Home Blog Page 26

শ্বেম্পু কৰাৰ এঘণ্টাৰ আগতে এই কামটো কৰক, আপোনাৰ চুলি উজ্জলতা বঢ়াৰ লগতে চুলি সৰা কমিব…

শ্বেম্পু কৰাৰ এঘণ্টাৰ আগতে এই কামটো কৰক
শ্বেম্পু কৰাৰ এঘণ্টাৰ আগতে এই কামটো কৰক

এগৰাকী ব্যক্তিৰ সৌন্দৰ্য্য নিৰ্ভৰ কৰে তেওঁৰ চুলিৰ ওপৰত। চুলিয়ে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। যদি আপোনাৰ চুলিবোৰ অতি শুকান আৰু নিৰ্জীৱ হৈ পৰিছে, তেন্তেচুলিৰ যত্ন ল’বলৈ শ্বেম্পু কৰাৰ ১ ঘণ্টা আগতে চুলিখিনি ভালদৰে মালিচ কৰিব পাৰে। তেলেৰে চুলিৰ মালিচ কৰিলে শুকানতা কমাব পাৰি আৰু চিকচিকিয়া হ’ব পাৰে। চুলিত মালিচ কৰিলে মূৰৰ ছালখন সুস্থ হৈ থাকে আৰু চুলি সৰা ৰোধ কৰাত সহায় কৰিব পাৰে।

শ্বেম্পু কৰাৰ আগতে নাৰিকল তেল বা সৰিয়হৰ তেলেৰে চুলিত মালিচ কৰিব পাৰে। শ্বেম্পু কৰাৰ আগতে চুলিখিনি ভালদৰে মালিচ কৰক। চুলিত তেল মালিচ কৰিলে উপযুক্ত পুষ্টি লাভ হয়। চুলিত তেল লগালে চুলিৰ উজ্জলতা বাঢ়ে। ইয়াৰ উপৰিও চুলি ক’লা হয় আৰু চুলি সৰা কমায়।

প্ৰথমে এচামুচ সৰিয়হৰ তেল লৈ তাত নাৰিকল তেল দিব। দুয়োটা তেল মিহলাই গৰম কৰি লওক। তাৰ পিছত, চুলিৰ গুৰিত আঙুলিৰে তেল লগাব। প্ৰায় ১০ মিনিট মান চুলিত মালিচ কৰক। তাৰ পিছত, শ্বেম্পুৰে চুলি ধুব।

চুলিৰ যত্নৰ বাবে এই ঘৰতে বনোৱা তেল ব্যৱহাৰ কৰিব পাৰে। সপ্তাহত দুবাৰকৈ শ্বেম্পু কৰিলে চুলি দুবাৰ মালিচ কৰিব পাৰি। চুলি ধুবলৈ সাধাৰণ পানী ব্যৱহাৰ কৰক। চুলিখিনি কোমল আৰু চিকচিকিয়া কৰিবলৈ সপ্তাহত এবাৰ ঘৰতে চুলিৰ স্পা কৰিব পাৰে।

সৰিয়হ আৰু নাৰিকল তেলে চুলিক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে। চুলি মালিচ কৰিলে ভিতৰৰ পৰা চুলি মজবুত হয়। কোমল আৰু উজ্জল চুলিৰ বাবে এই তেল ব্যৱহাৰ কৰিব পাৰে।

ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড

ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড
ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় প্ৰব্ৰজনকাৰী আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়৷ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক জনোৱা উৎসাহী আৰু বৰ্ণিল আদৰণিৰ শলাগ লয়৷ তেওঁ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক ডাচ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু ভাৰত তথা নেদাৰলেণ্ডৰ মাজত বন্ধুত্বৰ সেতু হিচাপে কাম কৰাৰ বাবে প্ৰশংসা কৰে৷ তেওঁ ভাৰতৰ সৈতে চুৰিনামি-হিন্দুস্তানী সম্প্ৰদায়ৰ গভীৰ তথা চিৰস্থায়ী ঐতিহাসিক সম্পৰ্কৰ কথাও স্মৰণ কৰে৷ তেওঁ লগতে তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষণ তথা উদ্‌যাপনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি খণ্ডত, বিশেষকৈ উদ্ভাৱনচালিত ক্ষেত্ৰত বৃহৎসংখ্যক ভাৰতীয় পেছাদাৰী থকাৰ লগতে ডাচ বিশ্ববিদ্যালয়সমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে দুয়োখন দেশৰ মাজত অংশীদাৰিত্বৰ শক্তি বৃদ্ধি কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে ক্ৰীড়া ক্ষেত্ৰৰ সংযোগে বিশেষকৈ ক্ৰিকেট তথা হকীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কত নতুন সজীৱতা সৃষ্টি কৰাত অৰিহণা যোগাইছে৷ প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে নেদাৰলেণ্ডৰ সৈতে দ্বিপাক্ষিক সহযোগিতা ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে, প্ৰযুক্তি আৰু উদ্ভাৱনে মূল কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিছে৷ তেওঁ দুয়োখন দেশৰ মাজত শক্তিশালী তথা ক্ৰমবৰ্ধমান বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে নেদাৰলেণ্ড ইউৰোপৰ ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে ৷

