Home Blog Page 3

মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ এসপ্তাহ পিছতে জুবিন ক্ষেত্ৰত উপস্থিত হিমন্ত বিশ্ব শর্মা । Himanta Biswa Sarma

মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ এসপ্তাহ পিছতে জুবিন ক্ষেত্ৰত উপস্থিত হিমন্ত বিশ্ব শর্মা । Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ এসপ্তাহ পিছতে জুবিন ক্ষেত্ৰত উপস্থিত হিমন্ত বিশ্ব শর্মা । Himanta Biswa Sarma

প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পালন কৰিলে হিমন্ত বিশ্ব শৰ্মায়ে। মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ মাত্ৰ এসপ্তাহ পিছতেই প্ৰয়াত শিল্পী  জুবিন গাৰ্গৰ  শেষ ঠিকনা জুবিনক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জুবিনক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত শিল্পীগৰাকীৰ সমাধিস্থলত সেৱা জনোৱাৰ লগতে চলি থকা নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই সময়ত জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্যসকলৰ সৈতেও বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিনক্ষেত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে। প্ৰায় ৩ কোটি টকাৰ ব্যয়েৰে সমাধিক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ কৰা হ’ব। লগতে পাহাৰৰ পৰা মাটি খহি আহি যাতে সমাধিক্ষেত্ৰৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে বিশেষ সুৰক্ষামূলক ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰিও জুবিন গাৰ্গৰ মূল সমাধি নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

জুবিনক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয়, “জুবিনক লৈ ৰাজনীতি হোৱাৰ বাবেই মই ইমানদিন সমাধিক্ষেত্ৰলৈ অহা নাছিলোঁ। ইয়াত জুবিনতকৈ ৰাজনীতিৰ আলোচনা বেছি হৈছিল। কিন্তু এই স্থানতে শেষকৃত্য সম্পন্ন কৰিবলৈ আমিয়েই ইয়াত উপস্থিত আছিলোঁ। জুবিন গাৰ্গৰ সমাধিৰ স্থান নিৰ্ধাৰণ কৰিবলৈ মই প্ৰায় ১৫বাৰ এই স্থানলৈ আহিছোঁ।”

লগতে তেওঁ ভৱিষ্যতেও প্ৰয়াত শিল্পীগৰাকীক কেন্দ্ৰ কৰি কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ সকলো পক্ষক আহ্বান জনায়।

উল্লেখযোগ্য যে, অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰা জুবিনক্ষেত্ৰক লৈ ৰাজ্যজুৰি বিশেষ আবেগ দেখা গৈছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ আৰু ঘোষণাক বহুতে জুবিন অনুৰাগীৰ আবেগৰ প্ৰতি এক সন্মান হিচাপে বিবেচনা কৰিছে।

এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma:

এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma:
এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma:

Himanta Biswa Sarma: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে Himanta Biswa Sarma নেতৃত্বাধীন অসম চৰকাৰে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পেঞ্চন কেছ নিষ্পত্তি নকৰিলে সংশ্লিষ্ট বিষয়াৰ দৰমহাৰ পৰা জৰিমনা কৰ্তনৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰশাসনিক ব্যৱস্থাত অধিক কঠোৰতা আনিবলৈ উদ্যোগী হৈছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। বিশেষকৈ পেঞ্চন কেছ নিষ্পত্তিত দীৰ্ঘদিন ধৰি হোৱা বিলম্বক কেন্দ্ৰ কৰি এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসম চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ২৩ জুন, ২০০৩ তাৰিখে জাৰি কৰা SOP আৰু নিৰ্ধাৰিত সময়সীমা উলংঘা কৰি যিবোৰ কাৰ্যালয়ে পেঞ্চন কেছ নিষ্পত্তিত অনাহক পলম কৰিব, সেই কাৰ্যালয়ৰ মুৰব্বী আৰু দায়িত্বত থকা বিষয়াসকলৰ ওপৰত আৰ্থিক জৰিমনা আৰোপ কৰা হ’ব।

চৰকাৰী নিৰ্দেশনা অনুসৰি, বিলম্ব হোৱা পেঞ্চন কেছসমূহৰ এখন তালিকা Kritagyata প’ৰ্টেলৰ জৰিয়তে মাহিলী ভিত্তিত প্ৰস্তুত কৰা হ’ব। এই তালিকাৰ প্ৰতিলিপি সংশ্লিষ্ট জিলা আয়ুক্ত, বিভাগীয় জ্যেষ্ঠ সচিব আৰু সংশ্লিষ্ট কাৰ্যালয়ৰ মুৰব্বীসকললৈ প্ৰেৰণ কৰা হ’ব।

