Home Blog Page 25

বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM

বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM
বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM

AIMIM । অসমৰ ৰাজনীতিত নতুন সমীকৰণৰ আভাস। সদায় ‘একলা চলো নীতি’ত বিশ্বাসী বুলি জনাজাত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি আছাউদ্দিন ওৱেছিৰ AIMIM-ৰে মিত্ৰতা কৰাৰ ঘোষণা কৰিছে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন সাংসদ আজমলে কয় যে বিহাৰৰ ভাল ফলাফলৰ বাবে ওৱেছিক ধন্যবাদ জ্ঞাপন কৰিছে আৰু অসমলৈ আহিলে তেওঁক উষ্ণ অভ্যৰ্থনা জনাব।

নতুন ৰাজনৈতিক সমীকৰণ

এ আই ইউ ডি এফ সভাপতিৰ মতে, আগন্তুক নিৰ্বাচনত AIMIM, কেৰেলাৰ UDF আৰু ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সৈতে এক বৃহৎ মিত্ৰজোট গঠনৰ বাবে আলোচনা আৰম্ভ হৈছে। এই জোটৰ লক্ষ্য—সংখ্যালঘু ভোটাৰক আকর্ষণ কৰা আৰু কংগ্ৰেছৰ সংখ্যালঘু ভোটব্যাংকক সমূলি বৈছদ্য কৰিব। আজমলে দৃঢ়তাৰে দাবী কৰিছে যে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছতকৈ বেছি আসন লাভ কৰিব এ আই ইউ ডি এফ

তেওঁৰ মতে, ইতিমধ্যে ৩৫টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে দল সাজু হৈছে। ডিচেম্বৰ মাহত অসমলৈ আহিব ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সভাপতি; ইয়াকেই ধৰি অসমৰ ৰাজনীতিত তৃতীয় মৰ্চা গঠনৰ কার্যত্মক সূচনা হৈ পৰিছে।

অসমত নতুন তৃতীয় মৰ্চাৰ সম্ভাবনা

আজমল-ওৱেছি সমীকৰণ সফল হ’লে অসমৰ ৰাজনীতিত নতুন ৰাজনৈতিক শক্তিৰ আবিৰ্ভাৱ ঘটিব। তবে বহু বিশ্লেষকৰ মতে, এই মিত্ৰতা রাজনীতিত সাম্প্ৰদায়িক মেরুকৰণ অধিক তীব্ৰ কৰিব পাৰে।

জমিয়তৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত আজমল

ইফালে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত জমিয়ত উলেমা-এ-হিন্দৰ অসম শাখাৰ নিৰ্বাচনী সভাত সৰ্বসন্মতিক্ৰমে চতুৰ্থবাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হয় বদৰুদ্দিন আজমল। কেন্দ্রীয় প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সিদ্ধান্ত লোৱা হয় যে আজমল ২০২৭ চনলৈ জমিয়তৰ সভাপতিৰ দায়িত্বত থাকিব।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat

Mohan Bhagwat । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ সৰসংঘচালক ডা. মোহন ভাগৱতে দুদিনীয়া বিশেষ ভ্ৰমণসূচীৰে অসমলৈ আগমন কৰিব। ১৭ নৱেম্বৰৰ আবেলি গুৱাহাটীলৈ উপস্থিত হ’ব ভাগৱত। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত তেওঁ পোনে পোনে বৰবৰীৰ সুদৰ্শনালয়লৈ ৰাওনা হ’ব।

RSS-ৰ শতবৰ্ষ উৎসৱ উপলক্ষে বিভিন্ন সাংগঠনিক কাৰ্যসূচী আয়োজন কৰা হৈছে


১৮ নৱেম্বৰ: নাগৰিক সন্মিলন

১৮ নৱেম্বৰৰ পৰা ভাগৱতৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ’ব। দিনটোৰ আবেলি ৪ বজাৰ পৰা সুদৰ্শনালয়ত ‘নাগৰিক সন্মিলন’ অনুষ্ঠিত হ’ব, য’ত সমাজ জীৱনত উল্লেখযোগ্য অৱদান ৰখা গুৱাহাটীৰ দুই শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থাকিব। সাহিত্যিক, কাকত-আলোচনীৰ সম্পাদক, সাংবাদিক, উদ্যোগপতি আদিকে এই বিশেষ বৈঠকত আমন্ত্ৰণ জনোৱা হৈছে।

এই সন্মিলনত ডা. ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে বিভিন্ন বিষয়া লৈ মত-বিনিময় কৰিব বুলি জানিব পৰা গৈছে।


১৯ নৱেম্বৰ: যুৱ সন্মিলন

পাছদিনা অৰ্থাৎ ১৯ নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা ‘যুৱ সন্মিলন’ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত নিৰ্বাচিত যুৱ কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি সহ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান অসমৰ যুৱসমাজ উপস্থিত থাকিব। অংশগ্ৰহণকাৰীৰ সন্মুখত মোহন ভাগৱতে পুনৰ এক গুৰুত্বপূৰ্ণ বৌদ্ধিক বক্তব্য প্ৰদান কৰিব।


২০ নৱেম্বৰ: মণিপুৰ ভ্ৰমণ

অসমত দুদিনীয় কাৰ্যসূচী সম্পন্ন কৰি ২০ নৱেম্বৰৰ দিনা ডা. মোহন ভাগৱত মণিপুৰলৈ যাত্ৰা কৰিব বুলি RSSৰ মুখপাত্ৰই জনাইছে।

বিহাৰত নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্তবিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া । BIHAR

বিহাৰত নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্তবিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া । BIHAR
বিহাৰত নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্তবিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া । BIHAR

BIHAR । বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্রিয়া ইতিমধ্যে জোৰদাৰ হৈছে। বিদায়ী মন্ত্ৰীসভাৰ চূড়ান্ত বৈঠক, য’ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিধানসভা ভংগৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আৰু ৰাজ্যপালক সাক্ষাৎ কৰাৰ কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে। কেবিনেট সচিবালয় বিভাগে এক অধিসূচনাৰ মাধ্যমে আজিৰ বৈঠকৰ কথা জানাইছে।

ইতিমধ্যে মুখ্য নিৰ্বাচনী বিষয়াৰ বিনোদ সিং গুঞ্জিয়াই ৰাজ্যপাল আৰিফ মহম্মদ খানক নৱনিৰ্বাচিত সদস্যৰ তালিকা প্ৰদান কৰিছে। এন ডি এ-ৰ পুনৰ উত্থানৰ পিছত অতি শীঘ্ৰে নতুন চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিহাৰ।


বিহাৰ বিধানসভা নির্বাচন: দুয়োশৰ ওপৰত আসন, অভূতপূৰ্ব জয় এন ডি এ-ৰ

এইবাৰ ২৪৩ সদস্যৰ বিধানসভাত এন ডি এ গঠনে ২০২খন আসন লাভ কৰি বিপুল সফলতা অর্জন কৰে।

  • বিজেপি: ৮৯
  • জেডিইউ: ৮৫
  • এলজেপি (ৰাম বিলাস): ১৯
  • হিন্দুস্তানী আওয়াম মৰ্চা: ৫
  • ৰাষ্ট্ৰীয় লোক মৰ্চা: ৪

এই ফলাফলৰ জড়িয়তে বিৰোধী মহাগঠবন্ধন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়।


নতুন চৰকাৰ: ১৯ বা ২০ নৱেম্বৰত শপত গ্ৰহণ সম্ভাৱনা

দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে জেডিইউৰ কার্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাৰ আলোচনা সমাপ্ত হোৱাৰ পাছত নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত পথ সলনি হৈছে। সূত্ৰ অনুসৰি ১৯ বা ২০ নৱেম্বৰত নীতিশ কুমাৰ নেতৃত্বাধীন নতুন চৰকাৰে শপত গ্ৰহণ কৰিব পাৰে।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি প্রায় নিশ্চিত বলিও জেডিইউ সূত্রে জনোৱা হৈছে।


নতুন মন্ত্ৰীসভা: অধিক প্রতিনিধি, ভাগবতৰা প্ৰায় চূড়ান্ত

সূত্ৰ অনুসৰি নতুন মন্ত্ৰীসভাত—

  • বিজেপিৰ পৰা ১৫–১৬জন,
  • জেডিইউৰ পৰা ১৪জন,
  • এলজেপি-ৰাম বিলাসৰ পৰা ৩জন,
  • হিন্দুস্তানী আওয়াম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ পৰা এজনকৈ সদস্যে স্থান পোৱাৰ সম্ভাৱনা আছে।

