Breaking

এশ বছৰ গঢ়কা দেৰগাঁও স্বৰ্ণলতা পোছাক ভাণ্ডাৰত হাহাকাৰ অৱস্থা

0 1,069

কৰ’নাৰ ভয়াবহতাৰ বাবেই আজি অসমৰ নামঘৰ, ভাওনাৰ পোছাক ঘৰ আদিত নিমাওমাও পৰিবেশ।অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ সাংস্কৃতিক স্বভিমান ভাওঁনা। তাৰ বাবে ভাওনাৰ লগত জড়িত শিল্পী কলা-কুশলী সকল সকলো ক্ষেত্ৰতে জুৰুুলা হৈ পৰিছে। এশ বছৰ গঢ়কা দেৰগাঁৱৰ স্বৰ্ণলতা পোছাক ভাণ্ডাৰ।  দেৰগাঁৱৰ বঙাল গাঁৱত ১৯২০ চনতেই স্থাপন হৈছিল এই পোছাক ভাণ্ডাৰ খনি।অসমৰ ভিতৰত অতি জনপ্ৰিয়তা থকা এইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে পোছাক নি ভাওনা প্ৰদৰ্শন কৰি আহিছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই ভাওনা ২০২০বৰ্ষৰ পৰা কোভিড মহামাৰীৰ বাবে বন্ধ হোৱাৰ লগতে বন্ধ নামঘৰ মন্দিৰ সমূহো।এইখন প্ৰতিস্থানত ১৬ জনকৈ ব্যক্তিয়ে সংস্থাপিত হৈ পৰিয়াল পো-পাল দি আহিছিল।আজি এই সমূহ পৰিয়ালৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে প্ৰতিস্থান খনৰ গৰাকী অতুল হাজৰিকাৰো দুৰ্যোগৰ সীমা নোহোৱা হৈছে।এতিয়া কেৱল নিমাও মাও পৰিবেশ পোছাক ভাণ্ডাৰৰ চৌহদ।লাখ লাখ টকাৰ পোছাক আজি উৱঁলি গৈছে।কৰ্মচাৰী আৰু স্বত্বাধিকাৰিৰ এটাই আহ্বান চৰকাৰেএই দুৰ্দশা গ্ৰস্থ লোক সকলৰ প্ৰতি  সুদৃষ্টি দিয়ক ।

Leave A Reply