বিশেষকৈ পেঞ্চন প্ৰক্ৰিয়াকৰণৰ প্ৰতিটো পৰ্যায়ত দায়িত্বত থকা বিষয়াসকলৰ দৰমহাৰ পৰা প্ৰতিদিনে ২৫০ টকাকৈ কৰ্তনৰ ব্যৱস্থা কৰা হৈছে। এই কৰ্তনৰ পৰিমাণ সৰ্বাধিক ৫ হাজাৰ টকালৈ বৃদ্ধি পাব পাৰে। FinAssam প’ৰ্টেলৰ জৰিয়তে এই জৰিমনাৰ ধন পোনপটীয়াকৈ দৰমহাৰ বিলৰ পৰা কৰ্তন কৰা হ’ব বুলি চৰকাৰে স্পষ্ট কৰিছে।

ইফালে, ড্ৰয়িং এণ্ড ডিচবাৰ্চিং অফিচাৰ (DDO)সকলক এই ব্যৱস্থা কঠোৰভাৱে ৰূপায়ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। কৰ্তন কৰা দৰমহাৰ তালিকাও ARTPPG বিভাগলৈ প্ৰেৰণ কৰিব লাগিব।

চৰকাৰে স্পষ্টকৈ জনাইছে যে পেঞ্চন কেছ নিষ্পত্তিত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব। সেয়ে সকলো বিভাগ, সঞ্চালকালয় আৰু অধীনস্থ কাৰ্যালয়সমূহক নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে।

অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ চৰকাৰী মহলত ইতিমধ্যে ব্যাপক চর্চা আৰম্ভ হৈছে। বহুতে ইয়াক প্ৰশাসনিক দায়বদ্ধতা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে।

ডেৰ বছৰৰ অপেক্ষাৰ অন্তত ইৰান-আমেৰিকাৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মোদী-ট্ৰাম্পৰ বৈঠকৰ সম্ভাৱনা..

ডেৰ বছৰৰ অপেক্ষাৰ অন্তত ইৰান-আমেৰিকাৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মোদী-ট্ৰাম্পৰ বৈঠকৰ সম্ভাৱনা..
ডেৰ বছৰৰ অপেক্ষাৰ অন্তত ইৰান-আমেৰিকাৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মোদী-ট্ৰাম্পৰ বৈঠকৰ সম্ভাৱনা..

ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে পুনৰ এবাৰ বিশ্ব ৰাজনীতিত গুৰুত্ব লাভ কৰিছে ভাৰত-আমেৰিকা সম্পৰ্কই। অহা জুন মাহত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী Narendra Modi আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি Donald Trumpৰ মাজত এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই কূটনৈতিক মহলত বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

১৫ জুনৰ পৰা ১৭ জুনলৈ ফ্ৰান্সত অনুষ্ঠিত হ’ব জি-৭ শীৰ্ষ সন্মিলন। ফৰাচী চৰকাৰে ইতিমধ্যে নিশ্চিত কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। আনহাতে, আমেৰিকাৰ সংবাদ মাধ্যম “এক্সিয়ছ”ৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ফলত বিশ্বৰ দুটা প্ৰধান গণতান্ত্ৰিক শক্তি ভাৰত আৰু আমেৰিকাৰ শীৰ্ষ নেতাদ্বয়ৰ সম্ভাৱ্য সাক্ষাৎক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত যথেষ্ট আগ্ৰহ দেখা গৈছে।

বিশেষকৈ ইৰান-আমেৰিকা উত্তেজনা, চীনক কেন্দ্ৰ কৰি বিশ্ব শক্তিসমূহৰ নতুন কৌশল আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা প্ৰযুক্তি খণ্ডৰ দ্ৰুত পৰিৱৰ্তনৰ মাজতে এই বৈঠকখন অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে। প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে এইবাৰৰ জি-৭ বৈঠকত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (এআই), বৈশ্বিক বাণিজ্য, অপৰাধ নিয়ন্ত্ৰণ আৰু চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব পাৰে।

