Breaking

ধৰ্মপুৰ সমষ্টিৰ পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

0 1,566

পশ্চিম নলবাৰী অঞ্চলৰ   ধৰ্মপুৰ সমষ্টিৰ  সমাগত বাৰিষাৰ বাবে  নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে । কিয়নো  সমষ্টিটোৰ ২১নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত উত্তৰ আমনি পূৰ্ণি পামৰ বুঢ়াদিয়াৰ ভগ্ন মথাউৰি মেৰামতি তথা পুনৰ নিৰ্মানৰ কাম আজিও সম্পূৰ্ণ নহোৱাত বৰষুন আহিলেই বানৰ আশংকাত বিনন্দ্ৰৰজনী কটাবলগীয়া হৈছে ইয়াৰ স্হানীয়  ৰাইজে। উল্লেখ্য যে উক্ত মথাউৰিটো ২০২০ চনৰ বানত চিঙি যোৱাৰ ফলত ধৰ্মপুৰ সমষ্টিৰ ৩৫ নং আৰু ৩৬ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় বাৰখন গাঁও প্লাৱিত কৰি হাজাৰ-হাজাৰ কৃষক, শ্ৰমিক পৰিয়ালে হেৰুৱাইছিল নিজৰ সা সম্পত্তি । তদুপৰি, উপাৰ্জনৰ একমাত্ৰ খেতি খিনিও হেৰাই আলাই-আথানি নোহোৱা হৈছিল নৈপৰীয়া ৰাইজৰ ৷  উল্লেখ্য যে যোৱা বছৰে বুঢ়াদিয়াৰ বানে চিঙা  পুৰ্ণি পামৰ মথাউৰি ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিদৰ্শন কৰি গ্ৰামোন্নয়ন বিভাগৰ পৰা ৩৫ লাখ টকাৰ অনুদানৰে এমজিএনৰেগাৰ জৰিয়তে ২১নং ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ সভাপতিক উক্ত ভগ্ন মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল । মন্ত্ৰী পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে  সভাপতিগৰাকীয়ে যোৱা বছৰে কাম আৰম্ভ কৰে যদিও আজিলৈকে মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল । কালি জিলা   ছাত্র সন্থাৰ এটা সজাতি দলে  পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মানৰ কাম পৰিদৰ্শন কৰে আৰু এক সপ্তাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰি আনাগত দিনত বানপানীৰ পৰা মুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে অতিশীঘ্ৰে গ্ৰামোন্নয়ন বিভাগৰ তদাৰকত থকা ভগ্ন মথাউৰি সমুহ জলসম্পদ বিভাগৰ আওতালৈ নিয়াৰ বাবে দাবী জনায় । ছাত্র সন্থাৰ সজাতি দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষম ডেকা, সহকাৰী সম্পাদক নিৰুজুদ্দিন আহমেদ, গৌতম বেজবৰুৱা শিক্ষা সম্পাদক চন্দন বেজবৰুৱা, কাৰ্যনিৰ্বাহক প্ৰাঞ্জল বৰ্মন লগতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল উপস্থিত থাকে । 

Leave A Reply