Home Blog Page 29

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

আহোম জনগোষ্ঠীটোৰ কাৰণে পূৰ্বৰ চৰকাৰে কোনো কাম কৰা নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আহোম জনসাধাৰণৰ বাবে যথেষ্ট কাম কৰিছে। সেয়েহে তেওঁক আমি আদৰণি জনাইছোঁ: আটাছুৰ সভাপতি মিলন বৰগোহাঁই আমি আশাবাদী যে এইখন চৰকাৰে পৰৱৰ্তী সময়ত আহোমৰ দাবীসমূহ সফলতাৰে পুৰণ কৰিব : মিলন বৰগোহাঁই

মহানগৰীৰ Novotel হোটেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত আটাছুৰ সভাপতি মিলন বৰগোহাঁই, আহোম সভা, টাইপা, আহোম সেনা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, ফুৰালুং সংঘ, আহোম জাতীয় গণ মঞ্চ, বিভিন্ন বংশাৱলী আদিৰ নেতৃবৃন্দ উপস্থিত আছিল। বৈঠকত আহোম জনগোষ্ঠীৰ বিভিন্ন দাবী-দাওয়া আলোচনা কৰা হয়। আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ মূল দাবী লৈ আটাছুৰ সভাপতি মিলন বৰগোহাঁইয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিছে। বিগত চৰকাৰে দাবীসমূহ গুৰুত্ব দিয়া নাছিল যদিও বৰ্তমান চৰকাৰে ৰংঘৰ সংৰক্ষণসহ বহু দাবী পূৰণ কৰিছে।

আহোম জনগোষ্ঠীটোৰ কাৰণে পূৰ্বৰ চৰকাৰে কোনো কাম কৰা নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আহোম জনসাধাৰণৰ বাবে যথেষ্ট কাম কৰিছে সেয়েহে তেওঁক আমি আদৰণি জনাইছোঁ। আমি আশাবাদী যে এইখন চৰকাৰে পৰৱৰ্তী সময়ত আহোমৰ দাবীসমূহ সফলতাৰে পুৰণ কৰিব। লগতে এই বৈঠকৰ অন্ততঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰি কয় যে, আহোম জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে আজি বৈঠকত মিলিত হৈছোঁ। নিৰ্বাচন বিধি বলবৎ হোৱাৰ বাবে মোৰ আৱাসত বৈঠক কৰা নাই। অনানুষ্ঠানিক ভাৱে বৈঠক কৰিছোঁ, চৰকাৰী কোনো কথা আলোচনা হোৱা নাই। অসমত বিগত ৫ বছৰত আইন শৃংখলা পৰিস্থিতি উন্নতি হৈছে। সেই বাবে নিৰ্বাচনী আয়োগে এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। নিৰ্বাচন পৰিচালনা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে আলোচনাত বহিব। ফলাফল কেনকুৱা হ’ব নকওঁ কিন্তু ১০৩ খন আসনত আমি ভালকৈ প্ৰতিদ্বন্দিতা কৰিম। কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ সন্দৰ্ভত কথা নকওঁ। আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ নাৰাখোঁ। মোৰ ভৱিষ্যত বাণীত মই অটল আছোঁ। অগপ দলক কিমান আসন দিব পাৰিম স্পষ্টকৈ কোৱা হৈছে। কিবা আসোঁৱাহ থাকিলে যুক্তিসহ অমিত শ্বাহ ডাঙৰীয়ালৈ পঠাবলৈ কোৱা হৈছে। সংসদীয় বোৰ্ডত এই সন্দৰ্ভত আলোচনা কৰা হ’ব। এটা ৰাজনৈতিক দলে নিজৰ ভেটি চাই নিৰ্বাচন খেলিব লাগে। নহ’লে কংগ্ৰেছক সহায় কৰা হ’ব। বিজেপি, অগপ এ কিমান পালে হিচাপ কৰি লাভ নাই। হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে NDA হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে।

Himanta Biswa Sarma: ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক

Himanta Biswa Sarma: ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক
Himanta Biswa Sarma: ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক

আগন্তুক ২০২৬ (Himanta Biswa Sarma) চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এক গুৰুত্বপূৰ্ণ প্ৰাক্‌-নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে দ্য নিউজ টেব আৰু আইএনডি চইচ গ্ৰুপ নামৰ সংস্থাই৷ ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক৷ সামগ্ৰিক সমীক্ষা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই ৫২%, গৌৰৱ গগৈয়ে ৩৬% ভোট লাভ কৰিছে৷ এই সমীক্ষাত পুনৰবাৰ ক্ষমতা লাভৰ দিশে আগবাঢ়ি আছে এনডিএ জোঁট৷ উল্লেখ্য যে দ্য নিউজ টেবৰ প্ৰাক্‌ নিৰ্বাচনী সমীক্ষা অনুসৰি ১২৬টা বিধানসভা সমষ্টিত এনডিএ জোঁটে প্ৰায় ৯৫১ পৰা ১০০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷

আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন জোঁটৰ সম্ভাব্য আসন ১০১ পৰা ১৩খনৰ ভিতৰত সীমাবদ্ধ আৰু এআইইউডিএফৰ ফলাফলো এইবাৰ যথেষ্ট দুৰ্বল হ’ব পাৰে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷ সমীক্ষা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়ি আছে৷ প্ৰায় ৫৬ শতাংশ ভোটাৰে তেওঁক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে৷ আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে লাভ কৰিছে প্ৰায় ৩৮ শতাংশ সমৰ্থন৷ আনহাতে, আইএনডি চইচ গ্ৰুপ নামৰ সংস্থাই প্ৰকাশ কৰা সমীক্ষা অনুসৰি বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত মুখ্যমন্ত্ৰী পছন্দৰ ক্ষেত্ৰত উল্লেখযোগ্য পাৰ্থক্য দেখাবলৈ পোৱা গৈছে৷

পুৰুষ ভোটাৰৰ মাজত ৫৬ শতাংশই হিমন্ত বিশ্ব শৰ্মাক, ৩৩ শতাংশই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰে৷ লগতে, মহিলা ভোটাৰৰ মাজত এই সমৰ্থন আৰু অধিক হোৱা দেখা গৈছে৷ সমীক্ষা অনুসৰি ৬৬ শতাংশ মহিলা ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক, ১৮ শতাংশই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে৷ যুৱ ভোটাৰৰ মাজতো হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা অধিক হোৱা দেখিবলৈ পোৱা যায়৷ লগতে, প্ৰতিটো সমীক্ষাতে মুছলমানৰ প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম গৌৰৱ গগৈ৷ আনহাতে, সমগ্ৰ পৰিস্থিতি বিশ্লেষণ কৰিলে অনুমান কৰিব পাৰি যে এই মুহূৰ্তত ৰাজনৈতিক সমীকৰণত এনডিএ আগবাঢ়ি আছে৷

অসমক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আমি পণ ল’ব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসমক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আমি পণ ল'ব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
অসমক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আমি পণ ল'ব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসমত শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছ তথা মিত্ৰজোঁটৰ অংশীদাৰী দল অগপ, বিপিএফ আৰু এআইইউডিএফ, বাঁওপন্থী আৰু ইউপিপিএলৰ দৰে আঞ্চলিক দলৰ মাজত আন এক তীব্ৰ যুঁজৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল হৈছে৷ উল্লেখ্য, বিগত ১০ বছৰে কংগ্ৰেছে ৰাজ্যৰ বিৰোধী পক্ষত থকাৰ বিপৰীতে বিজেপিয়ে দুটা কাৰ্যকালৰ বাবে ক্ষমতাত থাকিল৷ প্ৰথম কাৰ্যকালত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে দ্বিতীয় কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ নেতৃত্ব দিছে৷ শৰ্মাক নেতৃত্বত লৈ পুনৰবাৰ নিৰ্বাচনলৈ ওলাইছে বিজেপি৷ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে ৰাজ্যখনে একক পৰ্যায়ত ভোটদান কৰিব৷ ৰাজ্য পুনৰ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত ৰাজনৈতিক যুঁজৰ সাক্ষী হ’ব৷ ৰাজ্যৰ বিধানসভাত ১২৬খন আসন আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে আসন পাব লাগিত ৬৪খন৷ ইচিআইৰ তথ্য অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি, য’ত প্ৰায় ১.২৫ কোটি পুৰুষ ভোটাৰ, ১.২৫ কোটি মহিলা ভোটাৰ আৰু ৩৪৩জন তৃতীয় লিংগৰ ভোটাৰ আছে৷ অসমত নিৰ্বাচনৰ বাবে ১৬ মাৰ্চত অধিসূচনা জাৰি কৰাৰ লগতে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ, মনোনয়ন-পত্ৰ পৰীক্ষাৰ তাৰিখ ২৪ মাৰ্চ, প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২৩ মাৰ্চ, ৯ এপ্ৰিলত ভোটদান, ৪ মে’ত গণনা, ৬ মে’ত সম্পূৰ্ণ হ’ব নিৰ্বাচন৷ উল্লেখ্য, অসমৰ ১২৬খন বিধানসভা আসনৰ ভোটগণনা চ্ছ্ৰ মে’ত হ’ব৷ বিগত বিধানসভা নিৰ্বাচনত ২ মে’ত ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ ফলাফল৷