নতুন চৰকাৰৰ গঠন আৰু শপত গ্ৰহণ এতিয়া সময়ৰ অপেক্ষা মাত্র।

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

আজি কোকৰাঝাৰৰ ডিমলগাঁওস্থিত কোকৰাঝাৰ তাৰকাগৃহৰ সভাকক্ষত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছন তথা কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সফলভাৱে পালন কৰা হয়। অনুষ্ঠানত আদৰণী ভাষণ ৰাখে বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিভাগীয় মুৰব্বী তথা আঞ্চলিক বিষয়া জাহিদ আহমেদ তাপাদাৰে। অনিবাৰ্য কাৰণবশতঃ বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰী অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁৰ লিখিত ভাষণটো পাঠ কৰা হয়। তেওঁ ভাষণত উল্লেখ কৰে, “বিটিচিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো শক্তিশালী ৰূপত আছে। এই অবিচল প্ৰতিশ্ৰুতিৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। দিনে দিনে আপোনালোকে আশাৰ বতৰা কঢ়িয়াই আনে, প্ৰত্যাহ্বানসমূহক তুলি ধৰে, প্ৰকাশ নোহোৱা কণ্ঠস্বৰসমূহক মুখৰিত কৰে, আৰু ব্যৱস্থাসমূহক জবাবদিহি কৰে। বিটিচিৰ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলটোত উন্নয়নৰ পথ উজ্জ্বল কৰাত সংবাদ মাধ্যমে মূল ভূমিকা গ্ৰহণ কৰিছে।” আনহাতে বিটিচিৰ প্ৰধান সচিব আকাশদীপো উপস্থিত থাকিব নোৱৰাৰ বাবে তেওঁৰ লিখিত ভাষণটোও পাঠ কৰা হয়, য’ত তেওঁ “সংবাদ মাধ্যমে চৰকাৰ আৰু ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰি আহিছে, যাৰ ফলত আমাৰ সমগ্ৰ অঞ্চলটোত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত হৈছে।”― বুলি বিশেষভাৱে উল্লেখ কৰে। সন্মানীয় অতিথি হিচাপে দূৰদৰ্শনৰ আঞ্চলিক বাতৰি শাখাৰ যুটীয়া সঞ্চালক তথা মুখ্য বিষয়া অংকুৰ লাহতীয়ে অংশগ্ৰহণ কৰে। “সাংবাদিকতাত বিশ্বাসযোগ্যতা নাথাকিলে, সকলো ফালৰ পৰাই একো নাথাকে” বুলি উল্লেখ কৰি “কোকৰাঝাৰ এখনি শান্তিৰ ঠাই। এইক্ষেত্ৰত ইয়াত সংবাদ মাধ্যমৰ ভূমিকা অথবা অৱদান যথেষ্ট।”― বুলি উল্লেখ কৰে।

তেওঁ দূৰদৰ্শন তথা সামাজিক মাধ্যমৰ অৱদান আৰু ফেক্ নিউজৰ বিপৰীতে সত্য সংবাদ পৰিৱেশনত গুৰুত্ব দিবলৈ সাংবাদিকসকলক আহ্বান জনায়। বিটিচিৰ কাৰ্যবাহী সদস্য তথা আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি দেৰহাছাত বসুমতাৰীয়ে তেওঁৰ চমু তথা গুৰুত্বপূৰ্ণ ভাষণত সাংবাদিকৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। ব‌ঙাইগাঁও ৰিফাইনেৰীৰ জেনেৰেল মেনেজাৰ মুসুখা বড়োৱে “উত্তৰদায়ী যোগাযোগ আৰু মানুহৰ মূল্যবোধ প্ৰতিষ্ঠান গণমাধ্যম আৰু সমাজৰ মাজত আস্থা গঠন” শীৰ্ষক বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। এইবাৰৰ প্ৰেছ ডে’ৰ থীম হৈছে, “Safeguarding Press Credibility Amidst Rising Misinformation.” অৰ্থাৎ “বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান।” এই বিষয়বস্তুৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই “দ্য আছাম ট্ৰিবিউন”-ৰ কাৰ্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰীয়ে কয়, “মানুহক ভুল খবৰ দিয়াত আমাৰ কোনো অধিকাৰ নাই।” তেওঁ কেইগৰাকীমান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে দিয়ে। ৰাজনৈতিক ব্যক্তি সন্দৰ্ভত এগৰাকী সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যদি আপুনি সৎ হৈ থাকে, আৰু ৰাজনৈতিক ব্যক্তিগৰাকীৰ পৰা যদি কোনো ব্যক্তিগত সহায় লোৱা নাই, তেওঁ আপোনাক অলপ হ’লেও সমীহ কৰি চলিব।” অনুষ্ঠানত বিটিচিৰ ৫গৰাকী জ্যেষ্ঠ সাংবাদিক― জাইক্লং ব্ৰহ্ম (কোকৰাঝাৰ), মোস্তাফা হুছেইন আনছাৰী (কোকৰাঝাৰ), নিৰেন কুমাৰ শৰ্মা (বাক্সা), প্ৰসাদ দাস (তামুলপুৰ) আৰু সুনীল কুমাৰ শৰ্মা (চিৰাং)-ক সম্বৰ্ধনা জনায়।

