Home Blog Page 33

পশ্চিমবংগত নতুন চৰকাৰৰ কাইলৈ শপতগ্ৰহণ

পশ্চিমবংগত নতুন চৰকাৰৰ কাইলৈ শপতগ্ৰহণ
পশ্চিমবংগত নতুন চৰকাৰৰ কাইলৈ শপতগ্ৰহণ

কাইলৈ ১১ বজাত পশ্চিমবংগৰ নতুন চৰকাৰৰ শপতগ্ৰহণ।

ব্রিগেড পেৰেড গ্রাউণ্ডত হ’ব শপতগ্রহণ সমাৰোহ।

শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী।

লগতে উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী।

পশ্চিম বংগত বিজেপিৰ প্ৰথমগৰাকীৰ মুখ্যমন্ত্ৰী হ’ব সুভেন্দ্ৰ অধিকাৰী।

বংগৰ বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচন।

ইনষ্টাগ্ৰাম ব্যৱহাৰীসকল সাৱধানঃ গোপনীয় মেছেজ কৰোতে সাৱধান হওক

ইনষ্টাগ্ৰাম ব্যৱহাৰীসকল সাৱধানঃ গোপনীয় মেছেজ কৰোতে সাৱধান হওক
ইনষ্টাগ্ৰাম ব্যৱহাৰীসকল সাৱধানঃ গোপনীয় মেছেজ কৰোতে সাৱধান হওক

ইনষ্টাগ্ৰামত গোপনীয় মেছেজ কৰোতে সাৱধান হওক! ইনষ্টাগ্ৰামত ব্যক্তিগত কথা-বতৰা বন্ধ কৰক! ৮ মে’ৰ পৰা ইনষ্টাগ্ৰামৰ জগতখন সম্পূৰ্ণৰূপে সলনি হৈছে। মাৰ্ক জুকাৰবাৰ্গৰ মেটা কোম্পানীয়ে ভয় নোহোৱাকৈ মেছেজ কৰিব পৰা ছিকিউৰিটি শ্বিল্ড আঁতৰাই পেলাইছে।

আজিৰ পৰা ‘মেটা’ই বন্ধ কৰি দিছে ইনষ্টাগ্ৰাম ‘ডাইৰেক্ট মেছেজ’ (DM)ত ‘এণ্ড টু এণ্ড এনক্ৰিপচন’ (End-to-End Encryption)। পূৰ্বে End-to-End Encryptionৰ দ্বাৰা আপোনাৰ মেছেজসমূহ সুৰক্ষিত আছিল অৰ্থাৎ মেছেজ দিয়া ৰিচিভ কৰোতাজনেহে পঢ়িব পাৰিছিল৷ কিন্তু এতিয়াৰ পৰা আৰু আপোনাৰ মেছেজৰ গোপনীয়তা নাথাকে! Metaই আপোনাৰ মেছজসমূহ পঢ়িব বা পৰীক্ষা কৰিব পাৰিব।

কিয় এই বৃহৎ সিদ্ধান্ত লোৱা হ’ল?
চাইবাৰ বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্তৰ আঁৰৰ প্ৰধান কাৰণ হৈছে শিশুৰ সুৰক্ষা। ২০২৬ চনৰ মাৰ্চ মাহত নিউ মেক্সিকোৰ জুৰীয়ে মেটাক ৩৭৫ মিলিয়ন ডলাৰৰ ডাঙৰ জৰিমনা বিহে। কোম্পানীটোৱে প্লেটফৰ্মৰ নিৰাপত্তাৰ বিষয়ে ব্যৱহাৰকাৰীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ ফলত শিশু নিৰ্যাতনৰ কাণ্ড সংঘটিত হৈছিল। এনক্ৰিপচন আঁতৰোৱাৰ লগে লগে মেটাই এতিয়া প্ৰয়োজনৰ সময়ত বাৰ্তাসমূহ স্কেন কৰিব পাৰিব। ইয়াৰ দ্বাৰা শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী (CSAM), গ্ৰুমিং, আৰু অন্যান্য অনলাইন অপৰাধ প্ৰতিৰোধ কৰাত সহায়ক হ’ব।

আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘৰ দৰে দেশৰ চৰকাৰে দীৰ্ঘদিন ধৰি টেক কোম্পানীসমূহক ব্যক্তিগত বাৰ্তা প্ৰেৰণ এপত সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে। ব্ৰিটেইনৰ অনলাইন ছেফটি এক্ট ২০২৩ আৰু ইউৰোপীয় ইউনিয়নৰ চেট কণ্ট্ৰল ৰেগুলেচনৰ দৰে কঠোৰ আইনসমূহে কোম্পানীসমূহক ক্ষতিকাৰক বিষয়বস্তু চিনাক্ত কৰিবলৈ বাধ্য কৰাইছে।

মেটাৰ এই পদক্ষেপক অপৰাধ প্ৰতিৰোধৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে প্ৰশংসা কৰা হৈছে যদিও মানুহে গোপনীয়তাৰ প্ৰতিও চিন্তিত হৈ পৰিছে।

ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত এম এছ ধোনী

ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত এম এছ ধোনী
ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত এম এছ ধোনী

খেলপথাৰৰ বাবে নহয় এইবাৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চালৈ আহিছে এম এছ ধোনী। এইবাৰ তেওঁৰ বেট নহয়, তেওঁৰ আয়কৰহে শিৰোনাম দখল কৰিছে। আয়কৰ বিভাগৰ শেহতীয়া তথ্য অনুসৰি বিহাৰ আৰু ঝাৰখণ্ডৰ এক নম্বৰ কৰদাতা হিচাপে পৰিগণিত হৈছে ধোনী। ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত MS ধোনী। ২০২৫-২৬ বিত্তীয় বৰ্ষত বিহাৰ আৰু ঝাৰখণ্ডৰ সৰ্বাধিক ব্যক্তিগত কৰদাতা হিচাপে পৰিগণিত MS ধোনী। ২ ৰাজ্যৰ পৰা আয়কৰ বিভাগে সংগ্ৰহ কৰিলে প্রায় ২০ হাজাৰ কোটি টকা।

যোৱা বিত্তীয় বৰ্ষত ধোনীয়ে আগতীয়া কৰ হিচাপে ৫০ কোটিৰো অধিক ধন জমা কৰিছিল। যদিও আয়কৰ বিভাগে আনুষ্ঠানিকভাৱে সঠিক পৰিমাণৰ কথা প্ৰকাশ কৰা নাই, তথাপিও বিহাৰ আৰু ঝাৰখণ্ডৰ মুখ্য আয়কৰ আয়ুক্ত ড০ ডি সুধাকৰ ৰাৱে ব্যক্তিগত কৰ পৰিশোধৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা বুলি নিশ্চিত কৰিছে। ধোনিৰ এই আয় বিভিন্ন ব্যৱসায়িক উদ্যোগ, বিজ্ঞাপন, আৰু আই পি এলৰ পৰা পোৱা আয়ৰ এটা অংশ।

আয়কৰ বিভাগে ২০২৫-২৬ বিত্তীয় বৰ্ষত এই দুখন ৰাজ্যৰ পৰা অভিলেখ কৰ সংগ্ৰহ কৰিছিল। বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা মুঠ ২০,০০০ কোটি টকাৰ কৰ সংগ্ৰহ কৰা হৈছিল। মুঠ সংগ্ৰহৰ ভিতৰত ঝাৰখণ্ডে সৰ্বাধিক অংশ লাভ কৰিছিল, ১২,০০০ কোটি ₹। বিভাগটোৰ মুঠ কৰ সংগ্ৰহৰ প্ৰায় ৭০ শতাংশই টিডিএছ (Tax Deduction at Source)ৰ জৰিয়তে আহিছিল।

শনিদেৱৰ পূজাত তামৰ বাচন কিয় ব্যৱহাৰ কৰা নহয়, সূৰ্য্য দেৱতাৰ লগত কি সম্পৰ্ক ?

