এগৰাকী চৰকাৰী গাওঁবুঢ়াৰ স্বেচ্চাসাৰী কাৰ্য্য কালাপ আৰু হিটলাৰী শোষণত অতিষ্ঠ হৈ গাওঁ খনৰ একাধিক সামাজিক ব্যক্তিয়ে গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ অধিনৰ গাওঁ তামুলদি গাওঁত। তামুলদি গাওঁৰ গাওঁবুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বন কৰা বিষয় সন্দৰ্ভত জানিব পৰা মতে ; গাওঁবুঢ়া গৰাকীয়ে গাওঁ খনৰ প্ৰশাসনিক সেৱাৰ নামত চলাইছিল এক প্ৰকাৰৰ গুণ্ডাৰাজ। গাওঁবুঢ়াই গাওঁত শাসনৰ নামত চলাইছিল এক প্ৰকাৰৰ হিটলাৰৰ শাসন।মুঠৰ ওপৰত ধুৰন্ধৰ প্ৰকৃতিৰ ছমেজ উদ্দিন আহমেদে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে গাওঁবুঢ়া হৈছিল। গাওঁবুঢ়াই সামাজিক দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে নিজৰ লগতে পৰিয়ালৰ সকলোকে চৰকাৰৰ আঁচনিত অন্তৰ্ভুক্ত কৰি গাওঁৰ ৰাইজক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰৰ উপৰি গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি কামৰূপ জিলা উপায়ুক্তই স্মাৰক পত্ৰ নং কে আৰ চি ৮৩/২০১৯/৫ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া মৰ্মে ১৬ – ০৬ – ২০২১ তাৰিখে চূড়ান্ত ৰায় দিয়ে আৰু গাওঁ বুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বন কৰা হ’ল বুলি ঘোষণা কৰে। লগতে জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰা হুকুমৰ নথি ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ; বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ; ছমৰীয়া মৌজাৰ মৌজাদাৰ আৰু নিলম্বিত গাওঁ বুঢ়া ছমেজ উদ্দিন আহমেদক প্ৰেৰণ কৰি ৰাজহুৱা কৰে। উল্লেখ্য যে ; একাধিক অসামাজিক কাৰ্য্য কালাপত জড়িত আৰু চৰকাৰী আঁচনিৰ সা সুবিধা হৰলুকি কৰা অপৰাধত অভিযুক্ত গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।
হাত জোকাৰি বিদায় দিলে মাতৃয়ে ! মৰিয়নীৰ পৰা গুৱাহাটীলৈ ৰাওনা অখিল গগৈ
মৰিয়নীৰ চেলেং লুখুৰাখন গাঁৱৰ পৰা বিয়লি ৩ বজাত গুৱাহাটী অভিমুখে ৰাওনা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চকুলো টুকি অখিলক বিদায় জনায় মাতৃ প্ৰিয়দা গগৈৰ লগতে গাঁওবাসীয়ে।
যোৰহাট জিলাৰ লগতে মৰিয়নী সমষ্টিৰ বহুসংখ্যক লোকে অখিল গগৈ ঘৰৰ পৰা ওলাই অহাৰ সময়ত উপস্থিত থাকি নেতাগৰাকীক বিদায় জনায়।
ইপিনে অখিল গগৈৰ বিদায়ৰ মুহূৰ্তত যোৰহাটৰ এগৰাকী উপ আৰক্ষী অধীক্ষকে এগৰাকী বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত অখিল গগৈৰ বাসভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত অখিল গগৈৰ হস্তক্ষেপত ক্ষান্ত হয় সাংবাদিকসকল।
ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ,প্ৰদূষণমুক্ত আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াস
কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়া কৰণৰ পদক্ষেপ গ্ৰহন কৰা আঁচনিৰ অধীনত চলি থকা বৃক্ষ ৰোপনে প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টিত এক মাইলৰ খুটি হিচাপে চিহ্নিত হ’ব মন্তব্য কৰিছে “মোকছা”ই৷ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অধীকাৰীৰ অধীনত “মোছকা” নামৰ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বহুলাংশে দুৰ্ঘটনা প্ৰতিৰোধ হোৱাৰ আশা ব্যক্ত কৰিছে সংস্থাই৷৩১ নং (চি)ৰাষ্ট্ৰীয় ঘাইপথৰ বঙাইগাঁও পি আই ইউ অধীনস্থ এ এছ ১২ পেকেজৰ ১০ কিলোমিটাৰৰ পৰা ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিভাইডাৰত বিভিন্ন প্ৰকাৰৰ বৃক্ষ ৰোপন কৰি ঠাই খিনি প্ৰদূষণমুক্ত কৰাৰ লগতে সুন্দৰ পৰিবেশ সৃষ্টি হৈছে৷কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীৰ এই অভিলাষী আঁচনি এক সোণালী সুযোগ৷সেউজীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ যোগেদি যুগান্তকাৰী উন্নয়ন হ’ব বুলিও মন্তব্য কৰিছে ।তাৰোপৰি গছ গছনি বোৰে ৰাতি চালকৰ চকুত আন গাড়ীৰ পোহৰ নপৰাৰ বাবে দুৰ্ঘটনা হ্ৰাস পাব। মোকছা এজেঞ্চীয়ে বিভিন্ন প্ৰকাৰৰ গছৰ পুলি যোগান ধৰিছে।কভিড-১৯ ত বিভিন্ন ব্যক্তিয়ে আক্ৰান্ত হৈ অক্সিজেন ৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছে,তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব আৰু সামাজিক পৰিবেশ উন্নত হ’ব বুলি ৰাইজে মত পোষণ কৰিছে।
খানামুখত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান : নথিপত্ৰ বিহীন পাইন কাঠভৰ্ত্তি ট্ৰাক জব্দ
গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চালান বিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভৰ্ত্তি বাৰচকীয়া ট্ৰাক জব্দ কৰে। জব্দ কৰা কাঠখিনীৰ পৰিমাণ প্ৰায় ৪০ ঘনমিটাৰ আৰু ইয়াৰ বজাৰ মূল্য ৬ লাখ টকাৰা অধিক হ’ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই গুৱাহাটীৰ গাতে লগা মেঘালয়ৰ বৰ্ণিহাটৰ দিশৰ পৰা গুৱাহাটীলৈ কোনো ট্ৰাকত কৌশলৰে চালান বিহীনভাৱে বা নথি পত্ৰ অবিহনে পাইন কাঠ গুৱাহাটী বা কাষৰীয়া অঞ্চললৈ আহিব পাৰে বুলি গুৱাহাটীৰ খানামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ক সতৰ্ক কৰি দিছিল । বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাৰ নিৰ্দেশত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা বনকর্মীৰ দল জালুকবাৰী আৰক্ষী চকীৰ এটা তহলদাৰী দলৰ সৈতে খানামুখৰ পৰা লংকেশ্বৰৰ মাজত সন্ধিয়াৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত তহল দি আছিল। নিশা প্ৰায় ৮ বজাত খানামুখত কৌশলৰে ত্ৰিপাল ঢাকি এ.এছ. ০১ ই.চি ২৯৯২ নম্বৰৰ এখন বাৰচকীয়া ট্ৰাক আহি থকা দেখি দলটোৱে ৰখাই তালাচি চলোৱাত পাইন কাঠ থকাটো ওলাই পৰে। নিশাই কাঠভৰ্ত্তি ট্ৰাকখন ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ লগতে ট্ৰাকখনত থকা চালক জনৰ বিৰুদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হয়। আজি চালক জনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে। ইতিমধ্যে চালক জনে বৰ্ণিহাটৰ পৰা সান্ধ্য আইনৰ সুযোগ লৈ নথি পত্ৰ অবিহনে পাইন কাঠখিনী অনা বুলি স্বীকাৰ কৰিছে।
বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা উন্নতমানৰ ধানৰ কঠীয়াৰ সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ
বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা ২০২১-২২ৰ অধীনত ধানৰ কঠীয়া উৎপাদনৰ বাবে পানবাৰী নিগমত আৰম্ভ কৰা সমূহীয়া নাৰ্চাৰীৰ আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুলই শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, আসন্ন বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকক সময়মতে ধানৰ কঠীয়া যোগানৰ বাবে বোকাখাত মহকুমাৰ কৃষি বিভাগে পানবাৰী নিগম, মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাংগন তথা ৰৌদুৱা পথাৰত প্ৰায় ৪০ হেক্টৰ ভূমিত উন্নত মানৰ ৰণজিৎ চাব ১ আৰু বাহাদুৰ চাব ১ প্ৰজাতি ধানৰ কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰিছে। আজি পানবাৰী নিগমত সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ কৰি কৃষিমন্ত্রী অতুল বৰাই কৃষিক্ষেত্ৰৰ বিপুল পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণত গুৰুত্ব দিছে বুলি উল্লেখ কৰে। সাম্প্ৰতিক সময়ত কৃষিক্ষেত্ৰৰ যুগান্তকাৰী উন্নয়নৰ দ্বাৰাহে ৰাজ্যখনৰ শিক্ষিত যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন সম্ভৱ বুলিও কৃষিমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। আনহাতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ সংৰক্ষণৰ বাবে কৃষি বিভাগে ৰাজ্যখনৰ বিভিন্ন এলেকাত শীতল ভঁড়াল নিৰ্মাণৰ কাম চলাই আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, কৃষি বিভাগৰ বলিষ্ঠ পদক্ষেপৰ ফলত বিগত বৰ্ষৰ দৰে এই বছৰো অসমত উৎপাদিত ফচল দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে। কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলক কৃষি, পশুপালন আৰু ইয়াৰ লগত জড়িত অন্যান্য ক্ষেত্রসমূহত মনোনিৱেশ কৰি ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিপুল দাসৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত ৰঙিয়াত প্ৰতিবাদ
সংযুক্ত কৃষক মৰ্চাই শনিবাৰৰ দিনটোত দেশজুৰি গণতন্ত্ৰ ৰক্ষা দিৱস পালনৰ আহ্বান জনাইছিল আৰু দেশৰ শ্ৰমিক সংগঠন সমূহে ইয়াক সমৰ্থন জনাইছিল। ২৬ জুন তাৰিখটো নিৰ্ধাৰণৰ তাৎপৰ্য হ’ল – ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা ৰাতি ১২ বজাত দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী কালীন অৱস্থা ঘোষণা কৰিছিল। বৰ্তমানৰ চৰকাৰখনেও বিগত ৭ বছৰৰ কাৰ্যকালত সকলো প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ আইনৰ চূড়ান্ত অপব্যৱহাৰ কৰি আছে। সংসদীয় টেঁটু চেপি কৃষি আৰু কৃষক বিৰোধী তিনি কৃষি আইনৰ উপৰিও শ্ৰমিক শ্ৰেণীয়ে আন্দোলন-সংগ্ৰামৰ জৰিয়তে অর্জন কৰা শ্ৰম আইনবোৰ সংশোধন কৰি শ্ৰমিকক দাসত পৰিণত কৰিবলৈ শ্ৰম সংহিতাত পৰিণত কৰিলে আৰু ইয়াৰ বিৰুদ্ধেই সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জনাই। এই আন্দোলনৰ জৰিয়তে পেট্ৰʼলজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় বস্তুৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ উপৰিও অসমৰ পৰিপ্ৰেক্ষিতত অমানৱীয় আৰু সাম্প্ৰদায়িক দৃষ্টিভঙ্গীৰে উচ্ছেদৰ বিৰোধিতাৰ লগতে ক্ষুদ্ৰ ঋণ সমূহৰ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ দাবীও উত্থাপন কৰা হয়। নিখিল ভাৰত কৃষক সভা আৰু চিআইটিইউ কামৰূপ জিলাৰ উদ্যোগত হোৱা এই কাৰ্যসূচীত শৰৎ কলিতা,সমৰ আলী আহমেদ, বাসুদেৱ কলিতা,বীৰেন্দ্ৰ নাথ শৰ্মা,নৃপেন্দ্ৰ নাথ,বিবেকানন্দ অধিকাৰীয়ে অংশ লয়।