লগতে অন্যতম আগশাৰীৰ বিনিয়োগ অংশীদাৰ হিচাপেও চিহ্নিত হৈছে৷ তেওঁ লগতে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োপক্ষৰ বাবে নতুন সুযোগৰ দুৱাৰ অধিক মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ- বিকশিত ভাৰত হোৱাৰ উদ্দেশ্যে ভাৰতত হৈ থকা বৃদ্ধি আৰু অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰে৷ তেওঁ আন্তঃগাঁথনি, উৎপাদন, স্বচ্ছ শক্তি আৰু ডিজিটেল ব্যৱস্থাৰ ব্যাপক উন্নতিৰ জৰিয়তে ভাৰতত চলি থকা পৰিৱৰ্তনৰ পৰিসৰ তথা গতিৰ কথা উল্লেখ কৰে৷ তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে আত্মবিশ্বাসেৰে নিজৰ ভৱিষ্যৎ গঢ়ি তুলিছে, একে সময়তে বিশ্বৰ বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে৷ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ভাৰত চৰকাৰে বহিঃদেশত বসবাস কৰি থকা প্ৰতিগৰাকী ভাৰতীয়ৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকৰ কল্যাণৰ প্ৰতি দায়বদ্ধ হৈ আছে৷ তেওঁ নেদাৰলেণ্ডত লাভ কৰা তেওঁলোকৰ অভিজ্ঞতাৰে বিকশিত ভাৰত যাত্ৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়৷ নেদাৰলেণ্ড হৈছে চুৰিনামি-হিন্দুস্তানী সম্প্ৰদায়ৰ প্ৰায় ২ লাখ সদস্যকে ধৰি মূল ইউৰোপৰ ভিতৰত সৰ্বাধিক ভাৰতীয় মূলৰ লোকৰ বাসস্থান৷ এই সন্দৰ্ভত তেওঁ চুৰিনামি-হিন্দুস্তানী প্ৰব্ৰজনকাৰীসকলৰ বাবে চতুৰ্থ প্ৰজন্মৰ পৰা ষষ্ঠ প্ৰজন্মলৈ অ’চিআইৰ যোগ্যতাৰ উদাৰীকৰণৰ বিষয়ত আলোকপাত কৰে৷

ৰাজ্যত বানত ক্ষতিগ্ৰস্ত ২৩ হাজাৰ লোক, ২০খন জিলাত হাই-এলাৰ্ট জাৰি

ৰাজ্যত বানত ক্ষতিগ্ৰস্ত ২৩ হাজাৰ লোক, ২০খন জিলাত হাই-এলাৰ্ট জাৰি
ৰাজ্যত বানত ক্ষতিগ্ৰস্ত ২৩ হাজাৰ লোক, ২০খন জিলাত হাই-এলাৰ্ট জাৰি

অসমত এতিয়া বৰষুণৰ বতৰ৷ ইয়াৰ লগে লগে আহি পৰিছে বানৰো বিভীষিকা৷ শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত হোৱা বানত ২৩ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷ বাৰিষাৰ ভৰপক সময়ত বানে ৰাজ্যত অধিক কালান্তক ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ সেয়ে ২০খন জিলাত হাই-এলাৰ্ট জাৰি কৰা হৈছে৷ শেহতীয়াকৈ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৰ্তমানৰ এই জটিল পৰিস্থিতিৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ [আই এম ডি] এ আগন্তুক দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক বৰষুণ হোৱাৰ পূৰ্বানুমান কৰি সতৰ্কবাণী জাৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননীয়ে সম্প্ৰতি ৰাজ্যখনৰ বানপৰিস্থিতিক লৈ সৰ্বত্ৰ এক গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা শেহতীয়া বুলেটিন অনুসৰি, কামৰূপ [মহানগৰ], শ্ৰীভূমি আৰু কাছাৰ জিলাৰ কেইবাটাও অঞ্চলৰ পৰা ব্যাপক নগৰীয়া বানৰ খবৰ পোৱা গৈছে৷

