অসম-অৰুনাচল প্ৰদেশৰ সীমাৰ পৰা কিছু দূৰৰ ধেমাজি জিলাৰ বাণিজ্যিক নগৰ চিলাপথাৰত নিৰ্মাণ হৈ আছে অসমৰ ভিতৰতে বৃহৎ বৌদ্ধ মন্দিৰ৷ তিনি মহলাযুক্ত মন্দিৰটোৰ উচ্চতা হ’ব ১২০ ফুট৷ চিলাপথাৰ নগৰৰ সমীপৱৰ্তী মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী গাঁৱত নিৰ্মাণৰত এই সু-উচ্চ বৌদ্ধ মন্দিৰটোৰ ভূমিৰ পৰিসীমা হৈছে চাৰিশ বিঘা৷ এই মন্দিৰৰ চৌহদত থাকিব চিকিৎসালয়ৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়৷ ২০১৪ চনৰপৰা এই মন্দিৰটোৰ নিৰ্মাণকাৰ্য চলি আছে৷ চলিত বছৰতে শেষৰফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ পৰিস্থিতিৰ বাবে ২০২৩ চনতহে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে৷ উল্লেখ্য যে, ইতিমধ্যে সত্তৰ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বৌদ্ধ মন্দিৰটোলৈ মাজে মাজে দৰ্শনাৰ্থী আহিবলৈ আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়ত বৌদ্ধ মন্দিৰটোক কেন্দ্ৰ কৰি অঞ্চলটো পৰ্য্যটনক্ষেত্ৰত পৰিৱৰ্তন হ’ব বুলি আশা কৰিছে চিলাপথাৰৰ স্থানীয় ৰাইজে৷ নিঃসন্দেহে মালিনী থানৰ পাছতে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক কেন্দ্ৰবিন্দু হৈ পৰিব এই মন্দিৰটো৷
গীতৰ তালে তালে তবলা বাদন বিধায়ক ৰূপক শৰ্মাৰ। ডেৰ শতাধিক শিল্পী,কলাকুশলীক সাহায্য প্ৰদান।
ক’ৰোনাৰ বাবে ৰাজ্যত জনসাধাৰণৰ পানীত হাঁহ নচৰ অৱস্থা হৈছে। সাধাৰণ জনসাধাৰণ, খাটি খোৱা লোকৰ লগতে একাংশ শিল্পী, কলা কুশলীৰ জীৱনলৈ নামি আহিছে ঘোৰ আমানিশা। দেওবাৰে নগাঁৱত সাংস্কৃতিক গোষ্ঠী সৃষ্টিৰ উদ্যোগত শিল্পী, কলা কৌশলীৰ লগত জড়িত থকা প্ৰায় ডেৰ শতাধিক লোকৰ মাজত প্রয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ে। শিল্পী, কলা কুশলী সকলৰ পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবে সৃষ্টিৰ এই পদক্ষেপক শলাগ ললে বিধায়ক শৰ্মায়ে। খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰে। গীতৰ তালে তালে বিধায়ক ৰূপক শৰ্মায়ে ৩০ বছৰৰ অন্তত তবলা বাদন কৰে।
কোভিড প্ৰট’কল পালন কৰি সাজু কৰি তোলা হৈছে নতুন অসমীয়া চিনেমা ‘দেউতা’
ক’ৰোনা কালে অসমৰ সাংস্কৃতিক জগতখনলৈ কাল অমানিশা নমাই আনিলেও তাক অতিক্ৰম কৰি বিশেষকৈ অসমৰ ছবি উদ্যোগটোক পুনৰোজ্জীৱিত কৰি ৰাখিবলৈ আৰু ছবি নির্মাণৰ ধাৰাটো অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈছে গৌৰী ফিল্মছ। ইতিমধ্যে প্ৰযোজনাগোষ্ঠীটোৰ বেনাৰত নির্মিত প্রস্তুতি পৰাশৰ অভিনীত এখন বিগ বাজেটৰ ছবি ‘গংগাৰ পােষ্ট-প্রডাকচনৰ কাম পূর্ণগতিত চলি আছে।
