Breaking

চিলাপথাৰত নিৰ্মাণৰত অসমৰ ভিতৰতে বৃহৎ বৌদ্ধ মন্দিৰ

0 2,124

 অসম-অৰুনাচল প্ৰদেশৰ সীমাৰ পৰা কিছু দূৰৰ ধেমাজি জিলাৰ বাণিজ্যিক নগৰ চিলাপথাৰত নিৰ্মাণ হৈ আছে অসমৰ ভিতৰতে বৃহৎ বৌদ্ধ মন্দিৰ৷ তিনি মহলাযুক্ত মন্দিৰটোৰ উচ্চতা হ’ব ১২০ ফুট৷ চিলাপথাৰ নগৰৰ সমীপৱৰ্তী মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী গাঁৱত নিৰ্মাণৰত এই সু-উচ্চ বৌদ্ধ মন্দিৰটোৰ ভূমিৰ পৰিসীমা হৈছে চাৰিশ বিঘা৷ এই মন্দিৰৰ চৌহদত থাকিব চিকিৎসালয়ৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়৷ ২০১৪ চনৰপৰা এই মন্দিৰটোৰ নিৰ্মাণকাৰ্য চলি আছে৷ চলিত বছৰতে শেষৰফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ পৰিস্থিতিৰ বাবে ২০২৩ চনতহে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে৷ উল্লেখ্য যে, ইতিমধ্যে সত্তৰ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বৌদ্ধ মন্দিৰটোলৈ মাজে মাজে দৰ্শনাৰ্থী আহিবলৈ আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়ত বৌদ্ধ মন্দিৰটোক কেন্দ্ৰ কৰি অঞ্চলটো পৰ্য্যটনক্ষেত্ৰত পৰিৱৰ্তন হ’ব বুলি আশা কৰিছে চিলাপথাৰৰ স্থানীয় ৰাইজে৷ নিঃসন্দেহে মালিনী থানৰ পাছতে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক কেন্দ্ৰবিন্দু হৈ পৰিব এই মন্দিৰটো৷

Leave A Reply