শনিদেৱৰ পূজাত তামৰ বাচন কিয় ব্যৱহাৰ কৰা নহয়, সূৰ্য্য দেৱতাৰ লগত কি সম্পৰ্ক ?
শনিদেৱৰ পূজাত তামৰ বাচন কিয় ব্যৱহাৰ কৰা নহয়, সূৰ্য্য দেৱতাৰ লগত কি সম্পৰ্ক ?

নিয়মীয়া আচাৰ-ব্যৱহাৰ হওক, বিশেষ ৰীতি-নীতি হওক, সাধাৰণ পূজা হওক, আন আন পূজাৰ সামগ্ৰীৰ উপৰিও কিছুমান বাচন-বৰ্তন ব্যৱহাৰ কৰা হয়। ধৰ্মীয় কামত মানুহে কিছুমান বিশেষ ধাতুৰে নিৰ্মিত বাচন-বৰ্তন ব্যৱহাৰ কৰে। উপাসনাত সাধাৰণতে তাম বা পিতলৰ বাচন ব্যৱহাৰ কৰা হয়, যেনে তামৰ লোটা আৰু পিতল বা তামৰ প্লেট। সোণ, ৰূপ, ব্ৰঞ্জ, পিতল, তাম আদিক পূজাৰ বাবে শুভ বুলি গণ্য কৰা হয়। সকলো দেৱ-দেৱীৰ ভিতৰত শনিদেৱ একমাত্ৰ দেৱতা যাৰ বাবে তামৰ বাচন ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ। কিন্তু কিয় জানেনে-

অন্য দেৱতাৰ পূজাৰ বাবে তামক সৰ্বোত্তম বুলি গণ্য কৰা হয় যদিও শনি দেৱৰ পূজাত কেতিয়াও তামৰ বাচন ব্যৱহাৰ কৰা উচিত নহয়। অন্যথা শনি দেৱৰ খং উঠিব পাৰে। ইয়াৰ আঁৰৰ কাৰণ হৈছে সূৰ্য্য দেৱতা। তাম আচলতে সূৰ্য্য ঈশ্বৰৰ লগত জড়িত ধাতু আৰু যেতিয়াই সূৰ্য্য দেৱতাক প্ৰাৰ্থনা কৰা হয় বা সূৰ্য্য দেৱতাক পূজা কৰা হয় তেতিয়াই তামৰ পাত্ৰ ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। সূৰ্য্য আৰু শনিৰ মাজত পিতৃ-পুত্ৰৰ সম্পৰ্ক থাকিব পাৰে যদিও তেওঁলোকৰ মাজত শত্ৰুতাৰ অনুভূতি আছে। গতিকে শনি দেৱৰ পূজাত তামৰ ব্যৱহাৰ নিষিদ্ধ।


যদিও ধৰ্মীয় অনুষ্ঠানত লোহাৰ ধাতুৰ ব্যৱহাৰ শুভ বুলি গণ্য কৰা নহয়, কিন্তু শনিদেৱক পূজা কৰা হয় তেতিয়াই লোহাৰ বাচন ব্যৱহাৰ কৰিব লাগে। শনিদেৱৰ লগত লোৰ সম্পৰ্ক আছে। শনিদেৱক যেতিয়া লোহা আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰি পূজা কৰা হয় তেতিয়া শনিদেৱ বৰ সন্তুষ্ট হয়। আনহাতে শনিদেৱক ৰঙা কাপোৰ অৰ্পণ নকৰিব। শনিদেৱৰ প্ৰতি শত্ৰুতাপূৰ্ণ বুলি গণ্য কৰা মংগল গ্ৰহৰ ৰং ৰঙা। শনিদেৱক ক’লা আৰু নীলা কাপোৰ আগবঢ়াওক। নীলা ফল আৰু ফুল আগবঢ়াওক। শনিদেৱক পূজা কৰোতে তেওঁৰ চকুলৈ চোৱাৰ পৰা বিৰত থাকিব। শনিদেৱৰ কুচক্ষীয়ে জীৱনত বিপদ কঢ়িয়াই আনিব পাৰে। শনিদেৱৰ খং উঠে অনুশাসনহীনতা আৰু অপৰিষ্কাৰত। গতিকে পূজাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনুশাসন বজাই ৰাখক।

ধুবুৰীত মৰ্মান্তিক ঘটনাঃ দুই শ্ৰমিকৰ কৰুণ মৃত্যু

ধুবুৰীত মৰ্মান্তিক ঘটনাঃ দুই শ্ৰমিকৰ কৰুণ মৃত্যু
ধুবুৰীত মৰ্মান্তিক ঘটনাঃ দুই শ্ৰমিকৰ কৰুণ মৃত্যু

ধুবুৰীত মৰ্মান্তিক ঘটনা।

ধুবুৰীত দুই শ্ৰমিকৰ কৰুণ মৃত্যু।

তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু শ্রমিকদ্বয়ৰ।

মৃত দুই শ্রমিক আফজাল হুছেইন আৰু আজিজুৰ শ্বেখ।

চিকিৎসাধীন অৱস্থাত মৃত্যু দুই শ্ৰমিকৰ।

ধুবুৰী যোগোমায়া ঘাটৰ সমীপত এই ঘটনা।

অট্টালিকাৰ স্বত্বাধিকাৰ কল্যাণ সাহাৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালৰ।

মৃত শ্রমিকদ্বয়ৰ খবৰ নোলোৱাৰ অভিযোগ সাহাৰ বিৰুদ্ধে।

বিল্ডিংৰ স্বস্তাধিকাৰী কল্যান শ্বাহাৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানা এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ।

এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এতিয়া লৈকে বিল্ডিংৰ স্বত্বাধিখাৰী কল্যাণ শ্বাহাই মৃত্যু হোৱা পৰিয়ালৰ লগত কোনো ধৰণৰ খা-খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।

মৃত্যু শ্ৰমিক আফাজাল হুছেইনৰ ঘৰ বাহাদুৰটাৰি আৰু আজিজুৰ শেখৰ ঘৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ডত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ৰাজ্যপালে ভংগ কৰিলে পশ্চিমবংগৰ বিধানসভা

ৰাজ্যপালে ভংগ কৰিলে পশ্চিমবংগৰ বিধানসভা
ৰাজ্যপালে ভংগ কৰিলে পশ্চিমবংগৰ বিধানসভা

পৰাজয়ৰ পাছতো মমতা বেনাৰ্জীয়ে কৰা নাছিল পদত্যাগ।

ৰাজ্যপালে ভংগ কৰিলে পশ্চিমবংগৰ বিধানসভা আৰু কেবিনেট।

পদত্যাগ নকৰো বুলি আকোঁৰগোজকৈ থকা মমতা বেনার্জী এতিয়া নহয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী।

গণতন্ত্র নমনা মমতা বেনার্জীক নিৰ্দেশ জাৰি কৰি কৰিলে বৰ্খাস্ত।

ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’

ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’

 বিনিয়োগ প্ৰচাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে আৰু অভিলাষী পদক্ষেপ ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ পূৰ্বে ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৭ মে’ ২০২৬ তাৰিখে গুৱাহাটীৰ হোটেল ভিভান্তাত সফলভাৱে “ডেষ্টিনেশ্যন ত্ৰিপুৰা – ইনভেষ্টৰছ্ ৰোডশ্ব” আয়োজন কৰে।