এই তিনিখন জিলাৰ অন্তৰ্গত মুঠ চাৰিটা ৰাজহ চক্ৰৰ প্ৰায় ১২খন গাঁও বৰ্তমান প্লাৱিত হৈ পৰিছে, যাৰ ফলত ২৩,৬১৯জন লোক পোনপটীয়াভাৱে প্ৰভাৱিত হৈছে৷ চৰকাৰী তথ্য অনুসৰি, কেৱল কাছাৰ জিলাতে ১৫,৬১৭জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শ্ৰীভূমি জিলাত জ্জ্ব,০০২ জন লোক বানৰ কৱলত পৰিছে৷ অৱশ্যে, সকাহৰ বিষয় এয়ে যে বিগত ২৪ ঘণ্টাত এই নগৰীয়া বানৰ ফলত কোনো লোকৰ মৃত্যু বা নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা নাই বুলি এ এছ ডি এম এ কতৃৰ্পক্ষই নিশ্চিত কৰিছে৷ শ্ৰীভূমি জিলাত ৰাজ্যিক দুৰ্যোগ সাহায্য বাহিনীৰ বিষয়াসকলে পানীৰ মাজত আবদ্ধ হৈ থকা ৫৩জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷ প্ৰশাসনে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক আৱশ্যকীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে৷

ইফালে, গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই [আৰ এম চি] আগন্তুক ২৪ ঘণ্টাৰ বাবে ৰাজ্যৰ চাৰিখন গুৰুত্বপূৰ্ণ জিলা ক্ৰমে শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ আৰু ডিমা হাছাওৰ বাবে ‘কমলা সতৰ্কবাণী’ জাৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ সংজ্ঞা অনুসৰি, এই ‘কমলা সতৰ্কবাণী’ৰ অৰ্থ হৈছে যিকোনো জৰুৰী পৰিস্থিতিৰ মুখামুখি হ’বলৈ ‘ব্যৱস্থা ল’বলৈ সাজু থাকক’৷ এই সময়ছোৱাত ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে উল্লিখিত জিলাসমূহৰ কিছুমান বিচ্ছিন্ন স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে৷

ৰাজ্যখনৰ আন ২০খন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ‘হালধীয়া সতৰ্কবাণী’ জাৰি কৰা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে সজাগ থকা আৰু বতৰ সন্দৰ্ভত শেহতীয়া তথ্য লাভ কৰি থকা৷ এই হালধীয়া সতৰ্কতাৰ আউটিত থকা জিলাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ আৰু কামৰূপ [মহানগৰ], ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া অন্যতম৷ আৰ এম চিৰ পূৰ্বাভাস অনুসৰি, এই জিলাসমূহৰ কেইবাটাও অঞ্চলত আগন্তুক দুদিন ধৰি ধাৰাসাৰ বজ্ৰপাতৰ লগতে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ বৰ্তমান সমগ্ৰ ৰাজ্যখনতে প্ৰশাসনিক পৰ্যায়ত বান আৰু বতৰৰ এই প্ৰত্যাহ৩ানমূলক পৰিস্থিতিক চম্ভালিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷

পাকিস্তানেই সিদ্ধান্ত লওক তেওঁলোক ভূগোলত থাকিব নে ইতিহাসত…

পাকিস্তানেই সিদ্ধান্ত লওক তেওঁলোক ভূগোলত থাকিব নে ইতিহাসত...
পাকিস্তানেই সিদ্ধান্ত লওক তেওঁলোক ভূগোলত থাকিব নে ইতিহাসত...

ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক পুনৰ সকীয়ালে ভাৰতৰ সেনাপ্ৰধানে৷ অপাৰেচন সিন্দূৰৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ভাৰতৰ সেনাপ্ৰধানগৰাকীয়ে পাকিস্তানক সকীয়নি দিয়ে৷ তেওঁ কয়- পাকিস্তানেই সিদ্ধান্ত লওক তেওঁলোক ভূগোলত থাকিব নে ইতিহাসত৷ ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক এনেদৰেই সকীয়াই দিয়ে৷ শনিবাৰে নতুন দিল্লীৰ মানেক্সা চেণ্টাৰত অনুষ্ঠিত ‘ইউনিফৰ্ম আনভেইলড’ অনুষ্ঠানত তেওঁক সোধা হৈছিল যে যোৱা বছৰ যি পৰিস্থিতিত ‘অপাৰেচন সিন্দূৰ’ চলোৱা হৈছিল, তাৰ যদি পুনৰাবৃত্তি হয়, তেন্তে ভাৰতীয় সেনাই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সেই প্ৰশ্নৰ উত্তৰত ভাৰতীয় সেনাপ্ৰধানগৰাকীয়ে অতি শক্তিশালী ভাষাত কয়, ‘যদি আপুনি মোৰ কথা আগতে শুনিছে, মই যি কৈছো… সেয়া হ’ল যে যদি পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতবিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোকে ভূগোলৰ অংশ হ’ব বিচাৰে নে ইতিহাসৰ অংশ হ’ব বিচাৰে৷’ আৰু অপাৰেচন সিন্দূৰৰ বাৰ্ষিকীৰ কিছুদিন পিছতে ভাৰতীয় সেনাধ্যক্ষই সেই বাৰ্তা দিছিল৷

সেইদিনাও ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব৷ আজিও সেই বাৰ্তাই দিলে ভাৰতীয় সেনাপ্ৰধানে৷ অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত ভাৰতীয় সেনাই এখন ছবি পোষ্ট কৰে৷ তাত লিখা আছিল, ‘কিছুমান সীমা কেতিয়াও পাৰ হ’ব নালাগে৷ ভাৰতে পাহৰি নাযায়৷ মানৱতাৰ সীমা অতিক্ৰম কৰিলে উপযুক্ত উত্তৰ দিয়া হয়৷ ন্যায় বিচাৰ কৰা হয়৷ ভাৰত ঐক্যবদ্ধ৷’ একেদৰে ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনায়ো স্পষ্ট বাৰ্তা দিয়ে৷ পুনৰ এপ্ৰিল মাহত ভাৰতীয় সেনাপ্ৰধানগৰাকীয়ে কৈছিল, ‘অপাৰেচন সিন্দূৰ বিভিন্ন ক্ষেত্ৰত সমন্বিত পদক্ষেপৰ দিশত ভাৰতৰ অগ্ৰগতিৰ আটাইতকৈ শক্তিশালী আহিলা আছিল৷ কিন্তু আমি বিভিন্ন ক্ষেত্ৰৰ সংহতি আৰু সমন্বয়ৰ লক্ষ্যত উপনীত হ’ব লাগিব৷’ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত গঠিত যুদ্ধ তথ্য সংস্থা আৰু মনোবৈজ্ঞানিক প্ৰতিৰক্ষা বিভাগৰ বিষয়েও সেনাপ্ৰধানগৰাকীয়ে কয়৷ তেওঁ কয়, ‘আমাৰ ১৫ শতাংশ প্ৰচেষ্টা অপপ্ৰচাৰ অভিযান প্ৰতিহত কৰাত কেন্দ্ৰীভূত আছিল৷’

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত CBSEৰ সিদ্ধান্তঃ নৱম-দশম শ্ৰেণীত পঢ়িব লাগিব ৩টা ভাষা

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত CBSEৰ সিদ্ধান্তঃ নৱম-দশম শ্ৰেণীত পঢ়িব লাগিব ৩টা ভাষা
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত CBSEৰ সিদ্ধান্তঃ নৱম-দশম শ্ৰেণীত পঢ়িব লাগিব ৩টা ভাষা

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব চিবিএছইৰ এক নতুন নিয়ম৷ সেই অনুসৰি চিবিএছইয়ে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আধাৰ ২০২৩১ সৈতে সংগতি ৰাখি পৰিষদখনে এই নতুন ত্ৰি-ভাষা নীতিৰ কথা ঘোষণা কৰিছে৷ এই নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া তিনিটা ভাষাৰ ভিতৰত অন্ততঃ দুটা ভাষা থলুৱা ভাৰতীয় ভাষা হোৱাটো বাধ্যতামূলক৷ অৱশ্যে দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাত এই তৃতীয় ভাষাটোৰ কোনো বাহ্যিক মূল্যায়ন বা পৰীক্ষা অনুষ্ঠিত নহ’ব, বৰঞ্চ বিদ্যালয় পৰ্যায়তেই ইয়াৰ আভ্যন্তৰীণ মূল্যায়ন কৰা হ’ব বুলি পৰিষদে স্পষ্ট কৰি দিছে৷