তাৰ সমান্তৰালভাৱে দুগৰাকী বাতৰি কাকতৰ জ্যেষ্ঠ হ’কাৰৰ ভিতৰত গোপী ৰাজভৰক সম্বৰ্ধনা জনোৱা হয় আৰু আনগৰাকী হকাৰ লোকেশ দেৱনাথৰ অনুপস্থিতিত বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছনৰ সভাপতি শংকৰ চৌধুৰীয়ে তেওঁৰ সম্বৰ্ধনা গ্ৰহণ কৰে। আনহাতে সম্বৰ্ধনা জনোৱা পাঁচগৰাকী সাংবাদিকৰ মাজৰ পৰা সুনীল কুমাৰ শৰ্মাই ধন্যবাদসূচক বক্তব্য ৰাখে। আনহাতে উপস্থিত ৰাইজৰ মাজৰ পৰা তামুলপুৰ জিলাৰ জ্যেষ্ঠ সা‌ংবাদিক আব্দুল লতিফ চৌধুৰীয়ে সংবাদ সেৱাত পোৱা কিছু তিতা-মিঠা অভিজ্ঞতাৰ কথা সোঁৱৰে। আজিৰ অনুষ্ঠানত বিটিচিৰ জনসংযোগ বিভাগৰ সচিব অশ্বিনী কুমাৰ দলেও উপস্থিত থাকে। বডোলেণ্ড জাৰ্নেলিষ্ট এছ’চিয়েছনৰ সভাপতি শংকৰ চৌধুৰীৰ গুৰুত্বপূৰ্ণ বক্তব্যৰ পাছত সম্পাদক ৰমেন দাসে শলাগৰ শৰাই আগবঢ়ায়। বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ হৈ বিভাগীয় মুৰব্বী তথা আঞ্চলিক বিষয়া জাহিদ আহমেদ তাপাদাৰৰ উদ্যোগত অনুষ্ঠিত আৰু জ্যেষ্ঠ সাংবাদিক মলয়া ডেকাই আঁতধৰা আজিৰ অনুষ্ঠানত বিটিচিৰ পাঁচোখন জিলাৰ ১৪৬গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞাৰ লগতে ৭ জিলাত মাংস বিক্রীত বাধা

বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তত আফ্রিকান ছোৱেইন ফিভাৰৰ প্রাদুর্ভাব ঘটিছে। বিশেষকৈ ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপ জিলাত ৰোগবিধৰ সংক্রমণে ব্যাপক ৰূপ ধাৰণ কৰিছে। ৰোগবিধৰ সংক্ৰমণৰ হাৰ দ্রুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পশুধন আইন, ২০০৯ ৰ অধীনত ই.চি.এফ. ২৪০৯৯০ নং এক অধিসূচনা যোগে সমগ্ৰ ৰাজ্যতে এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও উল্লেখিত সাতখন জিলা ক্রমে ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপত গাহৰি সৰবৰাহৰ লগতে গাহৰিৰ মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

অন্যান্য জিলাসমূহত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা, নিগম-নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে নীতিগতভাৱে বেচা-কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক। চৰকাৰে পৰৱৰ্তী নির্দেশনা জাৰি নকৰা পর্যন্ত এই নীতি-নির্দেশনা বাহাল থাকিব।