গুৱাহাটীত অনুষ্ঠিত এই ৰোডশ্ব’টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক পৰিৱেশৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এক কৌশলগত আঞ্চলিক প্ৰচাৰমূলক পদক্ষেপ হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সহযোগিতা বৃদ্ধি, প্ৰতিষ্ঠানসমূহৰ মাজত সংযোগ অধিক শক্তিশালী কৰা আৰু বিভিন্ন ৰাজ্যৰ মাজত বিনিয়োগ সহযোগিতাক উৎসাহিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উদ্যোগপতি, উদ্যমী, বিত্তীয় প্ৰতিষ্ঠান আৰু গুৰুত্বপূৰ্ণ অংশীদাৰসকলক একত্ৰিত কৰে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বিকশিত অৱস্থালৈ গতি কৰা ত্ৰিপুৰাৰ ঔদ্যোগিক পৰিৱেশ, আন্ত:গাঁথনি উন্নয়ন, প্ৰগতিশীল নীতিগত দিশ আৰু খণ্ডভিত্তিক বিনিয়োগৰ সুযোগসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে বিনিয়োগৰ সুবিধা আৰু ব্যৱসায় কৰাৰ সুবিধাজনক পৰিৱেশ সৃষ্টিৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। এই দৃষ্টিভংগী দেশজুৰি অনুষ্ঠিত অনুৰূপ ৰোডশ্ব’সমূহতো নিয়মীয়াকৈ বিশেষভাৱে উপস্থাপন কৰা হৈছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সভাত ভাষণ আগবঢ়াই ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব, আই এ এছ কিৰণ গিট্টে নীতিগত সংস্কাৰ, প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনুমোদন প্ৰদানৰ জৰিয়তে এক শক্তিশালী আৰু বিনিয়োগৰ উৎকৃষ্ট পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিক পুনৰ উল্লেখ কৰে। তেখেতে কয় যে উন্নত সংযোগ ব্যৱস্থা, কৌশলগত ভৌগোলিক অৱস্থান আৰু দ্ৰুত সঁহাৰি জনোৱা প্ৰশাসন ব্যৱস্থাৰ সহায়ত ত্ৰিপুৰাই ক্ৰমান্বয়ে উত্তৰ-পূৰ্বাঞ্চলৰ এক পছন্দৰ বিনিয়োগৰ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰি আছে।

কিৰণ গিট্টে লগতে কয় যে ত্ৰিপুৰাৰ বিকাশৰ কাহিনীয়ে এক নতুন গতি লাভ কৰিছে আৰু ৰাজহুৱা বিনিয়োগ, প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ আৰু ব্যক্তিগত খণ্ডৰ বৃদ্ধি পোৱা অংশগ্ৰহণৰ ফলত ৰাজ্যখনত দ্ৰুত অৰ্থনৈতিক গতি লক্ষ্য কৰা গৈছে। তেখেতে বিশেষভাৱে উল্লেখ কৰে যে বাংলাদেশকে ধৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ সৈতে ত্ৰিপুৰাৰ কৌশলগত সংযোগে ৰাজ্যখনক বাণিজ্য, লজিষ্টিক্স আৰু সীমান্তৰ অৰ্থনৈতিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে।

বিভিন্ন খণ্ডভিত্তিক সম্ভাৱনাৰ এক বিস্তৃত ছবি দাঙি ধৰি ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক, আই এ এছ ড° দীপক কুমাৰে তথ্য প্ৰযুক্তি আৰু ডিজিটেল সেৱা, স্বাস্থ্যখণ্ড, পৰ্যটন, কৃষি আৰু খাদ্য সংসাধন, ৰবৰ, বাঁহ আৰু অগৰুভিত্তিক উদ্যোগ, নৱীকৰণযোগ্য শক্তি, নগৰ আন্ত:গাঁথনি আৰু উৎপাদন খণ্ডকে ধৰি অগ্ৰাধিকাৰপ্ৰাপ্ত বিভিন্ন ক্ষেত্ৰত উপলব্ধ বিনিয়োগৰ সুযোগসমূহৰ বিষয়ে আলোকপাত কৰে।

