Home Blog Page 31

দেশবাসীক পেট্ৰ’ল-ডিজেল, LPG মিতব্যয়ীভাৱে ব্যৱহাৰৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

দেশবাসীক পেট্ৰ’ল-ডিজেল, LPG মিতব্যয়ীভাৱে ব্যৱহাৰৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
দেশবাসীক পেট্ৰ’ল-ডিজেল, LPG মিতব্যয়ীভাৱে ব্যৱহাৰৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম এছিয়াত অব্যাহত থকা সংঘাতৰ মাজতে দেশবাসীক বিশেষ আহ্বান জনালে প্ৰধানমন্ত্ৰী Narendra Modi-এ। পেট্ৰ’ল, ডিজেল আৰু LPG কম পৰিমাণে আৰু মিতব্যয়ীভাৱে ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাই একপ্ৰকাৰ ইন্ধনৰ মূল্যবৃদ্ধিৰ সম্ভাৱনাৰ ইংগিত দিলে প্ৰধানমন্ত্ৰীয়ে।

তেলেংগানাত অনুষ্ঠিত এক জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ইৰাণ যুদ্ধ আৰু পশ্চিম এছিয়াৰ অস্থিৰ পৰিস্থিতিৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ যোগান আৰু মূল্যৰ ওপৰত চাপ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ভাৰতৰ দৰে আমদানিনিৰ্ভৰ দেশসমূহে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয়।

প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ বাবে কেৱল প্ৰাণ আহুতি দিয়াটোৱেই দেশভক্তি নহয়, দেশৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য সঠিকভাৱে পালন কৰাটোও দেশভক্তি। এনে সংকটৰ সময়ত আমি পেট্ৰ’ল-ডিজেল সঠিকভাৱে ব্যৱহাৰ কৰাৰ সংকল্প ল’ব লাগিব।”

ইয়াৰ লগতে পেট্ৰ’ল-ডিজেলচালিত যানবাহনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবেও দেশবাসীক আহ্বান জনায় মোদীয়ে। যিসকল চহৰত মেট্ৰ’ বা বাছসেৱা উপলব্ধ আছে, তেওঁলোকক ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। আনহাতে ব্যক্তিগত গাড়ী ব্যৱহাৰ কৰিলে আন লোককো লগত লৈ যোৱাৰ পৰামৰ্শ আগবঢ়ায় তেওঁ।

ইফালে ইলেকট্ৰিক বাহন ব্যৱহাৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “আমাৰ দেশত বৃহৎ খাৰুৱা তেলৰ ভাণ্ডাৰ নাই। সেয়ে বিদেশৰ পৰা খাৰুৱা তেল, LPG আৰু সাৰৰ আমদানি কৰিবলগীয়া হয়। এনে পৰিস্থিতিত তেলচালিত বাহনৰ ব্যৱহাৰ কমোৱাটো সময়ৰ দাবী।”

উল্লেখযোগ্যভাৱে, বিদেশী মুদ্ৰা সংৰক্ষণৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনায়। দেশৰ আৰ্থিক স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ সকলোৱে দায়িত্বশীল আচৰণ কৰা উচিত বুলিও মন্তব্য কৰে তেওঁ।

কাইলৈ শপতগ্ৰহণঃ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰিত্বক লৈ জল্পনা-কল্পনা তুংগত

কাইলৈ শপতগ্ৰহণঃ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰিত্বক লৈ জল্পনা-কল্পনা তুংগত
কাইলৈ শপতগ্ৰহণঃ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰিত্বক লৈ জল্পনা-কল্পনা তুংগত

ৰাজ্যত পুনৰ NDA চৰকাৰ গঠনৰ ক্ষণ গণনা আৰম্ভ হৈছে। কাইলৈ অৰ্থাৎ ১২ মে’ত গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। দিনৰ ১১.৪০ বজাত মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব Himanta Biswa Sarma-ই।

ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গুৱাহাটীত। বিয়াঘৰৰ দৰে সজাই-পৰাই তোলা হৈছে মহানগৰখন। নিশা-দিন একাকাৰ কৰি শতাধিক শ্ৰমিকে ৰাজধানীখনক ন-ৰূপ দিবলৈ অব্যাহত ৰাখিছে কাম। পথসমূহত চূণ-তেল সনা, উৰণসেতু পৰিষ্কাৰ কৰা আৰু চলাচলৰ সুবিধাৰ্থে বিভিন্ন স্থানত বাঁহৰ বেৰিকেড স্থাপন কৰাৰ কাম জোৰদাৰভাৱে চলি আছে।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী Narendra Modi, কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shah, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি J. P. Naddaৰ লগতে NDA শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। অনুষ্ঠানত দেশৰ আগশাৰীৰ বহু উদ্যোগপতি আৰু লক্ষাধিক লোকৰ উপস্থিতিৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

