Home Blog Page 28

Anand Mishra: কংগ্ৰেছৰ দুৰ্গ খহাই বক্সাৰত বিজয় ধ্বজা প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ

কংগ্ৰেছৰ দুৰ্গ খহাই বক্সাৰত বিজয় ধ্বজা প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ
কংগ্ৰেছৰ দুৰ্গ খহাই বক্সাৰত বিজয় ধ্বজা প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ

আৰক্ষী বিষয়াৰ (Anand Mishra) পৰা ৰাজনীতিকলৈ এক বৰ্ণাঢ্য যাত্ৰা। কংগ্ৰেছৰ দুৰ্গ হিচাবে পৰকিচিত বক্সাৰত বিজয় ধ্বজা উৰৱালে প্ৰাক্তন আই পি এছ বিষয়া তথা বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰই। হয়, অৱশেষত সপোন পূৰণ কৰিলে প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰই। অসমত কাৰ্যনিৰ্বাহ কৰা আনন্দ মিশ্ৰই আই পি এছৰ চাকৰিৰ পৰা ভি আৰ এছ লৈছিল অৱশেষত সেই লক্ষ্যত উপনীত হ’ল।

বিহাৰৰ নিৰ্বাচনত আজি ভাগ্য উদয় হ’ল আনন্দ মিশ্ৰৰ । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা জয়ী হ’ল প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ । কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰই জয়লাভ কৰে ।আৰক্ষী অধীক্ষক হিচাপে অসমত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ বাবেই ত্যাগ কৰিছিল চাকৰি । আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পৰিধান কৰিছিল । নিজা গৃহৰাজ্য বিহাৰত চলিত বৰ্ষৰ ১৯ আগষ্টত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিছিল আনন্দ মিশ্ৰই ।

লক্ষণীয় বিষয় যে আনন্দ মিশ্ৰই পূৰ্বে প্ৰশান্ত কিশোৰৰ দল জন স্বৰাজ পাৰ্টীত সক্ৰিয় হৈ আছিল আৰু যুৱ শাখাৰ সভাপতিৰ দায়িত্বও চম্ভালিছিল । কিন্তু সন্তুষ্টি নাপাই এবছৰৰ ভিতৰতে আনন্দ মিশ্ৰই দল সলনি কৰি বিজেপিত যোগ দিছিল । প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ ৰাজনীতিৰ যাত্ৰাত আছে বহু উত্থান-পতনৰ কাহিনী । ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ বাবে আনন্দ মিশ্ৰই অসমত আই পি এছৰ লোভনীয় চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ ৰাজনীতিৰ পথাৰত খোজ দিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো আনন্দ মিশ্ৰই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

জন স্বৰাজ পাৰ্টীত যোগদান কৰিছিল আনন্দ মিশ্ৰই ।বিহাৰৰ ৰাজনীতিত বিকল্প দাঙি ধৰিবলৈ জন স্বৰাজ দলত যোগদান কৰাৰ পিছত আনন্দ মিশ্ৰই যুৱক-যুৱতীসকলৰ মাজতো ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰিছিল । লক্ষণীয় বিষয় যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে চাকৰিৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ বিহাৰৰ স্বগৃহলৈ উভতি গৈছিল আনন্দ মিশ্ৰ । বক্সাৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ হাবিয়াস কৰিছিল আনন্দ মিশ্ৰই ।

পৰৱৰ্তী সময়ত আনন্দ মিশ্ৰৰ সলনি বিজেপিয়ে বক্সাৰত প্ৰক্ষেপ কৰিছিল মিথিলেশ তিৱাৰীক । বিজেপিৰ পৰা টিকট নাপালেও তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল । কিন্তু তথাপিও থমকি ৰোৱা নাছিল । কিন্তু বিধানসভা নিৰ্বাচনত জয়ী হল ানন্দ মিশ্ৰ।

Zubeen Garg: ‘আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব’

'আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব'
'আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব'

আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব।(Zubeen Garg)

জুবিন ক্ষেত্ৰত দোৱা মুছলমান মৌলানাৰ।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক সমলোচনা।

