Home Blog Page 32

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয় থালাপতিয়ে

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয় থালাপতিয়ে।
আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয় থালাপতিয়ে।

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজয় থালাপতিয়ে।

পুৱা ১০ বজাত শপত ল’ব TVKৰ মুৰব্বী বিজয় থালাপতিয়ে।

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপতগ্ৰহণ অনুষ্ঠান।

TVKৰ নেতৃত্বত চৰকাৰ গঠনত ৰাজ্যপালৰ পৰা অনুমতি লাভ।

মন্ত্ৰীৰূপে শপত ল’ব TVKৰ ৬ আৰু কংগ্ৰেছৰ ৩ বিধায়কে।

চৰকাৰ গঠনৰ বাবে ১২১ গৰাকী বিধায়কৰ সমৰ্থন লাভ।

শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

বিশ্বৰ বাবে নতুন বিপদ হাণ্টাভাইৰাছঃ কেইবাজনো নাবিকৰ মৃত্যু, সতৰ্ক হৈছে ভাৰতকে ধৰি বহু দেশ

বিশ্বৰ বাবে নতুন বিপদ হাণ্টাভাইৰাছঃ কেইবাজনো নাবিকৰ মৃত্যু, সতৰ্ক হৈছে ভাৰতকে ধৰি বহু দেশ
বিশ্বৰ বাবে নতুন বিপদ হাণ্টাভাইৰাছঃ কেইবাজনো নাবিকৰ মৃত্যু, সতৰ্ক হৈছে ভাৰতকে ধৰি বহু দেশ

বিশ্বৰ বাবে আহিছে এক নতুন বিপদ৷ বিলাসী ক্ৰুজ জাহাজ ‘এম ভি হোণ্ডিয়াছ’ত শেহতীয়াকৈ সেই বিপদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেওবাৰৰ পৰা আফ্ৰিকাৰ কেপ ভাৰ্ডে উপকূলৰ সমীপত সাগৰৰ মাজত আবদ্ধ হৈ থকা জাহাজখন অৱশেষত বুধবাৰে স্পেইনৰ টেনেৰিফলৈ ৰাওনা হয়৷ হাণ্টাভাইৰাছে থিতাপি লয় জাহাজখনত৷ ৰ এপ্ৰিলত আৰ্জেণ্টিনাৰ দক্ষিণ প্ৰান্তৰ পৰা যাত্ৰা আৰম্ভ কৰা ক্ৰুজ জাহাজখনত প্ৰায় ১৫০ জন যাত্ৰী আছিল, কিন্তু মাজপথতে আক্ৰমণ চলালে এই ৰহস্যজনক ভাইৰাছে৷ কেইবাজনো নাবিকৰ মৃত্যু ঘটাৰ পিঠতে সতৰ্ক হৈছে ভাৰতকে ধৰি বিশ্বৰ বহু দেশ৷ বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে যে এই সংক্ৰমণৰ বাবে এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে– য’ত আছে ডাচ দম্পতী আৰু এজন জাৰ্মান নাগৰিক৷

তদুপৰি আৰু ৮ গৰাকী যাত্ৰী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ৷ স্পেইনৰ স্বাস্থ্য মন্ত্ৰী মনিকা গাৰ্চিয়াই কয় যে অহা তিনিদিনৰ ভিতৰত জাহাজখন কেনেৰী দ্বীপপুঞ্জত উপস্থিত হ’ব৷ জাহাজখনত থকা ১৪জন স্পেনিছ নাগৰিকক পোনপটীয়াকৈ মাদ্ৰিদৰ এখন সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব৷ যিহেতু ভাইৰাছৰ ইনকিউবেচন পিৰিয়ড প্ৰায় ৪৫ দিন, সেয়েহে দীৰ্ঘম্যাদী কোৱাৰেণ্টাইনত থাকিব লাগিব৷ আন যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত সুস্থ বুলি ধৰা পৰিলে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হ’ব৷ হাণ্টাভাইৰাছত আক্ৰান্ত হ’লে আৰম্ভণি সাধাৰণ জ্বৰৰ দৰে৷ শৰীৰৰ সামান্য বিষ, হাত-ভৰি বিষ, ভাগৰ, মূৰৰ বিষ আদিও দেখা দিয়ে৷ বহুতে ভাবে যে তেওঁলোকৰ ঋতুভিত্তিক ভাইৰেল জ্বৰ বা ফ্লু হৈছে৷