আমেৰিকাই বিশ্বজুৰি নিজৰ প্ৰযুক্তিভিত্তিক এআই সঁজুলিৰ বিস্তাৰ কৰাৰ লগতে গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখলাত চীনৰ আধিপত্য কমোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত ভাৰতক এক শক্তিশালী কৌশলগত অংশীদাৰ হিচাপে দেখা হৈছে। কিয়নো ভাৰতেও নিজকে বিশ্বৰ এক বিকল্প উৎপাদন আৰু প্ৰযুক্তি কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত আগবাঢ়ি আছে।

ইফালে, প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণক লৈ কূটনৈতিক প্ৰস্তুতিও জোৰদাৰ হৈ উঠিছে। শেহতীয়াকৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S. Jaishankarয়ে ফৰাচী বৈদেশিক মন্ত্ৰী Jean-Noël Barrotৰ সৈতে সাক্ষাৎ কৰি জি-৭ সন্মিলনৰ কাৰ্যসূচী আৰু ভাৰতৰ ভূমিকা সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।

উল্লেখযোগ্য যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটন ডিচিত মোদী আৰু ট্ৰাম্পৰ অন্তিম সাক্ষাৎ অনুষ্ঠিত হৈছিল। ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ পিছত সেইটোৱেই আছিল দুই নেতাৰ প্ৰথম আনুষ্ঠানিক বৈঠক। হোৱাইট হাউছত অনুষ্ঠিত সেই বৈঠকত আঞ্চলিক নিৰাপত্তা, বাণিজ্য, প্ৰতিৰক্ষা সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বৰ দৰে বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল। প্ৰায় চাৰি ঘণ্টা ধৰি চলা সেই বৈঠকৰ অন্তত দুই নেতাই সংবাদ মাধ্যমৰ সন্মুখতো উপস্থিত হৈছিল।

ফ্ৰান্সত সম্ভাৱ্য এই নতুন বৈঠকখন এতিয়া কেৱল ভাৰত-আমেৰিকা সম্পৰ্কৰ ক্ষেত্ৰতেই নহয়, বিশ্ব ৰাজনীতিৰ ভৱিষ্যতৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিশেষকৈ এআই, প্ৰযুক্তি, বাণিজ্য আৰু চীনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা নতুন বৈশ্বিক সমীকৰণৰ মাজতে ভাৰত-আমেৰিকা সহযোগিতাই আগন্তুক দিনত নতুন ৰূপ লোৱাৰ সম্ভাৱনা দেখা গৈছে।

আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট মেচৰ বাবে ভাৰতীয় দল ঘোষণা BCCIৰ

আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট মেচৰ বাবে ভাৰতীয় দল ঘোষণা BCCIৰ
আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট মেচৰ বাবে ভাৰতীয় দল ঘোষণা BCCIৰ

আফগানিস্তান ODI ছিৰিজৰ বাবে দল ঘোষণা।

অধিনায়কৰ দায়িত্বত শুভমন গীল।

সহ অধিনায়কৰ দায়িত্বত শ্ৰেয়স আয়াৰ।

দলত আছে বিৰাট কোহলী, ৰোহিত শর্মা ঈশান কিষাণ, হার্দিক পাণ্ডিয়া, নীতিশ ৰেড্ডী ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদীপ সিং প্রিঞ্চ যাদৱ, প্রসিদ্ধ কৃষ্ণ, হৰ্ষ ডুবে, গুৰনূৰ ব্ৰাৰ।

জুনত অনুষ্ঠিত হ’ব মেচ।

গুৱাহাটীত অনুষ্ঠিত BCCIৰ বৈঠকত ঘোষণা দল ।

Beetroot: বীটৰুটৰ ৰাজধানী নামেৰে কোন কেইখন দেশ পৰিচিত? এই তালিকাত ভাৰতৰ স্থান কি…

বীটৰুটৰ ৰাজধানী নামেৰে কোন কেইখন দেশ পৰিচিত? এই তালিকাত ভাৰতৰ স্থান কি...
বীটৰুটৰ ৰাজধানী নামেৰে কোন কেইখন দেশ পৰিচিত? এই তালিকাত ভাৰতৰ স্থান কি...