গৌৰী ফিল্মছৰ বেনাৰতে এইবাৰ নিৰ্মাণ হৈ উঠিছে এখন কলাত্মক ধাৰাৰ ছবি ‘দেউতা’। অভিজিত ভট্টাচার্যৰ কাহিনী-চিত্রনাট্য আৰু সংলাপেৰে মনােজ বৈশ্যৰ পৰিচালনাত নির্মিত ছবি ‘দেউতা’ প্রযােজনা কৰিছে গৌৰী ফিল্মছৰ হৈ বাচ্চু ৰয়ে। এদিন হঠাতে সন্ধানহীন হৈ পৰা দেউতাকক বিচাৰি এটি কণমানি শিশুৰ অন্তহীন যাত্ৰাৰ এক স্পর্শকাতৰ বিষয়ক লৈ নিৰ্মাণ কৰা ছবিখনৰ মাজেদি বহু সামাজিক বিষয়বস্তুকো স্পর্শ কৰা হৈছে।
কোভিড বিধিৰ সকলাে বাধা-নিষেধ মানি চলি দৃশ্যগ্রহণ সমাপন কৰা ‘দেউতা’ৰ সম্পাদনাও সম্পূর্ণ হৈ উঠিছে। কণমানি শিশু শিল্পী সৃষ্টি ৰয়ৰ অনবদ্য অভিনয় এই ছবিখনৰ অন্যতম আকর্ষণ হ’ব। সৃষ্টিৰ উপৰি ‘দেউতা’ত সঞ্জীৱ শৰ্মা, অঞ্জনজ্যোতি বেজ, প্রকাশ মেধি, দ্বিবন কুমাৰ বৈশ্য, ৰঞ্জন দাস, মাইনু গগৈ, অর্চনা দাস, কৃষ্ণাশ্রী ডেকা আদি ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে। ‘দেউতা’ত থাকিব লগা দুটি গীতৰ কথা অভিজিত ভট্টাচাৰ্যৰ আৰু সুৰ অহিৰ ভৈৰৱৰ। ছবিখনৰ শীর্ষ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী জুবিন গার্গে। আগষ্টত চেন্সৰ কৰি ছেপ্টেম্বৰতেই ছবিখনি দৰ্শকৰ কাষলৈ লৈ যােৱা হ’ব বুলি বাচ্চু ৰয়ে জনাইছে।
ধৰ্মপুৰ সমষ্টিৰ পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন নলবাৰী জিলা ছাত্ৰ সন্থাৰ
পশ্চিম নলবাৰী অঞ্চলৰ ধৰ্মপুৰ সমষ্টিৰ সমাগত বাৰিষাৰ বাবে নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে । কিয়নো সমষ্টিটোৰ ২১নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত উত্তৰ আমনি পূৰ্ণি পামৰ বুঢ়াদিয়াৰ ভগ্ন মথাউৰি মেৰামতি তথা পুনৰ নিৰ্মানৰ কাম আজিও সম্পূৰ্ণ নহোৱাত বৰষুন আহিলেই বানৰ আশংকাত বিনন্দ্ৰৰজনী কটাবলগীয়া হৈছে ইয়াৰ স্হানীয় ৰাইজে। উল্লেখ্য যে উক্ত মথাউৰিটো ২০২০ চনৰ বানত চিঙি যোৱাৰ ফলত ধৰ্মপুৰ সমষ্টিৰ ৩৫ নং আৰু ৩৬ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় বাৰখন গাঁও প্লাৱিত কৰি হাজাৰ-হাজাৰ কৃষক, শ্ৰমিক পৰিয়ালে হেৰুৱাইছিল নিজৰ সা সম্পত্তি । তদুপৰি, উপাৰ্জনৰ একমাত্ৰ খেতি খিনিও হেৰাই আলাই-আথানি নোহোৱা হৈছিল নৈপৰীয়া ৰাইজৰ ৷ উল্লেখ্য যে যোৱা বছৰে বুঢ়াদিয়াৰ বানে চিঙা পুৰ্ণি পামৰ মথাউৰি ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিদৰ্শন