Home Blog Page 28

যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস

যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস
যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস

যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস। বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত বসন্ত বৈভৱ, ২০২৬ শীৰ্ষক কাৰ্যসূচী পালন।

বৰপেটা জিলাৰ অন্তৰ্গত নগাওঁস্থিত “বাউসী বাণীকান্ত মহাবিদ্যালয়”প্রাঙ্গণত আজি ১৪ মে’ বৃহস্পতিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে “বসন্ত বৈভৱ” শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী পালন কৰা হয়। যুৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰে পৰিচয় কৰাই দিয়াৰ প্ৰয়াসেৰে বিশেষকৈ মহাবিদ্যালয়খনত অধ্যয়নৰত চৰ-চাপৰিৰ ছাত্ৰ-ছাত্ৰীক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰ আভাস দিয়াৰ প্ৰয়াসেৰে প্ৰতিবছৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় বুলি জনাইছে বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়, নগাওঁৰ অধ্যক্ষ ড° বিৰিঞ্চি চৌধুৰীয়ে।

অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ হাতেৰে পিঠা পনা প্ৰস্তুত কৰাৰ উপৰিও মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলি বিভিন্ন ধৰণৰ পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰে। বিশেষকৈ নৱ-প্ৰজন্মক তিনি বিহুৰ পৰম্পৰা আৰু বৈশিষ্টৰ সৈতে পৰিচয় কৰাই দিয়াই “বিহু বৈভৱ” শীৰ্ষক এই কাৰ্যসূচীৰ মূল উদ্দেশ্যে।

চীনৰ ৰাজধানী বেইজিঙত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প

চীনৰ ৰাজধানী বেইজিঙত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প
চীনৰ ৰাজধানী বেইজিঙত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প

দুদিনীয়া ভ্ৰমণসূচীলৈ চীনৰ ৰাজধানী বেইজিঙত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দুদিনীয়া শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ বাবে বুধবাৰে বেইজিঙতউপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷ দুয়োখন দেশে বাণিজ্য, টাইৱান, কৃত্ৰিম চোৰাংচোৱা আৰু বৰ্তমান ভংগুৰ যুদ্ধবিৰতিৰ দ্বাৰা চলি থকা ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধৰ ওপৰত আলোচনাৰ বাবে সাজু হৈছে৷ এই ভ্ৰমণৰ পূৰ্বে বেইজিঙে চীন-আমেৰিকাৰ সম্পৰ্কত চাৰিটা বিশেষ বিষয় উত্থাপন কৰিছিল৷ অৰ্থাৎ তেওঁলোকে আলোচনাযোগ্য বুলি ভবা বিষয়সমূহ বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতিৰ মাজত আলোচনা হোৱাটো চীনে বিচাৰিছে৷

বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মূল দ্বিপাক্ষিক বৈঠকসমূহৰ লগতে ৰাজ্যিক ভোজ আৰু অন্যান্য আনুষ্ঠানিক অনুষ্ঠানসমূহ অনুষ্ঠিত হ’ব৷ ইপিনে ট্ৰাম্পৰ এই চীন ভ্ৰমণক বিভিন্ন মহলে ভিন্ন দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে৷ বুধবাৰে চীনৰ ৰাজধানী বেইজিঙত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প৷ চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে বিমানবন্দৰত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি ট্ৰাম্পক৷ ইফালে দুয়োগৰাকী ৰাষ্ট্ৰনেতা মিলিত হৈছে বৈঠকত৷

