Home Blog Page 26

চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ১৮ নৱেম্বৰত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন…

আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক,বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এক ব্ৰঞ্জৰ আবক্ষ মূৰ্তি অহা ১৮ নৱেম্বৰত গুৱাহাটীৰ নাৰেংগী-বীৰকুছিৰ বিহগী নগৰত উন্মোচন কৰা হ’ব৷ চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ৰাজভৱনৰ অনুদানেৰে চত্তিছগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চাগেন্দ্ৰ উছেন্দিৰ নেতৃত্বত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা বিহগী কবিৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো ৰাইজৰ সহযোগিতাত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উদ্যোগত বিহগী নগৰত স্থাপন কৰা হৈছে বুলি বৃহত্তৰ বীৰকুছি সাহিত্য সভা (শতদল শাখা)ৰ সভাপতি ৰীণা শৰ্মা, সম্পাদক ৰবীন ভট্টাচাৰ্য আৰু আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি বিপিন চন্দ্ৰ ঠাকুৰীয়া আৰু সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে এক বিবৃতিযোগে জানিবলৈ দিছে৷ বিবৃতিটোত তেওঁলোকে কয় যে সেইদিনা চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আবক্ষ মূৰ্তিটো উন্মোচন কৰিব৷ অনুষ্ঠানত শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট লেখক হৃষীকেশ গোস্বামী, বিশিষ্ট লেখক পৰীক্ষিত বৈশ্য, শিক্ষাবিদ তথা বিহগী কবিৰ পৰিয়ালৰ সদস্য ডঃ কুলেন্দু পাঠক আদি উপস্থিত থাকিব৷ অনুষ্ঠানত বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে জীৱনকালত ব্যৱহাৰ কৰা আচবাব আদিৰ প্ৰদৰ্শনী, পুস্তিকা “
‘ৰঘুনাথ’ উন্মোচন কৰাৰ লগতে সন্ধিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জন্মদিন উপলক্ষে উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷


উল্লেখ্য যে আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক বিহগী কবি ৰঘুনাথ চৌধাৰী বীৰকুছি এলেকাত পাম স্থাপন কৰি কৃষি কৰ্ম কৰাৰ লগতে অসমবাসীক কৃষিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উৎসাহ দিছিল৷ উক্ত স্থানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিহগী কবিয়ে ’দহিকতৰা’ (১৯৩১ চন) কে ধৰি বহু প্ৰখ্যাত কবিতা ৰচনা কৰিছিল৷ সেয়েহে বীৰকুছিৰ সেই স্থানক ইতিমধ্যে “বিহগী নগৰ” বুলি নামকৰণ কৰা হৈছে৷ বিহগী নগৰতে তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো চত্তিছগড়ৰ ৰাজভৱনৰ অনুদানেৰে স্থাপন কৰা হৈছে৷ আনহাতে ১৯ নৱেম্বৰত বিহগী কবিৰ আবক্ষ মূৰ্তি স্থাপন কৰা ক্ষেত্ৰত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ (শতদল শাখা) বিশেষ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব৷ অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ উমেশ ডেকা,সদৌ অসম নাট্য সন্মিলনৰ সভাপতি জিতেন শৰ্মা উপস্থিত থকাৰ লগতে ৰীণা শৰ্মাই সংকলন কৰা ’কাবুলীৱালা’ ( মহানন্দ শৰ্মাৰ নাট্য সংকলন) উন্মোচন কৰা হ’ব৷

National Press Day: কচুৱা প্ৰেছ ক্লাৱত ‘ৰাষ্ট্ৰীয় প্ৰেছ দিৱস’ পালনঃ জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা

জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা
জ্যেষ্ঠ সাংবাদিকসকলক সম্বৰ্ধনা

আজি কচুৱা (National Press Day) প্ৰেছ ক্লাৱে মাধৱপাৰা হাইস্কুল পেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উৎযাপন কৰে ৷ বিদ্যালয় প্ৰাঙ্গনত বৃক্ষৰূপন কৰাৰ পিছতেই হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পিছতে কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপ সভাপতি আমিনুল হকে ৷ শিশু শিল্পী নিশা জিন্নানে মায়াবিনী গীতটি পৰিবেশন কৰাৰ পিছতে চিনাকী আৰু আদৰণি পৰ্বৰ আতঁ ধৰে সম্পাদক মোজাক্কিৰ আহমেদে ৷

‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আধাৰত সাংবাদিক সকলে বাতৰি পৰিবেশন কৰি জনমত গঠন কৰিব লাগিব আৰু নিৰপেক্ষ বাতৰি পৰিবেশন কৰাটো সাংবাদিক সকলৰ প্ৰথম কৰ্তব্য বুলি ক্ৰচ কাৰেন্ট চেনেলৰ মুখ্য সম্পাদক দিলোৱাৰ হুছেইন মজুদাৰে বক্তব্য ৰাখে ৷ সাংবাদিকৰ দায়বদ্ধতাৰ ওপৰত প্ৰবীণ সাংবাদিক মোলান লস্কৰ, সভাৰাম মজুমদাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আমিৰ হামজা ভূঞাঁ, বিশিষ্ট সমাজ সেৱক ইছলাম কাজী, শিক্ষাবিদ আলী আকবৰ, ৰতন দাস, মতিউৰ ৰহমান, আব্দুল মালেক, হুছেইন আলী আৰু গাওঁ প্ৰধান খাইৰুল ইছলাম খানে ৰসাল বক্তব্য ৰাখে ৷ সভাৰ মাজতে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানে  প্ৰেছ ক্লাৱৰ দহ গৰাকী সাংবাদিকক ফুলাম গামোছা, জাপী আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷ 

প্ৰবীণ সাংবাদিক মোলান লস্কৰক প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনোৱাৰ লগতে ‘ছাহ চুফি হজৰত জহুৰুদ্দিন খলিফা’ চাহাবৰ নামত উচৰ্গিত ‘খলিফা’ বটাঁ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ আৰু কবি-সাহিত্যিক খৰ্গেশ্বৰ বৰাক প্ৰদান কৰা হয় ৷ যুৱনেতা মতিউৰ ৰহমানে সাৱলিল কণ্ঠৰে শলাগৰ শৰাই আগবঢ়ায় ৷ বৰ্ণাঢ্য সভাখনত জিলা পৰিষদ সদস্য আব্দুল জব্বাৰ, জ্যেষ্ঠ সাংবাদিক নলিনী বৰঠাকুৰ, নীলকমল শইকীয়া , অনুপজ্যোতি লাহন, সমাজ সেৱক উমৰ আলী , ওৱাহিদা বেগম, নাজিমা বেগম, জালাল উদ্দিন খান আৰু খলিলুৰ ৰহমানকে আদিকৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Zubeen Garg birthday: জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে চাইকেল ৰেলী

জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে চাইকেল ৰেলী
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে চাইকেল ৰেলী

জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ চাইকেল ৰেলী।(Zubeen Garg birthday)

জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উপলক্ষে এই পদক্ষেপ একাংশ চাইকেললিষ্টৰ।

৬০ গৰাকীতকৈ অধিক ব‍্যক্তিয়ে অংশগ্ৰহণ কৰিছে এই ৰেলীত।

জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাব প্ৰাণৰ শিল্পীগৰাকীক।

সোণাপুৰৰ পৰা পুনৰ খানাপাৰালৈ আহিব চাইকেললিষ্টসকল।

National Press Day: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকসকলক অৱহেলা কৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে

সমগ্ৰ (National Press Day) দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস চৰকাৰী ভাৱে উলহ মালহৰে উদযাপন কৰাৰ বিপৰীতে কলিয়াবৰত পৰিলক্ষিত হ’ল এখন বিপৰীত ছবি। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কথা পাহৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে।

বিগত প্ৰত্যেক বছৰেই কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আহিছিল যদিও এইবেলি সমজিলা প্ৰশাসনে প্ৰেছ দিৱস আয়োজন কৰাৰ পৰা বিৰত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে কলিয়াবৰৰ সংবাদসেৱীসকলে।