এইবাৰ অসমত মূল প্ৰাৰ্থীৰ ভিতৰত আছে হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, ৰি?ত দাস, অতুল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু, অশোক সিংহল, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা, পীয়ূষ হাজৰিকা, অজন্তা নেওগ, অখিল গগৈ, লুৰীণজ্যোতি গগৈকে ধৰি বহু প্ৰাৰ্থী৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৯খন আসন লাভ কৰিছিল৷ অগপই ৯ খন, ইউপিপিএলে ৬খন, বিপিএফে ৪ খন আৰু এআইইউডিএফে ১৫খন আসনত জয়লাভ কৰিছিল৷


গৌৰৱ গগৈৰ অহংকাৰ আৰু ৰকিবুল হুছেইনৰ দম্ভালিৰ বাবে সম্ভৱ নহ’ল মিত্ৰতাঃ অখিল গগৈ

গৌৰৱ গগৈৰ অহংকাৰ আৰু ৰকিবুল হুছেইনৰ দম্ভালিৰ বাবে সম্ভৱ নহ’ল মিত্ৰতাঃ অখিল গগৈ
গৌৰৱ গগৈৰ অহংকাৰ আৰু ৰকিবুল হুছেইনৰ দম্ভালিৰ বাবে সম্ভৱ নহ’ল মিত্ৰতাঃ অখিল গগৈ

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ১২ কোটি ২৩ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া শিৱসাগৰ আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিছত স্থানীয় আৱৰ্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি অখিল গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে৷ বিধায়ক গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈৰ অহংকাৰ আৰু ৰকিবুল হুছেইনৰ দম্ভালিৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত মিত্ৰতা সম্পন্ন নোহোৱা বুলি গগৈয়ে জানিবলৈ দিয়ে৷ কংগ্ৰেছ দলে ৰাইজৰ দলক ‘ৰাম ঠগন’ দিয়া বুলি উল্লেখ কৰি কয় যে পোন্ধৰখন আসনৰ পৰা তেৰখন আসনলৈ বুজাপৰাৰ প্ৰস্তাৱ দিয়াৰ পিছতো দৈনিক নিত্য-নতুন চৰ্ত আৰোপ কৰা কংগ্ৰেছ দলে মিত্ৰতাৰ নামত আমাৰ মূল্যৱান সময় নষ্ট কৰিলে৷

