Breaking

পৌৰসভাৰ অচলাৱস্থা : ভুক্তভোগী সৰ্বসাধাৰণ ৰাইজ

0 2,052

বিটিসিৰ নতুন চৰকাৰ গঠন হোৱাৰ ছমাহ উকলি যোৱাৰ পিছতো বাসুগাওঁ পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনক লৈ বিটিসি চৰকাৰৰ দুই মিত্ৰজোঁটৰ অংশীদাৰী ৰাজনৈতিক দল ইউ পি পি এল আৰু বিজেপি ৰ মাজত টনা-আঁজৰা চলি থাকোতে আজি লৈকে পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ গঠন সম্ভৱপৰ হৈ উঠা নাই। ফলত স্থানীয় ৰাইজে পৌৰসভাৰ বিভিন্ন কাম-কাজৰ ক্ষেত্রত ভুগিব লগা হৈছে। কিয়োনো যোৱা ছমাহে নতুন কমিটি গঠন নোহোৱাত অস্থায়ীভাৱে এগৰাকী চৰকাৰী বিষয়াই পৌৰসভাৰ কাম-কাজ চলাই লোৱাৰ বাবে কাৰ্যবাহী বিষয়া হিচাপে যথেষ্ট ব্যস্ততাৰ মাজতে বাসুগাওঁ চহৰৰ বিভিন্ন উন্নয়ন মূলক কামৰ যোগেদি নিয়াৰিকৈ দায়িত্ব পালন কৰি আহিছে যদিও পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনৰ যোগেদি স্থায়ী সভাপতি আৰু মুঠ চাৰিটা ওৱাৰ্ডৰ সদস্যৰ অভাৱত সৰ্বসাধাৰণ ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। উল্লেখ্যযোগ্য যে চিৰাং জিলাৰ তিনিখন পৌৰসভাৰ ভিতৰত বিজনী আৰু কাজলগাওঁ পৌৰসভাৰ উন্নয়নমূলক কাম-কাজ ইতিমধ্যে ইউ পি পি এল দলৰ নেতৃত্বত গঠন হোৱা নতুন সমিতিয়ে চলাই থকাৰ বিপৰীতে কিছুদিন পূর্বে বাসুগাওঁ পৌৰসভাৰ নতুন সমিতিখনো ইউ পি পি এল দলৰ নেতৃত্বত গঠন কৰাৰ কুচ-কাৱাজ চলি আছিল যদিও বিজেপি দলৰ স্থানীয় নেতৃবৰ্গই হস্তক্ষেপ কৰাত সমিতি খন স্থগিত ৰাখিব লগীয়া হয় আৰু দুৰ্ভাগ্যবশত আজি লৈকে নতুন পৰিচালনা সমিতি খন গঠন নোহোৱাত স্থানীয় ৰাইজৰ লগতে স্থানীয় দল-সংগঠনবোৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Leave A Reply