উল্লেখ্য, হৰমুজ প্ৰণালী, যুদ্ধ, ব্যৱসায় বাণিজ্যৰ সন্দৰ্ভত দুই ৰাষ্ট্ৰনেতাৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ চুক্তিৰ মাধ্যমেৰে আমেৰিকা-ইৰাণৰ যুদ্ধ শাম কটাবলৈ পাকিস্তানে কৰা চেষ্টা ব্যৰ্থ হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ চীন ভ্ৰমণে এক যোগাত্মক দিশ লাভ কৰিব বুলি বিশেষজ্ঞই ধাৰণা কৰিছে৷ উল্লেখ্য, বুধবাৰে চীনত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প চীন ভ্ৰমণৰ সন্দৰ্ভত বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ গৌ জিয়াকোনে কয়,‘আমেৰিকা-চীনৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হ’ব৷ শেহতীয়াকৈ যুদ্ধ, ইৰানৰ হৰমুজ প্ৰণালী, ট্ৰাম্প কৰ আদি বিষয়ত আলোচনা কৰা হ’ব৷ কাৰণ আমেৰিকা-চীনৰ এটা ভাল সম্পৰ্ক আছে৷ বুজাবুজিৰ মাধ্যমেৰে, শান্তি প্ৰক্ৰিয়াৰে আমেৰিকাৰে সৈতে ব্যৱসায়-বাণিজ্য কৰিব বিচাৰে চীনে৷ কেতিয়াও যুদ্ধ নিবিচাৰে চীনে৷’

মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণঃ কোন কোন মন্ত্ৰীয়ে কি কি দায়িত্ব লাভ কৰিলে?

মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণঃ কোন কোন মন্ত্ৰীয়ে কি কি দায়িত্ব লাভ কৰিলে?
মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণঃ কোন কোন মন্ত্ৰীয়ে কি কি দায়িত্ব লাভ কৰিলে?

ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ।

অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, অসম চুক্তি ৰূপায়ণৰ দায়িত্ব।

সীমা সুৰক্ষা আৰু আবকাৰী দপ্তৰৰ দায়িত্ব অতুল বৰাক।

পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন দপ্তৰ চৰণ বড়োক।

মহিলা আৰু শিশু উন্নয়ন, পৰ্যটন দপ্তৰৰ দায়িত্ব অজন্তা নেওগক।

ৰামেশ্বৰ তেলীক উন্নয়ন, শ্ৰমিক কল্যাণৰ দপ্তৰ।

চাহ জনজাতি আৰু আদিবাসী উন্নয়ন দপ্তৰৰ দায়িত্বও তেলীক।

কেৰালাৰ নতুন মুখ্যমন্ত্ৰী কোন? ঘোষণা হ’ল কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম…

কেৰালাৰ নতুন মুখ্যমন্ত্ৰী কোন? ঘোষণা হ’ল কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম...
কেৰালাৰ নতুন মুখ্যমন্ত্ৰী কোন? ঘোষণা হ’ল কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম...

দেশৰ তিনিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত এতিয়া নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ বিপৰীতে কেৰালাই এতিয়াও পৰৱৰ্তী মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিব পৰা নাই৷ ফলাফল ঘোষণাৰ প্ৰায় ১০ দিনৰ পিছতো কংগ্ৰেছে এই পদৰ বাবে নিৰ্বাচন ঘোষণা কৰাত ব্যৰ্থ হৈছে৷ কিন্তু কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈ কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব৷ কংগ্ৰেছে বহু আলোচনা আৰু বিবেচনাৰ অন্তত শীৰ্ষ পদৰ বাবে নিজৰ বাছনি ঘোষণা কৰিব পাৰে৷ কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ পাঁচজন প্ৰাক্তন মুৰব্বী [কেপিচিচি], ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ আহ্বায়ক, কেপিচিচিৰ অনুশাসন সমিতিৰ মুৰব্বী আৰু কেপিচিচিৰ তিনিজন কাৰ্যকৰী সভাপতিকে ধৰি কেইবাজনো কংগ্ৰেছৰ কেৰালাৰ নেতাই মঙলবাৰে ৰাহুল গান্ধীক সাক্ষাৎ কৰি কেৰালাৰ মুখ্যমন্ত্ৰীক বাছনি কৰাৰ বাবে আলোচনা কৰে৷