বিশ্বৰ বহু দেশত (Beetroot) বীটৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয় আৰু ইয়াক তেওঁলোকৰ কৃষি ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। ভাৰতৰো কিছুমান ৰাজ্যত বিটৰ খেতি কৰে।

দীঘলীয়া শীতকাল আৰু ঠাণ্ডা জলবায়ু বীট খেতিৰ বাবে বিশেষভাৱে উপযোগী বুলি কোৱা হয়। তদুপৰি ৰাছিয়াৰ উৰ্বৰ মাটি আৰু বৃহৎ কৃষিক্ষেত্ৰৰ বাবে কৃষকসকলে বৃহৎ পৰিসৰত বীট খেতি কৰিব পাৰে। ভাৰতবৰ্ষত আমাৰ দৈনন্দিন খাদ্যত ৰঙা বীটৰ বহুল ব্যৱহাৰ হয়। চালাড, চূপ, ৰস, বহুতো পৰম্পৰাগত খাদ্যত ব্যৱহাৰ কৰা হয়। ইফালে বীট খেতি কৰা দেশৰ কথা আহিলে ৰাছিয়া শীৰ্ষ স্থানত আছে। ৰাছিয়াত দৈনিক খোৱা আৰু চেনি উৎপাদনৰ বাবে বীট ব্যৱহাৰ কৰা হয়।

ৰাছিয়াকে ধৰি বহু দেশত বীটৰ উৎপাদনে বৃহৎ পৰিমাণৰ চুগাৰ বীট উৎপাদনত যথেষ্ট অৰিহণা যোগায়। ইয়াৰ দ্বাৰা এই দেশসমূহৰ কৃষি অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়। ৰাছিয়াৰ উপৰিও আমেৰিকা, জাৰ্মানী, ফ্ৰান্স, ইউক্ৰেইন, পোলেণ্ড, ব্ৰিটেইন, ইজিপ্ত, ইৰাণৰ দৰে দেশসমূহেও বীট উৎপাদনত উল্লেখযোগ্য ভূমিকা পালন কৰে। এই দেশসমূহত বীট চেনি উৎপাদনৰ বাবে আৰু পোনপটীয়াকৈ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। চুগাৰ বিট উৎপাদকৰ তালিকাত ভাৰতৰ স্থান ত্ৰয়োদশ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি চুগাৰ বিট উৎপাদকৰ তালিকাত ৰাছিয়া শীৰ্ষ স্থানত আছে। ৰাছিয়াই বছৰি ৫ কোটি টনতকৈ অধিক চেনি বুট উৎপাদন কৰে। ক্ৰাছনোডাৰ, কুৰ্স্ক, বেলগ’ৰডৰ দৰে অঞ্চলক বীট খেতিৰ প্ৰধান কেন্দ্ৰ বুলি গণ্য কৰা হয়। ইয়াত উৎপাদিত চুগাৰ বীট দেশৰ চেনি উদ্যোগৰ মেৰুদণ্ড হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও ইয়াক “borscht”ৰ দৰে পৰম্পৰাগত ৰাছিয়ান খাদ্যত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

বিশ্বৰ শীৰ্ষ ৫ খন বীট উৎপাদনকাৰী দেশ-
১/ ৰাছিয়া
২/ আমেৰিকা
৩/ জাৰ্মানী
৪/ ফ্ৰান্স
৫/ তুৰস্ক

নৈৰ গৰা খহাদি খহিছে ভাৰতীয় টকাৰ মূল্যঃ ডলাৰৰ বিপৰীতে ক্ৰমে কমিছে মুদ্ৰাৰ মান

ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য প্ৰথমবাৰৰ বাবে ৯৬.৩০লৈ হ্ৰাস
ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য প্ৰথমবাৰৰ বাবে ৯৬.৩০লৈ হ্ৰাস

নৈৰ গৰা খহাদি খহিছে ভাৰতীয় টকাৰ মূল্য৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য প্ৰথমবাৰৰ বাবে ৯৬.৩০লৈ হ্ৰাস পাইছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০ ডলাৰৰ ওপৰত বৃদ্ধি আৰু পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰত পৰিছে৷ সোমবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে অভিলেখ সৃষ্টি কৰাত টকাৰ দৰ হ্ৰাস পায়৷ ডলাৰৰ বিপৰীতে ৯৬.২০লৈ হ্ৰাস পাইছে টকা৷ পিছত আৰু অধিক হ্ৰাস পাই ৯৬.২৫লৈ নামি আহিল, যিটো ভাৰতীয় মুদ্ৰাৰ এতিয়ালৈকে সৰ্বনিম্ন স্তৰ৷ পূৰ্বৰ ছেছনত ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৯৫.৯৬ টকা৷ শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মুদ্ৰা ৯৬১ তললৈ নামিছিল৷