ড° দীপক কুমাৰে ৰাজ্য চৰকাৰৰ বিনিয়োগকাৰীকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দি কয় যে বিনিয়োগকাৰীসকলৰ বাবে ঔদ্যোগিক ভূমি, প্লাগ-এণ্ড-প্লে আন্ত:গাঁথনি আৰু প্ৰকল্পৰ ধাৰণা প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি ৰূপায়ণ তথা কাৰ্যকৰীকৰণ পৰ্যন্ত সম্পূৰ্ণ সহায়মূলক সুবিধা উপলব্ধ কৰা হৈছে। তেখেতে লগতে বিভাগীয় পক্ষৰ পৰা বিনিয়োগকাৰীসকলক নিৰৱচ্ছিন্ন অনুমোদন প্ৰক্ৰিয়া, সক্ৰিয় সহায়-সহযোগিতা আৰু দীৰ্ঘম্যাদী সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়ভাৱে প্ৰকাশ কৰে।

অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে নেডফিৰ অধ্যক্ষ তথা ব্যৱস্থাপনা সঞ্চালকগৰাকী উপস্থিত থাকে। তেখেতে বিত্তীয় সহায়ৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলত ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উন্নয়নমূলক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে নেডফিৰ তৰফৰ পৰা ত্ৰিপুৰাৰ সম্ভাৱনাময় প্ৰকল্পসমূহক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত অব্যাহত প্ৰতিশ্ৰুতিৰ কথাও তেখেতে কয়। ইয়াৰ ফলত অঞ্চলটোৰ বিনিয়োগ পৰিৱেশ অধিক শক্তিশালী হোৱাৰ লগতে প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণ নিশ্চিত হ’ব বুলিও তেখেতে প্ৰকাশ কৰে।

অনুষ্ঠানটোত বিস্তৃত উপস্থাপন, আন্ত:ক্ৰিয়ামূলক আলোচনা আৰু বি টু জি বৈঠকৰ আয়োজন কৰা হয়, যাৰ জৰিয়তে বিনিয়োগকাৰীসকল আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগ আৰু মত বিনিময়ৰ সুযোগ সৃষ্টি হয়।

গুৱাহাটীত অনুষ্ঠিত এই ৰোডশ্ব’ত বিনিয়োগকাৰীসকলৰ উল্লেখযোগ্য সঁহাৰি পৰিলক্ষিত হয়। ইয়াৰ ফলস্বৰূপে বিভিন্ন খণ্ডত প্ৰায় ৫৮ টা বিনিয়োগ/সহযোগিতাৰ আগ্ৰহ প্ৰকাশ পত্ৰ (লেটাৰ অৱ ইনটেণ্ট)/বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, যাৰ সম্ভাৱ্য আনুমানিক বিনিয়োগ মূল্য ১,৩২২ কোটিৰো অধিক। ইয়াৰ দ্বাৰা ত্ৰিপুৰাৰ বিনিয়োগ পৰিৱেশৰ ওপৰত ঔদ্যোগিক খণ্ডৰ বৃদ্ধি পোৱা আস্থা স্পষ্টভাৱে প্ৰতিফলিত হয়।

গুৱাহাটীত অনুষ্ঠিত এই ৰোডশ্ব’টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ত্ৰিপুৰাৰ সম্পৰ্ক আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। তদুপৰি সংস্কাৰমুখী, বিনিয়োগৰ বাবে সম্পূৰ্ণ প্ৰস্তুত আৰু দ্ৰুতভাৱে বিকশিত অৰ্থনৈতিক কেন্দ্ৰ হিচাপে ত্ৰিপুৰাৰ স্থানক অধিক শক্তিশালী কৰি তুলিছে।

ইয়াৰ উপৰি আগৰতলাত অনুষ্ঠিত হ’বলগীয়া “ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬” অনুষ্ঠিত কৰাৰ দিশত এই ৰোডশ্ব’টোৱে এক শক্তিশালী ইতিবাচক দৃষ্টিভংগী আৰু উৎসাহ সৃষ্টি কৰিছে।

আপোনাৰ অকণমান আৰ্থিক সহায়ে এটি দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে!