দোৱা বিচাৰি ৰাজ্যৰ বহু কেইজন মৌলানা উপস্থিত হয় জুবিন ক্ষেত্ৰত।

চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়াৰ বাবে, জুবিনৰ জন্নত নাচিব হোৱাৰ বাবে দোৱা কৰে।

কেৱল আল্লাইহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব বুলি উল্লেখ।

আল্লাৰ ওচৰত চৰকাৰখনক সুমতি প্ৰদান কৰিবলৈ দোৱা কৰে।

তেওঁলোকৰ দোৱাৰ পৰা স্পষ্ট ৰূপত চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ পাইছে।

Vrindavani vastra: লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।(Vrindavani vastra)

বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লণ্ডন যাত্ৰা।

‘লণ্ডন মিউজিয়ামৰ সৈতে স্বাক্ষৰ হ’ব অসমৰ বুজাবুজি চুক্তি’।

‘দুবছৰৰ ভিতৰত অসমত মিউজিয়াম নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে’।

মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ কিছু অংশ আছে লণ্ডন মিউজিয়ামত।

ছমাহৰ বাবে বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ পদক্ষেপ লৈছে চৰকাৰে।

সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পেৰিছ মিউজিয়ামতো আছে বৃন্দাবনী বস্ত্ৰৰ আন কিছু অংশ।

কিছু অংশ আছে আমেৰিকাৰ বষ্টনৰ মিউজিয়ামতো।

rahul gandhi vs himanta biswa sarma: ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব: হিমন্ত বিশ্ব শৰ্মা

rahul gandhi vs himanta biswa sarma: ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব: হিমন্ত বিশ্ব শৰ্মা
rahul gandhi vs himanta biswa sarma: ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব: হিমন্ত বিশ্ব শৰ্মা

বিহাৰ (rahul gandhi vs himanta biswa sarma) বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই বিশাল সফলতা অৰ্জন কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ বহু প্ৰভাৱশালী নেতাই বিহাৰত প্ৰচাৰ চলায়ো কংগ্ৰেছৰ ভাগ্য উদয় কৰিব নোৱাৰিলে। এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে – ৰাহুল গান্ধী য’তে যাব তাতেই কংগ্ৰেছ হাৰিব।বিহাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ৰাহুল গান্ধী য’তেই যাব, তাতেই কংগ্ৰেছ হাৰিব। ৰাহুলক বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ।

NDA: বিহাৰত ২০০ৰো অধিক আসনেৰে এনডিএৰ বিশাল জয়ঃ বিজয়ৰ বাবে বিহাৰৰ জনতাক কৃতজ্ঞতা জনালে মোদী-শ্বাহে

বিহাৰত ২০০ৰো অধিক আসনেৰে এনডিএৰ বিশাল জয়
বিহাৰত ২০০ৰো অধিক আসনেৰে এনডিএৰ বিশাল জয়

বিহাৰত (NDA) বিজয়যাত্ৰা এনডিএৰ, ২০০ ৰো অধিক আসনত বিজয় সাৱস্ত্য কৰিছে এনডিএই। এনে শেহতীয়া তথ্য অনুসৰি ২০০খনতকৈও অধিক লাভ কৰিছে এনডিএই । ইয়াৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় শ্বাহ-নাড্ডা।বিহাৰ নিৰ্বাচনত এনডিএ আৰু ব্যক্তিগতভাৱে বিজেপি দলে চমকপ্ৰদ প্ৰদৰ্শন কৰাত আনন্দিত দলটোৰ নেতাসকল। ইতিমধ্যে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু বিহাৰ নিৰ্বাচনৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান। বাক্সাৰত জয়ী হৈছে আনন্দ মিশ্ৰ।তেজ প্ৰতাপ যাদৱ বিহাৰৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত জনশক্তি জনতা দলৰ মুৰব্বী তেজ প্ৰতাপ যাদৱে প্ৰকাশ কৰিছে এক বিবৃতি। তেওঁ উল্লেখ কৰিছে, “আমাৰ পৰাজয়তো ৰাইজৰ জয় লুকাই আছে। আজিৰ ফলাফলক মই জনাদেশ হিচাপে মানি লওঁ।