চিকিৎসকে সকীয়াই দিছে যে এই সাধাৰণ লক্ষণসমূহৰ আঁৰত ভয়ংকৰ হাণ্টাভাইৰাছ লুকাই থাকিব পাৰে৷ সময়মতে চিকিৎসা নকৰিলে বৃক্ক, হাওঁফাওঁ আৰু শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ সোনকালে বিকল হ’ব পাৰে৷ হাণ্টাভাইৰাছ প্ৰধানকৈ এন্দুৰৰ দ্বাৰা বিয়পে৷ এন্দুৰৰ মল, প্ৰস্ৰাৱ, বা লালটিত এই ভাইৰাছ পোৱা যায়৷ পুৰণি ঘৰ, গুদাম, ষ্ট’ৰ ৰুম, বা ধূলিময় ঠাই চাফা কৰিলে এই ভাইৰাছ বতাহত সংক্ৰমিত হ’ব পাৰে৷ উশাহ-নিশাহৰ লগে লগে সেই প্ৰদূষিত বায়ু শৰীৰত প্ৰৱেশ কৰিলে সংক্ৰমণৰ আশংকা হয়৷ বিশেষকৈ য’ত নিগনিৰ প্ৰাদুৰ্ভাৱ বেছি হয় তাত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ৷ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি সাধাৰণ৷ যেনে জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, দুৰ্বলতা, বমি, পেটৰ বিষ বা ডায়েৰিয়া, যাৰ বাবে বহুতে প্ৰথমতে বিষয়টোক গুৰুত্ব নিদিয়ে৷ কিন্তু কিছুদিনৰ ভিতৰতে এই ৰোগে বিপদজনক ৰূপ ল’ব পাৰে৷

চিকিৎসকৰ মতে এই ভাইৰাছে শৰীৰৰ ৰক্তবাহী নলীত আক্ৰমণ কৰে৷ ফলত ৰক্তবাহী নলীৰ পৰা তৰল পদাৰ্থ লিক হৈ বৃক্ক আৰু হাওঁফাওঁৰ ওপৰত চাপ পৰে৷– যদি বৃক্ক আক্ৰান্ত হয় তেন্তে প্ৰস্ৰাৱ কমি যাব পাৰে, শৰীৰ ফুলাৰ সম্ভাৱনা থাকে আৰু তেজত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে৷ গুৰুতৰ ক্ষেত্ৰত বৃক্কই সম্পূৰ্ণ কাম বন্ধ কৰি দিব পাৰে৷ তাৰ পিছত ডায়েলাইছিছৰ প্ৰয়োজন হ’ব পাৰে৷ অন্যহাতে হাওঁফাওঁত আক্ৰান্ত হ’লে উশাহ-নিশাহ লোৱাত অসুবিধা হয়৷

হাওঁফাওঁত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু ৰোগীয়ে সোনকালে সংকটজনক অৱস্থাত উপনীত হ’ব পাৰে৷ বহু ক্ষেত্ৰত আই চি ইউত ভৰ্তি হ’বলগীয়া হয়৷ আটাইতকৈ চিন্তনীয় কথাটো হ’ল এই ভাইৰাছৰ বাবে এতিয়াও কোনো নিৰ্দিষ্ট ঔষধ বা ভেকচিন নাই৷ সেয়ে শীঘ্ৰে ৰোগ নিৰ্ণয় কৰি সময়মতে চিকিৎসা আৰম্ভ কৰিব লাগে৷ ৰোগীৰ অি’জেন, তৰল পদাৰ্থ, বৃক্কৰ কাৰ্য্যক্ষমতাৰ ওপৰত নিয়মিতভাৱে নিৰীক্ষণ কৰা হয়৷ বিশেষজ্ঞসকলে কয় যে ঘৰ বা ষ্ট’ৰ ৰুম চাফা কৰাৰ সময়ত মাস্ক আৰু গ্ল’ভছ ব্যৱহাৰ কৰিব লাগে৷ যদি ধূলি উৰি আছে তেন্তে পোনপটীয়াকৈ চাফা কৰাতকৈ প্ৰথমে বীজাণুনাশক স্প্ৰে কৰা ভাল৷ ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আৰু নিগনিৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাটোও অতি প্ৰয়োজনীয়৷

