৰহণ কৰে। ইফালে পাণবাৰী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত পাণবাৰী আৰক্ষীয়ে ড্ৰাগছকলৈ সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা সভাত উপস্থিত থাকে পাণবাৰী আৰক্ষী চক্ৰ বিষয়া ৰফিকুল হাছান চৌধুৰীৰ লগতে পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অক্ষয় নাৰায়ণ দেব ।

Leave A Reply