Breaking

খানামুখত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান : নথিপত্ৰ বিহীন পাইন কাঠভৰ্ত্তি ট্ৰাক জব্দ

0 1,526

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চালান বিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভৰ্ত্তি বাৰচকীয়া  ট্ৰাক জব্দ কৰে। জব্দ কৰা কাঠখিনীৰ পৰিমাণ প্ৰায় ৪০ ঘনমিটাৰ আৰু ইয়াৰ বজাৰ মূল্য ৬ লাখ টকাৰা অধিক হ’ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই গুৱাহাটীৰ গাতে লগা মেঘালয়ৰ বৰ্ণিহাটৰ দিশৰ পৰা গুৱাহাটীলৈ কোনো ট্ৰাকত কৌশলৰে চালান বিহীনভাৱে  বা নথি পত্ৰ অবিহনে পাইন কাঠ গুৱাহাটী বা কাষৰীয়া অঞ্চললৈ আহিব পাৰে বুলি গুৱাহাটীৰ খানামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ক সতৰ্ক কৰি দিছিল । বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাৰ নিৰ্দেশত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা বনকর্মীৰ দল জালুকবাৰী আৰক্ষী চকীৰ এটা তহলদাৰী দলৰ  সৈতে খানামুখৰ পৰা লংকেশ্বৰৰ মাজত সন্ধিয়াৰ পাছত  ৰাষ্ট্ৰীয় ঘাইপথত তহল দি আছিল। নিশা প্ৰায় ৮ বজাত খানামুখত কৌশলৰে ত্ৰিপাল ঢাকি এ.এছ. ০১ ই.চি ২৯৯২ নম্বৰৰ এখন বাৰচকীয়া ট্ৰাক আহি থকা দেখি দলটোৱে ৰখাই  তালাচি চলোৱাত পাইন কাঠ থকাটো ওলাই পৰে। নিশাই কাঠভৰ্ত্তি ট্ৰাকখন ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ লগতে ট্ৰাকখনত থকা চালক জনৰ বিৰুদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হয়। আজি চালক জনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে। ইতিমধ্যে চালক জনে বৰ্ণিহাটৰ পৰা সান্ধ্য আইনৰ সুযোগ লৈ নথি পত্ৰ অবিহনে পাইন কাঠখিনী অনা বুলি স্বীকাৰ কৰিছে।

Leave A Reply