২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ইৰাণ-আমেৰিকা-ইজৰাইল যুদ্ধৰ পিছত এছিয়াৰ ভিতৰতে ভাৰতীয় টকা আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা মুদ্ৰা হিচাপে পৰিগণিত হৈছে৷ এই সময়ছোৱাত টকাৰ মূল্য প্ৰায় প্ত.প্ত শতাংশ হ্ৰাস পাইছে৷ চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা মুঠ হ্ৰাস জ্জ শতাংশতকৈও অধিক৷ বজাৰৰ সূত্ৰ অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা শুকুৰবাৰে বজাৰত হস্তক্ষেপ কৰি টকাৰ পতন ৰোধ কৰে৷ বিশেষজ্ঞসকলৰ মতে যদিও সাময়িকভাৱে সকাহ পাইছিল, তথাপিও খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় বেংকে সঘনাই বজাৰত প্ৰৱেশ কৰিবলগীয়া হৈছে৷ ইফালে আমেৰিকাৰ ১০ বছৰৰ ট্ৰেজাৰীৰ ফলন চ্ছ্ৰ.৬২৫ শতাংশলৈ বৃদ্ধি পাইছে৷ তেলৰ মূল্য বৃদ্ধিৰ ফলত মূল্যবৃদ্ধিৰ আশংকা বৃদ্ধি পোৱাৰ লগতে ট্ৰেজাৰী বণ্ডৰ বিক্ৰীৰ চাপো বৃদ্ধি পাইছে৷ ইউৰোপ, ব্ৰিটেইন আৰু জাপানতো বণ্ডৰ উৎপাদন বৃদ্ধি পাইছে৷

বিশ্লেষকসকলৰ মতে ইৰাণ-আমেৰিকাৰ যুদ্ধ পৰিস্থিতি, হৰমুজ প্ৰণালীত অস্থিৰতা আৰু ইন্ধনৰ বৈশ্বিক সৰবৰাহৰ অনি(য়তাই ভাৰতীয় বৈদেশিক মুদ্ৰাৰ বজাৰত প্ৰত্যক্ষ চাপ পেলাইছে৷ আনহাতে, টকাৰ অভিলেখ হ্ৰাসৰ সমান্তৰালকৈ সোমবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰো ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ বজাৰ মুকলি হোৱাৰ পিছত চেন্সে’ৰ মূল্য প্ৰায় ৯৫০ পইণ্ট হ্ৰাস পায়৷ সামান্য সুস্থিৰ হোৱাৰ পিছত পুৱা ১০.৫০ বজাৰ ভিতৰতঃ চেন্সেক্স– ৭৪,৫৯২.৯৯ [৬৪৫ পইণ্ট বা ঙ্ম.৮৬ক্ম হ্ৰাস], নিফ্‌টিঃ ২৩,৪৩৭.২০ [২০৬.৩০ পইণ্ট বা ঙ্ম.৮৭ক্ম হ্ৰাস], বেংক নিফটিতো যথেষ্ট হ্ৰাস দেখা গৈছে৷

ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰোৱাৰ নিৰ্দেশনা বাহাল

ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰোৱাৰ নিৰ্দেশনা বাহাল
ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰোৱাৰ নিৰ্দেশনা বাহাল

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়।

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে NGOৰ আবেদন।

ৰাজহুৱা স্থানৰ পৰা বাটৰুৱা কুকুৰ আঁতৰোৱাৰ নিৰ্দেশনা বাহাল।

আবেদন খাৰিজ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান।

সমগ্ৰ দেশত কুকুৰে কামোৰা ঘটনাক আওকাণ কৰিব নোৱাৰি বুলিও উল্লেখ।

এয়া ন্যায়পালিকাৰ প্ৰশংসনীয় পদক্ষেপ আৰু উৎকৃষ্ট ৰায়দান।

ৰাজহুৱা স্থানত ভয়-শংকা নোহোৱাকৈ নাগৰিকে চলাচল কৰিব পাৰিব বুলিও মন্তব্য।

মানুহৰ জীৱন আৰু সুৰক্ষালৈ অহা ভাবুকি প্ৰতিহত কৰাৰ বাবে এই নির্দেশ উচ্চতম ন্যায়ালয়ৰ।

ন্যায়াধীশ বিক্রম নাথ, সন্দীপ মেহতা আৰু এন ভি আঞ্জাৰীয়াৰ বিচাৰপীঠৰ এই ৰায়।

চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ

চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ
চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ

চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ।

চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ পশ্চিমবংগ চৰকাৰৰ।

পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিলে দায়িত্ব।

চিকেন নেকত এতিয়া তীক্ষ্ণ নিৰীক্ষণত ৰাখিব কেন্দ্ৰীয় চৰকাৰে।

উত্তৰ-পূবৰ দেশৰ মূল-ভূখণ্ডৰে যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিড’ৰ।

মহিলাৰ বাবে বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি

মহিলাৰ বাবে বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি
মহিলাৰ বাবে বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি

দীৰ্ঘদিন ধৰি দৰমহা বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰা আশা কৰ্মীসকলে কিছু অতিৰিক্ত সকাহ লাভ কৰিলে৷ কেবিনেটে তেওঁলোকৰ মাননিৰ ধন ৩ হাজাৰ টকাকৈ বৃদ্ধিত অনুমোদন জনাই মাহে ১২ হাজাৰ টকালৈ বৃদ্ধি কৰে৷ অহা চাৰি সপ্তাহৰ ভিতৰত অৱসৰ সম্পৰ্কীয় সুবিধাসমূহো ৰূপায়ণ কৰাৰ সম্ভাৱনা আছে৷

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিয়েই কেইবাখনো আচঁনি ঘোষণা কৰিলে ভিডি সতীশনে৷ কেৰালামৰ কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চৰকাৰে দায়িত্ব লোৱাৰ পিছতো কোনো সময় নষ্ট নকৰি সোমবাৰে প্ৰথমখন কেবিনেট বৈঠকত কল্যাণমূলক ব্যৱস্থাৰ ধাৰাবাহিকতা গ্ৰহণ কৰে৷ ৰাজ্যখনত আটাইতকৈ চৰ্চিত ঘোষণাটো আছিল ১৫ জুনৰ পৰা কাৰ্যকৰী হ’বলগীয়া কেএছ আৰটিচি বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ সুবিধা৷ নিৰ্বাচনৰ সময়ত ইউডিএফে দিয়া পাঁচটা নি(য়তাৰ ভিতৰত ই অন্যতম আছিল আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে ইয়াৰ দ্ৰুত কাৰ্যকৰীতাই সকলোকে আনন্দিত কৰিছে৷

অংগনবাড়ী কৰ্মী, কেটাৰিং ষ্টাফ, প্ৰাক-প্ৰাথমিক শিক্ষক আৰু আয়াহসকলক প্ৰত্যেককে ১০০০ টকাৰ মজুৰি বৃদ্ধিৰ অনুমতি দিয়া হৈছিল, সতীশনে লক্ষ্য কৰিছিল যে অধিক সুবিধা ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব৷ ভাৰতীয় যিকোনো ৰাজ্যৰ বাবে প্ৰথম পদক্ষেপ বুলি অভিহিত কৰা এক পদক্ষেপত চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে এক সুকীয়া বিভাগৰ কথা ঘোষণা কৰে৷ বৃদ্ধ যত্নৰ ক্ষেত্ৰত জাপানৰ পন্থাৰ আধাৰত মুখ্যমন্ত্ৰীয়ে কয় যে সেই আৰ্হিৰ বিশদ অধ্যয়ন দুমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ বৈঠকৰ অন্তত সতীশনে কয় যে, ‘এখন সমাজে নিজৰ বৃদ্ধসকলৰ লগত কেনে ব্যৱহাৰ কৰে তাৰ ওপৰত বিচাৰ কৰা হয়৷ জ্যেষ্ঠ নাগৰিকৰ যত্ন লোৱাৰ ক্ষেত্ৰত কেৰালা অতি সোনকালে আদৰ্শ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব৷’ ঘোষণাসমূহ কৰি সতীশনে কয় যে এখন বিশেষজ্ঞ সমিতিয়ে ৰাজ্যখনৰ বিত্তীয় বিষয়ত এখন শ্বেতপত্ৰ প্ৰস্তুত কৰিব৷

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথৰ হত্যাকাৰীক গ্ৰেপ্তাৰ
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথৰ হত্যাকাৰীক গ্ৰেপ্তাৰ।

হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজকুমাৰ সিঙক ৰাজপথৰ পৰাই গ্ৰেপ্তাৰ CBIৰ।

হৰিদ্বাৰৰ পৰা দিল্লীলৈ পলাই যোৱাৰ পথতে CBIৰ জালত ৰাজকুমাৰ।

উত্তৰ প্ৰদেশৰ বালিয়াৰ নিবাসী ধৃত অভিযুক্ত ৰাজকুমাৰ সিং।

আজি কলকাতাৰ আদালতত হাজিৰ কৰোৱা হ’ব ৰাজকুমাৰক।

৬ মে’ৰ নিশা বাইকত অহা আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল চন্দ্ৰনাথক।