আপোনাৰ অকণমান আৰ্থিক সহায়ে এটি দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে!
আপোনাৰ অকণমান আৰ্থিক সহায়ে এটি দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে!

যাৱতীয় সা সম্পত্তি, ভেটি মাটি হেৰুওৱাই বৰ্তমান চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে যুঁজি আছে বিটিচিৰ কোকৰাঝাৰ জিলাৰ ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ বগৰীবাৰী মহামায়া ভিচিডিছিৰ অন্তৰ্গত ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ তিনি বছৰীয়া কণমানি ছোৱালীজনী, জন্মৰ পিছৰে পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে!

বিটিচিৰ কোকৰাঝাৰ জিলাৰ ৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ বগৰীবাৰী মহামায়া ভিচিডিছিৰ অন্তৰ্গত ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ অতি দৰিদ্ৰ পৰিযালৰ মুৰব্বী জয়নাল আবেদিনৰ তিনি বছৰীয়া কণমানি ছোৱালী জনী বিগত দুই বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে!

পৰিয়ালৰ একমাত্ৰ স্বামীয়ে চিকিৎসাৰ বাবে ঘৰৰ সা সম্পতি আনকি ভেটি মাটি পৰ্যন্ত বিক্ৰী কৰি সৰ্বস্বান্ত হৈ এতিয়া কণমানি ছোৱালী জনীক টকাৰ অভাৱত ঘৰতে উজাগৰে নিশা কটাইছে।

অসমৰ ভালে কেইখন চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসা কৰিও কোনো ধৰণৰ সুফল নাপাই কণমানি ছোৱালী জনী বৰ্তমান মৃত্যুৰ সৈতে ছটফটাই আছে। বৰ্তমান কণমানি ছোৱালীজনীক উন্নত চিকিৎসাৰ বাবে অকণমান আৰ্থিক সাহায্যৰ প্ৰয়োজন। উপায়হীন হৈ অতি দৰিদ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে বিটিচি চীফ হাগ্ৰামা মহিলাৰী, নগৰ উন্নয়ণ বিভাগৰ কাৰ্য্যবাহী সদস্যা মুন মুন ব্ৰহ্মৰ লগতে অসমৰ হৃদয়বান ৰাইজ, দল সংগঠনৰ লগতে ৫ নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক যুৱনেতা আশ্ৰাফুল ইছলাম সেখৰ ওচৰত অকণমান আৰ্থিক সাহায্য বিচাৰি আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত জানিবলৈ দিয়ে।

আপোনালোকৰ অকনমান আৰ্থিক সহায়ে দৰিদ্ৰ পৰিয়ালটোৰ কণমানি ছোৱালীজনী পুনৰ সুস্থ হৈ উঠিব পাৰে। যদি কোনো সদাশয় ব্যক্তিয়ে অকণমান আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিছে তেন্তে তলত দিয়া PHONE PAY NUMBERত দিব পাৰে-6901859116

আপোনালোকৰ অকণমান আৰ্থিক সহায়ে এটি পৰিয়ালৰ মুখত হাঁহি বিৰিঙিব পাৰে!

১২ মে’ত অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান…

১২ মে'ত অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান...
১২ মে'ত অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান...