উল্লেখযোগ্য যে আফ্রিকান ছোৱেইন ফিভাৰ গাহৰিৰ এক অতি সংক্রামক ভাইৰাছজনিত ৰোগ আৰু এই ৰোগত মৃত্যুৰ হাৰ এশ শতাংশ পর্যন্ত হ’ব পাৰে। বৰ্তমানলৈ ৰোগবিধৰ প্ৰতিষেধক ছিটা ওলোৱা নাই আৰু ফলপ্রসূ চিকিৎসা নোহোৱা হেতুকে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে আক্রান্ত জিলাসমূহৰ অভিকেন্দ্ৰবোৰ চিনাক্ত কৰি তাৰ চৌপাশৰ এলেকাত অৱৰুদ্ধকৰণ, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি যাৱতীয় ব্যৱস্থাপনা কৰি আছে। লগতে জৈৱ সুৰক্ষা নীতিসমূহ কঠোৰভাৱে মানি চলাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ হকে কাম কৰি আছে আৰু সকলোকে জৈৱ সুৰক্ষা নীতিসমূহ মানি চলিবলৈ আহ্বান জনাইছে।

অশোক সিংহলৰ পোষ্ট কেন্দ্ৰ কৰি বিতৰ্ক—বিৰোধীৰ কঠিন সমালোচনাত শাসক দল

অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে শুকুৰবাৰে এক্সত আপলোড কৰা এটা সৰু পোষ্টেই এতিয়া ৰাজনৈতিক পৰিসৰত ব্যাপক প্ৰতিচঞ্চলতা সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে ফুলকবি খেতিৰ এখন ফটো শ্বেয়াৰ কৰি “ফুলকবি খেতিৰ অনুমোদন বিহাৰৰ” বুলি কেপচন দিয়া মাত্ৰেই সামাজিক মাধ্যম উত্তপ্ত হৈ পৰে। সাধাৰণ পোস্ট হিচাপে দিয়া এই মন্তব্যটোক লৈ এতিয়া বিৰোধীয়ে শাসক দলক তীব্ৰভাৱে আক্রমণ কৰিছে।

বিৰোধীৰ অভিযোগ, সিংহলে শেয়াৰ কৰা ফটোখন ১৯৮৯ চনৰ ভাগলপুৰ দাঙ্গাত নিহত ১১৬ জন মুছলমানৰ মৃতদেহ ঢাকিবলৈ ফুলকবি খেতি কৰা ঘটনাৰ সৈতে সম্পৰ্কিত। এই পৰিপ্ৰেক্ষিত উত্থাপন কৰি বিৰোধী দলৰ অভিযোগ—মন্ত্ৰীগৰাকীয়ে একটি ভয়ংকৰ সাম্প্ৰদায়িক ঘটনাক কটাক্ষৰ উপাদান হিচাপে ব্যৱহাৰ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোজা অভিযোগ তোলে—
“বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত এজন কেবিনেট মন্ত্ৰীয়ে এনে ইংগিতপূর্ণ ছবি শ্বেয়াৰ কৰাটো অতি নিন্দনীয় আৰু ৰাজনৈতিক নৈতিকতাৰ পৰিপন্থী।”

তেওঁ স্মৰণ কৰোৱাই দিয়ে যে ভাগলপুৰ হত্যাকাণ্ডৰ নিৰ্মম চিত্ৰই বহু বছৰ ধৰি দেশৰ সাম্প্ৰদায়িক হিংসাৰ অন্যতম অন্ধকাৰ দৃষ্টান্ত। সেই ঘটনাৰ সৈতে সম্পৰ্কিত ছবি ব্যৱহাৰ কৰাৰ মানসিকতাৰ সমালোচনা কৰি গগৈয়ে কৈছে—
“মানুহ কিমান তলৰ স্তৰৰ ৰাজনীতি কৰিবলৈ ৰেডি হ’ব পাৰে, এই ঘটনাই তাৰ প্ৰমাণ।”

গগৈয়ে লগতে অভিযোগ দাঙি ধৰিছে যে মন্ত্ৰী অশোক সিংহলৰ এনে মন্তব্য “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰণাত প্ৰভাৱিত।” তেওঁৰ ভাষ্য—
“মুখ্যমন্ত্ৰীৰ কথাবাৰ্তা আৰু আচৰণ প্ৰদৰ্শন কৰে যে সংখ্যালঘুসমূহৰ প্ৰতি তেওঁৰ মনত ঘৃণাৰ বীজ আছে। কিন্তু এই কথাই অসমবাসীৰ প্ৰকৃত মানসিকতা প্ৰতিনিধিত্ব নকৰে। অসম হৈছে শংকৰদেৱ, লাচিত আৰু আজান পীৰৰ ভূমি—ইয়াত বিভেদৰ স্থান নাই।”

সামাজিক মাধ্যমত বিৰোধীৰ এই সমালোচনাই ব্যাপক গতি লাভ কৰা অৱস্থাত, দিল্লীৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰৰো নজৰ যায় ঘটনাটোৰ ওপৰত। এক্সত এজন ব্যৱহাৰকাৰীয়ে সিংহলৰ পোষ্টটোৰ সমালোচনা কৰি থাৰুৰক টেগ কৰি মন্তব্য জনায়—
“এজন কেবিনেট মন্ত্ৰীয়ে নিৰ্বাচনী জয় উদযাপন কৰিবলৈ ১১৬ জন মুছলমান হত্যাৰ স্মৃতি গৌৰবান্বিত কৰিছে।”
সেই ব্যৱহাৰকাৰীয়ে থাৰুৰক প্ৰশ্ন কৰে—এনে ঘটনাৰ নিন্দা কৰিবলৈ কি প্ৰভাৱশালী হিন্দু নেতাসকল আগবাঢ়িব?

থাৰুৰে উত্তৰত স্পষ্টভাৱে কৈছে যে তেওঁ কোনো “সাম্প্ৰদায়িক সংগঠক” নহয়, কিন্তু এখন যুক্তৰাষ্ট্ৰৰ হিন্দু হিচাপে তেওঁৰ ব্যক্তিগত মূল্যবোধ স্পষ্ট—
“আমি যিমান হিন্দু জনো, কোনোৱেই হত্যাকাণ্ডক গৌৰৱজনক বুলি নাছোচে। আমাৰ ধৰ্ম আৰু জাতীয়তাবাদ কখনো হত্যাৰ ন্যায্যতা প্ৰদান নকৰে।”

এইদৰে এখন সৰু সামাজিক মাধ্যমৰ পোষ্ট এতিয়া অসম–দিল্লী দুয়োখন ৰাজনৈতিক মঞ্চতে উত্তপ্ত বিতৰ্কৰ সূত্ৰপাত কৰিছে। বিৰোধী দলৰ মতে, এই ঘটনা শাসকীয় দলৰ সাম্প্ৰদায়িক মনোভাৱৰ এক স্পষ্ট উদাহৰণ; আৰু চৰকাৰী শিবিৰৰ কোনোধৰণৰ প্ৰতিক্ৰিয়া এখনলৈ ওলাই অহা নাই।

সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ জন্ম দিৱসত বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হা আৰু নেকটাৰ উদ্যোগত ৰক্তদান শিবিৰ…

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হা আৰু উত্তৰ -পূৱ কম্পিউটাৰ ট্ৰেডাৰ্ছ এছ’চিয়েচন(নেকটা)ৰ উদ্যোগত তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ, প্ৰাণৰ শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ৫৩ তম্ জন্ম বাৰ্ষিকী উপলক্ষে ১৮নবেম্বৰ তাৰিখে বি বৰুৱা কলেজ চৌহদত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।


বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সাধাৰণ সম্পাদক ড০ বিজয় গোস্বামী আৰু নেকটাৰ তৰফৰ পৰা ৰিপন বৰুৱাই এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে ১৮নবেম্বৰৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা এই শিবিৰত ৰক্তদানৰ বাবে ইতিমধ্যে ৬০ গৰাকীৰো অধিক লোকে অন লাইন মাধ্যমত প্ৰপত্ৰ পূৰণ কৰি সন্মতি প্ৰকাশ কৰিছে।
বিষয়ববীয়া দুগৰাকীয়ে ‘জীৱনৰ বাবে এটোপাল তেজ’ মূলমন্ত্ৰ সাৰোগত কৰি দূৰ্গত জনৰ সহায়ৰ বাবে ৰক্ত দানৰ দৰে মহান কাৰ্যত সহযোগিতা আগবঢ়াবলৈ ছাত্র-ছাত্ৰী তথা সৰ্ব সাধাৰণ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

মনেশ্বৰ দেউৰী, স্ৰোতস্বিনী তামুলীক প্ৰদান প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা -২০২৫

তিৱা সমাজ, সাহিত্য, সংস্কৃতি তথা ইতিহাসৰ গৱেষক-পণ্ডিত, বিশিষ্ট নিবন্ধকাৰ মনেশ্বৰ দেউৰী আৰু উদীয়মান গল্পকাৰ, ‘জালখাৰ’ শীৰ্ষক গল্প সংকলনৰ স্ৰষ্টা স্ৰোতস্বিনী তামুলীক দেওবাৰে প্ৰদান কৰা হ’ল ২০২৫ বৰ্ষৰ ক্ৰমে প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা আৰু প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ এক গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত দুয়োগৰাকী সাহিত্যিকক এই বঁটাৰে বিভূষিত কৰা হয়। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ প্ৰাপক মনেশ্বৰ দেউৰীয়ে বিগত কেবা দশক ধৰি অসমীয়া সাহিত্যৰ লগতে সংস্কৃতি-ইতিহাস গৱেষণাৰ ভড়াল টনকিয়াল কৰাত নিজকে ব্যস্ত ৰাখিছে। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰাপক মনেশ্বৰ দেউৰীক মানপত্ৰ, চেলেং চাদৰেৰে সম্ভাষণ জনোৱাৰ লগতে নগদ ধন আগবঢ়োৱা হয়। প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা লাভ কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী স্ৰোতস্বিনী তামুলীয়েও মানপত্ৰ, চেলেং চাদৰৰ লগতে নগদ ধন ৰাশি লাভ কৰে। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়া। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ গ্ৰহণ কৰি বিশিষ্ট গৱেষক -নিবন্ধকাৰ মনেশ্বৰ দেউৰীয়ে কয় যে, বহু ঘাত প্ৰতিঘাতৰ জড়িয়তে আহি নিজস্ব জাতি সত্বাৰ অনুসন্ধান কৰি যি সাহিত্য কৃতি সৃষ্টি কৰিছো তাৰ বাবে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে দিয়া সন্মানত মই অভিভূত হৈ পৰিছো ৷ নামনি অসমৰ বহু ঘটনা পৰিঘটনা সন্নিবিষ্ট কৰি কিতাপ প্ৰকাশ কৰিছো আৰু অসমৰ সামগ্ৰিক বুৰঞ্জী অধ্যয়ণত ই সহায় কৰিব বুলি মই আশাবাদী ৷

প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা গ্ৰহণ কৰি উদীয়মান গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে সাহিত্য সৃষ্টিৰ আৰম্ভণিতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে তেওলৈ আগবঢ়োৱা বঁটাই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আৰু অধিক দায়িত্ব বঢ়ালে বুলি মন্তব্য কৰে ৷ তিনিদিনীয়াকৈ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ অন্তিম দিনৰ আন এক আকৰ্ষণীয় কাৰ্যসূচী আছিল ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিৰ বিশ্লেষণাত্মক আলোচনা। প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, স্তম্ভ লেখক ৰূপম বৰুৱা, গল্পকাৰ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ আৰু স্মৃতিৰেখা ভূঞাই অংশ লয় এই বিশেষ আলোচনাত। আজিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্তৰ সঞ্চালনাত অনুষ্ঠিত প্ৰকৃতি সাহিত্য বিষয়ক এক কৰ্মশালা। প্ৰকৃতি বিষয়ক সাহিত্য‌ই সমাজখনক কেনেদৰে প্ৰবুদ্ধ কৰিব পাৰে তাৰ সাৱলীল বাখ্যা আগবঢ়ায় প্ৰকৃতি সংৰক্ষক দত্তই। ….অসমীয়া অনুবাদ সাহিত্যৰ পৰিধি ভাঙি আগবঢ়া যাত্ৰাক লৈ আন এক মননশীল আলোচনাত মিলিত হয় অসমীয়া অনুবাদ সাহিত্য জগতৰ চাৰি গৰাকীকৈ পুৰোধা ব্যক্তিয়ে। সাহিত্য অকাডেমি অনুবাদ সাহিত্য বঁটা প্ৰাপকদ্বয় বিপুল দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত, দিগন্ত বিশ্ব শৰ্মাই কয় যে,অনুবাদ ,অনুবাদ সাহিত্য নহয়, অনুবাদ মৌলিক সাহিত্য ৷সংস্কৃত মানুহৰ দৈনন্দিন ভাষা নহয়, তথাপি আমি সংস্কৃতক উপেক্ষা কৰিব নোৱাৰো ৷ আমাৰ প্ৰাদেশিক ভাষা জীয়াই ৰাখিবলৈ সংস্কৃত ভাষা জীয়াই ৰাখিব লাগিব ৷ উক্ত অনুষ্ঠানত উদীয়মান অনুবাদক ডাঃ নয়নজ্যোতি শৰ্মাই অসমীয়া অনুবাদ সাহিত্যৰ বিশাল পৰিসৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ৷

দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কাইলৈ গুৱাহাটীত উপস্হিত হ’ব । কাইলৈ অৰ্থাৎ ১৭ নবেম্বৰৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী গুৱাহাটীৰ বৰবৰীৰ সুদৰ্শনালয়ত উপস্হিত হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷

উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে আৰ, এছ, এছ ৰ মুৰব্বী ডা: মোহন ভাগৱতে ১৮ আৰু ১৯ নবেম্বৰত সম্পূৰ্ণ দুটাকৈ দিনত সুদৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এই মৰ্মে, ১৮ নবেম্বৰৰ আবেলি ৪ বজাত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত আলোচনীৰ সম্পাদক, উদ্যোগপতিকে ধৰি দুই শতাধিকলোক উপস্হিত থাকিব ৷ প্ৰবুদ্ধ নাগৰিক সন্মিলনত ডা:মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে মত -বিনময় কৰিব ৷ অনুৰূপধৰণে ১৯ নবেম্বৰৰ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷ ডা: মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্হিত থাকি ২০ নবেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।

চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ১৮ নৱেম্বৰত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন…

আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক,বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এক ব্ৰঞ্জৰ আবক্ষ মূৰ্তি অহা ১৮ নৱেম্বৰত গুৱাহাটীৰ নাৰেংগী-বীৰকুছিৰ বিহগী নগৰত উন্মোচন কৰা হ’ব৷ চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ৰাজভৱনৰ অনুদানেৰে চত্তিছগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চাগেন্দ্ৰ উছেন্দিৰ নেতৃত্বত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা বিহগী কবিৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো ৰাইজৰ সহযোগিতাত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উদ্যোগত বিহগী নগৰত স্থাপন কৰা হৈছে বুলি বৃহত্তৰ বীৰকুছি সাহিত্য সভা (শতদল শাখা)ৰ সভাপতি ৰীণা শৰ্মা, সম্পাদক ৰবীন ভট্টাচাৰ্য আৰু আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি বিপিন চন্দ্ৰ ঠাকুৰীয়া আৰু সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে এক বিবৃতিযোগে জানিবলৈ দিছে৷ বিবৃতিটোত তেওঁলোকে কয় যে সেইদিনা চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আবক্ষ মূৰ্তিটো উন্মোচন কৰিব৷ অনুষ্ঠানত শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট লেখক হৃষীকেশ গোস্বামী, বিশিষ্ট লেখক পৰীক্ষিত বৈশ্য, শিক্ষাবিদ তথা বিহগী কবিৰ পৰিয়ালৰ সদস্য ডঃ কুলেন্দু পাঠক আদি উপস্থিত থাকিব৷ অনুষ্ঠানত বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে জীৱনকালত ব্যৱহাৰ কৰা আচবাব আদিৰ প্ৰদৰ্শনী, পুস্তিকা “
‘ৰঘুনাথ’ উন্মোচন কৰাৰ লগতে সন্ধিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জন্মদিন উপলক্ষে উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷


উল্লেখ্য যে আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক বিহগী কবি ৰঘুনাথ চৌধাৰী বীৰকুছি এলেকাত পাম স্থাপন কৰি কৃষি কৰ্ম কৰাৰ লগতে অসমবাসীক কৃষিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উৎসাহ দিছিল৷ উক্ত স্থানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিহগী কবিয়ে ’দহিকতৰা’ (১৯৩১ চন) কে ধৰি বহু প্ৰখ্যাত কবিতা ৰচনা কৰিছিল৷ সেয়েহে বীৰকুছিৰ সেই স্থানক ইতিমধ্যে “বিহগী নগৰ” বুলি নামকৰণ কৰা হৈছে৷ বিহগী নগৰতে তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো চত্তিছগড়ৰ ৰাজভৱনৰ অনুদানেৰে স্থাপন কৰা হৈছে৷ আনহাতে ১৯ নৱেম্বৰত বিহগী কবিৰ আবক্ষ মূৰ্তি স্থাপন কৰা ক্ষেত্ৰত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ (শতদল শাখা) বিশেষ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব৷ অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ উমেশ ডেকা,সদৌ অসম নাট্য সন্মিলনৰ সভাপতি জিতেন শৰ্মা উপস্থিত থকাৰ লগতে ৰীণা শৰ্মাই সংকলন কৰা ’কাবুলীৱালা’ ( মহানন্দ শৰ্মাৰ নাট্য সংকলন) উন্মোচন কৰা হ’ব৷