ইফালে, নতুন মন্ত্ৰীসভাত কোন কোন বিধায়কে স্থান লাভ কৰিব তাক লৈ জল্পনা-কল্পনা তুংগত উঠিছে। যদিও মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ইতিমধ্যে নিশ্চিত হৈছে, তথাপিও কোনে কোন বিভাগৰ দায়িত্ব লাভ কৰিব সেয়া এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। বিজেপি আৰু মিত্ৰদলৰ মাজত মন্ত্ৰিত্ব বণ্টনক লৈ ব্যাপক আলোচনা চলি থকাৰ খবৰ পোৱা গৈছে।

উল্লেখযোগ্য যে, NDAৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত বৈঠকৰ পিছতে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায় তেওঁ। চৰকাৰ গঠনৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি শক্তিপীঠ কামাখ্যাত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মাৰ লগতে J. P. Nadda আৰু Nayab Singh Saini।

নতুন চৰকাৰৰ শপতগ্ৰহণক লৈ বিজেপি কৰ্মী-সমৰ্থকৰ মাজতো দেখা গৈছে উৎসাহ-উদ্দীপনা। পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে নতুন উন্নয়নৰ দিশত আগবাঢ়িব বুলি আশা ব্যক্ত কৰিছে সমৰ্থকসকলে।

প্ৰমীলা দেৱী চক্ৰৱৰ্তীৰ বামুন্দীৰ ঐতিহ্য, সংস্কৃতি আৰু লোক সাহিত্য শীৰ্ষক গ্ৰন্থ উন্মোচন

কামৰূপ গ্ৰাম্য জিলাৰ বামুন্দীত দেওবাৰে বিশিষ্ট শিক্ষাবিদ, লেখিকা প্ৰমীলা দেৱী চক্ৰৱৰ্তীৰ গ্ৰন্থ বামুন্দীৰ ঐতিহ্য, সংস্কৃতি আৰু লোক সাহিত্য উন্মোচন কৰা হয়। গোপালেশ্বৰ থানৰ সভাগৃহত লেখিকাগৰাকীৰ অসংখ্য গুণমুগ্ধৰ উপস্থিতিত গ্ৰন্থ খন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা দ্য আছাম ৰাইজিং ইংৰাজী দৈনিক কাকতৰ কাৰ্যবাহী সম্পাদক দুলাল মিশ্ৰই। শাৰীৰিক অসুস্থতাকো নেওচি লেখিকা প্ৰমীলা দেৱী চক্ৰৱৰ্তীয়ে লিখি উলিওৱা বামুন্দীৰ ঐতিহ্য, সংস্কৃতি আৰু লোক সাহিত্য গ্ৰন্থ খনত বামুন্দী অনছলত যুগ যুগ ধৰি প্ৰচলিত লোক কথা, লোক বিশ্বাস আদিৰ বিষযে সুন্দৰকৈ উপস্থাপন কৰিছে।

গ্ৰন্থখন উন্মোচন কৰি উন্মোচকে কয় যে এই গ্ৰন্থখন অনাগত দিনত এক আপুৰুগীয়া সম্পদ হিচাবে পৰিগণিত হব। গ্ৰন্থ খন সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি সাংবাদিক মিশ্ৰই কয়। গ্ৰন্থ উন্মোচনী সভাত লেখিকা লিলি দেৱী গোস্বামী, সমাজকৰ্মী গিৰিণ কলিতা, নন্দৰাম কলিতা , কৌশিক চক্ৰৱৰ্তী, কবি তথা প্ৰাক্তন বেংক বিষয়া প্ৰভাত ভাগৱতী, বিনোদ ভাগৱতীৰ উপৰি লেখিকাৰ পৰিয়ালৰ বহু বহু লোক উপস্থিত থাকে।

লাইপুলীয়া গোষ্ঠীৰ গ্ৰন্থ উন্মোচন আৰু কবিতাৰ আড্ডা

লাইপুলীয়া গোষ্ঠীৰ গ্ৰন্থ উন্মোচন আৰু কবিতাৰ আড্ডা
লাইপুলীয়া গোষ্ঠীৰ গ্ৰন্থ উন্মোচন আৰু কবিতাৰ আড্ডা