কৰি গ্ৰামোন্নয়ন বিভাগৰ পৰা ৩৫ লাখ টকাৰ অনুদানৰে এমজিএনৰেগাৰ জৰিয়তে ২১নং ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ সভাপতিক উক্ত ভগ্ন মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল । মন্ত্ৰী পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে সভাপতিগৰাকীয়ে যোৱা বছৰে কাম আৰম্ভ কৰে যদিও আজিলৈকে মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল । কালি জিলা ছাত্র সন্থাৰ এটা সজাতি দলে পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মানৰ কাম পৰিদৰ্শন কৰে আৰু এক সপ্তাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰি আনাগত দিনত বানপানীৰ পৰা মুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে অতিশীঘ্ৰে গ্ৰামোন্নয়ন বিভাগৰ তদাৰকত থকা ভগ্ন মথাউৰি সমুহ জলসম্পদ বিভাগৰ আওতালৈ নিয়াৰ বাবে দাবী জনায় । ছাত্র সন্থাৰ সজাতি দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষম ডেকা, সহকাৰী সম্পাদক নিৰুজুদ্দিন আহমেদ, গৌতম বেজবৰুৱা শিক্ষা সম্পাদক চন্দন বেজবৰুৱা, কাৰ্যনিৰ্বাহক প্ৰাঞ্জল বৰ্মন লগতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল উপস্থিত থাকে ।
বাঘবৰৰ সুখোৱাঝাৰত কেঁকো সাপ উদ্ধাৰ, গ্ৰেপ্তাৰ এজন
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাঝাৰত আৰক্ষীয়ে এডাল দুস্প্ৰাপ্য কেকোঁসাপ উদ্ধাৰ কৰাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আলোপতিচৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ৩/৪ দিন খাপ পিটি থকাৰ অন্তত শনিবাৰৰ নিশা ১১-৩০ মান বজাত সুখোৱাঝাৰ নিবাসী মুনজিল বেপাৰীৰ পুত্ৰ জুল হ’ক (২৮) ৰ শোৱা কোঠালিৰ পৰা কেকঁডাল উদ্ধাৰ কৰাৰ উপৰি জুল হককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দুস্প্ৰাপ্য প্ৰজাতিৰ মুল্যবান সৰীসৃপ ডাল উদ্ধাৰৰ বাতৰিয়ে অঞ্চলজুৰি বিয়পাইছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে কেকোঁডাল বৰপেটা জিলা বন বিভাগক হস্তান্তৰ কৰিবলৈ যাৱতীয় যো-জা কৰিছে বুলি জানিব পৰা গৈছে।
দীঘলী পুখুৰীত শতাধিক মাছৰ মৃত্যু
গুৱাহাটীৰ দীঘলী পুখুৰীত মৰিছে শতাধিক মাছ। দীঘলী পুখুৰী কৰতৃপক্ষই জানিবলৈ দিয়া মতে অক্সিজেনৰ অভাৱত মৃত্যু হৈছে সহস্ৰাধিক মাছৰ। আৰু জনায় যে সূৰ্য্য উদয় নহওঁতেই পানীত উপঙি উঠিছে মৃত মাছবোৰ।
নগাঁৱত ৩,২৯,৭০৪ লাখ যান-বাহন৷বৰ্তমান পথত ১,১৪,০০৩ খন যানবাহনৰ চলাচলে তীব্ৰ সমস্যাত পেলাইছে নগাঁওবাসীক
নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও যান-বাহন আৰক্ষী
সমগ্ৰ নগাঁও জিলাৰ ওপৰি নগাঁও চহৰত ক্ৰমৰ্ব্ধমান গতিত বৃদ্ধি পাই অহা যান-যটঁৰ সমস্যাই দীৰ্ঘদিনৰ পৰা সৰ্বসাধাৰণ নাগৰিকৰ যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ নগাঁও যান-বাহন শাখাৰ আৰক্ষীৰ অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিয়েই একাংশ যান-বাহনৰ গৰাকীয়ে নগাঁও চহৰখনৰ য’তে-ত’তে, যধেমধে নিজ খেয়ালখুচি মতে যান-বাহন সমূহ ৰখোৱাৰ ফলতেই চহৰখনত দিনক দিনে এইদৰে এক অভাৱনীয় যান-যঁটৰ সৃষ্টি হৈ আহিছে বুলি সচেতন মহলে দাবী কৰি আহিছে ৷ নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ৰ উচ্চস্তৰীয় সূত্ৰৰ এক তথ্যৰ পৰা জানিব পৰা মতে, বৰ্তমান নগাঁৱৰ পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যান-বাহনৰ সংখ্যা প্ৰায় ৩,২৯,৭০৪ খন ৷ গড় হিচাপত প্ৰতি মাহে নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত হোবা যান-বাহনৰ সংখ্যা প্ৰায় ২,২০০ হেজাৰৰো অধিক ৷ নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত বিগত আৰু চলিত বিত্তীয় বৰ্ষত পঞ্জীয়নভুক্ত যান-বাহন সমূহৰ নাম সহ তাৰ পৰিমান উল্লেখ কৰা হল ৷ জিলা খনত বৰ্তমানলৈকে পঞ্জীয়নভুক্ত ট্ৰাকৰ সংখ্যা হৈছে ৬,০৩৪ খন (মিডিয়াম/হেভী) ৷ ডাম্পাৰ ১,০৭৫ খন ৷ ইয়াৰ বিপৰীতে এল.চি.ভি গুড’চ ১৩,৩২১ খন (চাৰি চকীয়া) ৷এল.চি.ভি গুড’চ ২১৩৫ খন (তিনি চকীয়া)৷ আনহাতে,বাছ ৯৪৮ খন,ইয়াৰ ভিতৰত ষ্টেজ কেৰিয়েজ বাছ ৭৮ খন,কনটেক্ট কেৰিয়েজ বাছ ৭০০ খন,উমনি বাছ ৭৯ খন,স্কুল বাছ ৯১খন ৷ আনহাতে, এ এ টি টি টেক্সি ৮০ খন,লোকেল ট্ৰেক্সি ২৯৮৩ খন, মটৰ কেৱ্ ৫৮০ খন,মেক্সি কেৱ্ ৪৬ খন,টেম্পো/অটৰিক্সা ১২,৩০০ খন,ই-ৰিস্কা ৩৩৭,স্কুটাৰ ৩৯,০৮২ খন,ম’পেড ১০৬ খন,মটৰ চাইকেল/স্কুটাৰ ১,৯৩,৯১৪ খন,ব্যক্তিগত চাৰিচকীয়া বাহন ৪৩,৯৪৩ খন,জি’প ৭০০ খনষ্টেচন ওগেন ১০ খন,ট্ৰেইলাৰ ৭১৬ খন,টেক্টৰ ৮৩৬৮ খন,ক্ৰেণ ২৯ খন,চৰকাৰী বাহন ৪৯৬ খন(নগাঁৱৰ চৰকাৰী বিভাগ সমূহৰ)এম্বুলেন্স ৯১ খন,অন্যান্য এক্সেভেটৰ ১৬২৫ খন (সৰু-ডাঙৰ মিলি) ৷ এইসকলো মিলি মুঠ পঞ্জীয়নভুক্ত যানবাহনৰ সংখ্যা ৩,২৯,৭০৪ খন ৷ বিগত ২০২০-২১ বিত্তীয় বৰ্ষত নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যানবাহনৰ সংখ্যা ২৬,৪৭৬ খন ৷ ইয়াৰ বিপৰীতে বৰ্তমান ২০২০-২১ বিত্তীয় বৰ্ষৰ বৰ্তমান পথত চলাচল