Breaking

নগৰবেৰাৰ বিদ্যানগৰৰ বাঁহ শিল্প সকলৰ জীৱনলৈ নামিছে মহাসংকট, চৰকাৰলৈ সাহাৰ্য্য প্ৰদানৰ দাবী

0 1,573

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিদ্যানগৰ গাওঁৰ এটা চুবুৰীৰ শতাধিক বাঁহ শিল্পৰ লগত জড়িত পৰিয়াললৈ নামিছে মহাসংকট। কভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰি দিয়াৰ ফলত বাঁহ শিল্প সকলৰ জীৱন-জীৱিকা স্তব্ধ হৈ পৰিছে। নিতৌ প্ৰখৰ ৰ’দৰ বাবে বাঁহ গছৰ তলত বহি সিহঁতৰ যাদুকৰী দুহাতেৰে ডুলি, ঢাৰি আদি বাঁহেৰ বিভিন্ন সামগ্ৰী সাজি সেইবোৰ বজাৰ সমুহত বিক্ৰী কৰি যি ধন পায় তাৰেই পৰিয়াল পোহপাল দিয়ে। গাওঁখনৰ প্ৰায়সংখ্যক পৰিয়ালে বাঁহেৰ ঢাৰি-ডুলি আদি সাজে যদিও দুৰ্যোগকালীন অস্থিৰতাৰ বাবে বিক্ৰী সমূলি বন্ধ হোৱাত বিপাঙত পৰিছে দুখীয়া পৰিয়ালবোৰে। বেচিবলৈ বজাৰ নাই, কিনিবলৈও আগৰ দৰে গাঁৱত নোসোমায় বেপাৰী, ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে দুখীয়া বাঁহ শিল্প সকলৰ। বিক্ৰী কৰিব নোৱাৰাৰ ফলত দমে দমে জমা হৈছে ঢাৰি, ডুলি আদি সামগ্ৰী সমূহ। যাৰ ফলত আজি তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ক্ৰয় কৰাত অসমৰ্থ হৈ পৰিছে। সম্প্ৰতি মিনি লকডাউনৰ ফলত হাহাকাৰ লাগিছে গাওঁখনৰ দুখীয়া পৰিয়াল সমুহৰ। প্ৰায় তিনি চাৰিমাহ ধৰি বিদ্যানগৰৰ বাঁহ শিল্প সকলে অইন সাহাৰ্য্য দূৰৰে কথা খাদ্য সুৰক্ষাৰ চাউল খিনিও পোৱা নাই। সেয়ে উপায়বিহীন হৈ নতুন চৰকাৰ খনলৈ গাওঁখনৰ দুখীয়া পৰিয়াল সমুহে আৰ্থিক সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান জনাইছে।

Leave A Reply