লাইপুলীয়া গোষ্ঠীৰ সৌজন্যত মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ আই কিউ এ চি চেলৰ সহযোগত ৯মে শনিবাৰে মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ পেক্ষা গৃহত “গ্ৰন্থ উন্মোচন আৰু কবিতাৰ আড্ডা”শীৰ্ষক এক মনোৰম অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ গনৰাজ য়েইনে বন্তি প্ৰজ্জ্বলনে আৰম্ভণি কৰা অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ প্ৰতিছবিত বন্তি প্ৰজ্জ্বলন কৰে মাছখোৱাৰ বিশিষ্ট কবি,নাট্যকৰা হেমচন্দ্ৰ দত্তই,জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ললিত গগৈয় ৷ গ্ৰন্থ উন্মোচনী আৰু কবিতাৰ আড্ডা শীৰ্ষক অনুষ্ঠানৰ সঞ্চালনা কৰি জোনাই বিশিষ্ট কবি,প্ৰকৃতি প্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালাই ৷ইয়াৰ পিছতে ড° বসন্ত মঙ্গল দত্তৰ সাত ভাষাত প্ৰকাশিত কবিতা সংকলন “একলব্য” উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসভাপতি পুদুম ৰাজখোৱাই ৷ গ্ৰন্থ উন্মোচন কৰি পদুম ৰাজখোৱাই কয় যে,—“এটা জাতি জীয়াই থাকিবলৈ হ’লে জাতিটোৰ ভাষা সাহিত্য চহকী হ’ব লাগিব ৷ ইয়াৰ বাবে আমাক কিতাপ লাগিব ৷

মাছখোৱাৰ লাইপুলীয়া গোষ্ঠীয়ে এই দিশত কাম কৰিছে বুলি কয় ৷ ড° বসন্ত মঙ্গল দত্তৰ সাতটা ভাষাৰ এই গ্ৰন্থ খনে এক সম্বন্বয়ৰ বাৰ্তা দিব ৷” ইয়াৰ পিছতে গ্ৰন্থখনৰ ই সংস্কৰণ মুকলি কৰি ধেমাজি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈয়ে ৷সভাত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সমালোচক ইছমাইল হোছেইন,হনুমানবক্স সুৰযমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° প্ৰিয়দেৱ গোস্বামী ৷ ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত চিৰিঙৰ লগে প্ৰায় সকল বিষয় ববীয়া আৰু ধেমাজি জিলাৰ সাংবাদিক সকল ,মৰিধল মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° পূৰৱী দুৱৰা,ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা দীপেন দত্ত,মাছখোৱাৰ বিশিষ্ট নাট্যকাৰ কবি যোগেশ বিকাশ সন্দিকৈ,শশীন্দ্ৰ ৰাজখোৱা,কৃষ্ণ শইকীয়া,বিজয় শইকীয়া,ৰবীন কোছ,অজয় শৰ্মা,মণ্টু শইকীয়া,ৰাণু দেৱী ,কবিতা দেৱী আদি উপস্থিত আছিল ৷

শিশু শিল্পী মলয় চন্দন দত্তৰ গীত,যোৰহাটৰ শিশু অদিভিৎ বৰাৰ কবিতা আবৃত্তি আৰু দীপিকা ফুকনে গীত পৰিবেশন কৰা অনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে ভূৱন দাস,নবীন বুঢ়া গোহাঞি,মৃদুপৱন চুতীয়া,ৰিংকু মণি বৰ শইকীয়া,ঐজ্যোতি চুতীয়া,ড° অচুৎ গগৈ,হোমেন্দ্ৰ হাতীবৰুৱা,অম্বিকা শইকীয়া,উষা বুঢ়া গোহঁই,ৰণুমণি গগৈ চুতীয়া,ভাৰতী বসুমতাৰী,মিনু দত্ত,অশোক দলে,কল্পনা দলে পেগু,বৰ্ণালী দত্ত,কনকলতা গগৈ,দিপালী হাজৰিকা,হৰেণ কাপ্তাক, পুতু মণি শইকীয়া,উপেন টাইদ,জিণ্টি মণি চমুৱা,নীলাক্ষী শান্দিল্য আদি কৰি বহুজনে কবিতা পাঠ কৰে ৷কবি প্ৰমোদ দত্ত আৰু বিপুল শৰ্মাই আঁতধাৰ সভাখনত মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ শিক্ষাগোট আৰু ছাত্ৰ একতা সভাই সহায় সহযোগ কৰে৷

শংকৰ আজান সমন্বয় বঁটা প্ৰাপক অনন্ত ভৰালীয়ে সূদীৰ্ঘ দহ বছৰৰ সাধনাৰে লিখি উলিয়ালে “বলোৱাৰ সুবাস” শীৰ্ষক গ্ৰন্থ