এশ বছৰ গঢ়কা দেৰগাঁও স্বৰ্ণলতা পোছাক ভাণ্ডাৰত হাহাকাৰ অৱস্থা
কৰ’নাৰ ভয়াবহতাৰ বাবেই আজি অসমৰ নামঘৰ, ভাওনাৰ পোছাক ঘৰ আদিত নিমাওমাও পৰিবেশ।অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ সাংস্কৃতিক স্বভিমান ভাওঁনা। তাৰ বাবে ভাওনাৰ লগত জড়িত শিল্পী কলা-কুশলী সকল সকলো ক্ষেত্ৰতে জুৰুুলা হৈ পৰিছে। এশ বছৰ গঢ়কা দেৰগাঁৱৰ স্বৰ্ণলতা পোছাক ভাণ্ডাৰ। দেৰগাঁৱৰ বঙাল গাঁৱত ১৯২০ চনতেই স্থাপন হৈছিল এই পোছাক ভাণ্ডাৰ খনি।অসমৰ ভিতৰত অতি জনপ্ৰিয়তা থকা এইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে পোছাক নি ভাওনা প্ৰদৰ্শন কৰি আহিছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই ভাওনা ২০২০বৰ্ষৰ পৰা কোভিড মহামাৰীৰ বাবে বন্ধ হোৱাৰ লগতে বন্ধ নামঘৰ মন্দিৰ সমূহো।এইখন প্ৰতিস্থানত ১৬ জনকৈ ব্যক্তিয়ে সংস্থাপিত হৈ পৰিয়াল পো-পাল দি আহিছিল।আজি এই সমূহ পৰিয়ালৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে প্ৰতিস্থান খনৰ গৰাকী অতুল হাজৰিকাৰো দুৰ্যোগৰ সীমা নোহোৱা হৈছে।এতিয়া কেৱল নিমাও মাও পৰিবেশ পোছাক ভাণ্ডাৰৰ চৌহদ।লাখ লাখ টকাৰ পোছাক আজি উৱঁলি গৈছে।কৰ্মচাৰী আৰু স্বত্বাধিকাৰিৰ এটাই আহ্বান চৰকাৰেএই দুৰ্দশা গ্ৰস্থ লোক সকলৰ প্ৰতি সুদৃষ্টি দিয়ক ।
দৈপাম আৰক্ষী বিষয়াৰ নিৰ্মম প্ৰহাৰত আহত ৭ বছৰীয়া শিশু
আৰক্ষী চকীত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দল সংগঠনৰ ।
এজেহাৰ দাখিল ভোক্তভোগী পৰিয়ালৰ ।
যি সময়ত ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে শিশু নিৰ্যাতন বন্ধ কৰিবলৈ সহৰহ চেষ্টা চলাইছে । তেনে সময়ত এগৰাকী আৰক্ষী বিষয়াই শিশুৰ ওপৰত চলোৱা অমানুষিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে দৰঙৰ দলগাঁৱত । অভিযোগ অনুসৰি , আজি পুৱা অনুমান ৯ টা মান বজাত দৰঙৰ দলগাঁৱৰ দৈপাম আৰক্ষী চকীত এগৰাকী কনমানী কিশোৰক দাগী অপৰাধীৰ দৰে খেদি খেদি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ বিৰুদ্ধে ওলাই আহিল দল সংগঠন তথা ৰাইজ । পূৱাই ৭ বছৰীয়া বাহাৰুল ইছলাম নামৰ কিশোৰ এগৰাকী দৈপাম আৰক্ষী চকী চৌহদত থকা জাম গছৰ তলত জাম খাবলৈ যায় । ফলত জামেই কাল হয় কিশোৰ গৰাকীৰ । জাম খাবলৈ যোৱা কনমানি কিশোৰ গৰাকীৰ ওপৰত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাৰ নিৰ্দেশত আব্দুল হাকিম নামৰ গৃহৰক্ষী জোৱান এজনে খেদি খেদি শিশুটিক ধৰে আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাই দাগী অপৰাধীৰ দৰে বেতেৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰে । ফলত গুৰুতৰ ভাৱে জখম হয় শিশুটিৰ শৰীৰত । চকুৰ সন্মুখতে নিজ পুত্ৰক প্ৰহাৰ কৰা দেখি মাতৃয়ে চিঞৰ বাখৰ কৰাত আগবাঢ়ি আহে ওচৰ চুবুৰীয়া । ঘটনাৰ খবৰ পাই দল সংগঠনৰ নেতা কৰ্মী সকলে ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰী সকলে অকণ শৰ্মা মুৰ্দাবাদ , শিশুৰ ওপৰত