World Cup 2026 song: নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা

নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা
নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা

নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা৷ (World Cup 2026 song) হয়, ফুটবল বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু৷ ২০১০ চনৰ বিশ্বকাপত ছাকিৰাৰ ‘ৱাকা ৱাকা’ৰ সুৰত সমগ্ৰ বিশ্বই নাচি উঠিছিল৷ সেই গীতটোৱে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল৷ তাৰ পিছত যোৱা তিনিটা বিশ্বকাপত শ্বাকিৰা অবিহনে থিম ছং সম্পূৰ্ণ হতাশাজনক আছিল৷ অৱশেষত ১৬ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ মঞ্চত কলম্বিয়ান পপ তাৰকাগৰাকীয়ে গোৱা থিম ছং৷ ফুটবলৰ সৰ্বোচ্ছ নিয়ামক সংস্থাই ঘোষণা কৰিছে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ আনুষ্ঠানিক গীত৷ আৰু সেই গীতটোৰে ১৬ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ মঞ্চলৈ ঘূৰি আহিছে ছাকিৰা৷

এই নতুন গীতটিৰ নাম ‘দাই দাই’৷ এই গীতটোত শ্বাকিৰাই নাইজেৰিয়াৰ জনপ্ৰিয় আফ্ৰোবিটছৰ শিল্পী বাৰ্না বয়ৰ সৈতে যুটী বান্ধিছে৷ অহা ১৪ মে’ত মুক্তি পাব সম্পূৰ্ণ থিম ছঙটো, এতিয়া টিজাৰটো মুকলি কৰা হৈছে৷ বিশ্বকাপৰ আনুষ্ঠানিক গীত হিচাপে ‘দাই দাই’ ঘোষণাক লৈ ইতিমধ্যে ফুটবল অনুৰাগীৰ মাজত উন্মাদনা বৃদ্ধি পাইছে৷ ৭ মে’ত ব্ৰাজিলৰ ঐতিহাসিক মাৰাকানা ষ্টেডিয়ামৰ টিজাৰ ভিডিঅ’ পোষ্ট কৰি শ্বাকিৰাই সকলোকে আচৰিত কৰি তোলে৷ সেই ভিডিঅ’টো মুক্তি পোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ দাই দাই শব্দৰ অৰ্থ কি? ‘দাই দাই’ মূলতঃ ইটালীয় অভিব্যক্তি, যাৰ অৰ্থ হৈছে ‘ব’লা, আগুৱাই যাওঁ’ বা ‘Come on, let’s go’৷

২০১০ চনৰ বিশ্বকাপৰ শ্বাকিৰাৰ ‘ৱাকা ৱাকা’ [দিচ টাইম ফৰ আফ্ৰিকা] আজিও ফুটবল ইতিহাসৰ অন্যতম জনপ্ৰিয় গীত হিচাপে গণ্য কৰা হয়৷ ফলত ‘দাই দাই’ক লৈ আশা আকাশলংঘী হৈ পৰিছে৷ বহুতৰে মতে এই নতুন গীতটোৱে বিশ্বজুৰি ফুটবলৰ উন্মাদনাত পুনৰ এক নতুন মাত্ৰা যোগ কৰিব পাৰে৷ থিম ছং ‘দাই দাই’ত লেটিন পপ আৰু আফ্ৰোবিটছৰ স্পৰ্শ আছে৷ ফলত সংগীত বিশেষজ্ঞসকলৰ মতে এই গীতটো আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে অধিক গ্ৰহণযোগ্য হ’ব৷ বিশেষকৈ শ্বাকিৰা আৰু বাৰ্না বয়ৰ যুটিটো ইতিমধ্যে বিশ্ব সংগীতৰ অন্যতম ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ফিফাৰ সৈতে ছাকিৰাৰ সম্পৰ্ক নতুন নহয়৷ ইয়াৰ পূৰ্বেও একাধিক বিশ্বকাপত জড়িত হৈ আছে ছাকিৰা৷ সেইবাবেই বহুতে তেওঁক ‘বিশ্বকাপ সংগীতৰ ৰাণী’ বুলিও কয়৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ এটা অংশই দাবী কৰিবলৈ আৰম্ভ কৰিছে যে ‘ৱাকা ৱাকা’ৰ পিছত পুনৰ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ হিট হ’ব ‘দাই দাই’৷ ফিফাৰ সূত্ৰৰ মতে, কোকাকোলাৰ প্ৰচাৰমূলক বিশ্বকাপৰ গীতৰ পৰা এইটো সম্পূৰ্ণ পৃথক আনুষ্ঠানিক গীত৷ ফলত অহা কেইমাহমানৰ ভিতৰত বিশ্বকাপৰ ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়ালৈকে এই গীতটোৱে আধিপত্য বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে৷

