Breaking

দৈপাম আৰক্ষী বিষয়াৰ নিৰ্মম প্ৰহাৰত আহত ৭ বছৰীয়া শিশু

0 1,530

আৰক্ষী চকীত  আৰক্ষীৰ  বিৰুদ্ধে  উত্তাল প্ৰতিবাদ দল সংগঠনৰ ।

এজেহাৰ দাখিল ভোক্তভোগী পৰিয়ালৰ ।

যি সময়ত ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে শিশু নিৰ্যাতন বন্ধ কৰিবলৈ সহৰহ চেষ্টা চলাইছে । তেনে সময়ত এগৰাকী  আৰক্ষী বিষয়াই শিশুৰ ওপৰত  চলোৱা অমানুষিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে দৰঙৰ দলগাঁৱত  । অভিযোগ অনুসৰি , আজি  পুৱা অনুমান ৯ টা মান বজাত দৰঙৰ  দলগাঁৱৰ  দৈপাম আৰক্ষী চকীত এগৰাকী কনমানী কিশোৰক  দাগী অপৰাধীৰ দৰে খেদি খেদি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ   বিৰুদ্ধে ওলাই আহিল দল সংগঠন তথা ৰাইজ ।  পূৱাই  ৭ বছৰীয়া বাহাৰুল ইছলাম নামৰ কিশোৰ এগৰাকী দৈপাম  আৰক্ষী চকী  চৌহদত থকা জাম গছৰ তলত জাম খাবলৈ যায় ।  ফলত  জামেই কাল হয় কিশোৰ   গৰাকীৰ । জাম খাবলৈ যোৱা কনমানি কিশোৰ গৰাকীৰ  ওপৰত  আৰক্ষী চকীৰ  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাৰ নিৰ্দেশত  আব্দুল হাকিম নামৰ গৃহৰক্ষী  জোৱান এজনে খেদি খেদি শিশুটিক ধৰে আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাই দাগী অপৰাধীৰ  দৰে বেতেৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰে । ফলত গুৰুতৰ ভাৱে জখম  হয় শিশুটিৰ শৰীৰত  । চকুৰ সন্মুখতে নিজ পুত্ৰক প্ৰহাৰ কৰা দেখি মাতৃয়ে চিঞৰ বাখৰ কৰাত আগবাঢ়ি আহে ওচৰ চুবুৰীয়া ।  ঘটনাৰ খবৰ পাই দল সংগঠনৰ নেতা কৰ্মী সকলে ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰী সকলে অকণ শৰ্মা মুৰ্দাবাদ , শিশুৰ ওপৰত অমানুষিক নিৰ্যাতন বন্ধ কৰক , আৰক্ষীৰ গুণ্ডা গিৰি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত শিশুৰ মাতৃ খুদেজা বেগমে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মা আৰু গৃহৰক্ষী জোৱান আব্দুল হাকিমৰ বিৰুদ্ধে দাখিল কৰিছে এজেহাৰ । এনে অমানৱীয় কাণ্ড সংঘটিত কৰা আৰক্ষী বিষয়াৰ শাস্তিমূলক বদলিৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে । আৰক্ষীৰ বিৰুদ্ধে তৰা গোচৰৰ সঠিক তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে শিশুৰ মাতৃ খুদেজা বেগমৰ লগতে দৈপাম গাওঁ পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানে । শিশু নিৰ্যাতনকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব  । এই ঘটনাক কেন্দ্র কৰি অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Leave A Reply