চিবিএছইয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত থকা অতিৰিক্ত শৈক্ষিক হেঁচা হ্ৰাস কৰিবলৈ আৰু কেৱল শিক্ষাগ্ৰহণৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈকে তৃতীয় ভাষাটোৰ বাবে দশম শ্ৰেণীত ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ পৰিষদৰ প্ৰমাণ-পত্ৰত এই ভাষাৰ প্ৰদৰ্শন কেৱল বিদ্যালয়ে প্ৰদান কৰা আভ্যন্তৰীণ নম্বৰৰ ভিত্তিতহে সন্নিৱিষ্ট কৰা হ’ব৷ আনহাতে, যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে বিদেশী ভাষা অধ্যয়ন কৰিব বিচাৰে, তেন্তে তেওঁলোকে আন দুটা ভাষা ভাৰতীয় হিচাপে বাছনি কৰিব লাগিব অথবা বিদেশী ভাষাটোক চতুৰ্থ ভাষা হিচাপেহে গ্ৰহণ কৰিব পাৰিব৷ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী, ভাৰতত অধ্যয়নৰত বিদেশী শিক্ষাৰ্থী আৰু বিদেশত থকা চিবিএছই অনুমোদিত বিদ্যালয়সমূহৰ বাবে এই নীতিৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে৷

এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমান থকা আন্তঃগাঁথনিমূলক প্ৰত্যাহ৩ানসমূহক লৈ একাংশ শিক্ষাবিদে ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে৷ বৰ্তমান সময়লৈকে মাধ্যমিক পৰ্যায়ৰ বাবে তৃতীয় ভাষাৰ কোনো নিৰ্দিষ্ট পাঠ্যপুথি প্ৰস্তুত হৈ উঠা নাই৷ সেয়েহে পৰিষদে নিৰ্দিষ্ট পাঠ্যক্ৰম প্ৰস্তুত নোহোৱালৈকে বিদ্যালয়সমূহক ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি আৰু স্থানীয় গল্প, কবিতা আদিৰ সহায় লৈ পাঠদান অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ লগতে, বিদ্যালয়সমূহত থকা ভাষা শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবে চিবিএছইয়ে ওচৰৰ বিদ্যালয়ৰ সৈতে শিক্ষক বিনিময় কৰা, ভাৰ্চুৱেল বা হাইব্ৰিড মাধ্যমৰ ব্যৱহাৰ কৰা আৰু প্ৰয়োজনসাপেক্ষে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সেৱা গ্ৰহণ কৰাৰো এক অস্থায়ী ব্যৱস্থাৰ অনুমতি প্ৰদান কৰিছে৷ আগন্তুক ৩০ জুনৰ ভিতৰত সকলো বিদ্যালয়ক চিবিএছইৰ ‘ৱেছিচ প’ৰ্টেলত তেওঁলোকৰ ভাষা বাছনিৰ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷

কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰৰ NASA ভ্ৰমণৰ সুবিধা…

কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰৰ NASA ভ্ৰমণৰ সুবিধা...
কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰৰ NASA ভ্ৰমণৰ সুবিধা...

কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰৰ NASA ভ্ৰমণৰ সুবিধা। কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ এগৰাকী ছাত্ৰ উজলিল সৰ্বভাৰতীয় স্তৰত। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীত অধ্যয়ণৰত জোনাক জ্যোতি বৰদলৈ নামৰ ছাত্ৰজনে লাভ কৰিছে NASA। কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈয়ে কঠিন প্ৰতিযোগিতাৰে লাভ কৰিছে NASA ভ্ৰমণৰ সুবিধা। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত জোনাকজ্যোতিয়ে যাত্ৰা কৰিব NASAলৈ। 

কলিয়াবৰৰ ব্যক্তিগত খণ্ডৰ অন্যতম বিদ্যালয় কলিয়াবৰ গুৰুকুলৰ লগতে কলিয়াবৰবাসী বাবে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই। নলতলি, আৰিমৰাস্থিত কলিয়াবৰ গুৰুকুলৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা – ২০২৬ (ISSC 2026)ৰ বিভিন্ন পৰ্যায়ত সফলতা অৰ্জন কৰি নাছা ভ্ৰমণ কৰাৰ অবিশ্বাস্য সুযোগ লাভ কৰা লগতে প্ৰখ্যাত মহাকাশচাৰী ড০ ডন থমাছক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি থকা আগ্ৰহৰ ফলত লাভ কৰা এই সাফল্যত বিদ্যালয় কৰ্তৃপক্ষ  অতিশয় গৌৰৱান্বিত হোৱাৰ লগতে জোনাকলৈ তৰাৰ ৰাজ্যলৈ আগুৱাই যোৱাৰ এক সুন্দৰ যাত্ৰা বাবে শুভ কামনা জনায়।