কৰি থকা যানবাহনৰ সংখ্যা হৈছে ১,১৪,০০৩ খন ৷ সাম্প্ৰতিক সময়ত চহৰখনত বিশেষকৈ ঢাকাইপট্টি অঞ্চলৰ ৰামলাল দুৰ্গাদত্ত কাপোৰৰ বিপনীৰ পৰা আৰম্ভ কৰি বহাগী হোটেলৰ চ’কলৈকে চহৰখনৰ মূখ্য ব্যৱসায়ীক অঞ্চলটোৰ একমাত্ৰ পথটোৰ মাজলৈকে দীৰ্ঘসময় ধৰি নিজৰ ব্যক্তিগত যান-বাহন একাংশ সভ্য-গব্য ভদ্ৰলোকে ৰখাই থোবাৰ বাবেই এই পথটোত সৰ্ব্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগাত পৰিছে ৷তদুপৰি নগাঁও মহাবিদ্যালয় পেট্ৰল পাম্পৰ ওচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নতুন বজাৰলৈকে এই অংশতো পথৰ অধিকাংশতে যান-বাহন ৰখাই থোবাৰ ফলত এই পথটোৰে যাবলগীয়া দুৰনীবতিয়া যানবাহন সমূহও জীয়াতু ভুগিব লগাত পৰে বহু সময় ৷ ইফালে,নতুন বজাৰৰ পৰা মুকুট শৰ্মা চাৰিআলি হৈ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দলংৰ ফালে যোবা পথটোতো একাংশ অবিবেচক কাণ্ডজ্ঞানহীন লোকে উশৃঙ্খলভাৱে যান বাহন পাৰ্কিং কৰাৰ ফলত ব্যাপক যান যটঁৰ সৃষ্টি হৈ আহিছে ৷ ঠিক সেইদৰে হয়ৱৰগাঁও থানাৰ পৰা ধিং গেট পৰ্যন্ত,মৰিগাঁও বাছ আস্থান, কৃষ্ণা হল চাৰিআলিৰ পৰা জয়শ্ৰী চিনেমা হল চাৰিআলিলৈ যোৱা অতি ব্যস্ত পথছোৱাতো পুৱা ন-দহ বজাৰ পৰা নিশা পৰ্যন্ত নানা তৰহৰ যানবাহন ৰখোবাৰ ফলত সাধাৰণ নাগৰিক সকল খোজকাঢ়ি যোবাতো বহুখিনি অসুবিধাৰ সন্মুক্ষীন হৈ আহিছে ৷ তদুপৰি নগাঁৱত বৰ্তমান অধিক হাৰত অবৈধ ৰিস্কা আৰু ই-ৰিস্কাৰ চলাচলে তীব্ৰ যানযঁটৰ সৃষ্টি কৰি আহিছে ৷ স্থানীয় নাগৰিক আৰু সচেতন মহলে চহৰখনৰ যানবাহন আৰক্ষী,জিলা প্ৰশাসনৰ উৰ্ধ্বতন কতৃপক্ষ,পৌৰ সভাৰ কাৰ্য্যবাহী অভিযন্তাক বহুবাৰ অৱগত কৰিছিল যদিও কোনো ৰহস্যজনক কাৰণত আজিকোপতি সংস্লিষ্ট বিভাগৰ বৰমুৰীয়াই বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এতিয়া সময়েহে কব কুম্ভকৰ্ণৰ নিদ্ৰাত থকা এই বিভাগ সমূহৰ বৰমুৰীয়াই নগাঁৱত কেনেদৰে কি পৰিকল্পনাৰে যানযঁটৰ সমস্যা নিয়ন্ত্ৰণ কৰে ৷
নগৰবেৰাৰ বিদ্যানগৰৰ বাঁহ শিল্প সকলৰ জীৱনলৈ নামিছে মহাসংকট, চৰকাৰলৈ সাহাৰ্য্য প্ৰদানৰ দাবী
কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিদ্যানগৰ গাওঁৰ এটা চুবুৰীৰ শতাধিক বাঁহ শিল্পৰ লগত জড়িত পৰিয়াললৈ নামিছে মহাসংকট। কভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰি দিয়াৰ ফলত বাঁহ শিল্প সকলৰ জীৱন-জীৱিকা স্তব্ধ হৈ পৰিছে। নিতৌ প্ৰখৰ ৰ’দৰ বাবে বাঁহ গছৰ তলত বহি সিহঁতৰ যাদুকৰী দুহাতেৰে ডুলি, ঢাৰি আদি বাঁহেৰ বিভিন্ন সামগ্ৰী সাজি সেইবোৰ বজাৰ সমুহত বিক্ৰী কৰি যি ধন পায় তাৰেই পৰিয়াল পোহপাল দিয়ে। গাওঁখনৰ প্ৰায়সংখ্যক পৰিয়ালে বাঁহেৰ ঢাৰি-ডুলি আদি সাজে যদিও দুৰ্যোগকালীন অস্থিৰতাৰ বাবে বিক্ৰী সমূলি বন্ধ হোৱাত বিপাঙত পৰিছে দুখীয়া পৰিয়ালবোৰে। বেচিবলৈ বজাৰ নাই, কিনিবলৈও আগৰ দৰে গাঁৱত নোসোমায় বেপাৰী, ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে দুখীয়া বাঁহ শিল্প সকলৰ। বিক্ৰী কৰিব নোৱাৰাৰ ফলত দমে দমে জমা হৈছে ঢাৰি, ডুলি আদি সামগ্ৰী সমূহ। যাৰ ফলত আজি তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ক্ৰয় কৰাত অসমৰ্থ হৈ পৰিছে। সম্প্ৰতি মিনি লকডাউনৰ ফলত হাহাকাৰ লাগিছে গাওঁখনৰ দুখীয়া পৰিয়াল সমুহৰ। প্ৰায় তিনি চাৰিমাহ ধৰি বিদ্যানগৰৰ বাঁহ শিল্প সকলে অইন সাহাৰ্য্য দূৰৰে কথা খাদ্য সুৰক্ষাৰ চাউল খিনিও পোৱা নাই। সেয়ে উপায়বিহীন হৈ নতুন চৰকাৰ খনলৈ গাওঁখনৰ দুখীয়া পৰিয়াল সমুহে আৰ্থিক সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান জনাইছে।
সজাগতাৰ অপূৰ্ব নিদৰ্শন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাৰ
সজাগতাৰ অপূৰ্ব নিদৰ্শন দেখুৱাই গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাই নিজৰ সাঁচতীয়া মুদ্ৰাৰ খোলোংটি আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে৷ ক’ভিড মহামাৰীৰ জটিল পৰিস্থিতিত অসম চৰকাৰলৈ আগবঢ়োৱা এই আন্তৰিক অনুদানৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনোৱাৰ লগতে ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷

জম্মু বিমানবন্দৰৰ ৫ মিনিটৰ ভিতৰত দুটাকৈ বিস্ফোৰণ
জম্মু বিমানবন্দৰৰ টেকনিকেল এরিয়াত শনিবাৰে নিশা পাঁচ মিনিটৰ ভিতৰত দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত দুজন লোক আহত হোৱা খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, জম্মু টেকনিকেল বিমানবন্দৰত যোৱানিশা হোৱা বিস্ফোৰণত ড্ৰোণ ব্যৱহাৰ কৰা হৈছে। দুয়োটা বিস্ফোৰণ বিমানবন্দৰৰ ভিতৰত হৈছে আৰু সন্দেহ কৰা হৈছে যে ড্ৰোণৰ সহায়ত আই ই ডি নিক্ষেপ কৰা হৈছে।
সূত্ৰ অনুসৰি, বিস্ফোৰক সামগ্ৰী অট্টালিকাৰ ওপৰত আহি পৰিছিল, যাৰ ফলত সমগ্ৰ বেৰেক ধ্বংস হৈ যায়। দ্বিতীয়টো বিস্ফোৰণ অট্টালিকাৰ লগতে মুকলি স্থানত সংঘটিত হয়। এই দুয়োটা বিস্ফোৰণৰ তদন্তৰ বাবে এনআইএৰ দল ঘটনাস্থলীত উপস্থিত হ’ব কিছু সময় পিছতে।











