Home Blog Page 30

আজি সমাজকৰ্মী পদ্মশ্ৰী ড০ বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী

আজি সমাজকৰ্মী পদ্মশ্ৰী ড০ বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী
আজি সমাজকৰ্মী পদ্মশ্ৰী ড০ বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী

অসমৰ এগৰাকী সমাজকৰ্মী পদ্মশ্ৰী ড০ বিৰুবালা ৰাভাৰ আজি মৃত্যু বাৰ্ষিকী।

কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২৪ চনৰ আজিৰ দিনটোতেই শেষ নিঃশ্বাস ত্যাগ কৰিছিল সমাজকৰ্মীগৰাকীয়ে।

সমাজৰ কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰে প্ৰতিবাদ কৰিছিল তেওঁ।

অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল ড০ বিৰুবালা ৰাভাই।

ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰ পৰা নোহোৱা কৰিবলৈ বাইদেৱে গ্ৰহণ কৰিছিল এক মহৎ পদক্ষেপ।

তেখেতৰ সাহস, সচেতনতা আৰু মনোবলে আজিৰ সমাজখনক যথেষ্ট প্ৰেৰণা যোগাইছে।

তেখেতৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও স্মৰণ কৰে সমাজকৰ্মীগৰাকীক।

২০২১ চনত ভাৰত চৰকাৰে প্ৰদান কৰিছিল পদ্মশ্ৰী সন্মান।

আজি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

আজি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক
আজি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

আজি বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2.0 চৰকাৰৰ প্ৰথম খন কেবিনেট।

বিয়লি ২ বজাত অনুষ্ঠিত হ’ব বৈঠক।

কইনাধৰাত অনুষ্ঠিত হ’ব প্ৰথমখন কেবিনেট বৈঠক।

২২ মে’ৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণ।

২১, ২২ মে’ত বিধানসভাৰ বিধায়কৰ দুদিনীয়া শপত গ্রহণ।

৭-১০ গৰাকী বিধায়কে স্থান লাভ কৰাৰ সম্ভাৱনা।

৩-৪ খন নতুন মুখে স্থান পোৱাৰ সম্ভাৱনা।

কবি জোনমণি দাসৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

কবি জোনমণি দাসৰ বিয়োগত অসম সাহিত্য সভাৰ শোক
কবি জোনমণি দাসৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

জনপ্ৰিয় অসমীয়া কবি, শিশু সাহিত্যিক জোনমণি দাসৰ আজি ১২ মে’, ২০২৬ তাৰিখে অকাল বিয়োগ ঘটে। তেওঁ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। স্বপ্নবাক বৰষুণ, জলস্তম্ভ, উৰণীয়া ছাঁ, নিনাদিত নিৰ্জনতা শীৰ্ষক কেইবাখনো গ্ৰন্থৰে সাহিত্য জগতলৈ অৱদান আগবঢ়াই যোৱা দাসৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধনসম্পাদক দেৱজিৎ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে ৷

কাকতলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধানসম্পাদকে শ্ৰদ্ধেয় জোনমণি দাসৰ বিয়োগত সমগ্ৰ অসমৰ কাব্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। সভাই মহান ব্যক্তিগৰাকীৰ পৱিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷।

মৈৰাবাৰীত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন

মৈৰাবাৰীত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন
মৈৰাবাৰীত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন

মৈৰাবাৰীত উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস।

প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয় এই দিনটো।

বিশ্বজুৰি নাৰ্ছসকলৰ অৱদান, ত্যাগ আৰু সেৱাক সন্মান জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা হয় আজিৰ নাৰ্ছ দিৱস।

মৈৰাবাৰী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নাৰ্ছ দিৱসত মৈৰাবাৰী CHC আৰু উলুবাৰী NEW PHC’ৰ অন্তৰ্গত A.N.M বাইদেউ সকলৰ উদ্যোগত অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানটোত অঞ্চলৰ নাৰ্ছ সকলে ফ্লোৰেন্সৰ জন্মদিন বন্তি প্ৰজ্বলন আৰু কেক কটাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে।

উক্ত অনুষ্ঠানটোত উপস্থিত থাকে লাহৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া চিত্তৰঞ্জন হালদাৰ, লাহৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰবন্ধক বিষয়া বিদ্যুৎ বৰা, উলুবাৰী New Phc’ৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া আবু ছায়ীদকে আদি কৰি মৈৰাবাৰী আৰু লাহৰিঘাটৰ স্বাস্থ্য কৰ্মী সকল।

বাতিল হ’ল NEETৰ পৰীক্ষাঃ শীঘ্ৰে পুনৰ ঘোষণা হ’ব পৰীক্ষাৰ সূচী

বাতিল হ’ল NEETৰ পৰীক্ষাঃ শীঘ্ৰে পুনৰ ঘোষণা হ’ব পৰীক্ষাৰ সূচী
বাতিল হ’ল NEETৰ পৰীক্ষাঃ শীঘ্ৰে পুনৰ ঘোষণা হ’ব পৰীক্ষাৰ সূচী