কেতিয়াৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ? ২০২৬ চনৰ বিশ্বকাপ আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে আয়োজন কৰিব৷ ১১ জুনত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলখনত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেল অনুষ্ঠিত হ’ব৷ ১৯ জুলাইত নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন৷ তাৰ পূৰ্বে এই গীতটোৱে বিশ্বকাপৰ পৰিৱেশ সৃষ্টি কৰাত ডাঙৰ ভূমিকা ল’ব পাৰে৷ উল্লেখ্য যে এইবাৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতাখন ইতিহাসৰ আটাইতকৈ ডাঙৰ হ’বলৈ গৈ আছে৷ এইবাৰ তিনিখন দেশত অনুষ্ঠিত হ’ব বিশ্বকাপ৷ বিশ্বকাপৰ মূল মঞ্চত ৪৮খন দেশে প্ৰথমবাৰৰ বাবে খেলিব৷

Thalapathy Vijay: বিজয়েই তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীঃ অভিনেতাৰ পৰা পৰিৱৰ্তনকৰ্মী ৰাজনৈতিক নেতাৰ পুনৰ ‘সংখ্যা’ৰ চমক

Thalapathy Vijay: বিজয়েই তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীঃ অভিনেতাৰ পৰা পৰিৱৰ্তনকৰ্মী ৰাজনৈতিক নেতাৰ পুনৰ 'সংখ্যা'ৰ চমক
Thalapathy Vijay: বিজয়েই তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীঃ অভিনেতাৰ পৰা পৰিৱৰ্তনকৰ্মী ৰাজনৈতিক নেতাৰ পুনৰ 'সংখ্যা'ৰ চমক

তামিলনাডুত সিজা নাছিল মিত্ৰতাৰ চাউল৷ (Thalapathy Vijay) তামিলনাডুৰ নিৰ্বাচনৰ পিছৰ ৰাজনীতিত চৰম অস্থিৰতাৰ সৃষ্টি হৈছিল৷ অভিনেতা বিজয়ৰ দল তামিলাগা ভেত্ৰী কাঝাগামে স্পষ্ট কৰি দিছিল যে যদি ডি এম কে বা এ আই এ ডি এম কেয়ে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ দলৰ সকলো বিধায়কে একেলগে পদত্যাগ কৰিব৷ এফালে বিজয়ে যেতিয়া কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলৰ সমৰ্থনত চৰকাৰ গঠনৰ চেষ্টা চলায়, সেই সময়তে তেওঁলোকৰ এই ঘোষণাই তামিলনাডুৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰে৷