য’ত আমি পোন্ধৰটা সমষ্টিৰ বাবে প্ৰস্তুত হৈছিলো এতিয়া আমি অধিক সমষ্টিৰ বাবে প্ৰস্তুতি চলাব লগা হৈছে৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নোহোৱাৰ ফলত আমাৰ নতুন নতুন দুৱাৰ মুকলি হৈছে বুলি অখিল গগৈয়ে উল্লেখ কৰি অনাগত দিনত বহু দল আৰু নেতৃত্বই ৰাইজৰ দলত যোগদান নিশ্চিত কৰিছে৷ ফলত আমি কংগ্ৰেছৰ লগত থকা হ’লে প্তখন আসন লাভ কৰাৰ বিপৰীতে এতিয়া বহু বেছি আসন লাভ কৰিবলৈ সক্ষম হ’ম৷ আমি বিজেপি দলক প্ৰতিৰোধ কৰিবৰ বাবে মিত্ৰতাৰ পোষকতা কৰিছিলো৷ কিন্তু কংগ্ৰেছ দলৰ হঠকাৰিতাৰ বিপৰীতে আমি বিজেপি দলক পৰাভূত কৰাৰ লক্ষ্য আগত ৰাখি কাম কৰাৰ চেষ্টা কৰিছো৷ ৰাইজৰ দলে এতিয়ালৈকে ৬৪টা সমষ্টিত প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে৷

কিন্তু তথাপি ৰাইজৰ দলে বিজেপি দলক পৰাভূত কৰাৰ স্বাৰ্থত কোনো কোনো সমষ্টিত কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান নকৰে৷ আজিৰ সংবাদ মেলত গগৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবে ৰাইজৰ দলৰ নিৰ্বাচনী সমিতিক অনুৰোধ কৰিব বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে গৌৰৱ গগৈ এজন পূৰঠ সাংসদ৷ তেওঁক বিধানসভাৰ মজিয়াত প্ৰয়োজন আছে৷ আনহাতে, লুৰীণজ্যোতি গগৈ সন্দৰ্ভত অখিল গগৈয়ে কয় যে তেওঁ ৰাইজৰ দলৰ সমৰ্থনত নাই, কিন্তু কেতিয়াবা দুই-এক বিৰূপ মন্তব্য কৰাহে দেখা পাইছো বুলি মন্তব্য কৰে৷ শিৱসাগৰ বিধানসভা সমষ্টিত তেওঁৰ প্ৰাৰ্থিত্ব নিশ্চিত আৰু ইয়াত আগন্তুক নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰী অথবা অগপ দলৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক পৰাভূত কৰিব পাৰিম বুলি সদৰী কৰে৷ বিধায়ক প্ৰদীপ হাজৰিকাক এক ‘ডাঙৰ শূন্য’ বুলি উল্লেখ কৰি গগৈয়ে কয় যে সৰহভাগ সময় তেওঁ বিধানসভাত শুয়েই সময় পাৰ কৰে৷

আনহাতে, কালি নিৰ্বাচন আয়োগে এটা পৰ্যায়ত অসমত নিৰ্বাচন সম্পন্ন কৰিব বুলি জানি বিধায়ক গগৈ জাঙুৰ খাই উঠে৷ তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগক বিজেপি দলৰ ভৃত্য বুলি উল্লেখ কৰি কয় যে বিজেপি দলৰ লগতে অমিত শ্বাহ-হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবৰ বাবে বিজেপি দলৰ নিৰ্দেশত নিৰ্বাচন আয়োগে এইদৰে এটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে৷ ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব আমাৰ দৰে সৰু দল বুলি তেওঁ উল্লেখ কৰি বিজেপিৰ দৰে ধনী দলে পইচা খৰচ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিব কিন্তু আমাৰ দৰে সৰু দলৰ বাবে মাথোঁ ২১ দিনত ১২৬ সমষ্টি সামৰি লোৱা সম্ভৱ নহয়৷ অখিল গগৈয়ে ভাৰতৰ নিৰ্বাচন আয়োগক অসম বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ আজিৰ সংবাদ মেলত দাবী জনায়৷

অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি…

অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি
অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি

অসমত শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছ তথা মিত্ৰজোঁটৰ অংশীদাৰী দল অগপ, বিপিএফ আৰু এআইইউডিএফ, বাঁওপন্থী আৰু ইউপিপিএলৰ দৰে আঞ্চলিক দলৰ মাজত আন এক তীব্ৰ যুঁজৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল হৈছে৷ উল্লেখ্য, বিগত ১০ বছৰে কংগ্ৰেছে ৰাজ্যৰ বিৰোধী পক্ষত থকাৰ বিপৰীতে বিজেপিয়ে দুটা কাৰ্যকালৰ বাবে ক্ষমতাত থাকিল৷ প্ৰথম কাৰ্যকালত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে দ্বিতীয় কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ নেতৃত্ব দিছে৷ শৰ্মাক নেতৃত্বত লৈ পুনৰবাৰ নিৰ্বাচনলৈ ওলাইছে বিজেপি৷ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে ৰাজ্যখনে একক পৰ্যায়ত ভোটদান কৰিব৷ ৰাজ্য পুনৰ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত ৰাজনৈতিক যুঁজৰ সাক্ষী হ’ব৷

ৰাজ্যৰ বিধানসভাত ১২৬খন আসন আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে আসন পাব লাগিত ৬৪খন৷ ইচিআইৰ তথ্য অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি, য’ত প্ৰায় ৰ.২৫ কোটি পুৰুষ ভোটাৰ, ৰ.২৫ কোটি মহিলা ভোটাৰ, আৰু ৩৪৩জন তৃতীয় লিংগৰ ভোটাৰ আছে৷ অসমত নিৰ্বাচনৰ বাবে ১৬ মাৰ্চত অধিসূচনা জাৰি কৰাৰ লগতে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ, মনোনয়ন-পত্ৰ পৰীক্ষাৰ তাৰিখ ২৪ মাৰ্চ, প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ চ্ছ মাৰ্চ, ৯ এপ্ৰিলত ভোটদান, ৪ মে’ত গণনা, ৬ মে’ত সম্পূৰ্ণ হ’ব নিৰ্বাচন৷

উল্লেখ্য, অসমৰ ১২৬খন বিধানসভা আসনৰ ভোটগণনা ৪ মে’ত হ’ব৷ বিগত বিধানসভা নিৰ্বাচনত ২ মে’ত ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ ফলাফল৷ এইবাৰ অসমত মূল প্ৰাৰ্থীৰ ভিতৰত আছে হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, ৰি?ত দাস, অতুল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু, অশোক সিংহল, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা, পীয়ূষ হাজৰিকা, অজন্তা নেওগ, অখিল গগৈ, লুৰীণজ্যোতি গগৈকে ধৰি বহু প্ৰাৰ্থী৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৯খন আসন লাভ কৰিছিল৷ অগপই ৯ খন, ইউপিপিএলে ৬খন, বিপিএফে ৪ খন আৰু এআইইউডিএফে ১৫খন আসনত জয়লাভ কৰিছিল৷

Oscars 2026: ২০২৬ বৰ্ষৰ ৯৮ সংখ্যক অস্কাৰ বঁটা প্ৰদান

Oscars 2026: ২০২৬ বৰ্ষৰ ৯৮ সংখ্যক অস্কাৰ বঁটা প্ৰদান
Oscars 2026: ২০২৬ বৰ্ষৰ ৯৮ সংখ্যক অস্কাৰ বঁটা প্ৰদান

২০২৬ বৰ্ষৰ ৯৮ সংখ্যক অস্কাৰ বঁটা প্ৰদান।(Oscars 2026)

মাইকেল বি জর্ডানলৈ শ্রেষ্ঠ অভিনেতাৰ অস্কাৰ।

শ্রেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ জেছি বাকলেলৈ।

শ্রেষ্ঠ ছবিৰ অস্কাৰ One Battle After Anotherলৈ।

শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পল থমাছ এণ্ডাৰছনলৈ।

শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিছাৰ ফিল্ম ন’ৰৱেৰ চেন্টিমেন্টেল ভেল্যু।

শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিছাৰ ফিল্মৰ অস্কাৰ প্ৰদান প্রিয়ংকা চোপ্ৰাৰ।

লছ এঞ্জেলছৰ প্ৰখ্যাত ড’লবী থিয়েটাৰত অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

কংগ্ৰেছত গৃহকন্দলঃ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ

কংগ্ৰেছত গৃহকন্দলঃ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ
কংগ্ৰেছত গৃহকন্দলঃ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ

কংগ্ৰেছত গৃহকন্দল!

গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ।

কংগ্ৰেছ এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।

দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ হাইকমাণ্ডলৈ।

ড০ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা।

আছিফ নজৰক টিকট দি ফৰিদুলক বাদ দিলেই কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈয়ে।

গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আজি দিল্লীলৈ ৰাওনা প্ৰদ্যুৎ বৰদলৈ।

দিল্লীলৈ যাব কংগ্ৰেছৰ উপ-সভাপতি তথা টিকট বঞ্চিত নৱ তালুকদাৰ।

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত গৃহকন্দল।

আনহাতে কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈৰ বিদ্ৰোহৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মোৰ ভৱিষ্যদ্বাণীত মই অটল আছোঁ। প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে। বৰদলৈক যি কেইজন যুৱকে হত্যা কৰিব খুজিছিল সেইকেইজনক দলৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। প্ৰদ্যুৎ বৰদলৈৰে মই ১৫ বছৰ কাম কৰিছোঁ। প্ৰদ্যুৎ বৰদলৈৰ স্বাভিমান এটা আছে। কংগ্ৰেছত নিজৰ স্বাভিমান বন্ধকত থৈ কাম কৰি আছে।

ASSAM FOCUSৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি

ASSAM FOCUSৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি
ASSAM FOCUSৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি

ওদালগুৰি জিলাৰ ওৰাঙত অনুষ্ঠিত হয় আসাম ফকাচ ডিজিটেল নিউজ প’ৰ্টেলৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত দুদিনীয়া কাৰ্যসূচীৰ সফল সামৰণী অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞি আৰু আমাৰ অসম কাকতৰ সম্পাদক মন্টু শইকীয়া।

উল্লেখযোগ্য যে ২০১৭ চনত বিশিষ্ট সংবাদকৰ্মী নৱ কুমাৰ ডেকাৰ প্ৰচেষ্টাত সামাজিক মাধ্যমত আৰম্ভ হোৱা আসাম ফকাচে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি ৰাইজৰ মাজত এক সুকীয়া স্থান দখল কৰি আজি দশম বৰ্ষত পদাৰ্পণ কৰিছে। এই উপলক্ষে ওৰাং ভিচিডিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি আৰু সাংবাদিকসকলক ফুলাম গামোচা,মানপত্ৰ আৰু বঁটাৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকে ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি, আমাৰ অসম কাকতৰ সম্পাদক মন্টু শইকীয়া, জন কল্যাণ কাকতৰ সম্পাদক কুমুদ নাথসহ বহু কেইজন বিশিষ্ট ব্যক্তি। সভাত উপস্থিত অতিথি সকলে সংবাদ মাধ্যমৰ দায়িত্ব আৰু সমাজত ইয়াৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।

Assam Assembly Election 2026: অসমত ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

Assam Assembly Election 2026: অসমত ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন
Assam Assembly Election 2026: অসমত ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। (Assam Assembly Election 2026)

অসমত ৯ এপ্ৰিলত এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন।

৪ মে’ত ঘোষণা হ’ব ফলাফল।

নিৰ্বাচন আয়োগে এই কথা ঘোষণা কৰিলে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সংবাদমেলযোগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন।

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ।

অসমৰ লগতে পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰো নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়।


ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত

ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত
ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত

ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণা। ৰাইজৰ জ্ঞাতাৰ্থে জনালে এক বৃহৎ সিদ্ধান্ত। দৰং জিলাৰ অতি পুৰণি টাঙনি বজাৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত।

প্ৰতি শনিবাৰে বহা টাংনি বজাৰ খন অহা শনিবাৰে নহয়। তাৰ পৰিৱৰ্তে অহা বৃহস্পতিবাৰে হব টাংনি বজাৰ। অহাশনিবাৰে হব লগা বজাৰ খন দুদিন আগুৱাই অহা বৃহস্পতিবাৰে দিছে বজাৰ পৰিচালনা সমিতিয়ে। পবিত্ৰ ঈদৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

প্ৰতিগৰাকী দুকানিক বৃহস্পতিবাৰে দুকান বহুৱাৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাইজক উক্ত দিনা বজাৰত আহিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে।