Breaking

নগাঁৱত ৩,২৯,৭০৪ লাখ যান-বাহন৷বৰ্তমান পথত ১,১৪,০০৩ খন যানবাহনৰ চলাচলে তীব্ৰ সমস্যাত পেলাইছে নগাঁওবাসীক

0 5,221

নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও যান-বাহন আৰক্ষী 

সমগ্ৰ নগাঁও জিলাৰ ওপৰি নগাঁও চহৰত ক্ৰমৰ্ব্ধমান গতিত বৃদ্ধি পাই অহা যান-যটঁৰ সমস্যাই দীৰ্ঘদিনৰ পৰা সৰ্বসাধাৰণ নাগৰিকৰ যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ নগাঁও যান-বাহন শাখাৰ আৰক্ষীৰ অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিয়েই একাংশ যান-বাহনৰ গৰাকীয়ে নগাঁও চহৰখনৰ য’তে-ত’তে, যধেমধে নিজ খেয়ালখুচি মতে যান-বাহন সমূহ ৰখোৱাৰ ফলতেই চহৰখনত দিনক দিনে এইদৰে এক অভাৱনীয় যান-যঁটৰ সৃষ্টি হৈ আহিছে বুলি সচেতন মহলে দাবী কৰি আহিছে ৷ নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ৰ উচ্চস্তৰীয় সূত্ৰৰ এক তথ্যৰ পৰা জানিব পৰা মতে, বৰ্তমান নগাঁৱৰ পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যান-বাহনৰ সংখ্যা প্ৰায় ৩,২৯,৭০৪ খন ৷ গড় হিচাপত প্ৰতি মাহে নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত হোবা যান-বাহনৰ সংখ্যা প্ৰায় ২,২০০ হেজাৰৰো অধিক ৷ নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত বিগত আৰু চলিত বিত্তীয় বৰ্ষত পঞ্জীয়নভুক্ত যান-বাহন সমূহৰ নাম সহ তাৰ পৰিমান উল্লেখ কৰা হল ৷ জিলা খনত বৰ্তমানলৈকে পঞ্জীয়নভুক্ত ট্ৰাকৰ সংখ্যা হৈছে ৬,০৩৪ খন (মিডিয়াম/হেভী) ৷ ডাম্পাৰ ১,০৭৫ খন ৷ ইয়াৰ বিপৰীতে এল.চি.ভি গুড’চ ১৩,৩২১ খন (চাৰি চকীয়া) ৷এল.চি.ভি গুড’চ ২১৩৫ খন (তিনি চকীয়া)৷ আনহাতে,বাছ ৯৪৮ খন,ইয়াৰ ভিতৰত ষ্টেজ কেৰিয়েজ বাছ ৭৮ খন,কনটেক্ট কেৰিয়েজ বাছ ৭০০ খন,উমনি বাছ ৭৯ খন,স্কুল বাছ ৯১খন ৷ আনহাতে, এ এ টি টি টেক্সি ৮০ খন,লোকেল ট্ৰেক্সি ২৯৮৩ খন, মটৰ কেৱ্ ৫৮০ খন,মেক্সি কেৱ্ ৪৬ খন,টেম্পো/অটৰিক্সা ১২,৩০০ খন,ই-ৰিস্কা ৩৩৭,স্কুটাৰ ৩৯,০৮২ খন,ম’পেড ১০৬ খন,মটৰ চাইকেল/স্কুটাৰ ১,৯৩,৯১৪ খন,ব্যক্তিগত চাৰিচকীয়া বাহন ৪৩,৯৪৩ খন,জি’প ৭০০ খনষ্টেচন ওগেন ১০ খন,ট্ৰেইলাৰ ৭১৬ খন,টেক্টৰ ৮৩৬৮ খন,ক্ৰেণ ২৯ খন,চৰকাৰী বাহন ৪৯৬ খন(নগাঁৱৰ চৰকাৰী বিভাগ সমূহৰ)এম্বুলেন্স ৯১ খন,অন্যান্য এক্সেভেটৰ ১৬২৫ খন (সৰু-ডাঙৰ মিলি) ৷ এইসকলো মিলি মুঠ পঞ্জীয়নভুক্ত যানবাহনৰ সংখ্যা ৩,২৯,৭০৪ খন ৷ বিগত ২০২০-২১ বিত্তীয় বৰ্ষত নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যানবাহনৰ সংখ্যা ২৬,৪৭৬ খন ৷ ইয়াৰ বিপৰীতে বৰ্তমান ২০২০-২১ বিত্তীয় বৰ্ষৰ বৰ্তমান পথত চলাচল কৰি থকা যানবাহনৰ সংখ্যা হৈছে ১,১৪,০০৩ খন ৷ সাম্প্ৰতিক সময়ত চহৰখনত বিশেষকৈ ঢাকাইপট্টি অঞ্চলৰ ৰামলাল দুৰ্গাদত্ত কাপোৰৰ বিপনীৰ পৰা আৰম্ভ কৰি বহাগী হোটেলৰ চ’কলৈকে চহৰখনৰ মূখ্য ব্যৱসায়ীক অঞ্চলটোৰ একমাত্ৰ পথটোৰ মাজলৈকে দীৰ্ঘসময় ধৰি নিজৰ ব্যক্তিগত যান-বাহন একাংশ সভ্য-গব্য ভদ্ৰলোকে ৰখাই থোবাৰ বাবেই এই পথটোত সৰ্ব্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগাত পৰিছে ৷তদুপৰি নগাঁও মহাবিদ্যালয় পেট্ৰল পাম্পৰ ওচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নতুন বজাৰলৈকে এই অংশতো পথৰ অধিকাংশতে যান-বাহন ৰখাই থোবাৰ ফলত এই পথটোৰে যাবলগীয়া দুৰনীবতিয়া যানবাহন সমূহও জীয়াতু ভুগিব লগাত পৰে বহু সময় ৷ ইফালে,নতুন বজাৰৰ পৰা মুকুট শৰ্মা চাৰিআলি হৈ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দলংৰ ফালে যোবা পথটোতো একাংশ অবিবেচক কাণ্ডজ্ঞানহীন লোকে উশৃঙ্খলভাৱে যান বাহন পাৰ্কিং কৰাৰ ফলত ব্যাপক যান যটঁৰ সৃষ্টি হৈ আহিছে ৷ ঠিক সেইদৰে হয়ৱৰগাঁও থানাৰ পৰা ধিং গেট পৰ্যন্ত,মৰিগাঁও বাছ আস্থান, কৃষ্ণা হল চাৰিআলিৰ পৰা জয়শ্ৰী চিনেমা হল চাৰিআলিলৈ যোৱা অতি ব্যস্ত পথছোৱাতো পুৱা ন-দহ বজাৰ পৰা নিশা পৰ্যন্ত নানা তৰহৰ যানবাহন ৰখোবাৰ ফলত সাধাৰণ নাগৰিক সকল খোজকাঢ়ি যোবাতো বহুখিনি অসুবিধাৰ সন্মুক্ষীন হৈ আহিছে ৷ তদুপৰি নগাঁৱত বৰ্তমান অধিক হাৰত অবৈধ ৰিস্কা আৰু ই-ৰিস্কাৰ চলাচলে তীব্ৰ যানযঁটৰ সৃষ্টি কৰি আহিছে ৷ স্থানীয় নাগৰিক আৰু সচেতন মহলে চহৰখনৰ যানবাহন আৰক্ষী,জিলা প্ৰশাসনৰ উৰ্ধ্বতন কতৃপক্ষ,পৌৰ সভাৰ কাৰ্য্যবাহী অভিযন্তাক বহুবাৰ অৱগত কৰিছিল যদিও কোনো ৰহস্যজনক কাৰণত আজিকোপতি সংস্লিষ্ট বিভাগৰ বৰমুৰীয়াই বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এতিয়া সময়েহে কব কুম্ভকৰ্ণৰ নিদ্ৰাত থকা এই বিভাগ সমূহৰ বৰমুৰীয়াই নগাঁৱত কেনেদৰে কি পৰিকল্পনাৰে যানযঁটৰ সমস্যা নিয়ন্ত্ৰণ কৰে ৷

Leave A Reply