টিভিকেই অভিযোগ কৰিছে যে তামিলনাডুৰ পৰম্পৰাগত দ্ৰাবিড় দল দুটা– ডিএমকে আৰু এআইএডিএমকেয়ে ‘গোপনে’ চৰকাৰ গঠনৰ চেষ্টা চলাইছিল৷ ইয়াৰ দ্বাৰা ৰাজ্যবাসীয়ে দিয়া জনসমৰ্থনক অসন্মান কৰিছে বুলি দাবী কৰে৷ নিৰ্বাচনত টিভিকে ১০৮খন আসন লাভ কৰাৰ বিপৰীতে বিজয়ে নিজেই দুখন আসন লাভ কৰে৷ এতিয়া দলটোৰ ১০৭ জন বিধায়ক৷ সংখ্যাগৰিষ্ঠতা পাবলৈ ১১৮খন আসনৰ প্ৰয়োজন৷ ফলত টিভিকেক চৰকাৰ গঠন কৰিবলৈ আছিল ১০খন আসনৰ প্ৰয়োজন৷ ইতিমধ্যে কংগ্ৰেছে সমৰ্থন প্ৰকাশ কৰিছে, কংগ্ৰেছৰ পাঁচজন বিধায়ক৷ টিভিকেই বাওঁ শিবিৰ আৰু আন কেইবাটাও সৰু সৰু দলৰ সৈতে আলোচনা অব্যাহত ৰাখে৷ এনে পৰিস্থিতিত নতুন অচলাৱস্থাৰ সৃষ্টি হৈছিল৷ বুধবাৰে পুৱা বিজয়ে ৰাজ্যপাল আৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷ কিন্তু ৰাজ্যপালে স্পষ্টকৈ উল্লেখ কৰে যে টিভিকেৰ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নাই৷ বিজয়ে সংখ্যাগৰিষ্ঠতাত উপনীত হ’বলৈ যি পৰিকল্পনা ৰূপৰেখা দাঙি ধৰিছিল, সেই পৰিকল্পনাতো তেওঁ সন্মতি প্ৰকাশ কৰা নাছিল৷

ৰাজভৱনে জনোৱা মতে, ‘প্ৰত্যাশিত সংখ্যাগৰিষ্ঠতাৰ কোনো প্ৰমাণ নাই, গতিকে চৰকাৰ গঠনৰ দাবী মানি ল’ব নোৱাৰি৷’ ১১৮জন বিধায়কৰ স্বাক্ষৰসহ এখন পত্ৰ দাখিল কৰিব লাগিব বুলিও ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে ডি এম কেৰ ভিতৰতো কাৰ্যকলাপ বৃদ্ধি পাইছে৷ দলৰ বৈঠকত চাৰিটা প্ৰস্তাৱ গৃহীত হয়৷ ইয়াৰে এটা হৈছে দলৰ নেতা এম কে ষ্টেলিনক ‘জৰুৰীকালীন পৰিস্থিতিত সিদ্ধান্ত’ ল’বলৈ সম্পূৰ্ণ ক্ষমতা দিয়া৷ ডি এম কেয়ে কয় যে তেওঁলোকৰ মূল লক্ষ্য হৈছে নতুন নিৰ্বাচন এৰাই চলি ৰাজ্যখনত এখন সুস্থিৰ চৰকাৰ গঠন কৰা, যাতে ‘সাম্প্ৰদায়িক শক্তি’য়ে সুযোগ নাপায়৷ লগতে ডি এম কেৰ সকলো বিধায়কক চেন্নাইত থাকিবলৈ নিৰ্দেশ দিছে৷ কিন্তু বিজয়ে কংগ্ৰেছ, চিপিআই, চিপিআই [এম] আৰু ভিচিকেক লগত লৈ মেজিক নাম্বৰ অৰ্জন কৰি চৰকাৰ গছন কৰিব আৰু কাইলৈ শপতগ্ৰহণ কৰিব৷

মমতাৰ বিশ্বাসযোগ্য লেফটেনেণ্ট এতিয়া বংগৰ মুখ্যমন্ত্ৰী

মমতাৰ বিশ্বাসযোগ্য লেফটেনেণ্ট এতিয়া বংগৰ মুখ্যমন্ত্ৰী
মমতাৰ বিশ্বাসযোগ্য লেফটেনেণ্ট এতিয়া বংগৰ মুখ্যমন্ত্ৰী

