Home Blog Page 27

ভাৰতৰ প্ৰথমটো ডিজিটেল আৰু AIৰে চালিত SLICE BANKৰ দিছপুৰ শাখা উদ্বোধন মুখ্যমন্ত্ৰীৰ

ভাৰতৰ প্ৰথমটো ডিজিটেল আৰু AIৰে চালিত SLICE BANKৰ দিছপুৰ শাখা উদ্বোধন মুখ্যমন্ত্ৰীৰ
ভাৰতৰ প্ৰথমটো ডিজিটেল আৰু AIৰে চালিত SLICE BANKৰ দিছপুৰ শাখা উদ্বোধন মুখ্যমন্ত্ৰীৰ

ভাৰতৰ প্ৰথমটো ডিজিটেল আৰু AIৰে চালিত SLICE BANKৰ শাখা উদ্বোধন।

দিছপুৰ শাখা উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

দিছপুৰত ভাৰতৰ প্ৰথমটো AI পাৱাৰ্ড ডিজিটেল বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে-

‘অসমৰ ভৱিষ্যৎ উজ্জ্বল’

‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে নিজৰ কাৰ্যালয় অসমলৈ আনিছে’

‘লাহে লাহে অসমৰ ল’ৰা-ছোৱালীয়ে বহিঃৰাজ্যলৈ গৈ কাম কৰিব নালাগে’

‘SLICE বেংকক সকলো সহযোগিতা আগবঢ়াব ৰাজ্য চৰকাৰে’

ছামিমে জামিন পোৱাক লৈ কিয় সকলো নিমাত বুলি প্রশ্ন অভিনেত্ৰী নন্দিনী কাশ্যপৰ

ছামিমে জামিন পোৱাক লৈ কিয় সকলো নিমাত বুলি প্রশ্ন অভিনেত্ৰী নন্দিনী কাশ্যপৰ
ছামিমে জামিন পোৱাক লৈ কিয় সকলো নিমাত বুলি প্রশ্ন অভিনেত্ৰী নন্দিনী কাশ্যপৰ

মুকলি আকাশৰ তললৈ ছামিম আহমেদ। গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আছিল ছামিম আহমেদ। সেই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৩ গৰাকীকৈ যুৱতী। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে। দুদিনৰ অন্তত ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত ছামিম। দুর্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে। ঘটনাৰ দুদিনৰ পিছত লাহোৱালত গ্ৰেপ্তাৰ হৈছিল ছামিম। শুক্ৰবাৰে মুকলি আকাশৰ তললৈ আহিল ছামিম আহমেদ। ছামিম আহমেদৰ জামিন লাভক লৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ ক্ষোভ সামাজিক মাধ্যমত।

ছামিমে জামিন পোৱাক লৈ কিয় সকলো নিমাত বুলি প্রশ্ন অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নন্দিনীৰ দুৰ্ঘটনাৰ সময়ত সমালোচনা কৰাসকল এতিয়া ক’ত বুলিও প্রশ্ন অভিনেত্ৰীগৰাকী। অভিনেত্ৰী নন্দিনী কাশ্যপে সামাজিক মাধ্যমত উল্লেখ কৰি কয় –

‘খবৰতো দিনতে পালো..

মনত বহুত প্ৰশ্ন আহিছে..

কিন্তু কাক শুধিম??

ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয় নে??

নে মানুহ চাই আইন সলনি হয়?

“ছামিম আহমেদ”

“গুৱাহাটী মঠঘৰীয়া দুৰ্ঘটনা”

“থিতাতে নিহত হৈছিল ৩ গৰাকী যুৱতী” যাক কয় “Spot dead” বুলি

ছামিম প্ৰথমে পলাইছিল Shillong মেঘালয় লৈ, তাৰ পৰা গৈছিল ডিব্ৰুগড় লৈ..যাক প্ৰকৃততে কয় “hit and run” বুলি..

আজি তেখেতে জামিন লাভ কৰিলে.. ইমান কম দিনতে

কাৰণ কিয় জানে নে?

কাৰণ, তেখেতৰ ওপৰত “Media pressure” নাছিল..

কাৰণ, তেখেত এজন সাধাৰণ লৰা..

এতিয়া মোৰ প্ৰশ্ন সেই সকল media reporters, youtubers, Content creators, দল-সংগঠন আৰু মহান শিল্পী/তাৰকা সকলোলৈ, যোনে মোৰ দুৰ্ঘটনা তোৰ সময়ত মোক লগতে মোৰ পৰিয়াল তোৰ বিৰুদ্ধে কথা কৈছিল,প্ৰতিবাদ কৰিছিল, মোৰ দুৰ্ঘটনাটোক লৈ “Content” বনাইছিল,

আপোনালোক এতিয়া কিয় নিমাত?????

সেই ৩ গৰাকী যুৱতী কি আমাৰ অসমৰ জীয়ৰি নাছিল..???

নে ছোৱালী বুলি বাদ দিছে???

প্ৰতিবাদ যদি কৰিছে, সকলোৰে বাবে কৰিব..

মানুহ চাই, কাৰোবাৰ প্ৰৰোচনাত পৰি নতুবা TRP ৰ বাবে নকৰিব..

মনত আছে সকলো মোৰ..

বিশ্বাস এতিয়া কেৱল ভগৱানৰ ওপৰত..🙏🏻


মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদ
মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদ।

গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আছিল ছামিম আহমেদ ।

দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৩ গৰাকীকৈ যুৱতী।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে ।

দুদিনৰ অন্তত ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত ছামিম।

দুর্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে।

ঘটনাৰ দুদিনৰ পিছত লাহোৱালত গ্ৰেপ্তাৰ হৈছিল ছামিম।

আজি মুকলি আকাশৰ তললৈ আহিল ছামিম আহমেদ।

বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰ শপতগ্রহণ…

বিধানসভাৰ প্ৰ'টেম অধ্যক্ষৰ শপতগ্রহণ...
বিধানসভাৰ প্ৰ'টেম অধ্যক্ষৰ শপতগ্রহণ...

বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰ শপতগ্রহণ।

বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত ল’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে।

২১ মে’ৰ পৰা হ’ব অসম বিধানসভাৰ অধিৱেশন।

বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে আজি ৰাজ্যপালে শপত বাক্য কৰোৱায় চন্দ্ৰমোহন পাটোৱাৰীক।

প্ৰ’টেম অধ্যক্ষই পৰিচালনা কৰিব বিধানসভা।

বিধায়কসকলক শপত বাক্য পাঠ কৰাব প্ৰ’টেম অধ্যক্ষই।

শ্যামকানু মহন্তৰ জামিনৰ শুনানি সম্পন্ন

শ্যামকানু মহন্তৰ জামিনৰ শুনানি সম্পন্ন
শ্যামকানু মহন্তৰ জামিনৰ শুনানি সম্পন্ন

শ্যামকানুৰ জামিনৰ শুনানি সম্পন্ন।

২২ মে’ত হ’ব শ্যামকানু মহন্তৰ পৰৱৰ্তী শুনানি।

ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত সম্পন্ন আজিৰ শুনানি।

আৰক্ষীক তদন্তৰ সবিশেষ দাখিলৰ নিৰ্দেশ আদালতৰ।

চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দিয়ে মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ।

“তুমি মোক miss নকৰাই নেকি একেবাৰে…?” আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

"তুমি মোক miss নকৰাই নেকি একেবাৰে...?" আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
"তুমি মোক miss নকৰাই নেকি একেবাৰে...?" আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।

আৱেগিক হৈ লিখিলে…

“আজি কিছুমাহৰ আগলৈকে মৰমেৰে সজাই লোৱা সৰু সৰু ঠেহ অভিমানবোৰৰ, আব্দাৰ- আপত্তিবোৰৰ দুটা সহজ শব্দৰ উত্তৰে মন ভৰাই সকলো সম্পূৰ্ণ আৰু সুন্দৰ কৰি ৰাখিছিল ..

“তুমি যোৱা দুটা দিন মোৰ লগত ভালকে কথাই পতা নাই ।”

“তুমি মোক miss নকৰাই নেকি একেবাৰে ? লগ নোপোৱা তিনিদিন হ’ল হিচাব আছেনে Goldie? বেয়া পাইছো দেই ।তুমি যদি ঘৰলৈ নাহা,মই কেইদিনমান ষ্টুডিঅ’ ত থকাকৈ গৈ আছো “

“ফোনটো ইমানদেৰি অফ্‌ কৰি থৈ দিছা, কাক কাক যে বিচাৰি ফুৰিব লগা হৈছে খবৰ এটা ল’বলে। অফ্‌ কৰাৰ আগতে তুমি বাৰু মোক এবাৰ জনাই ল’ব নোৱাৰিলানে ?”

ʼৱাহ! নতুন গান বনালা ? মোক যে কোৱা নাই ।‌ আগতে হ’লে ততেই নাথাকে শুনাবলৈ, আজি কালি কʼবলৈও সময় নাই।”

কিন্তু এতিয়া ? এতিয়া কি ক’ম ? কেনেকৈ ক’ম ? ক’লৈ ঢপলিয়াই যাব পাৰো এবাৰ অন্ততঃ চাই আহোঁগৈ বুলি। মোৰ ওচৰলৈ অহা নাই.. কাম কৰি ব্যস্ত হৈ আছে, মইয়েই গৈ ওচৰত বহি থাকোগৈচোন ! আজি তেওঁ ভালপোৱা অমুকটোকে লৈ যাওঁ।‌ নতুন চাৰ্ট এটা চিলালো, দি থৈ আহোঁগৈ,, সৰু লʼৰাৰ নিচিনাকে স্ফূৰ্তি পোৱা মুখখন চাই আহোঁগৈ ।

ক’ত কি কৰিলে এই সময়বোৰ ঘূৰাই পাম আকৌ ?