শংকৰ আজান সমন্বয় বঁটা প্ৰাপক অনন্ত ভৰালীয়ে সূদীৰ্ঘ দহ বছৰৰ সাধনাৰে লিখি উলিয়ালে "বলোৱাৰ সুবাস" শীৰ্ষক গ্ৰন্থ
শংকৰ আজান সমন্বয় বঁটা প্ৰাপক অনন্ত ভৰালীয়ে সূদীৰ্ঘ দহ বছৰৰ সাধনাৰে লিখি উলিয়ালে "বলোৱাৰ সুবাস" শীৰ্ষক গ্ৰন্থ

নলবাৰী জিলাৰ বলোৱা গঙ্গাপুৰ গাওঁ পঞ্চায়ত প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ অন্তৰ্গত “ৰ’দালি শতদল শাখা সাহিত্য সভা” উদ্যোগত ১০ মে’ দেওবাৰে ৰাতিপুৱা ১০ বজাত “শংকৰ আজান সমন্বয় বঁটা”প্ৰাপক অনন্ত ভৰালীৰ “বলোৱাৰ সুবাস” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। ভৰালীয়ে জীৱনৰ বিয়লি বেলাত সূদীৰ্ঘ দহ বছৰৰ সাধনাৰে লিখি উলিয়ালে “বলোৱাৰ সুবাস” শীৰ্ষক এখন ইতিহাসসমৃদ্ধ গ্ৰন্থ। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে “ৰ’দালি শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা অৱসৰী শিক্ষক ৰমেশ কুমাৰ হালৈয়ে। ইয়াৰ পূৰ্বে ৰাতিপুৱা ১০ বজাত ৰ’দালি শতদল শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ৰমেশ কুমাৰ হালৈয়ে।”ৰ’দালি শতদল শাখা সাহিত্য সভা”ৰ প্ৰতিষ্ঠাপক সভাপতি তথা সেই সময়ৰ”দক্ষিণ পকোৱা ছোৱালী হাইস্কুল”ৰ অৱসৰী প্ৰধান শিক্ষক,সু-লেখক অনন্ত হালৈ ৰচিত “বলোৱাৰ সুবাস” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বঙাইগাঁওস্থিত বীৰঝৰা‌ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ অমল ডেকাই।

গ্ৰন্থখন উন্মোচন কৰি ডঃ ডেকাই কয় যে মানৰ অসম আক্ৰমণ আৰু কোঁচ-আহোমৰ যুদ্ধৰ সময়ত বলোৱা গাওঁখন প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য কৰি আজিৰ প্ৰজন্মই এই সমল গ্ৰন্থখনৰ জৰিয়তে জ্ঞান লাভ কৰিব বুলিও মন্তব্য কৰে। অসম তথা ভাৰতৰ বুৰঞ্জীত হয়তো এই গাওঁখনৰ পৰা প্ৰকাশিত এই গ্ৰন্থখনে এক সমল প্ৰদান কৰিব পাৰে বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পিছতে ১০.৩০ বজাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক, সমালোচক, নলবাৰীস্থিত শংকৰদেৱ শিশু নিকেতনৰ অধ্যক্ষ ডঃ বিনয় কুমাৰ মজুমদাৰ। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মজুমদাৰে ভাষণ প্ৰসংগত অতীত অবিহনে ভৱিষ্যতৰ কথাৰ কোনো মূল্য নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কিতাপে নেতৃত্ব দিয়া সমাজখন সদায়েই নৈতিকতাৰে পৰিপূৰ্ণ সমাজ বুলি মন্তব্য কৰি অনন্ত ভৰালীয়ে “বলোৱাৰ সুবাস” গ্ৰন্থখনৰ ৰচনাৰে বলোৱা অঞ্চলৰ এটি ভেঁটি স্থাপন কৰি থৈ যোৱাৰ কথা কৈ ভৰালীৰ গ্ৰন্থখনক এখন তথ্যসমৃদ্ধ গৱেষণালব্ধ গ্ৰন্থ বুলিও মন্তব্য কৰে। সকলো ক্ষেত্ৰতে আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ নকৰি নিজৰ মন মস্তিষ্কৰ ব্যৱহাৰ কৰাটোও নিজৰ চিন্তাৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।