পৰাজয়তো আমি জয়ী হৈছো, কাৰণ বিহাৰে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ৰাজনীতি আৰু নেপটিজিমৰ বিষয় নহয়, বৰঞ্চ সুশাসন আৰু শিক্ষাৰ বিষয় হ’ব।”ওঁ কয়, “এয়া জয়চান্দৰ বাবে এক সুন্দৰ পৰাজয়। আমি ইতিমধ্যে কৈছিলোঁ যে এই নিৰ্বাচনৰ পিছত বিহাৰত কংগ্ৰেছ শেষ হ’ব আৰু আজি কেৱল কোৱা নহয়, স্পষ্টকৈ দেখা গৈছে! ৰাইজৰ মৰম, বিশ্বাস, আশীৰ্বাদ মোৰ লগত আছে বাবে হাৰি যোৱাৰ পিছতো মই জয়ী হৈছো। কিন্তু সত্যটো তিক্ত। এই জয়চান্দসকলে আৰজেডিক ভিতৰৰ পৰা নষ্ট কৰি পেলাইছে। সেইবাবেই তেজস্বী আজি বিফল হৈছে!”“ভাৰতৰ নিৰাপত্তা আৰু সম্পদ শোষণ কৰা অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে মোদী চৰকাৰৰ নীতিৰ প্ৰতি বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট বিশ্বাসৰ প্ৰতীক। ভোট বেংকৰ স্বাৰ্থৰ বাবে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াসকলক জনসাধাৰণে উপযুক্ত উত্তৰ দিছে। বিহাৰৰ জনসাধাৰণে সমগ্ৰ দেশৰ আৱেগ প্ৰতিফলিত কৰিছে: ভোটাৰ তালিকা শুদ্ধিকৰণ অতি প্ৰয়োজনীয়, আৰু ইয়াৰ বিৰুদ্ধে ৰাজনীতিৰ কোনো স্থান নাই। সেইবাবেই ৰাহুল গান্ধীৰ নেতৃত্বত গঠিত কংগ্ৰেছ দল আজি বিহাৰত শেষ স্থানলৈ নামি আহিছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।


তেওঁ আৰু কয়, “জ্ঞান, কঠোৰ পৰিশ্ৰম, গণতন্ত্ৰৰ ৰক্ষক বিহাৰৰ জনসাধাৰণলৈ লাখ লাখ প্ৰণাম। বিহাৰৰ জনসাধাৰণৰ পৰা এন ডি এলৈ এই জনাদেশ হৈছে এন ডি এৰ উন্নয়ন, মহিলাৰ সুৰক্ষা, সুশাসন, আৰু বিহাৰৰ দৰিদ্ৰ লোকৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ ৰাজহুৱা সমৰ্থন। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ বাবে উদাৰতাৰে কাম কৰি আহিছে, আৰু নীতিশ কুমাৰে বিহাৰক জংঘলৰাজৰ অন্ধকাৰৰ পৰা উলিয়াই আনিবলৈ কাম কৰিছে। এই জনাআদেশ ‘উন্নত বিহাৰ’ৰ প্ৰতি দায়বদ্ধতাৰ বাবে।”

আনহাতে শুকুৰবাৰে ভোটগণনাৰ প্ৰাকক্ষণত এখন বিশেষ পোষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এই পোষ্টাৰখনত লিখা আছিল “টাইগাৰ অভি জিন্দা হ্য়ায়” অৰ্থাৎ বাঘ এতিয়াও জীয়াই আছে ।ইয়াৰ পিছতেই চৰ্চালৈ অহা এই পোষ্টাৰখন আঁৰি দিয়া লোকজনৰ প্ৰশংসাৰ কৰিছে বহুতে । লোকজনে শুকুৰবাৰে ভোট গণনা আৰম্ভ হোৱাৰ দুঘণ্টামানৰ ভিতৰতে এই পোষ্টাৰখন জনতা দল ইউনাইটেডৰ মুখ্য কাৰ্যালয়ত আঁৰিছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ফটোসহ পোষ্টাৰখনত “টাইগাৰ অভি জিন্দা হ্য়ায়” ।