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল।

৩ মে’ত অনুষ্ঠিত হৈছিল NEET পৰীক্ষা।

প্রশ্নকাকত ফাদিলৰ পাছতে বাতিল পৰীক্ষা।

ঘটনাৰ তদন্তৰ বাবে CBIক দায়িত্ব।

শীঘ্ৰে পুনৰ ঘোষণা কৰা হ’ব পৰীক্ষাৰ সূচী।

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত ১৫জনক আটক।

জয়পুৰৰ পৰা আটক ঘটনাৰ মূল মাষ্টাৰমাইণ্ড মনীষক।

ঘটনাৰ তদন্তৰ বাবে CBIক দায়িত্ব।

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱালে শপত বাক্য।

শপতগ্ৰহণ সমাৰোহত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিতি থাকে।

অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰৰ শপতগ্ৰহণ।

মন্ত্ৰীৰূপে শপত ল’লে বোকাখাতৰ অগপ বিধায়ক অতুল বৰাই।

মন্ত্ৰীৰূপে শপত ল’লে দুলীয়াজানৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে।

আনহাতে বড়ো ভাষাত মন্ত্ৰীৰূপে শপত ল’লে মাজবাটৰ BPF বিধায়ক চৰণ বড়োৱে।

মন্ত্ৰীৰূপে শপতগ্ৰহণ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ।



খানাপাৰাৰ শপতগ্ৰহণস্থলীত চাঞ্চল্যকৰ ঘটনাঃ উদ্ধাৰ সক্ৰিয় গুলী…

খানাপাৰাৰ শপতগ্ৰহণস্থলীত চাঞ্চল্যকৰ ঘটনাঃ উদ্ধাৰ সক্ৰিয় গুলী
খানাপাৰাৰ শপতগ্ৰহণস্থলীত চাঞ্চল্যকৰ ঘটনাঃ উদ্ধাৰ সক্ৰিয় গুলী

খানাপাৰাৰ শপতগ্ৰহণস্থলীত চাঞ্চল্যকৰ ঘটনা।

এজন লোকৰ পৰা উদ্ধাৰ সক্ৰিয় গুলী।

লোকজনৰ পৰা উদ্ধাৰ এজাঁই সক্ৰিয় গুলী।

কিহৰ কাৰণে লোকজনে গুলী আনিছিল সেয়া হোৱা নাই স্পষ্ট।

লোকজনক আটক কৰি তদন্ত চলাইছে আৰক্ষীয়ে।

তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব NDA মিত্ৰজোঁটে…

তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব NDA মিত্ৰজোঁটে...
তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব NDA মিত্ৰজোঁটে...

তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব NDA মিত্ৰজোঁটে।

আজি খানাপাৰা খেলপথাৰত শপতগ্ৰহণ সমাৰোহ।

শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত।

সমাৰোহত অংশ ল’ব গৃহমন্ত্রী, প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতিয়ে।

উপস্থিত থাকিব NDA শাসিত ২২ ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী লগতে অনুষ্ঠানত অংশ ল’ব দেশৰ কেইবাগৰাকীও উদ্যোগপতিয়ে।

১৭ সত্ৰাধিকাৰসহ ৭০ গৰাকী ধৰ্মগুৰুৱেও অংশ ল’ব সমাৰোহ।

শপতগ্ৰহণ সমাৰোহত সমবেত হ’ব প্রায় ১ লাখ লোক।

ন-পুৰণি শিল্পীৰ কণ্ঠত প্রাণ পাই উঠিব ‘ছহিদ প্রণামো তোমাক’।

লাখ লাখ জনতাৰ আশীষ লৈ আজি পুনৰ মুখ্যমন্ত্রী হ’ব ড০ হিমন্ত বিশ্ব শর্মা।

আজি খানাপাৰাত বিশাল শপত গ্রহণ অনুষ্ঠান।

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই

আজি মুখ্যমন্ত্রীসহ ৪ গৰাকী মন্ত্ৰীয়ে ল’ব শপত।

শপত ল’ব ৰামেশ্বৰ তেলী, অজন্তা নেওগে অগপৰ সভাপতি অতুল বৰায়ো মন্ত্রী হিচাপে ল’ব শপত।

মন্ত্রী হিচাপে শপত ল’ব BPFৰ চৰণ বড়োৱে বিধানসভাৰ অধ্যক্ষ হ’ব ৰণজিৎ কুমাৰ দাসে।


পুনৰ আৰম্ভ হ’ব নেকি ‘ৱৰ্ক ফ্ৰম হোম’?। Narendra Modi

পুনৰ আৰম্ভ হ’ব নেকি 'ৱৰ্ক ফ্ৰম হোম’?। Narendra Modi
পুনৰ আৰম্ভ হ’ব নেকি 'ৱৰ্ক ফ্ৰম হোম’?। Narendra Modi

পশ্চিম এছিয়াত চলি থকা যুদ্ধ পৰিস্থিতিৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত চাপ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী Narendra Modiয়ে। দেওবাৰে তেলেংগানাৰ ছেকেন্দ্ৰাবাদত অনুষ্ঠিত এখন জনসভাত ভাষণ প্ৰদান কৰি দেশবাসীক পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে পুনৰ ‘ৱৰ্ক ফ্ৰম হোম’ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ক’ৰোনা মহামাৰীৰ সময়ৰ কথা সোঁৱৰাই দি মোদীয়ে কয় যে সেই সময়ত দেশজুৰি অনলাইন মিটিং, ভিডিও কনফাৰেন্স আৰু ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা সফলভাৱে চলিছিল। সেই অভ্যাস পুনৰ আৰম্ভ কৰিলে দেশৰ বহু উপকাৰ হ’ব বুলি মন্তব্য কৰে তেওঁ।

প্ৰধানমন্ত্ৰীয়ে কয়, “আমি ক’ৰোনাৰ সময়ত ৱৰ্ক ফ্ৰম হোম কৰিছিলোঁ। অনলাইন মিটিং, ভিডিও কনফাৰেন্স কৰিছিলোঁ। সেইবোৰ আমাৰ অভ্যাসত পৰিণত হৈছিল। এতিয়া সেই ব্যৱস্থাসমূহ পুনৰ আৰম্ভ কৰিলে দেশৰ উপকাৰ হ’ব। ৱৰ্ক ফ্ৰম হোম, অনলাইন কনফাৰেন্স আৰু ভাৰ্চুৱেল মিটিংসমূহক পুনৰ গুৰুত্ব দিব লাগিব।”

ইয়াৰ লগতে পশ্চিম এছিয়াৰ অস্থিৰ পৰিস্থিতিৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু বৈদেশিক মুদ্ৰাৰ ওপৰত চাপৰ কথাও উল্লেখ কৰে মোদীয়ে। তেওঁ দেশবাসীক অপ্রয়োজনীয়ভাৱে পেট্ৰ’ল-ডিজেল ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই কয় যে ই দেশৰ বৈদেশিক মুদ্ৰা সংৰক্ষণত সহায়ক হ’ব।

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে দেশজুৰি পুনৰ ‘ৱৰ্ক ফ্ৰম হোম’ ব্যৱস্থা আৰম্ভ হ’ব নেকি, সেই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী থালাপতি বিজয়, ফোনযোগে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী থালাপতি বিজয়, ফোনযোগে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী থালাপতি বিজয়, ফোনযোগে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জনপ্ৰিয় চলচ্চিত্ৰ তাৰকা Vijay-এ। ১০ মে’ত চেন্নাইৰ Jawaharlal Nehru Stadiumত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্যপাল R. N. Ravi-এ বিজয়ক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী Narendra Modi-এ ফোনযোগে থালাপতি বিজয়ক অভিনন্দন জ্ঞাপন কৰে। সূত্ৰৰ খবৰ অনুসৰি, দেওবাৰে দুয়োগৰাকী নেতাৰ মাজত হোৱা ফোনালাপত প্ৰধানমন্ত্ৰীয়ে বিজয়ৰ সফল কাৰ্যকাল কামনা কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰই পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ক শুভেচ্ছা জনাইছিল। তেওঁ কয় যে, জনসাধাৰণৰ কল্যাণ আৰু তামিলনাডুৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি যাব।

উল্লেখযোগ্য যে, Tamilaga Vettri Kazhagam (TVK)-ৰ প্ৰতিষ্ঠাপক নেতা বিজয়ে ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই ইতিহাস সৃষ্টি কৰে। ২৩৪খন আসনৰ ভিতৰত ১০৮খন আসনত জয়লাভ কৰি দলটোৱে বৃহত্তম শক্তি হিচাপে আত্মপ্ৰকাশ কৰে। যদিও একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, তথাপিও কংগ্ৰেছ, CPI, CPI(M), VCK আৰু Indian Union Muslim League-ৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

বিজয়ৰ সৈতে TVK-ৰ ৯গৰাকী নেতাও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল এন আনন্দ, আধৱ অৰ্জুন, কেএ চেনগোত্তাইয়ান, কেজি অৰুণৰাজ, পি ভেংকটৰমণন, আৰ নিৰ্মলকুমাৰ, ৰাজমোহন, টি কে প্ৰভু আৰু এছ কীৰথানা। অনুষ্ঠানৰ পূৰ্বে বিজয়ে ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰি মনোনীত মন্ত্ৰীসকলক পৰিচয় কৰাই দিয়ে।

‘থালাপতি’ নামেৰে জনপ্ৰিয় বিজয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিপুল জনসমাগমেৰে সমগ্ৰ তামিলনাডুত ব্যাপক সঁহাৰি লাভ কৰিছিল। ৰাজনৈতিক বিশ্লেষকসকলে তেওঁৰ ৰাজনৈতিক উত্থানক প্ৰাক্তন মুখ্যমন্ত্ৰী M. G. Ramachandran-ৰ ৰাজনৈতিক যাত্ৰাৰ সৈতে তুলনা কৰিছে। চলচ্চিত্ৰ জগতৰ পৰা ৰাজনীতিলৈ তেওঁৰ এই উত্তৰণক তামিলনাডুৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন অধ্যায় হিচাপে গণ্য কৰা হৈছে।