মন্দিৰ দৰ্শনৰ পিছত চিৰিত বহে নেকি? যদি আপুনিও মন্দিৰ দৰ্শনৰ পিছত চিৰিত বহে তেন্তে ইয়াৰ আঁৰৰ ৰহস্য জানি লওক

মন্দিৰ দৰ্শনৰ পিছত চিৰিত বহে নেকি? যদি আপুনিও মন্দিৰ দৰ্শনৰ পিছত চিৰিত বহে তেন্তে ইয়াৰ আঁৰৰ ৰহস্য জানি লওক
মন্দিৰ দৰ্শনৰ পিছত চিৰিত বহে নেকি? যদি আপুনিও মন্দিৰ দৰ্শনৰ পিছত চিৰিত বহে তেন্তে ইয়াৰ আঁৰৰ ৰহস্য জানি লওক

ধৰ্মীয় বিশ্বাস অনুসৰি মন্দিৰক দেৱতাৰ মুখ বুলি গণ্য কৰা হয়, আনহাতে মন্দিৰৰ চিৰিক তেওঁলোকৰ ভৰি বুলি গণ্য কৰা হয়। গতিকে, মন্দিৰৰ চিৰিত বহাটো শুভ নে অশুভ সেই বিষয়ে জনাটো দৰকাৰী।

এটা মন্দিৰ পৰিদৰ্শনৰ পিছত মানুহে কিছু সময় চিৰিত বহি কটায় আৰু তাৰ পিছত ঘৰলৈ উভতে। মন্দিৰৰ চিৰিত বহিব লাগে নে নাথাকিব লাগে তাৰ আঁৰৰ ৰহস্য কি সেই বিষয়ে কমে লোকেহে জানে।

সনাতন ধৰ্মত মন্দিৰৰ আকৃতি কোনো দেৱতাৰ মূৰ্তিৰ সৈতে মিল থকা বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি মন্দিৰক দেৱতাৰ মুখ বুলি গণ্য কৰা হয়, আৰু মন্দিৰৰ চিৰিক তেওঁলোকৰ ভৰি বুলি গণ্য কৰা হয়। এই কাৰণেই মন্দিৰলৈ যাওঁতে চকু মেলি দেৱতাক ধ্যান কৰা হয় আৰু চিৰিত বহি চকু মুদি দেৱতাৰ ধ্যান কৰা হয়।

মন্দিৰৰ চিৰিবোৰ দেৱতাৰ মূৰ্তিৰ ভৰিৰ দৰে; যদি কোনোবাই সেইবোৰৰ ওপৰত বহি চকু মুদি দেৱতাক ধ্যান কৰে, তেন্তে দেৱতাই সোনকালে প্ৰাৰ্থনা শুনিব আৰু নিজৰ ইচ্ছা সোনকালে পূৰণ হয়। মন্দিৰৰ দৰ্শন কৰিলেও দেৱতা ভ্ৰমণৰ দৰেই লাভ হয়। মূৰ তল কৰি শিখৰটো চাব লাগে। এনে কৰিলে জীৱনৰ অসুবিধা দূৰ হয় আৰু মনৰ শান্তি আহে। ধন-সম্পত্তি, সুখ, সমৃদ্ধি মানুহৰ জীৱনত প্ৰৱেশ কৰে আৰু পাপৰ পৰা মুক্তি পায়। গতিকে মন্দিৰ দৰ্শন কৰাৰ পিছত ওপৰলৈ চাব আৰু চিৰিত বহি যিকোনো ভুলৰ বাবে ঈশ্বৰৰ পৰা ক্ষমা বিচাৰিব।

মন্দিৰৰ চিৰিত বহাটো সদায় শুভ নহয়, সাৱধান নহ’লে ইয়াৰ অশুভ পৰিণতিও হ’ব পাৰে। মন্দিৰৰ চিৰিত বহি সংসাৰিক বিষয়ত লিপ্ত হ’লে, ঘৰ, ব্যৱসায় বা ৰাজনীতিৰ বিষয়ে আলোচনা কৰিলে, কাৰোবাৰ বিষয়ে বেয়াকৈ ক’লে বা বেয়া কথাৰ কথা ক’লে, তেতিয়া তেওঁৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে মন্দিৰৰ ভিতৰত বা মন্দিৰৰ চিৰিত এইবোৰ কাম নকৰিব, তাৰ পৰিৱৰ্তে ঈশ্বৰৰ ধ্যান কৰিব।