ইয়াৰে সাতজনে কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপালক এই পদৰ বাবে সমৰ্থন কৰাৰ বিপৰীতে দুজন নেতাই– কে মুৰলীধৰণ আৰু ভি এম সুধীৰণে ভি ডি সথিছনক সমৰ্থন কৰে আৰু এজন নেতাই নিৰপেক্ষ হৈ থাকে৷ ইফালে ১৩ মে’ বুধবাৰে তামিলনাডুৰ বিধানসভাত তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে ১৪৪টা ভোট লাভ কৰি আৰামত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ পিছত আস্থা ভোটত জয়লাভ কৰে৷ সাধাৰণ সম্পাদক এদাপ্পাদী কে পালানিস্বামীৰ সতৰ্কবাণীৰ পিছতো বিদ্ৰোহী এআইএডিএমকে ফৈদৰ বিধায়কে ভোট দিয়াৰ পিছত বিজয়ৰ সংখ্যাগৰিষ্ঠতাই ডাঙৰ গতি লাভ কৰে৷ চি পি আই, চি পি আই [এম], ভি চি কে, আই ইউ এম এল আৰু এজন বহিষ্কৃত এ এম এম কে বিধায়ককে ধৰি সৰু সৰু দলসমূহে বিজয় আৰু তেওঁৰ দলক সমৰ্থন আগবঢ়ায়৷

তেওঁলোকৰ সমৰ্থনত বিজয়ে ইতিমধ্যে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কালি সাক্ষাৎ কৰা বিদ্ৰোহী এআইএডিএমকে ফৈদৰ বিধায়কৰ জৰিয়তে তেওঁ অধিক সমৰ্থন লাভ কৰে৷ উল্লেখ্য, তামিলনাডুত শপত গ্ৰহণ কৰি চৰকাৰ গঠন কৰাৰ পিছত আজি বিধানসভাত মুখ্যমন্ত্ৰী চি জোচেফ বিজয় আৰু তেওঁৰ দল তামিলাগা ভেট্ৰি কাঝাগামে আস্থা ভোটৰ সন্মুখীন হ’বলগীয়া হয়৷ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কিছু দিন পিছতে ট্ৰাষ্ট ভোটেৰে বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে বিজয়ে৷ ইপিনে জ্যেষ্ঠ নেতা চি ভি শ্বানমুগাম আৰু এছ পি ভেলুমণিৰ নেতৃত্বত গঠিত এআইএডিএমকেৰ বিদ্ৰোহী দলটোৱে ই পি এছৰ সতৰ্কবাণীৰ পিছতো বিজয়ক ভোট দিয়াৰ ফলত ৰাজ্যখনৰ বিধানসভাত হুলস্থূলৰ সৃষ্টি হয়৷

অৱশেষত আজি ঘোষণা হ’ল কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম। ভি দি সতীশন হ’ব কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী। আনুষ্ঠানিকভাৱে ঘোষণা কংগ্রেছ দলৰ।

এতিয়া কথা কোৱাৰ সময় নহয়, কাম কৰাৰ সময়ঃ মুখ্যমন্ত্ৰী

এতিয়া কথা কোৱাৰ সময় নহয়, কাম কৰাৰ সময়ঃ মুখ্যমন্ত্ৰী
এতিয়া কথা কোৱাৰ সময় নহয়, কাম কৰাৰ সময়ঃ মুখ্যমন্ত্ৰী

অসমত তৃতীয়বাৰৰ বাবে এনডিএ o.৩ চৰকাৰে শপতগ্ৰহণ কৰে৷ একেদৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয় হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা৷ চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়– ‘কালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপতগ্ৰহণ কৰোঁ৷ লগতে চাৰিগৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে৷ আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে আধুনিক অসম নিৰ্মাণ আৰু অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে জীৱনজুৰি সাধনা কৰিছিল৷ সাগৰ সমান বৰঙণি আগবঢ়াইছিল৷