অমানুষিক নিৰ্যাতন বন্ধ কৰক , আৰক্ষীৰ গুণ্ডা গিৰি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত শিশুৰ মাতৃ খুদেজা বেগমে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মা আৰু গৃহৰক্ষী জোৱান আব্দুল হাকিমৰ বিৰুদ্ধে দাখিল কৰিছে এজেহাৰ । এনে অমানৱীয় কাণ্ড সংঘটিত কৰা আৰক্ষী বিষয়াৰ শাস্তিমূলক বদলিৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে । আৰক্ষীৰ বিৰুদ্ধে তৰা গোচৰৰ সঠিক তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে শিশুৰ মাতৃ খুদেজা বেগমৰ লগতে দৈপাম গাওঁ পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানে । শিশু নিৰ্যাতনকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব । এই ঘটনাক কেন্দ্র কৰি অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বৰপেটাত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা : বিভিন্ন আঁচনিৰ পৰ্যালোচনা
ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আজি বৰপেটা জিলাৰ ক’ভিড ১৯ সংক্ৰমণৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰে মোকাবিলাৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনত সম্ভাৱ্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়েও বুজ লয় ৷ আজি কেবাটাও চৰকাৰী বিভাগৰ আঁচনিৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে বৰপেটালৈ অহা ৰাজ্য প্ৰশাসনৰ সৰ্বোচ্চ পদাধিকাৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়।
সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডা ৰমেন তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আদি বিভাগৰ জিলা মুৰব্বী বিষয়া সকল, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া সকল আৰু জিলা প্ৰশাসনৰ অনান্য বিষয়ববীয়া উপস্থিত থাকে ৷ সকলো চৰকাৰী কাৰ্যালয়ৰ অনাদায় বিদ্যুতৰ দেনা অনতি পলমে আদায় দিবলৈ অসম শক্তি উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানৰ অধ্যক্ষৰ দায়িত্বত থকা বিষয়া গৰাকীয়ে উপায়ুক্তৰ লগতে সকলো বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। সভাৰ আৰম্ভণিতে মুখ্য সচিব গৰাকীয়ে জিলাখনত প্ৰতিদিনে চলি থকা ৰেট পৰীক্ষাৰ সংখ্যা, ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ, আৰু ৰোগী সকলৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বুজ লৈ উঠি দৈনন্দিন ৰেট পৰীক্ষা হোৱা লোকৰ অন্তত: ২০% লোকৰ আৰ টি পি চি আৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷ তেওঁ লগতে ক’ভিড-১৯ ভাইৰাছৰ সম্ভাৱ্য তৃতীয় লহৰৰ বাবে প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহবান জনোৱাৰ লগতে তৎপৰতাৰে পৰীক্ষা আৰু চিকিৎসা কৰি যোৱাৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীকো অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহবান জনায় ৷ ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত জিলাখনৰ সকলো আগশাৰীৰ ক’ভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মী সকলক সামৰি ল’বলৈ স্বাস্থ্য বিভাগক মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে। মুখ্য সচিব গৰাকীয়ে লগতে অঙ্গণবাড়ী শিশু পৰিচৰ্যা কেন্দ্ৰ আদিৰ তত্ত্বাৱধানত থকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