হেৰাই যাবলৈ ধৰা তথা এসময়ত অসমীয়া সমাজত বহুল প্ৰচলিত গ্ৰাম্য ভাষাসমূহ হেৰাই যাবলৈ নিদি ধৰি ৰখাৰ বাবেও সকলোকে আহ্বান জনায়। এতিয়া চহৰ নগৰৰ জীৱনশৈলী আজি একাকাৰ হৈ পৰাৰ কথা কৈ আজিৰ সমাজখন “কল্পনাহীনতাৰ ৰোগ”ত আক্ৰান্ত বুলিও মন্তব্য কৰে। আনহাতে, গ্ৰন্থ উন্মোচনী সভাত মনৰ অনুভৱ ব্যক্ত কৰে গ্ৰন্থখনৰ লেখক অনন্ত হালৈয়ে। অশেষ কষ্ট আৰু অধ্যয়নৰ পিছতহে ২০১৭ চনত গ্ৰন্থখনৰ ৰচনাৰ কাম আৰম্ভ কৰি ২০২৬ চনৰ আজিৰ দিনটোলৈ প্ৰায় সুদীৰ্ঘ দহ বছৰ কাল ধৰি বিভিন্ন ক্ষেত্ৰৰ পৰা সমৃদ্ধ সমলেৰে গ্ৰন্থখন ৰচনা কৰাৰ কথা অৱগত কৰে অৱসৰী প্ৰধান শিক্ষক তথা সু- লিখক অনন্ত ভৰালীয়ে।

গ্ৰন্থখনত মানৰ অসম আক্ৰমণকে ধৰি বলোৱা গাওঁৰ ঐতিহ্য পৰম্পৰা আৰু বিশেষকৈ বলোৱা নামৰ ইতিবৃত্ত জানিব পাৰিব বুলিও জনায় লেখক অনন্ত হালৈয়ে। আমি শিপাক পাহৰি যাব নালাগে বুলিও মন্তব্য কৰি অঞ্চলটোৰ পুৰুষনামাবলীও গ্ৰন্থখনত সন্নিবিষ্ট কৰাৰ কথা অৱগত কৰে। উল্লেখ্য যে ৰ’দালি শতদল শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনতেই অঞ্চলটোৰ ৩০ গৰাকীকৈ জ্যেষ্ঠ লোকক সম্বৰ্ধনা জনোৱা হয়। অনন্ত ভৰালীৰ সহধৰ্মিনী তথা প্ৰাক্তন শিক্ষয়িত্ৰী বীণা ভৰালী, ২৭ নং বলোৱা গঙ্গাপুৰ গাওঁ পঞ্চায়তৰ সভাপতি উৎপল বৰ্মণ প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনৰ অন্তত “ৰ’দালি শতদল শাখা সাহিত্য সভা”ৰ সম্পাদক ভগৱান ভৰালীয়ে সভাখন সুকলমে অনুষ্ঠিত হৈ যোৱা বাবে সকলোকে ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়। শেষত জাতীয় সংগীত পৰিৱেশনেৰে গ্ৰন্থ উন্মোচনী সভাখনৰ সামৰণি পৰে।

মন্ত্ৰীসভাৰ তালিকাত আছে কোন কোন ভাগ্যৱান বিধায়ক…

মন্ত্ৰীসভাৰ তালিকাত আছে কোন কোন ভাগ্যৱান বিধায়ক
মন্ত্ৰীসভাৰ তালিকাত আছে কোন কোন ভাগ্যৱান বিধায়ক

অসমত ১২ মে’ত নতুন চৰকাৰৰ শপতগ্ৰহণ। মন্ত্ৰীসভাৰ তালিকাত আছে কোন কোন ভাগ্যৱান বিধায়ক।
মন্ত্ৰীসভাৰ সম্ভাব্য তালিকা– পীয়ূষ হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই, ৰণোজ পেগু, হিতেন্দ্ৰ নাথ গোস্বামী, অজন্তা নেওগ, প্ৰদু্ৎ বৰদলৈ, বিমল বড়া, তুলিৰাম ৰংহাং, দিগন্ত কলিতা, পল্লৱ লোচন দাস, জয়ন্ত মল্লবৰুৱা, ভূপেন বৰা, মানৱ ডেকা, অতুল বৰা, চৰণ বড়ো, বিশ্বজিৎ দৈমাৰী, ৰঞ্জিত দাস, ৰামেশ্বৰ তেলী, দীপ্লুৰঞ্জন শৰ্মা, ভৱেশ কলিতা, অশোক সিংহল, প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা

বিজয়ী বিজয়ঃ তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে চি জোচেফ বিজয়ে

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে চি জোচেফ বিজয়ে
তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে চি জোচেফ বিজয়ে

ভাগ্যৰ দুৱাৰ মুকলি হ’ল টিভিকেৰ নেতা বিজয়ৰ৷ টিভিকেৰ মুখ্য কাৰ্যালয়ত সেয়ে এতিয়া বৈ গৈছে আনন্দৰ লহৰ৷ অৱশেষত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে- তামিলনাডুৰ প্ৰথমখন মিত্ৰজোঁট চৰকাৰ আৰু বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পথ মুকলি কৰি দিলে৷ বিদুথলাই চিৰুথাইগাল কট্‌চি [ভিচিকে] আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ [আই ইউএমএল] দুয়োটাৰে দুজনকৈ এমএলএ এতিয়া নিজৰ বিনাচৰ্তে বৃদ্ধি কৰিছে তামিলাগা ভেট্ৰি কাঝাগাম [টিভিকে]লৈ সমৰ্থন৷ তেওঁলোকৰ সমৰ্থনত টিভিকে নেতৃত্বাধীন মিত্ৰজোঁটৰ শক্তি এতিয়া ১২০ত উপনীত হৈছে ১১৮১ হাফৱেৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি৷ সংবাদ মাধ্যমে লাভ কৰা ভিচিকেৰ সমৰ্থন পত্ৰত কোৱা হৈছে যে বিজয়ক সমৰ্থন কৰাৰ সিদ্ধান্ত তামিলনাডুত এখন সুস্থিৰ আৰু গণতান্ত্ৰিক চৰকাৰ নিশ্চিত কৰা হৈছিল৷’ এই সমৰ্থনে তামিলনাডুৰ জনসাধাৰণৰ বাবে সুস্থিৰ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে৷’ ১১৮জন বিধায়কে ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে দাবী জনাব৷ তাৰ পিছত ৰাজ্যপালে তেওঁক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব৷ ভিচিকেৰ সমৰ্থনে টিভিকেৰ হিচাবত দুখন গুৰুত্বপূৰ্ণ আসন যোগ কৰে৷ ইয়াৰ পূৰ্বে বিজয় নেতৃত্বাধীন মিত্ৰজোঁটৰ সমৰ্থন আছিল কংগ্ৰেছৰ প্তজন আৰু বাঁওপন্থী দলৰ চাৰিজনকে ধৰি ১১৬জন নিৰ্বাচিত বিধায়কৰ৷

ভিচিকেৰ দুখন আসন যোগ কৰিলে দলটোৰ শক্তি ১১৮খনলৈ বৃদ্ধি পায়, যিটো ৰাজ্যত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় বিধায়কৰ সঠিক সংখ্যা৷ বাঁওপন্থী দলসমূহে নিঃচৰ্ত সমৰ্থন আগবঢ়াইছিল যদিও কংগ্ৰেছৰ সমৰ্থন চৰ্তৰ সৈতে আহিছিল৷ বাঁওপন্থীয়ে বিজয়ৰ মন্ত্ৰীসভাৰ পৰা আঁতৰি আহিছিল আৰু সূত্ৰই জনোৱা মতে, কংগ্ৰেছে দুটা মন্ত্ৰণালয়ৰ আশা কৰিছিল৷ ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে চৰকাৰী সংকটৰ পৰা হাত সাৰিবলৈ বিজয়ক সমৰ্থন কৰাৰ মিত্ৰ ভিচিকে আৰু বাঁওপন্থী দলৰ সিদ্ধান্তক আদৰণি জনাইছে৷’ বুধবাৰৰ পৰাই বিজয়ে ৰাজ্যপাল আৰ্লেকাৰক পতিয়ন নিয়াব পৰা নাছিল যে তেওঁৰ সংখ্যাগৰিষ্ঠতা আছে৷ কিন্তু আজি সংখ্যাৰ খেলত বিজয়ী হয় বিজয়৷ শেহতীয়া নিৰ্বাচনত ১০৮খন আসনেৰে সৰ্ববৃহৎ একক দল হিচাপে আত্মপ্ৰকাশ কৰিছিল টিভিকেই৷ এআইএডিএমকে ৪৭খন জয় কৰিবলৈ সক্ষম হয়৷ কংগ্ৰেছে প্ত আৰু পিএমকে চ্ছ্ৰখন, ভিচিকে, আইইউএমএল, চিপিআই আৰু চিপিএমই দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে বিজেপি, ডিএমডিকে আৰু এএমএমকে এখনকৈ আসন লাভ কৰে।

অৱশেষত আজি পুৱা তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে বিজয় থালাপতিয়ে। চেন্নাইৰ নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠান। শপতগ্ৰহণত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ১২০ গৰাকী বিধায়কৰ সমৰ্থন লাভ বিজয়।

মৰ্মাহত মমতাঃ মমতাই সলনি কৰিলে ছ’চিয়েল মিডিয়াৰ বায়’

মৰ্মাহত মমতাঃ মমতাই সলনি কৰিলে ছ’চিয়েল মিডিয়াৰ বায়’
মৰ্মাহত মমতাঃ মমতাই সলনি কৰিলে ছ’চিয়েল মিডিয়াৰ বায়’