বিজেপি চৰকাৰৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ৷ স্বাধীনতাৰ প্ৰাক্‌ক্ষণত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল৷ আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ কৰাৰ প্ৰাক্‌মুহূৰ্তত আজি আমি সকলোৱে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিলৈ আহি তেওঁৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ৷ অসমৰ সুৰক্ষা আৰু অসমক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱাটো আমাৰ সপোন৷ এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওচৰত আশীৰ্বাদ বিচাৰিছো৷’ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘অসম-অসমীয়া আৰু ভাৰতীয় যাতে অসমৰ চাৰিসীমাৰ ভিতৰত সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেইটো হৈছে আমাৰ দায়িত্ব৷ আমাৰ কাম-কাজত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাব৷ কামে কথা ক’ব৷

কথাৰে একো লাভ নহ’ব৷ গতিকে কামে কথাবোৰ কৈ যাব৷ আমি নিৰ্বাচনী ঘোষণা-পত্ৰ হাতে-কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷ এতিয়া কথা কোৱাৰ সময় নহয়৷ ২১ তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব আৰু বিধায়কসকলে শপতগ্ৰহণ কৰিব৷ আজিৰ কেবিনেটত বিধানসভা সম্পৰ্কত আলোচনা কৰি ঠিক কৰা হ’ব ৷ বিধানসভাৰ অধিৱেশনৰ ঠিক পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো আমি হাতত ল’ম৷’ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপাই বিধায়ক অখিল গগৈয়ে কৰা আক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘সকলো শপতগ্ৰহণ অনুষ্ঠানলৈ আহিছে৷ যাৰ মনত আহিবলৈ ইচ্ছা আছে তেওঁ ৰাস্তা বনাই ল’ব৷ টিভিৰ পৰা চাইছে যদিও অনুষ্ঠানত চামিল হোৱাটোকেই বুজায়৷ কাৰণ আমাক এক কোটিৰ ওপৰত মানুহে ভোট দিছে৷ সকলো আহিব পৰা নাই ৷ টিভিত চাই আমাক আশীৰ্বাদ দিছে ৷ গতিকে আশীৰ্বাদটোহে আচল কথা৷

ছমাহলৈ ৰাজহুৱা সভা, গাড়ী, মোবাইল ফোন ক্ৰয় বন্ধ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

ছমাহলৈ ৰাজহুৱা সভা, গাড়ী, মোবাইল ফোন ক্ৰয় বন্ধ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ
ছমাহলৈ ৰাজহুৱা সভা, গাড়ী, মোবাইল ফোন ক্ৰয় বন্ধ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

বুধবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে৷ নিবনুৱা নিযুক্তি, ইউচিচিৰ লগতে কেইবাটাও বিষয়ত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মেল সম্বোধন কৰি কয়, ‘বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনা অৰ্থাৎ 26 মে’ত ইউচিচি বিধেয়কখন সদনত উত্থাপন কৰা হ’ব৷ ইউচিচিৰ খচৰা কেবিনেটে অনুমোদন জনায়৷’ তেওঁ লগতে কয়, ‘ইউচিচিৰ আউটিৰ পৰা জনজাতীয় লোকসকলক বাহিৰত ৰখা হ’ব৷ এই ইউচিচিৰ আউটিৰ পৰা ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতিক বাহিৰত ৰখা হৈছে ৷ পূজা কৰা, নামাজ পঢ়া, বিবাহ কেনেকৈ হ’ব আদি বিষয় ইউচিচিত নাহে৷ ইউচিচিত চাৰিটা বিষয় আহিব৷ ইউচিচিত বিয়াৰ বাবে নূ্ন্যতম বয়স নিৰ্ধাৰণ হ’ব, বহুবিবাহ নাথাকিব, ছোৱালীয়ে সম্পত্তিৰ অধিকাৰ পাব আৰু লিভ-ইন-ৰিলেচন আদি বিষয় থাকিব ৷

এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীক দিয়া, বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক, বিবাহ বিচ্ছেদৰ নিয়ম আদি বিষয় ইউচিচিত থাকিব৷’ আগন্তুক পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি প্ৰদান সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি কিদৰে, কি ধৰণে দিব পাৰি তাৰ বাবে সিদ্ধান্ত ল’বৰ বাবে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ’ৰ্চ গঠন কৰি দিয়া হৈছে ৷ তিনি মাহৰ ভিতৰত এই টাস্ক ফ’ৰ্চে প্ৰতিবেদন দিব, কেনেকৈ আগন্তুক পাঁচ বছৰত আমি দুই লাখ চৰকাৰী চাকৰি দিব পাৰো৷’ সংগীতসূৰ্য ভূপেন হাজৰিকাৰ জন্ম-জয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠান আৰু সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত কেবিনেটত লোৱা হৈছে কেইবাটাও সিদ্ধান্ত ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘ভূপেন হাজৰিকাৰ জন্ম-জয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠান জ্জ্ব ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰা হৈছে ৷ ৩২ কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে৷ ইয়াৰে ১৩ কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব আৰু ২০ কোটি টকা অসম চৰকাৰে ব্যয় কৰিব ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকাৰ নামত সংগ্ৰহালয় নিৰ্মাণ কৰা হ’ব৷’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণ আৰু অপব্যয় ৰোধৰ বাবে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত ৷

মুখ্যমন্ত্ৰীয়ে কয়, ‘আগন্তুক ৬ মাহ অসম চৰকাৰে কোনো নতুন গাড়ী-মটৰ ক্ৰয় নকৰে৷ নতুন মন্ত্ৰীসকলকো অহা ছমাহলৈ নতুন গাড়ী দিয়া নহ’ব৷ পুৰণি বাহনেৰে কাম চলাব লাগিব৷ বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ অহা ছমাহ কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী বা ব্যক্তিগতভাৱেও বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ নিজৰ খৰচতো যাব নোৱাৰিব৷ অৱশ্যে চিকিৎসাজনিত কাৰণ বিদেশ ভ্ৰমণ কৰিব পাৰিব৷ চৰকাৰী বিদেশ ভ্ৰমণৰ বাবে মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমোদন লাগিব৷’ তেওঁ লগতে কয়, ‘ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী আৰু বিষয়াৰ কনভয়ৰ বাহন কম কৰা হ’ব৷ কমেও ছমাহৰ বাবে কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰা হ’ব৷ অহা ৬ মাহৰ বাবে চৰকাৰৰ ইন্ধনৰ খৰচ ২০ শতাংশ কমোৱা হ’ব৷ ভ্ৰমণ হ্ৰাস কৰি আৰু গাড়ী কম ব্যৱহাৰ কৰি ব্যয় কম কৰা হ’ব৷ যোৱা বছৰৰ তুলনাত এই বছৰ পেট্ৰ’ল আৰু ডিজেলৰ চৰকাৰী খৰচ ২০ শতাংশ হ্ৰাস কৰা হ’ব৷’ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘অহা ৬ মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে৷ যাতে বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰো৷ অহা ছমাহলৈ সভা বা কৰ্মশালা আদি আয়োজন নকৰো যাতে মানুহ আহিবলগীয়া নহয়৷ অৱশ্যে ভিডিঅ’ কনফাৰেঞ্চ তথা অনলাইনত কৰিব পৰা যাব৷ সেইদৰে চৰকাৰে গাড়ী ভাৰা ল’লে ইভি বাহন লোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ অসমত ১৫-২০ বছৰ পুৰণি যিমান বাহন আছে সেই সকলো বাহন স্ক্ৰেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷’

আজি পুনৰ গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ পৱন খেড়া

আজি পুনৰ গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ পৱন খেড়া
আজি পুনৰ গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ পৱন খেড়া

গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ পৱন খেড়া।

দ্বিতীয় দিনাও ক্ৰাইম ব্ৰাঞ্চে জেৰা কৰিব পৱন খেড়াক।

ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত জেৰা পৱন খেড়াক।

আজি ক্রাইম ব্রাঞ্চত মাৰাথান জেৰাৰ সন্মুখীনৰ সম্ভাৱনা কংগ্ৰেছ নেতা পৱন খেড়া।

পুৱা ৯.৩০ বজাত ক্রাইম ব্রাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল।

পৱন খেড়াৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু হোৱাৰো সম্ভাৱনা।


পুনৰ জনতাৰ মূৰত মাধমাৰঃ বৃদ্ধি পালে গাখীৰৰ মূল্য

পুনৰ জনতাৰ মূৰত মাধমাৰঃ বৃদ্ধি পালে গাখীৰৰ মূল্য
পুনৰ জনতাৰ মূৰত মাধমাৰঃ বৃদ্ধি পালে গাখীৰৰ মূল্য

পুনৰ জনতাৰ মূৰত মাধমাৰ।

পুনৰ বৃদ্ধি গাখীৰৰ মূল্য।

আজিৰে পৰা বৃদ্ধি পালে AMUL আৰু MOTHER DAIRY গাখীৰৰ দাম।

AMUL আৰু MOTHER DAIRY গাখীৰৰ প্ৰতিলিটাৰত ২ টকাকৈ বৃদ্ধি।

আজিৰে পৰা কাৰ্যকৰী হ’ল এই নতুন নিৰিখ।

ৰাজ্যত নতুনকৈ ওলাব ২ লাখ চাকৰিঃ ২ লাখ নিযুক্তিৰ বাবে গঠন টাস্ক ফ’ৰ্চ

ৰাজ্যত নতুনকৈ ওলাব ২ লাখ চাকৰিঃ ২ লাখ নিযুক্তিৰ বাবে গঠন টাস্ক ফ’ৰ্চ
ৰাজ্যত নতুনকৈ ওলাব ২ লাখ চাকৰিঃ ২ লাখ নিযুক্তিৰ বাবে গঠন টাস্ক ফ’ৰ্চ

যুৱক-যুৱতীক দিয়া প্রতিশ্রুতি কৰা হ’ব পালন।

২লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে মুখ্য সচিবৰ টাস্কফ’ৰ্চ গঠন।

২ লাখ নিযুক্তিৰ বাবে গঠন টাস্ক ফ’ৰ্চ।

অহা ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত।

৫ বছৰত ২ লাখ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত তিনি মাহত প্ৰতিবেদন দিব টাস্ক ফ’ৰ্চে।

মুখ্য সচিবৰ নেতৃত্বত গঠন টাস্ক ফ’ৰ্চ।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেল ঘোষণা ।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকঃ বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকঃ বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকঃ বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

কইনাধৰাত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক।

বৈঠকত উপস্থিত থাকে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ, চৰণ বড়ো।

বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেল বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-

মহাধিবক্তা হিচাপে দেৱজিৎ লন শইকীয়াক ৫বছৰলৈ পুনৰ নিযুক্তি।

‘অহা ৬মাহত চৰকাৰে নতুন গাড়ী ক্ৰয় নকৰে, মন্ত্রীকো নতুন গাড়ী নিদিয়ে। নিজৰ খৰচতো মন্ত্রী, বিষয়া বিদেশ ভ্রমণলৈ যাব নোৱাৰিব’।

‘জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্রীসভা সম্প্ৰসাৰণৰ ইংগিত মুখ্যমন্ত্ৰীৰ’

‘২১ মে’ৰ পৰা আৰম্ভ হ’ব বিধানসভা অধিৱেশন। ২৬ মে’ত বিধানসভাত অনা হ’ব UCC। UCCৰ আওতাৰ বাহিৰত থাকিব জনজাতীয় লোক’।

‘চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হ’ব বিজেপিৰ সংকল্প পত্ৰ’।