ইয়াৰ বিপৰীতে কলিয়াবৰ প্ৰেছ ক্লাবে নিজাববীয়াকৈ অনুষ্টুপীয়াকৈ হ’লেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলে প্ৰেছ ক্লাবত। ৭০ দশকৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বাতৰি কাকত পঢ়ুৱৈ সমাজৰ তিনিগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসলৈ আমন্ত্ৰণ জনায় সম্বৰ্ধনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত।

পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ৰাজহুৱা সভা আদি কাৰ্যসূচীৰে কলিয়াবৰ প্ৰেছ ক্লাবে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইয়াৰ বিপৰীতে সমজিলা প্ৰশাসনৰ উদাসীনতাক একেমুখে ধিক্কাৰ দিছে সংবাদসেৱীসকলে।

Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!

Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!
Bihar: বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণ!

বিহাৰত (Bihar) ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা।

পাটনাস্থিত গান্ধী ময়দানত পূর্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি।

প্রধানমন্ত্রী মোদীৰ কাৰ্যসূচীৰ আধাৰত নিৰ্ণয় হ’ব শপতগ্ৰহণৰ চূড়ান্ত দিন।

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত।

এইবাৰ বিহাৰৰ নিৰ্বাচনত এন ডি এয়ে ব্যাপক জয় লাভ কৰাৰ লগতে ২০২০ চনৰ তুলনাত যথেষ্ট ভাল হৈছে।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ আটাইকেইটা আসনৰ ফলাফল ঘোষণা কৰি ২০২খন আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ব্যাপক জয় লাভ কৰে।

আনহাতে মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসন লাভ কৰিবলৈ সক্ষম।

দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান

বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান
বিশিষ্ট সাংস্কৃতিক কৰ্মী চম্পা বৰগোহাঁই বৰবৰুৱাৰ দেহাৱসান

দেৰগাঁৱৰ (Dergaon) এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী, সদৌ অসম মইনা পাৰিজাতৰ “শিশু মহীয়ান”, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সদস্যাৰত্ন” উপাধি প্ৰাপ্ত জ্যেষ্ঠা নাগৰিক চম্পা বৰগোহাঁই বৰবৰুৱাৰৰ ৯৩ বছৰ বয়সত আজি পুৱা ৬বজাত নিজা বাসগৃহত বাৰ্ধক্যজনীত কাৰণত দেহাৱসান ঘটে।

তেখেত আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ ননন্দী। মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ,দুগৰাকী বোৱাৰী,নাতি-নাতিনী সহ বহু আত্মীয় কুটুম্বক এৰি থৈ গৈছে।

অসমত কিমান সুৰক্ষিত সাংবাদিক ?

সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে । এই দিৱসটোত চৰকাৰী পক্ষৰ লগতে বিভিন্নজনে সাংবাদিকৰ লগতে সংবাদকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সাংবাদিকসকল কিমান সুৰক্ষিত । কাৰণ সময়ে সময়ে বিভিন্ন ধৰণে সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে । অসমতো সাংবাদিক নিৰ্যাতনৰ অলেখ ঘটনা সংঘটিত হৈছে ।

কি কংগ্ৰেছ, কি বিজেপি সকলোৰে আমোলত বিভিন্ন সময়ত লক্ষ্য হৈ আহিছে সাংবাদিকসকল । চৰকাৰে সাংবাদিকৰ কল্যাণ, সাংবাদিকৰ নিৰাপত্তা আদি বিষয়বোৰ সততে কৈ আহে যদিও বাস্তৱত কেৱল শ্লোগানতেহে পৰিণত হৈছে । লক্ষণীয় বিষয় যে সাংবাদিক নিৰ্যাতনৰ ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে। বিগত সময়ছোৱাত সত্য দাঙি ধৰিবলৈ গৈ চৰকাৰখনৰ লগতে উগ্ৰপন্থী সংগঠন, ভূ-মাফিয়া তথা বিভিন্ন দুষ্টচক্ৰৰ জিঘাংসাৰ বলি হৈ আহিছে সাংবাদিকসকল ।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছিল । কিন্তু তেওঁৰ এই মৃত্যুক সাধাৰণ দুৰ্ঘটনা বুলি কোনেও মানি লোৱা নাছিল । কাৰণ তেওঁ বহু প্ৰভাৱশালী ব্যক্তিৰ বাবে চকুৰ কুটা হৈ পৰিছিল । কাঠ, কয়লা মাফিয়াৰ ভিতৰুৱা খবৰ উলিয়াই আনিছিল তেওঁ । যাৰ বাবে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

এইখন অসমতে পুনৰমল আগৰৱালা, কমলা শইকীয়া, পবিত্ৰ নাৰায়ণ, দীপক স্বৰ্গীয়াৰী, পৰাগ কুমাৰ দাস, প্ৰহ্লাদ গোৱালা, জীতেন চুতীয়া, কনক ৰাজ মেধি, মুচলিমুদ্দিন, জগদীশ শইকীয়া, অনিল মজুমদাৰ, দীনেশ্বৰ ব্ৰহ্ম, মাণিক দেউৰী, নুৰুল হক, বডোছা নাৰ্জাৰী আদি অনেক সাংবাদিকক হত্যা কৰা হ’ল । সাংবাদিকৰ হত্যাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হৈছিল । কিন্তু নাপালে ন্যায় ।

ইফালে নিৰ্যাতিত সাংবাদিকৰ তালিকাখন যথেষ্ট দীঘল আৰু ক্ৰমাৎ দীঘল হৈ গৈ আছে । বর্তমান ক্রমাগতভাৱে অসমত সাংবাদিক নির্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । এনেবোৰ কাৰণতে প্ৰায়ে চৰ্চালৈ আহে সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগটো । আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতো সাংবাদিক তথা সংবাদকৰ্মীৰ নিৰাপত্তাৰ বিষয়টো আলোচিত হৈছে ।

Nitish Kumar: বিৰোধীয়ে নীতিশ কুমাৰক অপমান কৰিছিল, তাৰ ফল পালেঃ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

বিৰোধীয়ে নীতিশ কুমাৰক অপমান কৰিছিল, তাৰ ফল পালে
বিৰোধীয়ে নীতিশ কুমাৰক অপমান কৰিছিল, তাৰ ফল পালে

বিহাৰ বিধানসভা (Nitish Kumar) নিৰ্বাচনত এইবেলি বিজেপি নেতৃত্বাধীন এনডিএই যাদু দেখুৱাইছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে বাৰে বাৰে আক্ৰমণ চলাই বিৰোধীয়ে সংসদীয় শিষ্টাচাৰ বিনষ্ট কৰিছিল। ফলত বিহাৰত ভোটাৰৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। তাৰ ফল এতিয়া বিৰোধীয়ে পাইছে। এনে অপমান বিহাৰৰ জনসাধাৰণেও মানি ল’ব নোৱাৰিলে বুলি মোদীয়ে কয় ।এই নিৰ্বাচনত এনে বহু কথাই পৰিৱেশ সৃষ্টি কৰিলে।’ শনিবাৰে নীতিশ কুমাৰক সাক্ষাৎ কৰে জেডিইউ নেতা উমেশ সিং কুশৱাহাই। বৈঠকৰ অন্তত তেওঁ সাংবাদিকৰ আগত কয়, “বিহাৰৰ জনসাধাৰণে উন্নয়ন আৰু সুশাসনৰ ওপৰত তেওঁলোকে অনুমোদন দিছে। শেহতীয়া চৰ্চা অনুসৰি নীতিশ কুমাৰেই পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। উল্লেখ্য ১৯৮৫ চনত বিহাৰত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল নীতিশ। হৰ্নাথ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ। ১৯৯৫ চনত সেই সমষ্টিৰ পৰা শেষবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু, তেওঁ জয়ী হ’ব নোৱাৰিলে। ইয়াৰ পিছত তেওঁ আৰু কেতিয়াও বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব, তেন্তে কেনেকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ? দৰাচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও তেওঁ বিহাৰৰ বিধান পৰিষদৰ সদস্য।

যেনেকৈ সংসদত লোকসভা আৰু ৰাজ্যসভা আছে। য’ত লোকসভাৰ সাংসদসকলক পোনপটীয়াকৈ ভোটাৰে নিৰ্বাচন কৰে আৰু ৰাজ্যসভাৰ সাংসদসকল বিভিন্ন ৰাজ্যৰ বিধায়কৰ ভোটত নিৰ্বাচিত হয়। একেদৰে ভাৰতৰ ৬ খন ৰাজ্যত বিধান পৰিষদ আছে। বিধানসভাৰ উচ্চ সদন। বিধান পৰিষদৰ সদস্যসকলক ভোটাৰে পোনপটীয়াকৈ নিৰ্বাচন নকৰে। বিধানসভাত থকা ৰাজনৈতিক দলসমূহৰ আসনৰ ওপৰত ভিত্তি কৰি বিধান পৰিষদৰ সদস্য নিৰ্বাচন কৰা হয়। তেনেকৈ ৰাজ্যৰ মন্ত্ৰী হ’ব পাৰে। সংসদৰ ৰাজ্যসভাৰ এজন সদস্যৰ দৰেই এজন বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল ৬ বছৰ।

২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। সেই সময়ত তেওঁ বিধানসভা বা বিধান পৰিষদৰ সদস্য নাছিল। যাৰ বাবে আঠ দিনৰ ভিতৰতে তেওঁ পদত্যাগ কৰে। তাৰ পিছত ২০০৫ চনত নীতিশ পুনৰ মুখ্যমন্ত্ৰী হয়। তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। বৰঞ্চ তেওঁ বিধান পৰিষদৰ সদস্য হোৱাৰ সিদ্ধান্ত লয়। ২০১৪ চনৰ ২০ মে’ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰা নীতিশে বিধান পৰিষদৰ সদস্য হিচাপে মুখ্যমন্ত্ৰী হৈ থাকে। ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। তাৰ পিছত তেওঁ কেইবাবাৰো মিত্ৰতা সলনি কৰে।

Badruddin Ajmal: মহাজোঁট নহ’লে বিজেপি আকৌ ৫ বছৰৰ বাবে আহিবঃ আজমলৰ সতর্কবাণী

মহাজোঁট নহ’লে বিজেপি আকৌ ৫ বছৰৰ বাবে আহিবঃ আজমলৰ সতর্কবাণী
মহাজোঁট নহ’লে বিজেপি আকৌ ৫ বছৰৰ বাবে আহিবঃ আজমলৰ সতর্কবাণী

“বিহাৰৰ নিৰ্বাচনী (Badruddin Ajmal) ফলাফলৰ পিছত কংগ্রেছে শিক্ষা ল’ব লাগে । অসমত বিজেপিক আঁতৰাবলৈ মহাজোঁট বনাব লাগে । অসমৰ ৰাইজৰ স্বাৰ্থৰ বাবে মহাজোঁট হ’ব লাগে ।” এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ । অসুস্থতাৰ বাবে সুদীৰ্ঘ দিন মুম্বাইত থকাৰ পিছত অসমলৈ অহা এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে শনিবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে কয়,”বিহাৰ গ’ল, এতিয়া অসম বচাব লাগে । নহ’লে পুনৰ ৫ বছৰলৈ বিজেপি আহিব । বিহাৰত মহাজোঁট ফেইল হোৱা নাই, কংগ্রেছৰ ষ্ট্ৰেটেজী ভুল আছিল । তেজস্বী যাদৱে বিগত পাঁচ বছৰ বহুত কষ্ট কৰিছে । দৈনিক ১৮ খনকৈ সভা কৰিছে । যাৰ লগত হাত মিলালে তেওঁলোকে কি কৰিলে । আনহাতে প্ৰধানমন্ত্রী হৈ নৰেন্দ্ৰ মোদীয়ে ৫০ ৰো অধিক প্ৰ’গ্ৰেম কৰিছে । তেজস্বী যাদৱে অকলে কিমান কৰিব । মহাগঠবন্ধনৰ নেতাসকলে পাঁচ বা ছয়খন সভা কৰিছে ।”ই ভি এমৰ প্ৰসংগত তেওঁ কয়, “এইটো থাকিবই ।

ই ভি এমক দোষাৰোপ কৰাটো আমাৰ অভ্যাসত পৰিণত হৈছে। নিৰ্বাচনত হাৰিলে আমি এইটো কও আৰু জিকিলে নকও ।” কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰসংগত তেওঁ কয়, “ৰাহুল গান্ধীক সমালোচনা নকৰো । তেওঁ এজন সন্মানীয় নেতা আৰু লোকসভাৰ বিৰোধী দলপতি । তেওঁলোকৰ সন্মূখত আমি সৰু মানুহ । কংগ্রেছৰ বাবে আমি দোৱা কৰিম ভাল হওঁক ।”আনহাতে, তেখেতে আৰু কয়, “মহাগঠবন্ধনত আমি আৰম্ভনীৰ পৰা আছিলো; কিন্তু পিছত আমাক নমতা হ’ল। আমাৰ কি দোষ আছিল প্ৰথমে জনা নাছিলো, পিছতহে গম পালোঁ দাঢ়ি-টুপী থকা মানুহ ষ্টেজত উঠিব নিদিয়ে । যাৰ বাবে আমাক আউট কৰি দিছে । আছাউদ্দিন ওৱেছিৱে মাথা মাৰিছে । আছাউদ্দিন ওৱেছি আজিকালি কোনো ক’মিউনেল ফিগাৰ নহয় । কংগ্ৰেছৰ দৰে এটা দলৰ এতিয়া ওৱেছিৰ লগত টক্কৰ হৈছে ।” এইদৰে ক’লে আজমলে ।

উল্লেখ্য, আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয়, “এইবাৰ আমাৰ আশা আছে । বিশেষকৈ বিহাৰৰ ফলাফলৰ পাছত আমি বেছি আশাবাদী হৈছো । আমি কংগ্ৰেছতকৈ বেছি ভাল কৰিম । মোৰ গা ভাল যদিও বিধানসভা নিৰ্বাচনৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয় । ধুবুৰীৰ পৰা ইমান ডাঙৰ নিৰ্বাচন এটা হাৰিলো । আকৌ নিৰ্বাচন খেলাৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয়; কিন্তু আমাৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ কৰিম । আমি সুখী আছো আমাৰ ঠাইত । আমি একলা চলো নীতিত বিশ্বাস কৰো আৰু সেইমতে চলিম । যদি কোনোৱে আমাৰ সৈতে মিত্ৰতা বিচাৰে তেন্তে কথা পাতিম । বিজেপিক আঁতৰাব ইচ্ছা থাকিলে অসমত মহাজোঁটবন্ধন হ’ব লাগে । অসমৰ স্বাৰ্থত লাগে বুলি মন্তব্য কৰি আজমলে কয়, “বিহাৰৰ পৰা কংগ্ৰেছে শিক্ষা ল’ব লাগে । বিহাৰ গ’ল, এতিয়া অসম বচাব লাগে । সকলোৱে মিলি বিচাৰিলেহে হ’ব, আমি অকলে বিচাৰিলে নহ’ব ।”

কূটাঘাত নে দুৰ্ঘটনা! কাশ্মীৰৰ নৌগাম থানা চৌহদত শক্তিশালী বিস্ফোৰণ

এক শক্তিশালী বিস্ফোৰণে কঁপাই তুলিলে কাশ্মীৰক। কাশ্মীৰৰ নৌগাম থানা চৌহদত সংঘটিত শক্তিশালী বিস্ফোৰণত এতিয়ালৈকে ৯ জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে গভীৰ নিশা আন এক প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মু–কাশ্মীৰ। উপত্যকাটোৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ।

সূত্ৰ অনুসৰি, ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত আকস্মিকভাৱে এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলস্বৰূপে ৯ জন আৰক্ষী নিহত হয়। ইপিনে কাশ্মীৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদীৰ কোনো হাত নাই বুলি প্ৰকাশ কৰিছে।

এয়া এক দুৰ্ঘটনা বুলিহে আৰক্ষীয়ে কৈছে। এই বিস্ফোৰণত আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শেহতীয়াকৈ সন্ত্ৰাসবাদী মডিউলৰ গোচৰৰ সৈতে জড়িত হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত আহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া বুলি তেওঁলোকে সদৰী কৰিছে। বিস্ফোৰণস্থলীৰ পৰা নটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।