Favorite Daughter In Law: শাহুৰ প্ৰিয় বোৱাৰী হ’বলৈ এই ৫টা গুণৰ অধিকাৰী হ’ব লাগিব, আপোনাৰ আছেনে এই পাঁচগুণ…

Favorite Daughter In Law
Favorite Daughter In Law

বিবাহ প্ৰতিগৰাকী ছোৱালীৰ সপোন।(Favorite Daughter In Law) বিবাহৰ দিনটোক বিশেষ কৰি তুলিবলৈ প্ৰতিগৰাকীয়ে ছোৱালীয়ে ব্যাপক প্ৰস্তুতি চলায়। শাহুৱেক-বোৱাৰীৰ সম্পৰ্কটো সদায় আলোচনাৰ বিষয় আৰু শাহুৱেকক সুখী কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ, নহ’লে কথাবোৰ বেলেগ ফালে ঢাল কায়। মানুহে এই সম্পৰ্কক প্ৰায়ে কাজিয়া আৰু সংঘাতৰ সৈতে জড়িত কৰে। শাহু-বোৱাৰীৰ সম্পৰ্ক নিৰ্ভৰ কৰে বুজাবুজি, সন্মান আৰু মৰমে। যদি আপুনি ভয় অনুভৱ কৰিছে আৰু আপোনাৰ শাহুৱেকক কেনেকৈ সুখী কৰি ৰাখিব পাৰি বা তেওঁৰ প্ৰিয় হ’ব পাৰিবনে? যদি এই বিষয়ে জানিব বিচাৰিছে তেন্তে এই লেখাটো আপোনাৰ বাবে অতি উপযোগী হ’ব।

সকলোৰে প্ৰিয় বোৱাৰী আৰু শাহুৱেকৰ প্ৰিয় বোৱাৰী হ’ব বিচাৰিলে এই পাঁচটা গুণৰ অধিকাৰী হ’ব লাগিব। যদি নাই তেন্তে এই পাঁচ গুণৰ অধিকাৰী হ’বলৈ চেষ্টা কৰক…

যদি আপুনি বিয়া হ’বলৈ ওলাইছে আৰু প্ৰিয় বোৱাৰী হ’ব বিচাৰিছে তেন্তে প্ৰতিটো পৰিস্থিতিত শাহুৰ কাষত থিয় দি সম্পূৰ্ণ সহায় আগবঢ়াব লাগিব।

যদি আপুনি শাহুৰ প্ৰিয় বোৱাৰী হ’ব বিচাৰে তেন্তে তেওঁৰ প্ৰতি আপোনাৰ সন্মান থাকিব লাগিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক মজবুত হয় আৰু আপোনাৰ শাহু আপোনাৰ লগত সদায় সুখী হৈ থাকিব।

প্ৰতিগৰাকী শাহুৱেকে বিচাৰে বোৱাৰীয়েই সকলো দায়িত্ব লওক। ঘৰৰ কাম-কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি সকলো দায়িত্ব ভালদৰে পালন কৰিলে ভাল বোৱাৰী হ’ব পাৰে।

শাহুক মৰম দেখুৱাব লাগিব। তেনে কৰিলে তেওঁ আপোনাক সম্পূৰ্ণ হৃদয়েৰে আকোৱালি ল’ব আৰু তুমি গম পোৱাৰ আগতেই প্ৰিয় হৈ পৰিব। শাহুক যত্ন লোৱা উচিত।

যদি আপোনাৰ কিবা এটা বেয়া লাগে তেন্তে আপুনি কথা-বতৰাৰ জৰিয়তে তৎক্ষণাত সমাধান কৰিব লাগিব। যিকোনো সমস্যাক ধৰি ৰখাৰ পৰিৱৰ্তে সঠিক সময়ত সমাধান কৰা উচিত।

গৌৰৱোজ্জ্বলে ৫০ বছৰঃ ‘লেখিকা সংস্থা, অসম’ৰ সোণালী জয়ন্তী সামৰণী অনুষ্ঠান

গৌৰৱোজ্জ্বলে ৫০ বছৰঃ 'লেখিকা সংস্থা, অসম'ৰ সোণালী জয়ন্তী...
গৌৰৱোজ্জ্বলে ৫০ বছৰঃ 'লেখিকা সংস্থা, অসম'ৰ সোণালী জয়ন্তী...