বংগত বিজেপিৰ বাবে ক বিশেষ দিন৷ ঠিক তেনেদৰে ১৫ বছৰ ধৰি ৰাজ্যখন শাসন কৰা মমতা বেনাৰ্জীৰ বাবেও সেই দিনটো এক শোকৰ দিন হিচাপে পৰিগণিত হৈছে৷ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত নীৰৱে বায়’ আপডেট কৰি বংগৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ এক প্ৰতীকী মুহূৰ্ত হিচাপে চিহ্নিত কৰে৷ তৃণমূল কংগ্ৰেছৰ [টিএমচি] সৰ্বোচ্ছ নেত্ৰীগৰাকীয়ে তেওঁৰ এক্স [পূৰ্বৰ টুইটাৰ], ইনষ্টাগ্ৰাম আৰু ফেচবুক প্ৰফাইলত বায়’ অৰ্থাৎ নিজৰ বিষয়ে বৰ্ণনা ‘মাননীয় মুখ্যমন্ত্ৰী, পশ্চিমবংগ’ সলনি কৰি ‘প্ৰতিষ্ঠাপক অধ্যক্ষ, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী [পঞ্চদশ, ষষ্ঠদশ আৰু সপ্তদশ বিধানসভা]’ লিখে৷

শনিবাৰে পুৱা প্ৰায় ১১ বজালৈকে মমতাৰ এক্স প্ৰফাইলত তেওঁক ‘মাননীয় মুখ্যমন্ত্ৰী, পশ্চিমবংগ’ বুলি চিনাক্ত কৰা হৈছিল৷ কিন্তু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ব্যাপক বিজয়ৰ পিছত শুভেন্দু অধিকাৰীয়ে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে এই পৰিৱৰ্তন ঘটে৷ উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত তৃণমূলৰ ১৫বছৰীয়া নিৰৱচ্ছিন্ন শাসনৰ অন্ত পেলায় ৷ ২০১১ চনত বাঁও মঞ্চৰ ৩৪বছৰীয়া শাসন ব্যৱস্থাক পৰাস্ত কৰি ক্ষমতালৈ অহা মমতা বেনাৰ্জীয়ে তেতিয়াৰে পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ অন্যতম শক্তিশালী সমালোচক হিচাপে আত্মপ্ৰকাশ কৰিছে৷ আনহাতে, অনলাইন মাধ্যমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আন এটা পৰিঘটনা সংঘটিত হৈছে৷ কলকাতা আৰক্ষীয়ে নিজৰ এক্স অফিচিয়েল হেণ্ডেলত নিৰ্বাচনৰ ফলাফলৰ পিছত মমতা বেনাৰ্জী আৰু তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক আন ফল’ কৰা বুলি জানিব পৰা গৈছে৷ এই একাউণ্টত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি আন বিজেপি নেতাসকলক ফল’ কৰা হৈছে৷ উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতো চৰকাৰ গঠনৰ সৈতে জড়িত সাংবিধানিক পদ্ধতিসমূহ প্ৰথমে সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় বুলি কৈ মমতাই ততালিকে পদত্যাগ কৰা নাছিল৷

আনহাতে, বিজেপিয়ে এই বিলম্বৰ বাবে সমালোচনা কৰি বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট জনাদেশ থকাৰ পিছতো পৰিৱৰ্তন স্থগিত ৰখাৰ অভিযোগ উত্থাপন কৰিছিল৷ ইফালে, তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত বৃহৎ পৰিসৰৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি প্ৰায় ৩০ লাখ প্ৰকৃত ভোটাৰক নিৰ্বাচনী তালিকাৰ পৰা আঁতৰোৱা বুলি দাবী কৰে ৷

এটা এক্স পোষ্টত তেওঁ নিৰ্বাচনক ‘অতি কঠিন’ বুলি অভিহিত কৰি কেইবাটাও চৰকাৰী সংস্থা আৰু নিৰ্বাচন আয়োগে দলীয়ভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰে৷ ইভিএম পৰিচালনা, গণনাৰ পদ্ধতি আৰু নিয়ন্ত্ৰণ ইউনিটৰ সৈতে জড়িত বিষয়ৰ মিল নোহোৱাৰ অভিযোগ সন্দৰ্ভতো তেওঁ উদ্বেগ প্ৰকাশ কৰে৷ অভিষেকে লগতে ভোটগণনা কেন্দ্ৰৰ পৰা চিচি টি ভিৰ ফুটেজ মুকলি কৰাৰ দাবী জনায় আৰু ভিভিপেটৰ শ্লিপৰ স্বচ্ছতাৰে গণনাৰ আহ৩ান জনায়৷ তেওঁ তৃণমূলৰ কৰ্মী আৰু সমৰ্থকক লক্ষ্য কৰি নিৰ্বাচনৰ পিছত হিংসা আৰু ভয় দেখুওৱা কাণ্ডৰ অভিযোগ উত্থাপন কৰে৷ মমতা বেনাৰ্জীৰ নেতৃত্বত দলটোৱে ৰাজনৈতিক আৰু আইনী যুঁজ অব্যাহত ৰাখিব বুলি উল্লেখ কৰি সংগঠনটোৰ বাবে কঠিন পৰ্যায় বুলি অভিহিত কৰি দলীয় কৰ্মীসকলক একত্ৰিত হৈ থাকিবলৈ আহ৩ান জনায়৷

