Breaking

সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত ৰঙিয়াত প্ৰতিবাদ

0 1,521

সংযুক্ত কৃষক মৰ্চাই শনিবাৰৰ দিনটোত দেশজুৰি গণতন্ত্ৰ ৰক্ষা দিৱস পালনৰ আহ্বান জনাইছিল আৰু দেশৰ শ্ৰমিক সংগঠন সমূহে ইয়াক সমৰ্থন জনাইছিল। ২৬ জুন তাৰিখটো নিৰ্ধাৰণৰ তাৎপৰ্য হ’ল – ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা ৰাতি ১২ বজাত দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী কালীন অৱস্থা ঘোষণা কৰিছিল। বৰ্তমানৰ চৰকাৰখনেও বিগত ৭ বছৰৰ কাৰ্যকালত সকলো প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ আইনৰ চূড়ান্ত অপব্যৱহাৰ কৰি আছে। সংসদীয় টেঁটু চেপি কৃষি আৰু কৃষক বিৰোধী তিনি কৃষি আইনৰ উপৰিও শ্ৰমিক শ্ৰেণীয়ে আন্দোলন-সংগ্ৰামৰ জৰিয়তে অর্জন কৰা শ্ৰম আইনবোৰ সংশোধন কৰি শ্ৰমিকক দাসত পৰিণত কৰিবলৈ শ্ৰম সংহিতাত পৰিণত কৰিলে আৰু ইয়াৰ বিৰুদ্ধেই সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জনাই। এই আন্দোলনৰ জৰিয়তে পেট্ৰʼলজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় বস্তুৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ উপৰিও অসমৰ পৰিপ্ৰেক্ষিতত অমানৱীয় আৰু সাম্প্ৰদায়িক দৃষ্টিভঙ্গীৰে উচ্ছেদৰ বিৰোধিতাৰ লগতে ক্ষুদ্ৰ ঋণ সমূহৰ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ দাবীও উত্থাপন কৰা হয়। নিখিল ভাৰত কৃষক সভা আৰু চিআইটিইউ কামৰূপ জিলাৰ উদ্যোগত হোৱা এই কাৰ্যসূচীত শৰৎ কলিতা,সমৰ আলী আহমেদ, বাসুদেৱ কলিতা,বীৰেন্দ্ৰ নাথ শৰ্মা,নৃপেন্দ্ৰ নাথ,বিবেকানন্দ অধিকাৰীয়ে অংশ লয়।

Leave A Reply