লেখিকা সংস্থা অসম গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। লেখিকা সংস্থা, অসমৰ সোণালী জয়ন্তীৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ৫১ খন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়।

সংস্থাৰ সভাপতি মামণি গগৈ বৰুৱা, উদ্যাপন সমিতিৰ সভাপতি মৃদুলা শর্মা, মুখ্য উপদেষ্টা ৰতিপ্রভা গগৈ, হৰপ্রিয়া বাৰুকিয়াল বৰগোহাঞি, উপদেষ্টা যোগমায়া গগৈ, মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ উপৰিও অসমৰ প্ৰতিটো শাখাৰে সভাপতিসকলে একোখনকৈ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতে বন্তি প্রজ্বলন আৰু স্মৃতি তর্পন কার্যসূচীত মুখ্য প্রজ্বলকৰূপে অংশ লয় বিশিষ্টা লেখিকা, সমাজ সেৱিকা যুগব্রতা দত্তই। এই দুয়োটা কাৰ্যসূচীৰে আঁত ধৰে উদ্যাপন সমিতিৰ সম্পাদক বিজয়া দেৱদাসে।

পুৱা ১০-৩০ বজাত সোণালী জয়ন্তীৰ অন্তিম দিনাৰ মুখ্য আকৰ্ষণ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অসমৰ যশস্বী অভিনেত্রী চেতনা দাসে। দুপৰীয়া ১-৩০ বজাৰ পৰা সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মামণি গগৈ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখনি উদ্বোধন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াই। ইয়াত মুখ্য অতিথিৰূপে অংশ লৈ বক্তৃতা প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন ৰাভা হাকাচামে।

অতিথিৰ আসনৰ পৰা বক্তৃব্য ৰাখে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট গায়ক গৌতম শর্মাই। বিশিষ্ট অতিথিরূপে সভাত অংশগ্রহণ কৰে সংস্থাৰ প্ৰাক্তন সভাপতিসকল ক্রমে ৰতিপ্রভা গগৈ, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আৰু মঞ্জুলা শর্মা ভট্টাচার্যই। সন্ধিয়া ৬-৩০ বজাত জুবিন গাৰ্গ সোঁৱৰণী সুৰীয়া সাংস্কৃতিক সন্ধিয়াৰে লেখিকা সংস্থা, অসমৰ সোণালী জয়ন্তীৰ সামৰণি পৰে। এই সাংস্কৃতিক সন্ধিয়াত লেখিকাসকলৰ ভিন্নমুখী প্রতিভাৰে উজ্জীৱিত সন্তানসকলে অনুষ্ঠান পৰিবেশন কৰে।

২০২৯ৰ লোকসভা নিৰ্বাচনত INDIA ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী…

২০২৯ৰ লোকসভা নিৰ্বাচনত INDIA ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী...
২০২৯ৰ লোকসভা নিৰ্বাচনত INDIA ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী...

২০২৯ৰ লোকসভা নিৰ্বাচনত INDIA ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্থ ৰেড্ডীৰ এই কথা ঘোষণা।

তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্থ ৰেড্ডীয়ে আজি লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে উত্থাপন কৰি কয় যে দলটোৱে INDIA ব্লকৰ মিত্ৰ দেশসমূহক তেওঁৰ নাম সমৰ্থন কৰিবলৈ আহ্বান জনাব।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ ব্যক্তিগত উচ্চাকাংক্ষাক আশ্ৰয় নিদিয়ে।

ৰেড্ডীয়ে কয় যে কংগ্ৰেছে প্ৰথমে ঘোষণা কৰিব আৰু তাৰ পিছত INDIA ব্লকৰ অংশীদাৰসকলক ৰাহুল গান্ধীক পিএম প্ৰাৰ্থী হিচাপে সমৰ্থন কৰিবলৈ ক’ব। অহা নির্বাচনত INDIA ব্লকক প্রতিনিধিত্ব কৰি প্রধানমন্ত্রী পদৰ প্রার্থী হ’ব ৰাহুল গান্ধী৷ আমি INDIA ব্লকৰ হৈ এক বিস্তৃত নীতিগত নথি দাখিল কৰিম আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ সমৰ্থন বিচাৰিম।