পশ্চিমবংগত প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী৷ ২০২৬ চনৰ ৰাজ্যিক নিৰ্বাচনত বিজেপিয়ে ২০৭খন আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে ১৫ বছৰ ৰাজ্যত শাসন কৰি ৮০খন আসন লাভ কৰিছিল৷ শুভেন্দু অধিকাৰী শুকুৰবাৰে পশ্চিম বংগ বিজেপি বিধানসভা দলৰ নেতা হিচাপে নিৰ্বাচিত হয় আৰু ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে৷ আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে তেওঁ শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে৷ অধিকাৰীয়ে আজি দলটোৰ নৱনিৰ্বাচিত বিধায়ক আৰু অন্যান্য বিজেপি নেতাৰ সৈতেও সাক্ষাৎ কৰে৷ পশ্চিমবংগত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰথমজন বিজেপি নেতা হ’ব তেওঁ৷ নন্দিগ্ৰাম আৰু ভাভানিপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় অধিকাৰীয়ে ভবানীপুৰৰ দুৰ্গ পৰা বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ১৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতাত এখন দলীয় বৈঠকৰ অধ্যক্ষতা কৰি অধিকাৰীক দলৰ নেতা হিচাপে ঘোষণা কৰে৷ ১৯৭০ চনৰ ১৫ ডিচেম্বৰত পশ্চিমবংগৰ কাৰ্কুলীত জন্মগ্ৰহণ কৰা অধিকাৰী এজন বিশিষ্ট ৰাজনৈতিক পৰিয়ালৰ পৰা আহিছে৷ তেওঁৰ পিতৃ ছিছিৰ অধিকাৰীও এজন প্ৰভাৱশালী ৰাজনীতিবিদ৷ কংগ্ৰেছৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰি ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে কান্থী পৌৰসভাৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হোৱা অধিকাৰীয়ে ১৯৯৮ চনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰা বুলি জানিব পৰা গৈছে আৰু পিছলৈ ২০০৬ চনত কান্থী দক্ষিণ সমষ্টিৰ পৰা পশ্চিম বংগ বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ এবছৰৰ পিছত ২০০৭ চনত অধিকাৰী নন্দিগ্ৰামত ভূমি অধিগ্ৰহণ বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল৷ ইয়াৰ পিছতে তেওঁ ২০০৯ চনত তামলুক সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়৷

২০১১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বাওঁ মৰ্চাৰ তিনি দশকৰো অধিক শাসনৰ অন্ত পৰে, মমতা বেনাৰ্জী ক্ষমতালৈ আহে৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত টিএমচিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰাৰ পিছত অধিকাৰীক ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হয়৷ কিন্তু পিছত টিএমচি আৰু অধিকাৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়৷ খবৰ অনুসৰি মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ সৈতে তেওঁৰ মতানৈক্য আছিল৷ ২০২০ চনৰ ডিচেম্বৰ মাহত সুবেন্দু অধিকাৰীয়ে বিজেপিত যোগদান কৰে৷

২০২১ চনৰ ৰাজ্যিক নিৰ্বাচনত নন্দিগ্ৰাম বিধানসভা সমষ্টিত অধিকাৰীয়ে মমতা বেনাৰ্জীক পৰাস্ত কৰে৷ তাৰ পিছত তেওঁ পশ্চিমবংগ বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০২১ চনৰ ৰাজ্যিক নিৰ্বাচনত নন্দিগ্ৰামৰ পৰা মমতা বেনাৰ্জীক পৰাস্ত কৰি অধিকাৰীয়ে প্ৰথমে ‘জায়েণ্টকিলাৰ’ৰ টেগ লাভ কৰিছিল৷ ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭খন আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে ১৫ বছৰ ৰাজ্যত শাসন কৰি ৮০ খন আসন লাভ কৰিছিল৷

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি এন.এছ.ৰাজা সুব্ৰমণিক

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি এন.এছ.ৰাজা সুব্ৰমণিক
দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি এন.এছ.ৰাজা সুব্ৰমণিক

ভাৰতত নতুন CDS নিযুক্তি।

জেনেৰেল এন.এছ.ৰাজা সুব্ৰমণিক ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ নতুন মুৰব্বী হিচাপে নিযুক্তি।

ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ শাখাৰ মাজত সমন্বয় ৰক্ষা কৰাৰ লগতে
চৰকাৰৰ মুখ্য সামৰিক উপদেষ্টা হিচাপেও আগবঢ়াব সেৱা।

আনহাতে কৃষ্ণা স্বামীনাথনক ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি।













পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে।

ৰাজ্যপাল আৰ এন ৰবিয়ে পাঠ কৰোৱালে শপতবাক্য।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

লগতে উপস্থিত থাকে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।

উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।


Thalapathy Vijay: আজি তামিলনাডুৰ TVK চৰকাৰৰ শপতগ্রহণ হ’বনে?

Thalapathy Vijay: আজি তামিলনাডুৰ TVK চৰকাৰৰ শপতগ্রহণ হ'বনে?
Thalapathy Vijay: আজি তামিলনাডুৰ TVK চৰকাৰৰ শপতগ্রহণ হ'বনে?

আজি তামিলনাডুৰ TVK চৰকাৰৰ শপতগ্রহণ।(Thalapathy Vijay)

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব বিজয় থালাপতিয়ে।

CPI, CPI(M) আৰু VCKৰ সমৰ্থনত তামিলনাডুৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে।

দিনৰ ১১ বজাত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে।







Suvendu Adhikari: আজি পশ্চিমবংগৰ নতুন চৰকাৰৰ শপতগ্ৰহণ

Suvendu Adhikari: আজি পশ্চিমবংগৰ নতুন চৰকাৰৰ শপতগ্ৰহণ
Suvendu Adhikari: আজি পশ্চিমবংগৰ নতুন চৰকাৰৰ শপতগ্ৰহণ

আজি পশ্চিমবংগৰ নতুন চৰকাৰৰ শপতগ্ৰহণ। (Suvendu Adhikari)

ইতিহাস ৰচনা কৰি আজি প্ৰথমবাৰলৈ বিজেপি চৰকাৰৰ শপতগ্ৰহণ বংগত।

মুখ্যমন্ত্ৰীৰূপে শপত ল’ব শুভেন্দু অধিকাৰীয়ে।

কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব শপতগ্ৰহণ সমাৰোহ।

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপতগ্ৰহণ সমাৰোহ।

শপতগ্ৰহণস্থলী ভৰি পৰিছে বিভিন্ন মিঠাইৰে।

হাজোত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নৱাগত আদৰণি সভা

হাজোত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নৱাগত আদৰণি সভা
হাজোত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নৱাগত আদৰণি সভা

বৃহত্ত্বৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিদ্যাৰ্থী ন্যাসৰ সৌজ্যনত ২০২৬ বৰ্ষৰ সম্বৰ্ধনা অনুষ্ঠান আৰু নৱাগত আদৰণি সভাখনি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’য়।সেই অনুসৰি পুৱা পৰিবেশ নিকাকৰণ,আসন গ্ৰহণ,মুকলি সভা,অতিথি বৰণ,আৰম্ভণি গীত,সভাৰ উদ্দেশ্য বাখ্যা ,আদৰণি ভাষণ আগবঢ়ায় স্কুল পৰিচালনা সমিতিৰ সঞ্চালক ড° জিতেন্দ্ৰ ডেকাই।সমান্তৰালভাৱে নৱাগত সকলৰ আদৰণি,নৱাগত আদৰণি ভাষন,সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভাখনিওঁ অনুষ্ঠিত হ’য়।মুকলি সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাস,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু যোগাযোগ প্ৰযুক্তি বিভাগৰ সহযোগী অধ্যাপক ড° কুমাৰেশ শৰ্মা,বিশিষ্ট কবি- সাহিত্যিক কিচিন দাস,গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকা সহিতে প্ৰায়সংখ্যক বিশিষ্ট লোক,শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


তদুপৰি বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক নতুন পাঠ্যক্ৰম “ইলেক্ট্ৰনিচ এণ্ড কমিউনিকেশ্বন হাৰ্ডওৱেৰ” নৱসংযোজনৰ সণ্ণিবিষ্ট কৰা দিশতো আজিৰ সভাতেই আলোকপাত কৰা হ’য়।আনহাতে আজিৰ সভাতে ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে নৱাগত ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হ’য়।উল্লেখ্য যে ২০১৭ চনতে স্থাপিত বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে জন্মলগ্নৰে পৰাই এক আশানুৰূপ ফলাফলৰ উত্তীৰ্ণৰে প্ৰতিবছৰে এক অনবদ্য সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।