প্ৰতিষেধক নোলোৱা অঙ্গনবাড়ী আৰু আশা কৰ্মী সকলৰ পাৰিতোষিক বন্ধ ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বিশেষ স্বাস্থ্য জনিত সমস্যা অবিহনে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কোভিড প্ৰতিষেধক গ্ৰহণ নকৰা বিষয়টোক চৰকাৰী গুৰুত্ব সহকাৰে লৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বৰপেটা জিলাত সমাজ কল্যাণ বিভাগৰ পোষণ অভিযান আৰু প্ৰধান মন্ত্ৰীৰ মাথ্ৰু বন্দনা আঁচনি দুখনৰ সঠিক আৰু দ্ৰুত ৰূপায়ণৰ বাবে ৰাজ্য প্ৰশাসনৰ সকলো মহিলা বিষয়াক ক্ষেত্ৰ পৰিদৰ্শনৰ আহ্বান জনাইছে। আজিৰ পৰ্যালোচনাৰ অংশ হিচাপে মুখ্য সচিবগৰাকীয়ে বৰপেটা জিলাত ক’ভিড ৰোগী সকলৰ চিকিৎসাৰ বাবে উপলব্ধ চিকিৎসা সেৱা ব্যৱস্থা, লগতে জিলাখনত উপলব্ধ ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিৰ সুবিধা সমূহৰ লগতে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে বুজ লয় ৷ আজিৰ সভাত আগন্তুক দিনত জিলাখনত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ মুখ্য সচিবগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ৷
এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা জাৰি কৰা শেহতীয়া এছ অ’ পি অনুযায়ী আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে এই আশ্ৰয় শিবিৰ সমূহত শিশুৰ বাবে অনুকুল পৰিৱেশ আৰু ক’ভিড স্বাস্থ্যবিধিৰ সঠিক পালন নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ দুৰ্বল হৈ পৰা মথাউৰী সমূহ তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল’বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। লগতে বানৰ আগৰ আৰু পাছৰ পৰিস্থিতিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগক লগত লৈ আগতীয়াকৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও উপস্থিত সকলোকে মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ জেষ্ঠ ভাৰতীয় প্ৰশাসনিক বিষয়া গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে।
ভূৰাগাৱঁৰ বালিডোঙাৰ নৃশংস ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অপৰাধীক গ্ৰেপ্তাৰ।
অপৰাধীৰ নাম ছৈয়দ আলী (৬৫)।
ভূৰাগাৱৰ বালিডোঙাত ধৰ্ষণকাৰীক ফাচী দিয়াৰ দাবীত স্হানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি
যোৱা ২০ জুনত মৰিগাঁও জিলাৰ ভূৰাগাৱৰ বালিডোঙাত সংঘটিত হৈছিল এক শিহৰণ কাৰী ৯ বছৰীয়া কন্যা শিশুৰ ধৰ্ষণৰ পিছত নৃসংশ হত্যাকাণ্ড। আৰু সেই ঘটনাৰ বুজ লবলৈ শুক্ৰবাৰে আহিছিল অসমৰ মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী তথা হত্যাকাৰী বালিডোঙা গাৱৰে ৬৫ বছৰীয়া ছৈয়দ আলীক। এই খবৰ ওলোৱাৰ লগে লগে আজি সহস্রাধিক জনতাই মথাউৰিত ধৰ্ষণকাৰীক ফাচী দিয়াৰ দাবীত উত্তাল কৰি তোলে। অৱশ্যে আৰক্ষী প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্রণ কৰি ৰাখিছে।











