Breaking

বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা উন্নতমানৰ ধানৰ কঠীয়াৰ সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ

0 1,527

 বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা ২০২১-২২ৰ অধীনত ধানৰ কঠীয়া উৎপাদনৰ বাবে  পানবাৰী নিগমত আৰম্ভ কৰা সমূহীয়া নাৰ্চাৰীৰ আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুলই শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, আসন্ন বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকক সময়মতে ধানৰ কঠীয়া যোগানৰ বাবে  বোকাখাত মহকুমাৰ কৃষি বিভাগে পানবাৰী নিগম, মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাংগন তথা ৰৌদুৱা পথাৰত প্ৰায়  ৪০ হেক্টৰ ভূমিত উন্নত মানৰ ৰণজিৎ চাব ১ আৰু বাহাদুৰ চাব ১ প্ৰজাতি ধানৰ কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰিছে। আজি পানবাৰী নিগমত সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ কৰি কৃষিমন্ত্রী অতুল বৰাই কৃষিক্ষেত্ৰৰ বিপুল পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় তথা ৰাজ্য  চৰকাৰে কৃষিখণ্ডৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণত গুৰুত্ব দিছে বুলি উল্লেখ কৰে। সাম্প্ৰতিক সময়ত কৃষিক্ষেত্ৰৰ যুগান্তকাৰী উন্নয়নৰ দ্বাৰাহে ৰাজ্যখনৰ  শিক্ষিত যুৱক যুৱতীসকলক স্বাৱলম্বী  কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন সম্ভৱ বুলিও  কৃষিমন্ত্রীগৰাকীয়ে উল্লেখ কৰে।  আনহাতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ সংৰক্ষণৰ বাবে কৃষি বিভাগে ৰাজ্যখনৰ বিভিন্ন এলেকাত  শীতল ভঁড়াল নিৰ্মাণৰ কাম চলাই আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।  উল্লেখ্য যে, কৃষি বিভাগৰ বলিষ্ঠ পদক্ষেপৰ ফলত  বিগত বৰ্ষৰ দৰে এই বছৰো অসমত  উৎপাদিত ফচল দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে। কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলক কৃষি, পশুপালন আৰু ইয়াৰ লগত জড়িত অন্যান্য ক্ষেত্রসমূহত মনোনিৱেশ কৰি ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিপুল দাসৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply