Breaking

ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ,প্ৰদূষণমুক্ত আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াস

0 1,522

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়া কৰণৰ পদক্ষেপ গ্ৰহন কৰা আঁচনিৰ অধীনত চলি থকা বৃক্ষ ৰোপনে প্ৰদূষণ  মুক্ত পৰিবেশ সৃষ্টিত এক মাইলৰ খুটি হিচাপে চিহ্নিত হ’ব মন্তব্য কৰিছে “মোকছা”ই৷ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অধীকাৰীৰ অধীনত “মোছকা” নামৰ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বহুলাংশে দুৰ্ঘটনা প্ৰতিৰোধ হোৱাৰ আশা ব্যক্ত কৰিছে সংস্থাই৷৩১ নং (চি)ৰাষ্ট্ৰীয় ঘাইপথৰ বঙাইগাঁও পি আই ইউ অধীনস্থ এ এছ ১২ পেকেজৰ ১০ কিলোমিটাৰৰ পৰা ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিভাইডাৰত বিভিন্ন প্ৰকাৰৰ বৃক্ষ ৰোপন কৰি ঠাই খিনি প্ৰদূষণমুক্ত কৰাৰ লগতে সুন্দৰ পৰিবেশ সৃষ্টি হৈছে৷কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীৰ এই অভিলাষী আঁচনি এক সোণালী  সুযোগ৷সেউজীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ যোগেদি যুগান্তকাৰী উন্নয়ন হ’ব বুলিও মন্তব্য কৰিছে ।তাৰোপৰি গছ গছনি বোৰে ৰাতি চালকৰ চকুত আন গাড়ীৰ পোহৰ নপৰাৰ বাবে দুৰ্ঘটনা হ্ৰাস পাব। মোকছা এজেঞ্চীয়ে বিভিন্ন প্ৰকাৰৰ গছৰ পুলি যোগান ধৰিছে।কভিড-১৯ ত বিভিন্ন ব্যক্তিয়ে আক্ৰান্ত হৈ অক্সিজেন ৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছে,তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব আৰু সামাজিক পৰিবেশ উন্নত হ’ব বুলি ৰাইজে মত পোষণ কৰিছে।

Leave A Reply