কটন বিশ্ববিদ্যালয় আছু গোট বʼহাগী উৎসৱ ২০২৬ৰ সফল সামৰণি

কটন বিশ্ববিদ্যালয় আছু গোট বʼহাগী উৎসৱ ২০২৬ৰ সফল সামৰণি
কটন বিশ্ববিদ্যালয় আছু গোট বʼহাগী উৎসৱ ২০২৬ৰ সফল সামৰণি

কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন পৰিয়ালৰ সহযোগত বʼহাগী উৎসৱ ২০২৬ যোৱা ৮ মে’ত অনুষ্ঠিত হয়।বʼহাগী উৎসৱৰ লগত সংগতি ৰাখি ৬ আৰু ৭ মে’ত বিহু নাচৰ আখৰা অনুষ্ঠিত হয় । পুৱাৰে পৰা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীয়ে এইবেলি বʼহাগী উৎসৱ ২০২৬ সফল কৰি তোলে। চাফাই অভিযান,ছহিদ স্মৰণ কাৰ্যসূচীৰ পিছতেই অনুষ্ঠানটো মুকলি হয় জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত” শীৰ্ষক গীতেৰে। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ দেৱালত জুবিন গাৰ্গ আৰু হীৰেণ ভট্টাচাৰ্য এখন বৃহৎ আকাৰৰ চিত্ৰ মুকলি কৰা হয়।

বিভিন্ন থলুৱা খেল -ধেমালি প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ উপৰি কৰ্মচাৰীৰে অংশগ্ৰহণ কৰে।লাৰু-পিঠা আৰু থলুৱা খাদ্যৰ প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ কাকলি গগৈয়ে এনে প্ৰতিযোগিতাই অসমীয়া থলুৱা খাদ্যক জনপ্ৰিয় কৰে বুলি উল্লেখ কৰে।বʼহাগী উৎসৱৰ লগত সংগতি ৰাখি “বসন্ত বৈভৱ” শীৰ্ষক আলোচনীখনৰ প্ৰথম সংখ্যাটি উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হীৰেণ ডেকাই।জেং বিহু প্ৰতিযোগিতা আৰু কটন বিহু কুঁৱৰী প্ৰতিযোগিতাত ব্যাপক সহাঁৰি দেখিবলৈ পোৱা যায়।

কটন বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত কৰ্মচাৰী সকলকো চা-চিনাকীৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে কটন বিশ্ববিদ্যালয় আছু গোটে। কণ্ঠশিল্পী দিপান্বিতা ডেকাৰ উপৰিও বিভিন্নজনে অনুষ্ঠান পৰিবেশন কৰে।কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মা পৰিচালনা কৰা অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা হৃষীকেশ দত্ত, হিমাংশু কুমাৰ দাস,হীৰক মালি,ৰিংকু চৌধুৰী প্ৰমুখ্যে গোটৰ সভাপতি নৱজ্যোতি দাস উপস্থিত থাকে।

নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত আহত হোৱা ৰূপৰেখা ভূঞাৰ মৃত্যু

নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত আহত হোৱা ৰূপৰেখা ভূঞাৰ মৃত্যু
নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত আহত হোৱা ৰূপৰেখা ভূঞাৰ মৃত্যু

নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত আহত ৰূপৰেখা ভূঞাৰ মৃত্যু।

গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু।

২৪ এপ্ৰিলত মহিলাগৰাকীক প্ৰহাৰ কৰিছিল ৫ জনীয়া ডকাইতৰ দলে।

ডকাইতৰ দলে লুটপাট চলাইছিল চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত।

ৰডেৰে মৰিয়াই আহত কৰিছিল চিকিৎসক দম্পতীক।

ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল পত্নী ৰূপৰেখা ভূঞা

২৪ এপ্ৰিলৰ পৰা ক’মাত আছিল ৰূপৰেখা ভূঞা।

সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰূপৰেখা।