Home Blog Page 2957

জম্মু বিমানবন্দৰৰ ৫ মিনিটৰ ভিতৰত দুটাকৈ বিস্ফোৰণ

জম্মু বিমানবন্দৰৰ টেকনিকেল এরিয়াত শনিবাৰে নিশা পাঁচ মিনিটৰ ভিতৰত দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত দুজন লোক আহত হোৱা খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, জম্মু টেকনিকেল বিমানবন্দৰত যোৱানিশা হোৱা বিস্ফোৰণত ড্ৰোণ ব্যৱহাৰ কৰা হৈছে। দুয়োটা বিস্ফোৰণ বিমানবন্দৰৰ ভিতৰত হৈছে আৰু সন্দেহ কৰা হৈছে যে ড্ৰোণৰ সহায়ত আই ই ডি নিক্ষেপ কৰা হৈছে।

সূত্ৰ অনুসৰি, বিস্ফোৰক সামগ্ৰী অট্টালিকাৰ ওপৰত আহি পৰিছিল, যাৰ ফলত সমগ্ৰ বেৰেক ধ্বংস হৈ যায়। দ্বিতীয়টো বিস্ফোৰণ অট্টালিকাৰ লগতে মুকলি স্থানত সংঘটিত হয়। এই দুয়োটা বিস্ফোৰণৰ তদন্তৰ বাবে এনআইএৰ দল ঘটনাস্থলীত উপস্থিত হ’ব কিছু সময় পিছতে।

গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত সংযোজিত হ’ল অসমীয়াৰ দেহ-মনত ৰৈ-বৈ থকা ঢেঁকীশাল

অসমীয়াৰ পিছ চোতালৰ এক অবিচ্ছেদ্য অংগ আছিল ঢেঁকী শাল। বিহু আগমনৰ বতৰা দিয়া এই ঢেঁকীৰ শব্দত গুমগুমাই উঠে অসমীয়াৰ প্ৰাণ। চহা জীৱনৰ এই এৰাব নোৱাৰা সামগ্ৰীবিধ এতিয়া যেন স্মৃতিৰ গৰ্ভত বিলীন হৈ যোৱাৰ উপক্ৰম হ’ল। কেৱল বিহুৰ আগমনতেই যে ঢেঁকীৰ শব্দ শুনা যায় ,এনে নহ’য়। পূৰ্বতে অসমীয়া ঢেঁকী শালৰ পৰা তৈয়াৰী চাউলেৰে  জুহালৰ ভাতমুঠিয়ে  পুৰাইছিল পেটৰ তাড়না। বৰ্তমান চহা জীৱনৰ এই নিভাঁজ জীৱনশৈলীও নাই আৰু ঢেঁকী শালৰ সেই গুম গুমনিও নায়। এতিয়া এই সকলোবোৰ যেন স্মৃতি হৈ গ’ল আমাৰ বাবে। যদিও পুনৰ সেই নষ্টালজিক মূহুৰ্তক জীয়াই তুলিবলৈ ঢেঁকী শালৰ মাদকতা বিচাৰি গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ একক প্ৰচেষ্টাত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত গঢ় লৈ উঠিছে অসমীয়া জীৱনৰ অনন্য চানেকি ঢেঁকী শাল। নিয়োজিত কৰিছে প্ৰায় ৩০ গৰাকী মহিলা। ঢেঁকী শালৰ পৰাই স্বাৱলম্বীতাৰ সপোন দেখা এই সকল মহিলাই এতিয়া দৈনিক খুন্দিছে উখোৱা  চাউল, কোমল চাউল, সান্দহ বা পিঠাগুৰি। নিসন্দেহে বিধায়ক গৰাকীৰ এই প্ৰচেষ্টাই কেৱল যে ঢেঁকী শালৰ  হেৰুৱা মান ঘূৰাই আনিছে এনে নহ’য় বহু মহিলাই এতিয়া এই ঢেঁকী শালৰ পৰাই দেখিছে  সপোন সোণালী পথাৰৰ ৰূপালী শইচ।

আজি লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

লাডাখত সেনাৰ সৈতে মত-বিনিময় কৰিব ৰাজনাথ সিঙে ৷লাডাখত ভাৰত-চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে দুয়োখন দেশৰ বিষয়াসকলে ৷

পৌৰসভাৰ অচলাৱস্থা : ভুক্তভোগী সৰ্বসাধাৰণ ৰাইজ

বিটিসিৰ নতুন চৰকাৰ গঠন হোৱাৰ ছমাহ উকলি যোৱাৰ পিছতো বাসুগাওঁ পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনক লৈ বিটিসি চৰকাৰৰ দুই মিত্ৰজোঁটৰ অংশীদাৰী ৰাজনৈতিক দল ইউ পি পি এল আৰু বিজেপি ৰ মাজত টনা-আঁজৰা চলি থাকোতে আজি লৈকে পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ গঠন সম্ভৱপৰ হৈ উঠা নাই। ফলত স্থানীয় ৰাইজে পৌৰসভাৰ বিভিন্ন কাম-কাজৰ ক্ষেত্রত ভুগিব লগা হৈছে। কিয়োনো যোৱা ছমাহে নতুন কমিটি গঠন নোহোৱাত অস্থায়ীভাৱে এগৰাকী চৰকাৰী বিষয়াই পৌৰসভাৰ কাম-কাজ চলাই লোৱাৰ বাবে কাৰ্যবাহী বিষয়া হিচাপে যথেষ্ট ব্যস্ততাৰ মাজতে বাসুগাওঁ চহৰৰ বিভিন্ন উন্নয়ন মূলক কামৰ যোগেদি নিয়াৰিকৈ দায়িত্ব পালন কৰি আহিছে যদিও পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনৰ যোগেদি স্থায়ী সভাপতি আৰু মুঠ চাৰিটা ওৱাৰ্ডৰ সদস্যৰ অভাৱত সৰ্বসাধাৰণ ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। উল্লেখ্যযোগ্য যে চিৰাং জিলাৰ তিনিখন পৌৰসভাৰ ভিতৰত বিজনী আৰু কাজলগাওঁ পৌৰসভাৰ উন্নয়নমূলক কাম-কাজ ইতিমধ্যে ইউ পি পি এল দলৰ নেতৃত্বত গঠন হোৱা নতুন সমিতিয়ে চলাই থকাৰ বিপৰীতে কিছুদিন পূর্বে বাসুগাওঁ পৌৰসভাৰ নতুন সমিতিখনো ইউ পি পি এল দলৰ নেতৃত্বত গঠন কৰাৰ কুচ-কাৱাজ চলি আছিল যদিও বিজেপি দলৰ স্থানীয় নেতৃবৰ্গই হস্তক্ষেপ কৰাত সমিতি খন স্থগিত ৰাখিব লগীয়া হয় আৰু দুৰ্ভাগ্যবশত আজি লৈকে নতুন পৰিচালনা সমিতি খন গঠন নোহোৱাত স্থানীয় ৰাইজৰ লগতে স্থানীয় দল-সংগঠনবোৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ ওৰাং আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ সফলতা। অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ হ’ল ওৰাঙত। ওৰাং আৰক্ষীয়ে ২৫ জুনত উদ্ধাৰ কৰিলে অৰুণাচল প্ৰদেশৰ পৰা চুৰি হোৱা মটৰ বাইক। ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ওৰাং আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী অভিযানত উদ্ধাৰ হ’য় চুৰি বাইক খন। ওৰাং আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত শোণিতপুৰ অভিমুখৰ পৰা আহি থকা এখন বাইক আৰু বাইকখনৰ আৰোহী দুজনৰ ওপৰত সন্দেহ হ’য় ওৰাং আৰক্ষীৰ। বাইক আৰোহী দুজনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত হোৱাত ওৰাং আৰক্ষীয়ে লোক দুজনক জেৰা কৰে। ওৰাং আৰক্ষীৰ জেৰাত বাইক খনত অহা আৰোহী দুজনে আৰক্ষীক বাইকখনৰ সঠিক তথ্য প্ৰদান কৰিবলৈ অসমৰ্থ হ’য়। বাইকত অহা লোক দুজনৰ পৰা ওৰাং আৰক্ষীয়ে বাইক খনৰ সঠিক তথ্য নোপোৱাত বাইকখন জব্দ কৰে। লোক দুজনৰ পৰা বাইকখন জব্দ কৰি ওৰাং আৰক্ষীয়ে অনুসন্ধান কৰাত বাইকখন যোৱা ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা চুৰ হোৱা বুলি জানিব পাৰে। ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা লোক দুজনে চুৰ কৰি আনিছিল বাইকখন। বাইকখন চুৰি কৰি অনাৰ তথ্য লাভ কৰাৰ লগে লগে ওৰাং আৰক্ষীয়ে বাইকখনৰ সৈতে বাইক আৰোহী আইনুল হুক আৰু ৰাছিদুল ইছলাম নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। ওৰাং আৰক্ষীয়ে লোক দুজনৰ পৰা উদ্ধাৰ কৰা চুৰি বাইক খনৰ নম্বৰ হৈছে এ এছ ০৩ জে ৩০১৫ ।আইনুল হুক আৰু ৰাছিদুল ইছলাম নামৰ লোক দুজনে যোৱা ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা বাইক খন চুৰি কৰি ধুবুৰীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি জানিবলৈ দিছে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে। ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে আইনুল হুক আৰু ৰাছিদুল ইছলামে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ জী’ৰুত কৰ্মসূত্ৰে আছিল। দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে জী’ৰত থাকি আইনুল আৰু ৰাছিদুলে চুৰ কৰি আনে বাইকখন। ধূত আইনুল হুকৰ ঘৰ পশ্চিম বংগৰ দিনহাতা আৰু ৰাছিদুল ইছলামৰ ঘৰ ধুবুৰীৰ গুলগঞ্জৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে  ২৬জুনত ওৰাং আৰক্ষীয়ে দুয়োজন লোককে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আইনুল হুক আৰু ৰাছিদুল ইছলামক৷ ওৰাং আৰক্ষীৰ  এনে ধৰনৰ কাৰ্যক প্ৰশংসা কৰি শলাগ লৈছে ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰী সত্য সাই সংগঠনৰ পৰা ৩০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সাই সংগঠন,অসমৰ তৰফৰ পৰা  ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷
এই  অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অধীক্ষকগৰাকীয়ে ৷  তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সংগঠন,অসমৰ তৰফৰ পৰা ২৬জুনত   ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° মাধৱ ৰাজবংশী আৰু অধ্যক্ষ ডা° কৰুণা হাজৰিকাৰ হাতত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰে শ্ৰীসত্য সাই সংগঠনৰ  বিষয়াবৰ্গই ৷পোনপ্ৰথমে শ্ৰীসত্য সাই বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ঔমকাৰ ধ্বনি দিয়াৰ লগতে মঙ্গল আৰতি কৰি শ্ৰীসত্য সাই অৰগেনাইজেছনৰ বিষয়ববীয়াসকলে তেজপৰ মেডিকেল কলেজত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰে৷বৰ্তমান কভিডৰ জটিল পৰিস্থিতিৰ সময়ত উক্ত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ক’ভিড ৰোগীসকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° কৰুণা হাজৰিকা আৰু অধীক্ষক ডা° মাধৱ ৰাজবংশীয়ে ৷তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জনায় যে,তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পূৰ্বৰেপৰা অৰ্ধশতাধিক অক্সিজেন কনচেনট্ৰেটৰ মজুত আছে যদিও শ্ৰীসত্য সাই সংগঠনটোৱে  প্ৰদান উক্ত অক্সিজেন কনচেনট্ৰেটৰৰ দ্বাৰা ৰোগসকল বাৰুকৈয়ে উপকৃত হ’ব ৷ অক্সিজেন কনচেনট্ৰেটৰ বিদ্যুতৰ দ্বাৰা পৰিচালিত হয় যদিও উক্ত অক্সিজেন কনচেনট্ৰেটৰ সহজতেই এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰিব পাৰি বাবে যথেষ্ট সুফলদায়ক । উক্ত অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীয়ে ৷ শ্ৰীসত্য সাই সংগঠন,অসমে পিছলৈয়ো তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ এনেদৰে সহযোগিতা আগবঢ়াবলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধীক্ষকে বিনম্ৰতাৰে অনুৰোধ জনায়।  শ্ৰীসত্য সাই সংগঠনৰ  আহ্বায়ক ড° ধৰ্মেন্দ্ৰ শৰ্মাই সংবাদমাধ্যমত জনায় যে, ভাৰতবৰ্ষৰ শ্ৰীসত্য সাই সংগঠনটোৰ  সভাপতি নিমিষ পাণ্ডেই  অসমলৈ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৫০ টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰেৰণ কৰিছিল ইয়াৰে ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২৬জুনত প্ৰদান কৰা হয় বুলি জনায় আহ্বায়কগৰাকীয়ে ৷অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাৰ তত্ত্বাৱধানত অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় বুলি জনায় শ্ৰীসত্য সাই সংগঠনৰ বিষয়াবৰ্গই ৷উক্ত অনুষ্ঠানত শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলিৰ শ্ৰীসত্য সাই  সংগঠনটোৰ  জিলা সভাপতি বিজয় বৰা ,ওদালগুৰি আৰু দৰং জিলাৰ বিষয়ববীয়া ধৃতিমান বৰুৱা আৰু ভূপেশ কুমাৰ ডেকা,আহ্বায়ক ড° ধৰ্মেন্দ্ৰ শৰ্মা,মহিলা আহ্বায়িকা আইৰিন বৰা,ড° পিকে শৰ্মা,মায়াৰাণী বৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ফণী শৰ্মাৰ ওপৰিও কেবাগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক নব কুমাৰ ডেকা আদি সকল উপস্থিত থাকে ৷

নগাঁৱৰ দূৰ্নীতিগ্ৰস্থ কৃষি বিষয়া প্ৰবীন বৰুৱাক আটক

অৱশেষত ভুৱা কভিড-১৯ৰ আক্ৰান্ত হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰি আৰক্ষীৰ হাতত আটক হ’ল নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰবীন বৰুৱা। নগাঁও সদৰ আৰক্ষী থানাৰ এটি গোচৰৰ ভিত্তিত আজি বিয়লি কৃষি বিষয়া গৰাকীৰ নগাঁও চহৰৰ লাওখোৱা পথত থকা নিজা বাসগৃহৰ পৰা আৰক্ষীৰ দলে আটক কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে- নগাঁৱৰ মহকুমা কৃষি বিষয়া প্ৰবীন বৰুৱাই চিকিৎসকৰ এখন প্ৰমাণ পত্ৰত জালিয়াতি কৰি নিজকে কভিড আক্ৰান্ত হোৱা বুলি লিখাৰ অপৰাধতে আটক হ’ল নগাঁৱৰ কৃষি বিষয়া গৰাকী ৷ নগাঁও সদৰ আৰক্ষী থানাৰ ১৩৬১/২১ নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰিছে নগাঁৱৰ মহকুমা কৃষি বিষয়া বৰুৱাক ৷ উল্লেলযোগ্য যে, নগাঁৱত চলি থকা ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেটৰ লগত নাম সাঙুৰ খাই পৰা প্ৰবীন বৰুৱাক শেহতীয়াকৈ কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত কৃষি বিভাগৰ যুটীয়া সচিবে মৰিগাঁৱলৈ বদলি কৰে। বদলিৰ নিৰ্দেশ পোৱাৰ পাছতো চকী এৰা নিদিয়া প্ৰবীন বৰুৱাই আৰু বদলিৰ নিৰ্দেশৰ স্থগিতাদেশ জাৰি কৰাবলৈ ক’ভিড পজিটিভৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া গৰাকীয়ে ৷ কিন্তু বিষয়া গৰাকীৰ এই অপকৰ্মৰ তথ্য সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত কৃষি বিষয়া গৰাকীক প্ৰমান পত্ৰ দিয়া চিকিৎসক গৰাকীৰো বিষয়টো দৃষ্টি গোচৰ হয়। বিষয়টো সন্দৰ্ভত জানিব পৰা মতে- নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক চন্দন শৰ্মাই আন ৰোগ থকা বুলি কৃষি বিষয়াজনক দিয়া মেডিকেল চাৰ্টিফিকেটত নিজে লিখি লৈছিল ক’ভিড পজিটিভ বুলি ৷আনকি ক’ভিড পজিটিভ হোৱা বুলি দেখুৱাই নগাঁৱৰ পৰা মৰিগাঁও জিলালৈ বদলি কৰা নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ কৃষি বিভাগৰ যুটীয়া সচিবলৈ আবেদন কৰিছিল কৃষি বিষয়া গৰাকীয়ে ৷ পিছত সকলো তথ্য পোহৰলৈ অহাত নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা° চন্দন শৰ্মাই দিয়া এজাহাৰৰ ভিত্তিত সদৰ থানাত এক গোচৰ ৰুজু কৰি আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষি বিষয়া গৰাকীক । বিগত সময়খিনিত কেৱল নগাঁও জিলাতে চাকৰি জীৱনৰ প্ৰায় কুৰি বছৰ কাল কাৰ্যনিবাহ কৰি ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল প্ৰবীন বৰুৱাৰ বিৰুদ্ধে। আনকি গুৰু-গোঁসাই নমনা এই বিষয়া গৰাকীয়ে ৰাসায়নিক সাৰৰ কেলেংকাৰী কৰাৰ উপৰিও জনৈক খাউণ্ড উপাধিৰ জিলা কৃষি বিষয়া গৰাকীৰ লগলাগি বিভাগীয় নীতি নিয়ম উলংঘা কৰি বহু সংখ্যক ৰাসায়নিক সাৰৰ বিক্ৰী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা, টেক্টৰ প্ৰদানকে আদি কৰি বিভিন্ন অনিয়ম আৰু দূৰ্নীতিৰে লুটুৰিপুতুৰি হৈ পৰিছিল।

গৰৈমাৰীত ৰাইজে খেদি খেদি আটক কৰিলে তিনি ড্ৰাগছ সৰবৰাহকাৰীক

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অসম অৰক্ষী নহয় ৷ গৰৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল সচেতন ৰাইজ ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানহাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷খবৰ অনুসৰি কানহাৰা গাঁৱত দীৰ্ঘদিনৰে পৰা একাংশ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে টিঘিলঘিলাই আছিল ৷ ড্ৰাগছ সেৱানকাৰীৰ উদ্ভণ্ডালীত কানহাৰা গাঁৱৰ ৰাইজ অতিষ্ট হৈ আজি স্থানীয় ৰাইজে আৰক্ষী অবিহনেই আৰম্ভ কৰে অভিযান ৷ ৰাইজৰ অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে এজন ড্ৰাগছ আসক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহী যুৱক দুজন হৈছে ছয়গাঁৱৰ জাহিপুৰ গাঁৱৰ ইজাজ উদ্দিন আলী আৰু ছাইদুৰ আলী ৷ আনহাতে ড্ৰাগছ সেৱনকাৰী নওছাদ আলীক আটক কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ ব্যৱসায়ী যুৱক দুজনৰ পৰা তিনিটাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰা হৈছে ৷ স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ী যুৱক তিনিজনক ৰচিৰে গছত বান্ধি ৰাখি স্থানীয় গৰৈমাৰী আৰক্ষীক খৱৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক তিনিজনক ৰাইজৰ পৰা চমজি লয় ৷  ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷৷

চেয়াৰপাৰ্চনক ৰাজহুৱাকৈ হত্যাৰ ভাবুকি বলীউদৰ অভিনেত্ৰীৰ! গ্ৰেপ্তাৰ হ’ল পায়েল

পায়েল ৰোহাতগি! বলীউদৰ অভিনেত্ৰী তথা মডেল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পায়েলক বহুবাৰ সুশান্তৰ হৈ ছচিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে,সুশান্তক হত্যা কৰা হৈছে।  বলীউদৰো বহুতকে কৰিছিল দোষাৰোপ।  কিন্তু এতিয়া অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।

 নিজৰ বাসগৃহৰ বয়সীয়াল চেয়াৰ পাৰ্ছনক হত্যা কৰাৰ  ভাবুকি দিছে অভিনেত্ৰীগৰাকীয়ে। সকলোৰে সন্মুখত দিছিল প্ৰাণে মৰাৰ ভাবুকি।

নিজৰ বাসগৃহৰ বয়সীয়াল চেয়াৰ পাৰ্ছনক হত্যা কৰাৰ  ভাবুকি দিছে অভিনেত্ৰীগৰাকীয়ে। সকলোৰে সন্মুখত দিছিল প্ৰাণে মৰাৰ ভাবুকি।

আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি

আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি আজি ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

সেয়া হৈছে- ই-মেইল: assambudgetsuggestions@gmail.com ,হোৱাটছ এপ নম্বৰ: ৭৬৩৬৮৭৯০১৯
এই ব্যৱস্থাৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকেই আগন্তুক বাজেটত অন্তৰ্ভুক্ত হ’বলগীয়া উন্নয়নমূলক বিষয়সমূহৰ বিষয়ে অহা ৩ জুলাই পৰ্যন্ত আমাক অৱগত কৰিব পাৰিব বুলি ছোচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।। ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ বুদ্ধিজীৱি সমাজ, ব্যৱসায়িক সমাজকে আদি কৰি ৰাজ্যখনৰ বহু আগশাৰীৰ লোকৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰাত কিছু প্ৰতিবন্ধকতা থকাৰ বাবেই বিত্ত বিভাগৰ ফালৰপৰা এই ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা হৈছে বুলি ফেচবুক পোষ্টত উল্লেখ কৰা হৈছে।আগন্তুক বাজেটত ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনির্ভৰশীল কৰাৰ ক্ষেত্ৰত উদগনি মূলক পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰা হৈছে।।