১২ মে’ত নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠান।

শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

খানাপাৰা খেলপথাৰত হ’ব শপতগ্ৰহণ সমাৰোহ।

অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য-

‘শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ১০.১৫ বজাত বিমানবন্দৰত উপস্থিত হ’ব। তাৰ পিছত নাৰেঙ্গী হেলিপেডলৈ ৰাওনা হ’ব। ১১ বজাত শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকী। শপত গ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী থাকিব উপস্থিত। কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। এই শপত গ্ৰহণ অনুষ্ঠানত লক্ষাধিক লোক উপস্থিত থাকিব। ১০ মে’ত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত বিজেপি বিধায়নী দলৰ বৈঠক আৰু NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব’।

আপুনি কংগ্ৰেছক কটাক্ষ পাছত কৰিব বৰ্তমান নিজৰ দায়িত্ব পালন কৰকঃ অখিল গগৈৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ

আপুনি কংগ্ৰেছক কটাক্ষ পাছত কৰিব বৰ্তমান নিজৰ দায়িত্ব পালন কৰকঃ অখিল গগৈৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ
আপুনি কংগ্ৰেছক কটাক্ষ পাছত কৰিব বৰ্তমান নিজৰ দায়িত্ব পালন কৰকঃ অখিল গগৈৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ

সামাজিক মাধ্যমত অখিল গগৈৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। অখিল গগৈক উদ্দেশ্যি সামাজিক মাধ্যমত মীৰা বৰঠাকুৰ গোস্বামীয়ে ক’লে, ‘অখিল গগৈ ডাঙৰীয়া মিত্ৰতা ভংগ নিজেই কৰিলে নেকি ? অলপ ধৈৰ্য‍্য ধৰক ! কংগ্ৰেছে প্ৰাৰ্থী দিয়া হলে EVM য়ে বচাব নোৱাৰিলে হেতেন শিৱসাগৰত । কংগ্ৰেছক ইমান সমালোচনা কৰাৰ আগতে মুখ‍্যমন্ত্ৰীয়ে কোৱা কথাবোৰ ভৱিষ‍্যতলৈ অসত‍্য প্ৰমান কৰি এজন ভাল নেতা হওক । মুখ‍্যমন্ত্ৰীয়ে বাৰে বাৰে কিয় কবলৈ সুবিধা পাই যে আপুনি পিযুছ হাজৰিকাৰ লগত কথা পাতি বিধান সভাত কথা কয় । কংগ্ৰেছ যদি মুছলমানৰ পাৰ্টী আপুনি ধিং , দলগাও এইবোৰ সমষ্টিত কিয় টিকট লৈছিল? সংযমী নেতা হওক । কংগ্ৰেছক যদি ককৰ্থনা কৰি শান্তি পাই মিত্ৰতা ভংগ কৰিলে বুলি ঘোষণা কৰি লওক । আমি আপোনাক একো নকও মুখ‍্যমন্ত্ৰীয়ে যি বুজাব লাগে বুজাই দিলে । আমিও আমাৰ দলটোক ইমান সমালোচনা কৰিলে সহ‍্য কৰিব নোৱাৰো কাৰণ আমি sponsored প্ৰাৰ্থী নহয় ।কথাখিনি নকলে দেখিছোঁ সীমা অতিক্ৰম কৰি পাৰ ভাঙিবলৈ আপুনি আৰম্ভ কৰিলেই । মিত্ৰতাৰ ক্ষেত্ৰত ধিংত বিধায়িকা Sibamoni Bora ডাঙৰীয়ানীৰ টিকট কৰ্তন কৰি আপোনাৰ দলক টিকট দিয়া হল , দলগাৱত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ১ লাখৰ ওপৰত নিৰ্দলীয় হৈও ভোট পোৱাৰ বিপৰীতে আপোনাৰ প্ৰাৰ্থী গৰাকী বহু পাছত থাকিল । আমি সহ‍্য কৰা মানে আত্মসমৰ্পন নহয় । আপুনি কংগ্ৰেছক কটাক্ষ পাছত কৰিব বৰ্তমান নিজৰ দায়িত্ব পালন কৰক।’