মই এনেকুৱা কি পাপ কৰিছিলোঁ প্ৰভূ.. আমাৰ অকণমাণি ইমান ধুনীয়া পৃথিৱীখন যে একেবাৰে থান বান কৰি পেলালা ?

আজি আঠ মাহ পাৰ হʼল তেওঁক এক্ষন্তেকৰ বাবেও দেখা নাই, তেওঁৰ লগত এষাৰ কথা পতা নাই, এষাৰি মাতো শুনা নাই ।

কেনেকৈ জীয়াই আছোঁ মই ? নিজকে সোধো সদায়.. একো উত্তৰ নাই । সময়ো নিৰ্বাক! পৃথিৱী, ভগৱান .. সকলো নিমাত এতিয়া । উত্তৰ একো নাই, একোৱেই নাই । যি কৰে সদায় ভাল কৰে বুলি বিশ্বাস কৰা ভগৱানেও নিজৰ ভুল বুজি আজি চাগে শান্ত, মৌন… ভগৱান হ’লেও অনুশোচনা তেওঁৰো নাথাকিবনে বাৰু ?”

NEET-UG পৰীক্ষাৰ নতুন দিন ঘোষণা

NEET-UG পৰীক্ষাৰ নতুন দিন ঘোষণা
NEET-UG পৰীক্ষাৰ নতুন দিন ঘোষণা

NEET-UG পৰীক্ষাৰ নতুন দিন ঘোষণা।

২১ জুনত অনুষ্ঠিত হ’ব NEET-UG পৰীক্ষা।

নেচনেল টেষ্টিং এজেন্সীয়ে ঘোষণা কৰিলে দিন।

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে দিন ধাৰ্য।

৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল হৈছিল।

প্ৰশ্নকাকত ফাদিলৰ পাছতে বাতিল হৈছিল পৰীক্ষা।

অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব

অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব
অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব

শ্ৰীলংকাত হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা BCCIৰ।

অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শুভেচ্ছা জনাই ৰিয়ান পৰাগক।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে সমাগত শ্রীলংকাৰ ত্রিদেশীয় শৃংখলাত ভাৰত-এ দলৰ উপ-অধিনায়ক হিচাপে ৰিয়ান পৰাগে দায়িত্ব লাভৰ সুখবৰটিত আমি অসমবাসীয়ে গৌৰৱবোধ কৰিছোঁ। অসমৰ পৰা গৈ ভাৰতীয় ক্রিকেটত আত্মবিশ্বাস-কৃতিত্বৰে উজলি উঠা ৰিয়ানৰ এই সাফল্যই নিশ্চিতকৈ আমাৰ উদিত ক্রীড়া প্রতিভাক উদগনি যোগাব আৰু সপোন দেখিবলৈ শিকাব।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ শুনানি

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ শুনানি
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ শুনানি

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ শুনানি।

ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত হ’ব শুনানি।

পূৰ্বে ১৩ মে’ত ধার্য কৰিছিল শুনানিৰ দিন।

ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই জামিনৰ আবেদন নাকচ কৰাৰ বাবে মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠলৈ হস্তান্তৰ কৰে শুনানি।

ইতিমধ্যে ফাষ্টট্রেক আদালতে নাকচ কৰিছে শ্যামকানুৰ জামিন।

সত্র আদালতত জামিন নাকচৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত।

অধিবক্তাৰ ৰূপত কলকাতা উচ্চ ন্যায়ালয়ত মমতা বেনাৰ্জী

অধিবক্তাৰ ৰূপত কলকাতা উচ্চ ন্যায়ালয়ত মমতা বেনাৰ্জী
অধিবক্তাৰ ৰূপত কলকাতা উচ্চ ন্যায়ালয়ত মমতা বেনাৰ্জী

অধিবক্তাৰ সাজত কলকাতা উচ্চ ন্যায়ালয়ত মমতা বেনার্জী।

পশ্চিমবংগত নিৰ্বাচনৰ পিছৰ ব্যাপক হিংসাৰ সৈতে জড়িত গোচৰত নিজৰ যুক্তি দাঙি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি কলিকতা উচ্চ ন্যায়ালয়ত কয় যে ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত বুলডজাৰৰ ব্যৱস্থাকে ধৰি বৃহৎ পৰিসৰৰ হিংসা সংঘটিত হৈছে আৰু আৰক্ষীয়ে এফআইআৰ দাখিল কৰিবলৈ অনুমতি নিদিয়ে।