Jammu and Kashmir blast: ভয়ংকৰ বিস্ফোৰণত কঁপিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ

ভয়ংকৰ বিস্ফোৰণত কঁপিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ
ভয়ংকৰ বিস্ফোৰণত কঁপিল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ

মাজনিশা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ বিস্ফোৰণ। (Jammu and Kashmir blast)

জম্মু-কাশ্মীৰৰ এখন থানাত ভয়ংকৰ বিস্ফোৰণ।

নিহত ৯ গৰাকীকৈ লোক।

বিস্ফোৰণত গুৰুতৰভাৱে আহত ২৯গৰাকী লোক।

গুৰুতৰভাৱে আহত ৩০ৰো অধিক লোক।

আহতসকলক শ্ৰীনগৰৰ হাস্পতালত ভৰ্তি।

বিস্ফোৰণত ৩০০ ফুট দূৰৈত ছিটিকি পৰে মানৱ দেহৰ অংগ।

বিস্ফোৰণৰ পাছতে জুয়ে আৱৰি ধৰে বৃহৎ এলেকা।

ফৰিদাবাদত জব্দ কৰা এম ‘নিয়াম নাইট্রেট্ৰটৰ বিস্ফোৰণ।

থানাখনত মজুত ৰখা হৈছিল এম ‘নিয়াম নাইট্রেটখিনি।

শুকুৰবাৰে নিশা শ্রীনগৰৰ নাওগাম থানাত এই বিস্ফোৰণ ঘটে।

Maithili Thakur: মই জয়ী হ’লে আলিনগৰ হ’ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা

মই জয়ী হ'লে আলিনগৰ হ'ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা
মই জয়ী হ'লে আলিনগৰ হ'ব সীতানগৰঃ বিহাৰৰ কনিষ্ঠতম বিধায়িকা

সলনি হ’ব (Maithili Thakur) বিহাৰৰ ‘আলিনগৰ’ বিধানসভা সমষ্টিৰ নাম। আলিনগৰ সমষ্টিৰ নতুন নাম হ’ব সীতানগৰ। বিধায়িকা হিচাপে নিৰ্বাচিত হ’লেই সমষ্টিৰ নাম সলনিৰ প্ৰতিশ্ৰুতি দিছিল বিহাৰৰ কনিষ্ঠতম বিধায়িকা মৈথিলী ঠাকুৰে। ৬৩ বছৰীয়া RJD ৰ প্ৰাৰ্থী বিনোদ মিশ্ৰক পৰাস্ত কৰি আলিনগৰ সমষ্টিৰ পৰা ২৫ বছৰ বয়সত বিহাৰৰ সৰ্বকনিষ্ঠ বিধায়িকা হিচাপে নিৰ্বাচিত হ’ল মৈথিলী ঠাকুৰ।

এতিয়া জনতাৰ মনত প্ৰশ্ন, বিজয়ৰ পিছত সলনি কৰিব নে আলিনগৰৰ নাম মৈথিলী ঠাকুৰে? বিজেপিৰ প্ৰাৰ্থী তথা কণ্ঠশিল্পী মৈথিলী ঠাকুৰে কয় যে তেওঁ আলিনগৰৰ নাম সীতানগৰলৈ সলনি কৰিব। আলিনগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ২৫ বছৰীয়া কণ্ঠশিল্পী মৈথিলী ঠাকুৰে কম বয়সীয়া বিধায়িকা হোৱাৰ অভিলেখ গঢ়ে। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সাংবাদিকৰ আগত ভাষণ দি মৈথিলীয়ে কয়, “এয়া কেৱল মোৰ জয় নহয়, বিহাৰৰ ৰাইজৰ জয়। মহিলাৰ বাবে নীতিশ কুমাৰে ৰূপায়ণ কৰা কল্যাণমূলক আঁচনিসমূহ মোৰ যাত্ৰাত অতি গুৰুত্বপূৰ্ণ আছিল। বিহাৰৰ জনসাধাৰণে মোডীক ভাল পায় আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰতা বিচাৰে। আলিনগৰ নিশ্চিতভাৱে সীতানগৰ হ’ব।”

Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ

Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ
Anand Mishra : বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ

আৰক্ষীৰ বিষয়াৰ‌ পৰা বিধায়কৰ যাত্ৰা আনন্দ মিশ্ৰ।(Anand Mishra)

বিধায়ক হ’ল আনন্দ মিশ্ৰ।

বিহাৰৰ নতুন বিধায়ক হিচাপে জয়ী আনন্দ মিশ্ৰ।

২৪,২৪৬ হাজাৰ ভোটত পৰাস্ত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক।

বিপুল ভোটত জয়লাভ কৰিলে প্ৰাক্তন IPS আনন্দ মিশ্ৰই।

IPSৰ চাকৰি এৰি ৰাজনীতিত যোগদান কৰিছিল আনন্দ মিশ্ৰই।

১০ বছৰ ধৰি বিহাৰৰ বক্সাৰ সমষ্টিতো কংগ্ৰেছৰ দখলত আছিল।





Children’s Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

Children's Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী
Children's Day: শিশু দিৱস উপলক্ষে দীনজ্যোতি ফাউণ্ডেশ্যনৰ বিশেষ কাৰ্যসূচী

শিশু দিৱস উপলক্ষে (Children’s Day) গুৱাহাটীৰ পামহীস্থিত অক্ষৰ ফ’ৰামত আজি দীনজ্যোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা দিনযোৰা কাৰ্যসূচীৰে শিশুসকলৰ মাজত এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে শিশু সকলক উৎসাহ দিয়াৰ বাবে বঁটা বিতৰণ আৰু শিশু সকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থাও কৰা হয়।

শিশু সকলৰ মাজত কেক কাটি শিশু দিৱস উদযাপন কৰা অনুষ্ঠানটোত দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমান, সম্পাদক মধুস্মিতা বৰা দাস , উপ-সভাপতি চৈয়দা আঞ্জুৱাৰা বেগম, প্ৰণামিকা শইকীয়া, নীলম কাপুৰ, লায়ঞ্চ ক্লাব গুৱাহাটী চাউথৰ শ্যামলী বৰুৱা সভানেত্ৰী, নীলম গোস্বামী আৰু অক্ষৰ ফ’ৰামৰ প্ৰতিস্থাপক অলকা দেশাই, প্ৰিঞ্চিপাল আকাংক্ষা ডুবে লগতে অন্যান্য শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে।


অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাক শলাগ জনাই দীনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমানে কয় অক্ষৰ ফ’ৰামৰ প্লাস্তিক পুনৰ ব্যৱহাৰ(ৰিচাৰ্কল)কৰাৰ প্ৰযুক্তি বা কৌশল শলাগিব লগীয়া। পৃথিৱী খন সেউজীয়া কৰাৰ ক্ষেত্ৰত অক্ষৰ ফ’ৰামৰ প্ৰচেষ্টাত দহৰ বাবে অনুপ্ৰেৰণা হোৱাৰ লগতে কণ কণ শিশু সকলৰ শাৰীৰিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এটা বিশেষ দিন সিহঁতৰ লগত উয্যাপন কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তেখেতে কয় যে অনাগত দিনতো শিশু সকলৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস
Koliyabor News: কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। (Koliyabor News)

মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন।

কলিয়াবৰৰ আৰক্ষী নিৱেশৰ পৰা নাতিদূৰৰ কুঁৱৰীটোলত সংঘটিত হয় ঘটনাটো।

টেম্পোত জখলাবন্ধাৰ পৰা ঘৰলৈ আহি থকা প্ৰভা বৰুৱা নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা টানি লৈ যায় সোণৰ চেইনডাল।

দুই বাইকত অহা চিলনী চোৰে মহিলাগৰাকীৰ চেইন লৈ যোৱাৰ পিছতে কুঁৱৰীটোলত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

কলিয়াবৰ আৰক্ষীয়ৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যদিও কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।